অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ট্ৰান্স মেন

ট্ৰান্স মেন (Trans man; ট্ৰান্সজেণ্ডাৰ পুৰুষৰ সংক্ষিপ্ত ৰূপ) হ'ল এনে এজন পুৰুষ যি জন্মৰ সময়ত মহিলাৰ শাৰীৰিক অৱয়বৰে জন্ম হৈছিল। ট্ৰান্স পুৰুষৰ 'সাংস্কৃতিক লিংগ' পৰিচয় পুৰুষ আৰু বহুতো ট্ৰান্স পুৰুষে তেওঁলোকৰ 'জৈৱ লিংগ' আৰু 'সামাজিক লিংগ' পৰিচয়ৰ সৈতে মিল নথকা বাবে বা লিংগ ডিছফ'ৰিয়া উপশম ঘটাবলৈ…

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৪ ৪৩৩ শব্দ · ২ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ট্ৰান্স মেন (Trans man; ট্ৰান্সজেণ্ডাৰ পুৰুষৰ সংক্ষিপ্ত ৰূপ) হ'ল এনে এজন পুৰুষ যি জন্মৰ সময়ত মহিলাৰ শাৰীৰিক অৱয়বৰে জন্ম হৈছিল। ট্ৰান্স পুৰুষৰ 'সাংস্কৃতিক লিংগ' পৰিচয় পুৰুষ আৰু বহুতো ট্ৰান্স পুৰুষে তেওঁলোকৰ 'জৈৱ লিংগ' আৰু 'সামাজিক লিংগ' পৰিচয়ৰ সৈতে মিল নথকা বাবে বা লিংগ ডিছফ'ৰিয়া উপশম ঘটাবলৈ নিজৰ চেহেৰা সলনি কৰিবলৈ চিকিৎসা আৰু সামাজিক পৰিৱৰ্তনৰ সন্মুখীন হয়।১

পৰিভাষা

ব্যাপক শব্দ ট্ৰান্স হৈছে ৰূপান্তৰিত লিংগ আৰু ৰূপান্তৰকামী উভয়ৰে সংক্ষিপ্ত ৰূপ, লগতে এই অভিধাটোৱে সামাজিক লিংগ পৰিচয় আৰু জৈৱ লিংগৰ সৈতে মিল নাথকা যিকোনো ব্যক্তিক বৰ্ণনা কৰে। ট্ৰান্স পুৰুষক সাধাৰণতে মহিলাৰ পৰা পুৰুষলৈ ৰূপান্তৰিত (FTM বা F2M) বুলি কোৱা হয়।২

ৰূপান্তৰকামী শব্দটোৰ উৎপত্তি চিকিৎসা আৰু মানসিক সম্প্ৰদায়ৰ পৰা হৈছিল, ইয়াক সাধাৰণতে ৰূপান্তৰিত লিংগৰ এটা উপগোট বুলি গণ্য কৰা হয় যদিও দুয়োটা শব্দ সদায় প্ৰতিশব্দ ৰূপত ব্যৱহাৰ কৰিব নোৱাৰি। ইয়াত প্ৰধানকৈ চিকিৎসা বিজ্ঞানৰ দ্বাৰা ধৰা পৰা লিংগ ডিছফ’ৰিয়া থকা আৰু যিসকলে চিকিৎসা বা অস্ত্ৰোপচাৰৰ জৰিয়তে স্থায়ীভাৱে বিপৰীত লিংগলৈ পৰিৱৰ্তন হ’ব বিচাৰে সেই লোকসকলৰ বৰ্ণনা কৰা হৈছে। বহুতো ট্ৰান্স লোকে ট্ৰান্সজেণ্ডাৰ বা ট্ৰান্স পৰিচয়টো পছন্দ কৰে, তেওঁলোকে ইয়াক অধিক সমেত আৰু কম কলংকিত বুলি বিবেচনা কৰে।৩৪ কিন্তু কোনোকোনোৱে যেনে বাক এঞ্জেলে তেওঁৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে ট্ৰান্সজেণ্ডাৰ পৰিচয়ক নাকচ কৰে।৫৬ GLAAD মিডিয়া ৰেফাৰেন্স গাইডে, নিজকে স্পষ্টভাৱে নিজকে ৰূপান্তৰিত লিংগৰ বুলি পৰিচয় নিদিয়া মানুহৰ ক্ষেত্ৰত ৰূপান্তৰকামী বা ট্ৰান্সচেক্সুৱেল অভিধাটো ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে।৭

ট্ৰান্সমেস্কুলাইন প্ৰধানকৈ পুৰুষতান্ত্ৰিক পৰিচয় বা লিংগ প্ৰকাশ থকা সকলো ট্ৰান্স ব্যক্তিক ব্যাপক অৰ্থত বুজোৱা এটা শব্দ, আৰু ইয়াত ট্ৰান্স পুৰুষৰ লগতে নন্-বাইনেৰী লোককো অন্তৰ্ভুক্ত কৰা হয় যিসকলক জন্মৰ সময়ত মহিলা হিচাপে চিনাক্ত কৰা হৈছিল তথা তেওঁলোকৰ পৰিচয় আংশিকভাৱে পুৰুষসুলভ হ'লেও সম্পূৰ্ণৰূপে পুৰুষ নাছিল।৮৯

বিকল্প হিচাপে 'ট্ৰান্সমেন' শব্দটো কেতিয়াবা প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু ট্ৰান্সউমেনৰ দৰেই ইয়াকো প্ৰায়ে ট্ৰেন্স-এক্সক্লুছনেৰী মতামতৰ সৈতে জড়িত কৰা হয় যিয়ে ট্ৰান্স পুৰুষক পুৰুষৰ পৰা পৃথক বুলি বিবেচনা কৰে, আৰু সেয়েহে তেওঁলোকক বৰ্ণনা কৰিবলৈ এটা সুকীয়া শব্দৰ প্ৰয়োজন হয়।১০ এই কাৰণেই বহু ৰূপান্তৰিত লিংগৰ ব্যক্তিয়ে অভিধাটোক আপত্তিজনক বুলি বিবেচনা কৰে।১০

ৰূপান্তৰ

সংগীৰ সৈতে এগৰাকী সন্তান সম্ভৱা ইকুৱেডৰিয়ান ট্ৰান্স মেন।
সংগীৰ সৈতে এগৰাকী সন্তান সম্ভৱা ইকুৱেডৰিয়ান ট্ৰান্স মেন।ছবি: Chichicko · CC BY-SA 4.0

মূলতঃ ট্ৰান্স মেন শব্দটোৱে বিশেষভাৱে হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী (HRT) বা যৌনাংগৰ অস্ত্ৰোপচাৰ (SRS) বা দুয়োটা প্ৰক্ৰিয়াৰে মহিলাৰ পৰা পুৰুষলৈ পৰিৱৰ্তন হোৱা ৰূপান্তৰকামী লোকক বুজায়। এই পৰিৱৰ্তনৰ সংজ্ঞা বহল হৈ ইয়াত মানসিক বিকাশৰ তত্ত্ব বা আত্মগ্ৰহণৰ পৰিপূৰক পদ্ধতি অন্তৰ্ভুক্ত হৈছে।১১১২ ৰূপান্তৰিত লিংগ বুলি পৰিচয় দিয়া বহুতেই লিংগ ডিছফ’ৰিয়াৰ সন্মুখীন হ’ব পাৰে।

ৰূপান্তৰকামী আৰু ৰূপান্তৰিত লিংগৰ পুৰুষে তেওঁলোকৰ শৰীৰক তেওঁলোকৰ লিংগ উপস্থাপনৰ সৈতে যিমান পাৰি সামঞ্জস্যপূৰ্ণ কৰিবলৈ হৰম’ন সংস্থাপন আৰু অস্ত্ৰোপচাৰৰ দৰে চিকিৎসাৰ ওচৰ চাপিব পাৰে। কিন্তু বহু ৰূপান্তৰিত লিংগৰ আৰু ৰূপান্তৰকামী পুৰুষৰ অস্ত্ৰোপচাৰ বা হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী কৰাৰ সামৰ্থ্য নাই বা নকৰে। শীৰ্ষভাগৰ অস্ত্ৰোপচাৰ নকৰা বহুতেই নিজৰ স্তন বান্ধি ৰাখে।

এই ৰূপান্তৰৰ ক্ষেত্ৰত তলত দিয়া কিছুমান বা সকলোবোৰ পদক্ষেপ জড়িত হ'ব পাৰে:১৩

  • সামাজিক পৰিৱৰ্তন: পছন্দৰ নাম আৰু সৰ্বনাম ব্যৱহাৰ কৰা, লিংগ উপযুক্ত বুলি ধাৰণা কৰা কাপোৰ পিন্ধা, পৰিয়াল, বন্ধু-বান্ধৱী আৰু সাধাৰণতে কৰ্মক্ষেত্ৰ/বিদ্যালয়ত নিজৰ লিংগ পৰিচয় প্ৰকাশ কৰা।
  • চিকিৎসা: হৰম'ন প্ৰতিষ্ঠাপন চিকিৎসা (HRT), আৰু/বা অস্ত্ৰোপচাৰ (SRS)১৪
  • আইনী দৃঢ়তা: আইনী চিনাক্তকৰণ নথিপত্ৰত নিজৰ নাম আৰু (কেতিয়াবা) লিংগ চিহ্নিতকাৰী চিহ্নৰ সংশোধন।১৫১৬

সামাজিকভাৱে পুৰুষ হিচাপে গ্ৰহণৰ ক্ষেত্ৰত এইচ আৰ টি আৰু/বা অস্ত্ৰোপচাৰ নকৰা ট্ৰান্স পুৰুষৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে।১৫১৬ কিছুমান ট্ৰান্স পুৰুষে কিছুমান সামাজিক পৰিস্থিতিত (যেনে কৰ্মক্ষেত্ৰত) মহিলা হিচাপেই উপস্থাপন কৰিব পাৰে।১৫১৬ শাৰীৰিক পৰিৱৰ্তনৰ পিছত ট্ৰান্স পুৰুষসকলে সাধাৰণতে পুৰুষ হিচাপে পূৰ্ণকালীনভাৱে জীয়াই থাকে।১৫১৬ কিন্তু কিছুমান ট্ৰান্সমেস্কুলাইন ব্যক্তিয়ে সন্তান সম্ভৱা হ'বলৈ, সন্তান জন্ম দিবলৈ আৰু স্তনপান কৰাবলৈ নিজৰ শৰীৰক নিয়োজিত কৰাৰো সিদ্ধান্ত লয়।১৭১৮

তথ্যসূত্ৰ

  1. ↑ Bariola, Emily; Lyons, Anthony; Leonard, William. (October 2015). Demographic and Psychosocial Factors Associated With Psychological Distress and Resilience Among Transgender Individuals. American Journal of Public Health. পৃ. 2108–2116
  2. ↑ Swann, William B.; Gómez, Ángel; Vázquez, Alexandra. (10 February 2015). Fusion with the Cross-Gender Group Predicts Genital Sex Reassignment Surgery. Archives of Sexual Behavior. পৃ. 1313–1318
  3. ↑ Polly, Ryan; Nicole, Julie. (March 2011). Understanding transsexual patients: culturally sensitive care in emergency nursing practice. Advanced Emergency Nursing Journal. পৃ. 55–64
  4. ↑ A Swenson, Medical Care of the Transgender Patient, in Family Medicine (2014): "While some transsexual people still prefer to use the term to describe themselves, many transgender people prefer the term transgender to transsexual."
  5. ↑ (March 2014). Transsexualism. Gender Centre
  6. ↑ (Apr 9, 2019). Transsexual is my identity and where I came from. (..) Transgender does not represent me.
  7. ↑ (22 February 2022). GLAAD Media Reference Guide – Transgender Terms. GLAAD
  8. ↑ MacDonald, Trevor; Noel-Weiss, Joy; West, Diana. (16 May 2016). Transmasculine individuals' experiences with lactation, chestfeeding, and gender identity: a qualitative study. BMC Pregnancy and Childbirth. পৃ. 106
  9. ↑ Definition of transmasculine. Dictionary.com
  10. ↑ German Lopez, Why you should always use "transgender" instead of "transgendered", Vox, February 18, 2015
  11. ↑ Hudson's Guide: FTM Basics: Terminology. Hudson's FTM Resource Guide
  12. ↑ Glossary of Terms and Usage. Hebrew Union College – Jewish Institute of Religion
  13. ↑ (14 April 2007). What is transition?. FTM Australia
  14. ↑ Meriggiola, Maria Cristina; Gava, Giulia. (25 March 2015). Endocrine care of transpeople part I. A review of cross-sex hormonal treatments, outcomes and adverse effects in transmen. Clinical Endocrinology. Wiley. পৃ. 597–606
  15. ↑ Lev, Arlene Istar. (2004). Transgender Emergence: Therapeutic Guidelines for Working with Gender-Variant People and their Families. The Haworth Clinical Practice Press. ISBN 978-0-7890-2117-5
  16. ↑ Eno, Amanda S. (21 June 2013). The Misconception of Sex in Title VII: Federal Courts Reevaluate Transsexual Employment Discrimination Claims. Tulsa Law Review. পৃ. 765–792
  17. ↑ MacDonald, Trevor; Noel-Weiss, Joy; West, Diana. (16 May 2016). Transmasculine individuals' experiences with lactation, chestfeeding, and gender identity: a qualitative study. BMC Pregnancy and Childbirth. পৃ. 106
  18. ↑ Bonnington, Adam; Dianat, Shokoufeh; Kerns, Jennifer. (1 August 2020). Society of Family Planning clinical recommendations: Contraceptive counseling for transgender and gender diverse people who were female sex assigned at birth. Contraception. Elsevier BV. পৃ. 70–82

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ট্ৰান্স মেন” প্ৰবন্ধৰ সংশোধন ৪০৮৩০৩ (২৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।