অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দূতী চান্দ

দূতী চান্দ (Dutee Chand; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী। দূতী গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ প্ৰতিযোগিতাত নিৰ্বাচিত তৃতীয় গৰাকী ভাৰতীয় মহিলা।

হালনাগাদ: ২৪ এপ্ৰিল ২০২৬ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

দূতী চান্দ (Dutee Chand; জন্ম: ৩ ফেব্ৰুৱাৰী ১৯৯৬) এগৰাকী ভাৰতীয় দৌৰবিদ বা স্প্ৰিণ্টাৰ আৰু বৰ্তমান মহিলাৰ ১০০ মিটাৰ ইভেণ্টত জাতীয় ৰেকৰ্ডধাৰী।১ দূতী গ্ৰীষ্মকালীন অলিম্পিকৰ মহিলাৰ ১০০ মিটাৰ প্ৰতিযোগিতাত নিৰ্বাচিত তৃতীয় গৰাকী ভাৰতীয় মহিলা।২

সৰুকাল আৰু শিক্ষা জীৱন

১৯৯৬ চনৰ ৩ ফেব্ৰুৱাৰীত উৰিষ্যাৰ গোপালপুৰত দূতী চান্দৰ জন্ম হয়। তেওঁৰ পিতৃ চক্ৰধৰ চান্দ আৰু মাতৃ আকুঞ্জি চান্দ। দুখীয়া তাঁতী পৰিয়ালৰ চাৰি ভনীৰ মাজত দূতী তেওঁৰ বায়েক সৰস্বতী চান্দৰ পৰা অনুপ্ৰাণিত হৈছিল। ২০১৩ চনত তেওঁ আইন পঢ়িবলৈ কলিংগ ঔদ্যোগিক প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বিশ্ববিদ্যালয়ত নামভৰ্তি কৰ।

কৰ্মজীৱন

২০১২ দূতী তিনি ১৮ বছৰ অনুৰ্ধ বিভাগত জাতীয় চেম্পিয়ন হয়। ১০০ মিটাৰ ইভেণ্টত তেওঁ ১১.৮ ছেকেণ্ড সময় লয়। পুনেত অনুষ্ঠিত এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ প্ৰতিযোগিতায় তেওঁ ২৩.৮১১ ছেকেণ্ড সময়ত সম্পূৰ্ণ কৰি ব্ৰঞ্জ পদক লাভ কৰে। ২০১৩ চনত তেওঁ ১০০ আৰু ২০০ মিটাৰ ইভেণ্টত জাতীয় চেম্পিয়ন হয়।

কমনৱেলথ গেমচ বিতৰ্ক

কমনৱেলথ গেমচত অংশ গ্ৰহণৰ শেষ পৰ্যায়ত ভাৰতীয় এথলেট ফেডাৰেশ্বনে ঘোষনা কৰে যে হাইপাৰেণ্ডোজেনিজমৰ কাৰণে দূতী মহিলা এথলেট হিচাপে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নোৱাৰে। কিন্তু দূতীয়ে প্ৰতাৰণা বা ডোপিং কৰিছিল এনেধৰণৰ একো কোৱা হোৱা নাছিল। ভাৰত চৰকাৰে দূতীৰ কাষত থিয় হয় আৰু কোৰ্ট অভ আৰবিট্ৰেচন ফৰ স্পোৰ্টত আপিল কৰা হয়। শেষলৈ দূতী পুনৰ ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুযোগ পায়।

আন্তৰ্জাতিক প্ৰতিযোগিতা

২০১৭ চনৰ এচিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লোৱা অৱস্থাত দুতী চান্দ
২০১৭ চনৰ এচিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লোৱা অৱস্থাত দুতী চান্দছবি: Inidian athletics assoc · CC BY-SA 4.0
বছৰপ্ৰতিযোগিতাস্থানপদকবিভাগসময়
২০১৩বিশ্ব যুৱ এথলেটিকছ চেম্পিয়নশ্বিপইউক্ৰেইনষষ্ঠ১০০ মিটাৰ১১.৭১ চেকেণ্ড
২০১৩এচিয় এথলেটিকছ চেম্পিয়নশ্বিপভাৰততৃতীয়২০০ মিটাৰ২৩.৮১১ চেকেণ্ড
২০১৪এচিয় কনিষ্ঠ এথলেটিকছ চেম্পিয়নশ্বিপটাইৱানপ্ৰথম২০০ মিটাৰ২৩.৭৪ চেকেণ্ড
২০১৪এচিয় কনিষ্ঠ এথলেটিকছ চেম্পিয়নশ্বিপটাইৱানপ্ৰথম৪× ৪০০ মিটাৰ ৰিলে৩:৪০.৫৩ মিনিট
২০১৬ৰিঅ' অলিম্পিক (হীটচ)ইণ্ডোনেছিয়াসপ্তম১০০ মিটাৰ১১.৬৯ চেকেণ্ড
২০১৭এচিয় এথলেটিকছ চেম্পিয়নশ্বিপভাৰততৃতীয়১০০ মিটাৰ১১.৫২ চেকেণ্ড
২০১৭এচিয় এথলেটিকছ চেম্পিয়নশ্বিপভাৰততৃতীয়৪×১০০ মিটাৰ ৰিলে৪৪.৫৭ চেকেণ্ড
২০১৮এচিয়ান গেমচইণ্ডোনেছিয়াদ্বিতীয়১০০ মিটাৰ১১.৩২ চেকেণ্ড
২০১৮এচিয়ান গেমচইণ্ডোনেছিয়াদ্বিতীয়২০০ মিটাৰ২৩.২০ চেকেণ্ড
২০১৯এচিয় এথলেটিকছ চেম্পিয়নশ্বিপকাটাৰতৃতীয়২০০ মিটাৰ২৩.২৪ চেকেণ্ড
২০১৯ত্ৰিংশতিতম বিশ্ব ইউনিভাৰচিয়াডইটালীপ্ৰথম১০০ মিটাৰ১১.৩২ চেকেণ্ড

পুৰস্কাৰ আৰু সন্মান

ব্যক্তিগত জীৱন

২০১৯ চনত দুতী চান্দে ৰাজহুৱাকৈ ঘোষণা কৰে যে তেও সমলিংগিক, এই কথা মুকলিকৈ স্বীকাৰ কৰা দুতী চান্দ ভাৰতৰ প্ৰথম এথলিট। চান্দে কয় যে ২০১৮ চনত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে সমকামিতাক অপৰাধ নহয় বুলি কৰা ঐতিহাসিক ৰায়দানে তেওঁক এই কথা ৰাজহুৱা কৰিবলৈ উৎসাহ দিয়ে।৫৬৭৮ অৱশ্যে এই ঘোষণাৰ বাবে তেও নিজৰ গাঁৱত তীব্ৰ সমালোচনাৰ সন্মুখীন হয়৯

তথ্যসূত্ৰ

  1. ↑ (8 September 2013). Anirudha, Dutee emerge fastest; Jyothi settles for silver medal. Deccan Herald
  2. ↑ (26 June 2016). Dutee Chand from India Qualifies for Women's 100m
  3. ↑ Arjuna Award Will Motivate Me For Tokyo Olympics, Says Dutee Chand
  4. ↑ Cash awards by state governments for Asian Games medal winne | Asian Games 2018 News. Times of India (31 August 2018). Retrieved on 2018-09-04
  5. ↑ IANS. Dutee Chand on same sex relation: SC gave me belief that we aren't wrong - Sportstar. Sportstar.thehindu.com
  6. ↑ Dutee Chand becomes first openly gay Indian athlete. bbc.com. BBC
  7. ↑ Dutee Chand: India's first openly gay athlete. aljazeera.com. Aljazeera
  8. ↑ Sprinter Dutee Chand becomes India's first openly gay athlete. theguardian.com. The Gaurdian
  9. ↑ Dhillon, Amrit. (2019-06-05). 'It's humiliating for us': village disowns Dutee Chand, India's first openly gay athlete. The Guardian

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতীয় অলিম্পিক প্ৰতিযোগীএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিঅৰ্জুন বঁটা বিজয়ীভাৰতীয় লেচবিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দূতী চান্দ” প্ৰবন্ধৰ সংশোধন ৬০২৩৭৮ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।