এলজিবিটি অভিভাৱক (LGBT Parenting) মানে এলজিবিটি সমাজৰ লোকসকলে এজন বা ততোধিক সন্তানক অভিভাৱক বা পোষক হিচাপে ডাঙৰ-দীঘল কৰা বা যত্ন লোৱা। ইয়াৰ ভিতৰত আছে:
- দুজন পুৰুষ বা দুগৰাকী মহিলা দম্পতীয়ে ডাঙৰ-দীঘল কৰা শিশু (সমকামী অভিভাৱকত্ব),
- একক এলজিবিটি পিতৃ-মাতৃৰ দ্বাৰা ডাঙৰ-দীঘল কৰা শিশু
- বিপৰীত লিংগৰ দম্পতীয়ে ডাঙৰ-দীঘল কৰা শিশু য’ত অন্ততঃ এজন অভিভাৱক এলজিবিটি সমাজৰ হয়।
বৈজ্ঞানিক গৱেষণাই ধাৰাবাহিকভাৱে দেখুৱাইছে যে সমকামী পিতৃ-মাতৃসকল বিষমকামী পিতৃ-মাতৃৰ দৰেই সুস্থ তথা সক্ষম, আৰু তেওঁলোকৰ সন্তানসকল বিষমকামীসকলে ডাঙৰ-দীঘল কৰা সন্তানৰ দৰে মানসিকভাৱে সুস্থ আৰু ভালদৰে সমন্বিত। ১ ২
প্ৰকাৰ
এলজিবিটি সমাজৰ লোকসকলে বিভিন্ন উপায়েৰে অভিভাৱক হ’ব পাৰে। ৩ ৪
তুলি লোৱা
২৭খন দেশ আৰু কিছুমান উপ-ৰাষ্ট্ৰীয় অঞ্চলত একে লিংগৰ দম্পতীয়ে যৌথভাৱে সন্তান তুলি লোৱাটো বৈধ। তদুপৰি ৫খন দেশে কোনো ধৰণৰ সতি-সন্ততিৰ দত্তক লোৱাৰ বৈধতা প্ৰদান কৰিছে। আন্তৰ্জাতিকভাৱে তুলি লোৱা ক্ষেত্ৰত, বৰ্তমান কোনো দেশেই আন্তঃৰাষ্ট্ৰীয় গ্ৰহণৰ সৈতে সক্ৰিয়ভাৱে জড়িত নহয় (যেনে চীন, গুৱেটামালা) মুকলিকৈ চিনাক্ত কৰা লেচবিয়ান আৰু গে লোকসকলক গ্ৰহণ কৰাৰ অনুমতি দিয়ে।৫
ছাৰগেচি
কিছুমান সমকামী দম্পতীয়ে চেৰ’গেট গৰ্ভধাৰণ কৰাৰ সিদ্ধান্ত লয়। এগৰাকী চেৰ’গেট হ’ল গৰ্ভ থকা এগৰাকী মহিলা যি দাতাই দিয়া বা সংগীয়ে দিয়া শুক্ৰাণুৰ দ্বাৰা নিষিক্ত কৰা কণীলৈ গৰ্ভধাৰণ কৰে। কিছুমান মানুহ পইছাৰ বাবে, আন কিছু মানৱীয় কাৰণত বা কিছু দুয়োটাৰে বাবে চেৰ’গেট হয়।৬
কৃত্ৰিম ইঞ্চেমিনেচন
ইঞ্চেমিনেচন হৈছে লেচবিয়ান দম্পতীয়ে সাধাৰণতে ব্যৱহাৰ কৰা পদ্ধতি। এই পদ্ধতিত দাতাৰ শুক্ৰাণুৰে নিষিক্ত কৰা বেজী চিৰিঞ্জৰ জৰিয়তে এজন সংগীক দিয়া হয়। শুক্ৰাণু উৎপন্ন কৰা একাংশ দাতাই মানৱীয়তাৰ বাবে নিজৰ শুক্ৰাণু দান কৰে, আন কিছুৱে অৰ্থৰ বাবে বা কিছুৱে দুয়োটাৰে বাবে নিজৰ শুক্ৰাণু দান কৰে। কিছুমান দেশত দাতাই নিজৰ পৰিচয় লুকুৱাই ৰাখিব পাৰে (উদাহৰণস্বৰূপে: স্পেইনত) আৰু আন কিছুমান দেশত, দাতাৰ পৰিচয় জনোৱাটো বাধ্যতামূলক (উদাহৰণস্বৰূপে: যুক্তৰাজ্যত)।
পাৰস্পৰিক আইভিএফ
ৰেচিপ্ৰ’কেল আইভিএফ লেছবিয়ান স্কলে ব্যবহাৰ কৰে। ইন ভিট্ৰ’ ফৰ্টিলাইজেচন ব্যৱহাৰ কৰি এগৰাকী সংগীৰ কণীৰ পৰা ভ্ৰূণ তৈয়াৰ কৰি আনগৰাকী সংগীক গৰ্ভধাৰণ কৰোৱা হয়।৭ ৮
পদ্ধতি বিকশিত কৰা
বৰ্তমান বিজ্ঞানীসকলে সমকামি সকলক সহায় কৰিব পৰা বিকল্প ধৰণৰ প্ৰজননৰ ওপৰত গৱেষণা কৰি আছে। ইয়াৰে এটা সম্ভাৱনা হ’ল ছালৰ ষ্টেম কোষৰ পৰা শুক্ৰাণু আহৰণ কৰা পদ্ধ্তি।৯
লগতে চাওক
তথ্যসূত্ৰ
- ↑ "Marriage of Same-Sex Couples – 2006 Position Statement Canadian Psychological Association"
- ↑ "Elizabeth Short, Damien W. Riggs, Amaryll Perlesz, Rhonda Brown, Graeme Kane: Lesbian, Gay, Bisexual and Transgender (LGBT) Parented Families – A Literature Review prepared for The Australian Psychological Society"
- ↑ Berkowitz, D & Marsiglio, W (2007). Gay Men: Negotiating Procreative, Father, and Family Identities. Journal of Marriage and Family 69 (May 2007): 366–381
- ↑ "Shared motherhood IVF: high delivery rates in a large study of treatments for lesbian couples using partner-donated eggs"
- ↑ "Lesbian and queer mothers navigating the adoption system: The impacts on mental health"
- ↑ For Gay Men: Becoming a Parent through Surrogacy
- ↑ Berkowitz, D & Marsiglio, W (2007). Gay Men: Negotiating Procreative, Father, and Family Identities. Journal of Marriage and Family 69 (May 2007): 366–381
- ↑ "Shared motherhood IVF: high delivery rates in a large study of treatments for lesbian couples using partner-donated eggs"
- ↑ Stem Cells and Same Sex Reproduction
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলজিবিটি অভিভাৱক” প্ৰবন্ধৰ সংশোধন ৬০৬৯৩২ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।