অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

গৌৰৱ যাত্ৰা

গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (Pride parade) হৈছে সমকামী নাৰী, গে', উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান।

হালনাগাদ: ২৭ অক্টোবৰ ২০২৫ ১,৩৭১ শব্দ · ৮ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গৌৰৱ যাত্ৰা বা প্ৰাইড পৰেড (Pride parade) হৈছে সমকামী নাৰী, গে', উভকামী, ৰূপান্তৰকামী তথা কুইয়াৰ (এলজিবিটিকিউ) লোকসকলৰ সামাজিক স্বীকৃতি আৰু স্ব-স্বীকৃতি, সাফল্য, আইনী অধিকাৰ, তথা গৌৰৱ উদযাপনৰ বাবে ৰাজহুৱা স্থানত আয়োজন কৰা অনুষ্ঠান। এনে অনুষ্ঠানসমূহ প্ৰাইড মাৰ্চ (pride marche), প্ৰাইড ইভেণ্ট (pride event), গৌৰৱোৎসৱ বা প্ৰাইড ফেষ্টিভেল (pride festival) নামেৰেও পৰিচিত। কিছু ক্ষেত্ৰত এনে অনুষ্ঠানসমূহে আইনী অধিকাৰ যেনে একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰ, ৰূপান্তৰকামী লোকসকলৰ সম-অধিকাৰ আদিৰ বাবে বিক্ষোভ প্ৰদৰ্শন হিচাপেও কাম কৰে। গৰিষ্ঠসংখ্যক গৌৰৱ যাত্ৰা বাৰ্ষিকভাবে আয়োজিত এক অনুষ্ঠান আৰু ১৯৬৯ চনৰ নিউয়ৰ্ক মহানগৰৰ ষ্টনৱালৰ বিদ্ৰোহক স্মৰণ কৰি জুন মাহত আয়োজন কৰা হয়।১ ষ্টনৱালৰ বিপ্লৱে আধুনিক এলজিবিটিকিউ সামাজিক আন্দোলনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰতি বছৰে এলজিবিটি সমাজৰ নবীন-প্ৰবীণ সদস্যসকলক এই সমাজৰ ইতিহাস অধিক বিস্তাৰিতভাবে জনাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ অংশ হিচাপে দীৰ্ঘদিনৰ পৰা চলি অহা এই পৰম্পৰালৈ আদৰণি জনোৱা হয়।

২০১৯ চনত নিউয়ৰ্ক মহানগৰৰ লগতে বিশ্বজুৰি ইতিহাসৰ বৃহত্তম আন্তঃৰাষ্ট্ৰীয় গৌৰৱ যাত্ৰা উদযাপন কৰা হয়। হেৰিটেজ অৱ প্ৰাইড নামৰ অ-লাভজনক সংস্থাই আয়োজন কৰা 'ষ্টনৱালৰ ৫০ - ৱৰ্ল্ড প্ৰাইড এনৱাইচ ২০১৯' নামৰ এই গৌৰৱ যাত্ৰা ষ্টনৱালৰ বিদ্ৰোহৰ স্বৰ্ণজয়ন্তীৰ (৫০তম বাৰ্ষিকী) সময়ত উদযাপন কৰা হয় য'ত কেৱল মানাহাট্টানতে ৫০ লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে।২ নিউয়ৰ্ক মহানগৰৰ ২০১৮ চনৰ অনুষ্ঠানটোত ছখন মহাদেশৰ ৭৫০ টাৰো অধিক দলক আধিকাৰিক 'ৱৰ্ল্ড প্ৰাইড মাৰ্চ'-ত অন্তৰ্ভুক্ত কৰা হৈছিল য'ত দেৰ শতাধিক প্ৰতীকপটো অংশগ্ৰহণ কৰিছিল।

গুৱাহাটী কুইয়াৰ প্ৰাইড ২০২১
গুৱাহাটী কুইয়াৰ প্ৰাইড ২০২১ছবি: Nayan j Nath · CC BY-SA 4.0

ইতিহাস

'ষ্টনৱাল ইন'-ৰ বৰ্তমান ৰূপ, ২০১৬ চনত
'ষ্টনৱাল ইন'-ৰ বৰ্তমান ৰূপ, ২০১৬ চনতছবি: Rhododendrites · CC BY-SA 4.0

১৯৬৯ চনৰ ২৮ জুন শনিবাৰৰ কাহিলি পুৱাত নাৰী আৰু পুৰুষ সমকামী, উভকামী, ৰূপান্তৰকামী তথা জিজ্ঞাসু ব্যক্তিসকলে নিউয়ৰ্কৰ গ্ৰিনউইচ ভিলেজে অঞ্চলৰ ষ্টনৱাল ইনত পুলিচে কৰা আকস্মিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদত সৰৱ হৈ পৰে।৩ 'ষ্টনৱাল ইন' (Stonewall Inn) আছিল এক গে' বাৰ। ইয়ালৈ বিভিন্ন ধৰণৰ লোক আহিছিল। সেইসময়ত ক্ৰচ-ড্ৰেচাৰ, ৰূপান্তৰকামী, স্ত্ৰীসুলভ যুৱক, যৌনকৰ্মী আৰু গৃহহীন যুৱকসকলৰ দৰে সমকামী সমাজৰ সীমামূৰীয়া লোকসকলৰ মাজত এই বাৰ আছিল বিশেষ জনপ্ৰিয়। এয়া অনুমান কৰা হয় যে ষ্টনৱাল বিদ্ৰোহৰ মাধ্যমেৰে আধুনিক সমকামী অধিকাৰ আন্দোলনৰ সূচনা হয়। কাৰণ এই বিদ্ৰোহৰ দ্বাৰাই আধুনিক ইতিহাসত এলজিবিটি সমাজৰ এটি গুৰুত্বপূৰ্ণ অংশই পুলিচৰ আটকক প্ৰতিৰোধ কৰে।

১৯৭০ চনৰ ২৮ জুন তাৰিখে বিদ্ৰোহৰ প্ৰথম বাৰ্ষিকী উপলক্ষে গে' লিবাৰেশ্বন ফ্ৰণ্টে গ্ৰিনউইচ ভিলেজেৰ কৰ্নাৰ ৱেইৰ পৰা নিউয়ৰ্কৰ চেণ্ট্ৰেল পাৰ্ক পৰ্যন্ত এক সমদলৰ আয়োজন কৰে।৪৫৬ সেই সপ্তাহতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱেষ্ট ক'ষ্টৰ সমকামী অধিকাৰ গোষ্ঠীয়ে লচ্ এঞ্জেলচত এক সমদল আৰু চান ফ্ৰান্সিচক'ত আন এক সমদল আৰু 'গে'-ইন'-ৰ আয়োজন কৰে।৭৮

বৰ্ষপূৰ্তিৰ ঠিক এদিন আগতে, ১৯৭০ চনৰ ২৭ জুন, শনিবাৰে চিকাগো গে' লিবাৰেশনে এক সমদলৰ আয়োজন কৰিছিল।৯ এই সমদলৰ আয়োজন কৰা হয় চিকাগোৰ ৱাশ্বিংটন স্কোৱাৰ পাৰ্কৰ পৰা চিকাগো ৱাটাৰ টাৱাৰৰ নিকটবৰ্টী মিছিগান এভেনিউ আৰু চিকাগো এভেনিউৰ সংযোগস্থল পৰ্যন্ত। তাৰ পাছত অংশগ্ৰহণকাৰীসকলে স্বতঃপ্ৰণোদিত হৈ আগুৱাই গৈছিল চিভিক চেণ্টাৰ প্লাজা পৰ্যন্ত।১০ দুটা কাৰণত এই দিনটোক নিৰ্বাচন কৰা হৈছিল। প্ৰথমে, বিগত বছৰৰ জুন মাহৰ শেষ শনিবাৰে ষ্টনৱালৰ ঘটনাটি ঘটিছিল; দ্বিতীয়তে, উদ্যোক্তাসকলে মিছিগান এভেনিউত সৰ্বোচ্চ সংখ্যক উদ্যোগীৰ মাজলৈ তেওঁলোকৰ বাৰ্তা প্ৰেৰণ কৰিব বিছাৰিছিল। আন অঞ্চলসমূহৰ লগত সংগতি ৰাখি পাছৰ সময়ত ছিকাগোত জুন মাহৰ শেষৰটো দেওবাৰে সমদলৰ আয়োজন কৰা হৈ আহিছে।

প্ৰথম বছৰৰ গৌৰৱ যাত্ৰাৰ আয়োজন হৈছিল ভাবগম্ভীৰ আৰু আমোদ প্ৰমোদমূলক পৰিবেশৰ মাজত। সমকামী অধিকাৰ আন্দোলনকাৰীসকলৰ মনত এই সমদলে বিশেষ ৰেখাপাত কৰে। পৰবৰ্তী বছৰসমূহত বিশ্বৰ বিভিন্ন চহৰত বাৰ্ষিক সমদলৰ সংখ্যা বৃদ্ধি পায়। নিউয়ৰ্ক আৰু আটলাণ্টা অঞ্চলত এনে সমদলক বোলা হৈছিল 'গে' লিবাৰেশ্বন মাৰ্চ' আৰু অনুষ্ঠানৰ দিনটো 'গে' লিবাৰেশ্বন ডে' নামেৰে পৰিচিত আছিল। চান ফ্ৰান্সিচক' আৰু লচ্ এঞ্জেলচৰ সমদলক 'গে' ফ্ৰিডম মাৰ্চ' আৰু অনুষ্ঠানৰ দিনটোক 'গে' ফ্ৰিডম ডে' নামেৰে নামকৰণ কৰা হৈছিল। অন্যান্য চহৰে সমদল আৰু যাত্ৰা আৰম্ভ হোৱাৰ পাছৰে পৰা এই নামবোৰে প্ৰসাৰ লাভ কৰে।

১৯৮০ৰ দশকত সমকামী আন্দোলনত এক সাংস্কৃতিক পৰিবৰ্তন সূচনা হয়। অপেক্ষাকৃত নৰমপন্থী মনোভাবাপন্ন অধিকাৰকৰ্মীসকলে বিভিন্ন চহৰত সমদল যাত্ৰা আয়োজন কৰিব আৰম্ভ কৰে।১১ তেওঁলোকে 'গে' লিবাৰেশ্বন' বা 'গে' ফ্ৰিডম' জাতীয় শব্দ বৰ্জন কৰি সমকামী গৌৰৱ বা গে' প্ৰাইড (gay pride) শব্দটো গ্ৰহণ কৰে।

বিৱৰণ

২০১১ চনৰ নিউয়ৰ্ক মহানগৰৰ গৌৰৱ যাত্ৰাত সেইবছৰত নিউয়ৰ্কত একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰক বৈধতা দিয়াক উদযাপন কৰা দেখা গৈছে।
২০১১ চনৰ নিউয়ৰ্ক মহানগৰৰ গৌৰৱ যাত্ৰাত সেইবছৰত নিউয়ৰ্কত একে-লিংগৰ লোকৰ বিবাহৰ অধিকাৰক বৈধতা দিয়াক উদযাপন কৰা দেখা গৈছে।ছবি: Sasha Kargaltsev from New York, US · CC BY 2.0

বৰ্তমানৰ অধিকাংশ গৌৰৱ যাত্ৰাতে কম-বেছি পৰিমাণে হ'লেও মূল ৰাজনৈতিক আৰু সামাজিক উদ্দেশ্য বিৰাজমান, বিশেষকৈ এলজিবিটি লোকসকলৰ সম-অধিকাৰ নথকা দেশ বা অঞ্চলত এনে হোৱা লক্ষণীয়। দেশ বা অঞ্চলৰ ৰাজনৈতিক, অৰ্থনৈতিক তথা ধৰ্মীয় অৱস্থাৰ ওপৰত ভিত্তি কৰি গৌৰৱ যাত্ৰা উদযাপনৰ ভিন্নতা দেখা যায়। অধিক গ্ৰহণযোগ্য চহৰসমূহত অনুষ্ঠিত হোৱা গৌৰৱ যাত্ৰাসমূহ উৎসৱমুখৰ হোৱা দেখা যায়। আড়ম্বৰপূৰ্ণ ৰূপত অনুষ্ঠিত গৌৰৱ যাত্ৰাসমূহত প্ৰায়েই প্ৰতীকপট, নৃত্যশিল্পী, ড্ৰেগ কুইন আৰু সংগীত জড়িত থাকে; তথাপিও এই জাতীয় উদযাপনতো সাধাৰণত ৰাজনৈতিক আৰু শিক্ষামূলক দলসমূহ অন্তৰ্ভুক্ত থাকে, যেনে: স্থানীয় ৰাজনীতিবিদ আৰু বিভিন্ন ধৰণৰ এলজিবিটি প্ৰতিষ্ঠানৰ মাৰ্চিং গ্ৰুপ আদি। গৌৰৱ যাত্ৰাৰ অন্যান্য অংশগ্ৰহণকাৰীসকলৰ মাজত স্থানীয় এলজিবিটি-বন্ধুভাবাপন্ন গীৰ্জা, যেনে: মেট্ৰ'পলিটান কমিউনিটি চাৰ্চ, ইউনাইটেড চাৰ্চ অৱ ক্ৰাইষ্ট, আৰু ইউনিটেৰিয়ান ইউনিভাৰ্চেলিষ্ট চাৰ্চ, পিএফএলএজি, আৰু বিভিন্ন অনুষ্ঠান আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ এলজিবিটি কৰ্মচাৰী সমিতি অন্তৰ্ভুক্ত হয়।

গৌৰৱ যাত্ৰাসমূহত সাধাৰণতে এইচ.আই.ভি/এইড্‌ছ আৰু এলজিবিটি বৈষম্য হিংসাৰ বলি হোৱাৰ লোকসকলকো স্মৰণ কৰা হয়। কিছুমান গৌৰৱ যাত্ৰাক চৰকাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূৰ পৃষ্ঠপোষকতা আৰু অৰ্থসাহায্যত অনুষ্ঠিত কৰা হয় আৰু আয়োজক চহৰখনৰ বাবে পৰ্যটন এক প্ৰধান আকৰ্ষণ হিচাপে প্ৰচাৰো কৰা হয়। কিছু দেশত গৌৰৱ যাত্ৰাক বৰ্তমানে গৌৰৱ উৎসৱ বা গৌৰৱোৎসৱ নাম দিয়া হৈছে। এনে উৎসৱত আয়োজক চহৰখনৰ পাৰ্ক বা যান-বাহন চলাচল বন্ধ কৰি দিয়া পথত মেলাৰ দৰে পৰিবেশ গঢ়ি তোলা হয় আৰু তাত ইনফৰ্মেচন বুথ, সংগীত কনচাৰ্ট, বাৰবিকিউ, বিয়েৰ ষ্টেণ্ড, বিভিন্ন প্ৰতিযোগিতা আৰু খেল আদি আয়োজন কৰা হয়। এনে উদযাপনত বহিঃদৰ্শক আৰু সমদলৰ অংশগ্ৰহণকাৰীৰ মাজত বিভাজন কৰা কঠিন হৈ পৰে, পিছে যদি কোনো অপ্ৰীতিকৰ ঘটনা ঘটাৰ সম্ভাৱনা থাকে তেন্তে এনে বিভাজনক খুব স্পষ্ট ভাৱে ৰখা হয়। অংশগ্ৰহণকাৰীসকল আৰু বহিঃদৰ্শকসকলৰ মাজৰ সম্পৰ্ক কিদৰে বিভাজনৰ দ্বাৰা প্ৰভাবিত হয় আৰু ইয়াক বিপৰীতকামিতাকহে কেৱল স্বাভাৱিক বুলি গণ্য কৰা সমাজৰ লোকসকলে সমালোচনা কৰাৰ বাবে কিদৰে ব্যৱহাৰ কৰে তাৰ ওপৰত অধ্যয়নো কৰা হৈছে।

ৰ টেল আভিভ গৌৰৱ যাত্ৰা হৈছে এছিয়া বৃহত্তম গৌৰৱ যাত্ৰা (২০১৫ চনৰ চিত্ৰ)]]

আচতে যদিও ষ্টনৱাল বিদ্ৰোহ আৰু তাৰ পাছত হোৱা প্ৰাসংগিক ৰাজনৈতিক আৰু সামজিক উত্থানৰ অনুষ্ঠানসমূহত সকলো জাতি আৰু পটভূমিৰ সমকামী নাৰী, উভকামী তথা ৰূপান্তৰকামী লোকসকলৰ লগতে গে'সকলে অংশগ্ৰহণ কৰিছিল, ঐতিহাসিকভাবে এনে অনুষ্ঠানসমূহক প্ৰথমে গে নামকৰণ কৰা হৈছিল। সেই সময়ত গে' শব্দটো সকলো যৌন অভিমুখীতাৰ লোকক বুজাবলৈ অধিক বহুলভাবে ব্যৱহাৰ কৰা হৈছে। বৰ্তমানে কুইয়াৰ শব্দটোৱে ইয়াৰ স্থান লৈছে।১২১৩

১৯৭০ দশকৰ শেষৰ ফালে আৰু ১৯৮০ দশকৰ আৰম্ভণিৰ ফালে, ষ্টনৱাল বিদ্ৰোহৰ সময়ৰ অংশগ্ৰহণকাৰীসকলৰ বেছিসংখ্যকেই বয়স্ক হৈ পৰে, অন্য কামত ব্যস্ত হৈ পৰে, বা মৃত্যু হয়। সময় লগত কিছু ভুল বুজাবুজিৰ সৃষ্টি হয়, কিয়নো ষ্টনৱাল বিদ্ৰোহত কোনে আচলতে অংশগ্ৰহণ কৰিছিল, কোনে প্ৰকৃততে পৰবৰ্তী প্ৰতিবাদী কাৰ্যসূচী, সমদল আৰু স্মৃতি অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিছিল, গে' লিবাৰেশ্বন ফ্ৰণ্ট আৰু গে' একটিভিষ্ট এলায়েন্সৰ দৰে সংস্থাৰ প্ৰাথমিক কৰ্মী বা সদস্য কোন আছিল আদিক লৈ কিছু খেলিমেলিৰ সৃষ্টি হৈছিল। সময়ৰ লগত গৌৰৱ যাত্ৰাৰ উদ্দেশ্য অধিক পৰিষ্কাৰ হৈ পৰাৰ লগতে পৰিসৰ বিস্তাৰ হৈ অধিক অন্তৰ্ভুক্ত হৈ উঠে। যদিও এই পৰিবৰ্তনসমূহ প্ৰথমতে এলজিবিটি সমাজৰে ইতিহাসৰ লগত পৰিচিত নথকা কিছুসংখ্যকে বিৰোধিতা কৰিছিল।১৪ এনে উদষাপনসমূহৰ নাম প্ৰথমে 'লেছবিয়ান আৰু গে'' ৰখা হৈছিল আৰু পাছলৈ সলনি হৈ বৰ্তমানে 'লেছবিয়ান, গে', উভকামী আৰু ৰূপান্তৰকামী' (এলজিবিটি) বা কেৱল "প্ৰাইড" (অসমীয়াত গৌৰৱ) বোলা হয়।

ভাৰতত গৌৰৱ যাত্ৰা

২০১৯ চনৰ লক্ষ্ণৌৰ 'অৱধ কুইয়াৰ গৌৰৱ যাত্ৰা'
২০১৯ চনৰ লক্ষ্ণৌৰ 'অৱধ কুইয়াৰ গৌৰৱ যাত্ৰা'ছবি: Sukhmuk · CC BY-SA 4.0

]]

ভাৰতত প্ৰথম বাৰৰ বাবে গৌৰৱ যাত্ৰা অনুষ্ঠিত হৈছিল ১৯৯৯ চনত কলিকতাত। এয়া আছিল দক্ষিণ এছিয়াৰ ভিতৰতে প্ৰথম গৌৰৱ যাত্ৰা। ২০০৩ চনৰ পৰা নিয়মীয়াকৈ প্ৰতি বছৰে (মাজতে এবছৰৰ বাদে) কলকাতাত গৌৰৱ যাত্ৰা অনুষ্ঠিত হৈ আহিছে।১৫ ২০০৮ চনৰ ২৯ জুনত চাৰিখন চহৰত (দিল্লী, বেংগালুৰু, পুডুছেৰী আৰু কলিকতা) সমন্বিতভাবে গৌৰৱ যাত্ৰা অনুষ্ঠিত হৈছিল। চাৰিওখন চহৰৰ মিলি প্ৰায় ২,২০০জন লোকে ইয়াত অংশগ্ৰহণ কৰিছিল। এই চাৰিখন গৌৰৱ যাত্ৰা সফল হৈছিল বুলিব পাৰি কিয়নো কোনো দুষ্কৃতিকাৰীয়ে অংশগ্ৰহণকাৰীসকলৰ ওপৰত আক্ৰমণ কৰা নাছিল। পিছে সেইসময়ৰ বিৰোধী দল ভাৰতীয় জনতা পাৰ্টীয়ে এনে গৌৰৱ যাত্ৰাৰ ধাৰণাৰ সৈতে একমত পোষণ কৰা নাছিল। এই অনুষ্ঠানৰ পাছৰ দিনা তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এখন এইড্‌ছ ৰোগৰ বাবে আয়োজিত অনুষ্ঠানত সমকামীসকলৰ প্ৰতি আৰু অধিক সামাজিক সহিষ্ণুতাৰ বাবে আবেদন কৰিছিল।

২০০৮ চনত ভাৰতৰ স্বাধীনতা দিৱসৰ পাছ দিনা ১৬ আগষ্টত ভাৰতৰ সমকামী বিৰোধী আইনৰ সংশোধনীৰ দাবীত মুম্বাইৰ সমকামী লোকসকলে প্ৰথমবাৰৰ বাবে চহৰখনত আনুষ্ঠানিক গৌৰৱ যাত্ৰা অনুষ্ঠিত কৰে।১৬ ইয়াৰ পূৰ্বে মুম্বাইত বহুবাৰ অনানুষ্ঠানিক গৌৰৱ যাত্ৰা অনুষ্ঠিত হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে ২০০৯ চনৰ ২ জুলাইত ৰায়দান কৰে যে প্ৰাপ্তবয়স্ক সকলৰ মাজত সম্মতিক্ৰমে হোৱা সমকামী যৌন কাৰ্য অপৰাধ নহয়;১৭ পিছে পৰবৰ্তী সময়ত শক্তিশালী ৰক্ষণশীল আৰু ধৰ্মীয় গোষ্ঠীসমূহৰ ব্যাপক হেঁচাৰ পাছত উচ্চতম ন্যায়ালয়ে ২০১৩ চনত এই ৰায় প্ৰত্যাহাৰ কৰে। ফলত ভাৰতত সমকামিতাৰ পুনৰায় অপৰাধ ৰূপে বিবেচিত হয়।১৮ ২০১৮ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজন সাংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ পাৰ্শ্বীয়ভাবে অসাংবিধানিক হিচাপে ৰায়দান কৰে। ৩৭৭ ধাৰাৰ ব্যাখ্যাত পায়ুসংগমজনিত যি কোনো যৌথ যৌন কাৰ্যকলাপকক ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই ৰায়দানৰ দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ঘটা যৌন কাৰ্য অপৰাধ নহয় বুলি ঘোষণা কৰা হল।

ভাৰতৰ সৰু চহৰ, যেনে: নাগপুৰ, মাদুৰাই, ভুৱনেশ্বৰ, ত্ৰিসুৰ আদিতো গৌৰৱ যাত্ৰা অনুষ্ঠিত। ২০০৮ চনৰ পৰা গৌৰৱ যাত্ৰাৰ অংশগ্ৰহণকাৰীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। ২০১০ চনত দিল্লীত ৩,৫০০জন আৰু বেংগালুৰুত ১,৫০০জন লোকে অংশগ্ৰহণ কৰে বুলি অনুমান কৰা হৈছে। অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো গৌৰৱ যাত্ৰা অনুষ্ঠিত হয় ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত সুকীয়া নামৰ এক বেচৰকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত।১৯২০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ How the Pride Parade Became Tradition
  2. ↑ Accessed July 3, 2019
  3. ↑ "The New York Times",June 29, 1969
  4. ↑ LGBT Community Center of NYC
  5. ↑ "The Gay Militants", Don Teal, New York: Stein and Day 1971
  6. ↑ (Archival footage of March)
  7. ↑ "The San Francisco Chronicle", June 29, 1970
  8. ↑ "As of early 1970, Neil Briggs became the vice-chairman of the LGBTQ Association", CanPress, February 28, 1970
  9. ↑ "Chicago Tribune", June 28, 1970, p. A3
  10. ↑ Outspoken: Chicago's Free Speech Tradition. Newberry Library
  11. ↑ Kolher, Will. (June 28, 2015). June 28, 1970 – From Liberation to Pride: The 45th Anniversary of the Christopher Street Liberation Day March – Rare Video. back2stonewall.com
  12. ↑ Obituary for Sylvia Rae Rivera. Sylvia's Place
  13. ↑ (July 6, 1992). Marsha P. Johnson. Gender.org
  14. ↑ New York Area Bisexual Network: A Brief History of NYC's Bisexual Community. Nyabn.org (July 12, 2001). Retrieved on 2011-07-10
  15. ↑ As liberal attitudes sweep across Bengal, gays, and lesbians no longer mask their sexuality
  16. ↑ (July 2, 2008). Reverse swing: It may be an open affair for gays, lesbians. The Times of India
  17. ↑ (July 2, 2009). Gay sex decriminalised in India. BBC News
  18. ↑ Indian Supreme Court criminalizes gay sex; violators face up to 10 years in prison. Washington Post
  19. ↑ "LGBTs parade for pride in Guwahati", The Times of India, 10 February 2014
  20. ↑ Rajiv Konwar "First pride parade in Guwahati- LGBT community marches for life of dignity ", The Telegraph (Calcutta), 10 February 2014

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিউৎসৱআধুনিক ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰৱ যাত্ৰা” প্ৰবন্ধৰ সংশোধন ৫৪৫৬০১ (২৭ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।