স্বতঃস্ফূৰ্ত গৰ্ভপাত (Spontaneous abortion) হৈছে ভ্ৰণ বা গৰ্ভস্থ সন্তানৰ স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ সক্ষম হোৱাৰ আগতে হোৱা মৃত্যু।১ গৰ্ভধাৰণৰ বিংশ সপ্তাহত বা তাৰ পাছত হোৱা গৰ্ভস্থ সন্তানৰ মৃত্যুক জন্মমৃত বুলি কোৱা হয়।২ স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ আটাইতকৈ সাধাৰণ লক্ষণ হৈছে বিষসহ অথবা বিষ অবিহনেই হোৱা যোনিয় ৰক্তক্ষৰণ। পৰৱৰ্তী সময়ত মাতৃ গৰাকীয়ে বিষণ্ণতা, উদ্বিগ্নতা আৰু অপৰাধবোধতো ভুগিব পাৰে।৩৪ কলা আৰু আতঞ্চ সদৃশ পদাৰ্থ জৰায়ুৰ পৰা নিঃসৰণ হৈ যোনিৰ মাজেৰে বাহিৰলৈ ওলাই আহিব পাৰে।৫ পুনৰাবৃত্তি হৈ থকা স্বতঃস্ফূৰ্ত গৰ্ভপাতক বন্ধ্যাত্বৰ অন্য এক প্ৰকাৰ বুলিও গণ্য কৰিব পাৰি।৬
স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ বাবে বিপদাশংকাৰ কাৰকসমূহ হৈছে বয়োসস্থ মাতৃ, পূৰ্ববৰ্তী স্বতঃস্ফূৰ্ত গৰ্ভপাত, ধপাত সেৱন, মেদবহুলতা, বহুমূত্ৰ ৰোগ, থাইৰয়ডৰ সমস্যা আৰু এলক'হলৰ ব্যৱহাৰ। প্ৰায় ৮০% স্বতঃস্ফূৰ্ত গৰ্ভপাত গৰ্ভধাৰণৰ প্ৰথম ১২ সপ্তাহত (প্ৰথম ত্ৰিমাসিক) সংঘটিত হয়। প্ৰায় আধাসংখ্যক কেছৰ ক্ষেত্ৰতে পৰিলক্ষিত হৈছে যে গুণসূত্ৰৰ অস্বাভাৱিকতা (Chromosomal abnormalities) স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ অন্তৰ্নিহিত কাৰণ। ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত অৱলম্বন কৰা পদ্ধতিসমূহ হৈছে চাৰ্ভিক্স খোলা আছে নে বন্ধ হৈ আছে সেয়া পৰীক্ষা কৰা, হিউমেন কৰিঅ'নিক গণাড'ট্ৰপিনৰ (hCG) তেজৰ মাত্ৰা পৰীক্ষা কৰা আৰু এখন আল্ট্ৰাছাউণ্ড।৭ একে ধৰণৰ লক্ষণ দেখুৱাব পৰা পৰা আন ৰোগসমূহৰ ভিতৰত এক্ট'পিক গৰ্ভধাৰণ আৰু ইমপ্লাণ্টেশ্যন ৰক্তক্ষৰণ অন্যতম।
ভালকৈ প্ৰিনেট্ল কেয়াৰ ল'লে স্বতঃস্ফূৰ্ত গৰ্ভপাত প্ৰতিৰোধ কৰাটো মাজে-সময়ে সম্ভৱপৰ হয়।৮ ড্ৰাগ্ছ, এলক'হল, সংক্ৰমণশীল ৰোগ আৰু বিকিৰণ এৰাই চলিব পাৰিলে স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ বিপদাশংকা ভালেখিনি হ্ৰাস হয়।৮ প্ৰথম সাতৰ পৰা চৈধ্য দিনৰ সময়ছোৱাত কোনো নিৰ্দিষ্ট চিকিৎসাৰ প্ৰয়োজন নাই। বেছিভাগ স্বতঃস্ফূৰ্ত গৰ্ভপাত কোনো অতিৰিক্ত হস্তক্ষেপ অবিহনেই সম্পূৰ্ণ হয়। মাজে সময়ে মিছ'প্ৰ'ষ্টল নামৰ এবিধ ঔষধ আৰু অৱশিষ্ট কলা আঁতৰাবলৈ ভেকুৱাম এছপিৰেশ্যন নামৰ এটা পদ্ধতি অৱলম্বন কৰা হয়।৯ Rh negative তেজৰ গোট থকা মহিলাক Rho(D) ইমিউন গ্ল'বুলিনৰ প্ৰয়োজন হ'ব পাৰে। বিষনাশকো উপকাৰী হ'ব পাৰে। তদুপৰি স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ ফলত হোৱা লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ আৱেগিক সাহায্য আগবঢ়োৱাটো উপকাৰী হ'ব পাৰে।
নিৰ্দ্ধাৰিত সময়তকৈ আগতে হোৱা গৰ্ভধাৰণৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ত গৰ্ভপাত হৈছে সচৰাচৰ পৰিলক্ষিত জটিলতাৰ কাৰক।১০ নিজে গৰ্ভৱতী হোৱা বুলি জনা মহিলাসকলৰ ভিতৰত স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ হাৰ মোটামুটি ১০% ৰ পৰা ২০% আৰু আনহাতে সকলো নিষেচনৰ ভিতৰত ইয়াৰ হাৰ প্ৰায় ৩০% ৰ পৰা ৫০%। ৩৫ বছৰ বয়সৰ তলৰ মহিলাৰ ক্ষেত্ৰত স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ হাৰ প্ৰায় ১০% আৰু আনহাতে ৪০ বছৰ বয়সৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত ইয়াৰ হাৰ প্ৰায় ৪৫%। প্ৰায় ৩০ বছৰ বয়সৰ পৰাই ইয়াৰ বিপদাশংকা বৃদ্ধি হ'বলৈ ধৰে। প্ৰায় ২% মহিলাই একেৰাহে দুবাৰকৈ স্বতঃস্ফূৰ্ত গৰ্ভপাতৰ বলি হয়। ১১
তথ্যসূত্ৰ
- ↑ (2013-07-15). What is pregnancy loss/miscarriage?. www.nichd.nih.gov/
- ↑ (23 September 2014). Stillbirth: Overview. NICHD
- ↑ (January 2014). Pregnancy loss. Best Practice & Research. Clinical Obstetrics & Gynaecology. পৃ. 169–78
- ↑ (June 2015). Women's experiences of early miscarriage: implications for nursing care. Journal of Clinical Nursing. পৃ. 1457–65
- ↑ (2013-07-15). What are the symptoms of pregnancy loss/miscarriage?. www.nichd.nih.gov/
- ↑ (10 January 10 2017). Glossary · womenshealth.gov. womenshealth.gov
- ↑ (15 July 2013). How do health care providers diagnose pregnancy loss or miscarriage?. www.nichd.nih.gov/
- ↑ (21 October 2013). Is there a cure for pregnancy loss/miscarriage?. www.nichd.nih.gov/
- ↑ (September 2010). Surgical procedures for evacuating incomplete miscarriage. The Cochrane Database of Systematic Reviews. পৃ. CD001993
- ↑ National Coordinating Centre for Women's and Children's Health (UK). (December 2012). Ectopic Pregnancy and Miscarriage: Diagnosis and Initial Management in Early Pregnancy of Ectopic Pregnancy and Miscarriage. NICE Clinical Guidelines, No. 154. Royal College of Obstetricians and Gynaecologists
- ↑ (March 2015). Recurrent miscarriage: causes, evaluation and management. Postgraduate Medical Journal. পৃ. 151–62
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বতঃস্ফূৰ্ত গৰ্ভপাত” প্ৰবন্ধৰ সংশোধন ৫২৩৫৪০ (১২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।