২০২৪ চনৰ ৯ আগষ্টত ১ ২ ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী (পি জি টি) চিকিৎসকক মহাবিদ্যালয় চৌহদৰ এটা আলোচনা চক্ৰ কোঠাত৩ মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত মৰণোত্তৰ পৰীক্ষাত নিশ্চিত হয় যে তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। এই ঘটনাই জনসাধাৰণৰ মাজত বিশেষ ক্ষোভৰ সৃষ্টি কৰিছে আৰু দেশজুৰি প্ৰতিবাদৰ সৃষ্টি কৰিছে যিয়ে ভাৰতত চিকিৎসকৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰাৰ লগতে সম্যক তদন্তৰ দাবী জনাইছে। ২ ৪
পৰিঘটনা
২০২৪ চনৰ ৯ আগষ্টত উত্তৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজৰ দ্বিতীয় বৰ্ষৰ স্নাতকোত্তৰৰ এগৰাকী প্ৰশিক্ষাৰ্থী (পি জি টি) চিকিৎসক ৫৬ নিৰুদ্দেশ হোৱা বুলি তেওঁৰ সহকৰ্মীসকলে খবৰ দিয়ে। ৰাতিপুৱা প্ৰায় ১১:৩০ বজাত ৭ প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ মৃতদেহ কলেজৰ এটা আলোচনা চক্ৰ কক্ষত অৰ্ধনগ্ন অৱস্থাত চকু, মুখ আৰু যৌনাংগৰ পৰা তেজ ওলাই থকা অৱস্থাত উদ্ধাৰ কৰা হয়। পিছত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।
তদন্ত
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন
মৰণোত্তৰ পৰীক্ষাত দেখা গৈছে যে পীড়িতক ডিঙি চেপি হত্যা কৰাৰ পূৰ্বে ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলোৱা হৈছিল। চাৰি পৃষ্ঠাৰ প্ৰতিবেদনখনত তেওঁৰ যৌনাংগ, ওঁঠ, বাওঁ ভৰি, সোঁহাত, অনামিকা আঙুলি, ডিঙি আৰু মুখত গভীৰ ঘাঁ হোৱাটোও লক্ষ্য কৰা হৈছে। প্ৰতিবেদনত প্ৰকাশ পাইছে যে মহিলাগৰাকীৰ মুখত আঁচোৰ পৰা চিন অভিযুক্তৰ নখৰ বাবেই হোৱাৰ সম্ভাৱনা আছে। ৰিপৰ্ট অনুসৰি, তেওঁৰ মুখ আৰু ডিঙিত চাপ দিয়া হৈছিল, আৰু তেওঁক ডিঙি চেপি হত্যা কৰা হৈছিল, যাৰ ফলত থাইৰয়ড কাৰ্টিলেজ ভাঙি গৈছিল। প্ৰতিবেদনত তেওঁৰ চকু, মুখ আৰু গোপন অংশৰ পৰা তেজ ওলোৱাৰ কথাও উল্লেখ কৰা হৈছে, য'ত তেওঁৰ যৌনাংগৰ অংশত হোৱা আঘাতৰ কাৰণ হৈছে "বিকৃত যৌনতা" আৰু "যৌনাংগ নিৰ্যাতন।" তেওঁৰ চকুত হোৱা আঘাতৰ সঠিক কাৰণ এতিয়াও অনিৰ্দিষ্ট হৈ আছে। ৮ ৯
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত যোনীৰ স্বাবত প্ৰায় ১৫০ মিলিগ্ৰাম বীৰ্য্য পোৱা গৈছে বুলিও প্ৰকাশ পাইছে। ১০ ১১ এই তথ্যৰ লগতে আঘাতৰ পৰিসৰৰ বাবে চিকিৎসক আৰু ভুক্তভোগীৰ পিতৃ-মাতৃয়ে বিশ্বাস কৰিছিল যে এইটো দলবদ্ধ ধৰ্ষণৰ ঘটনা হ'ব পাৰে। ১২ ১৩ কলকাতা আৰক্ষীয়ে এনে দাবীক উৰাবাতৰি বুলি নাকচ কৰি মৰণোত্তৰ পৰীক্ষাৰ সময়ত খালী চকুৰে একাধিক ব্যক্তিৰ বীৰ্য পৃথক কৰাটো অসম্ভৱ বুলি মত প্ৰকাশ কৰে। ১৪
গ্ৰেপ্তাৰ
তদন্তৰ অন্তত অপৰাধস্থলীত এটা ব্লুটুথ হেডছেট পোৱাৰ পিছত ৯ আগষ্টত আৰক্ষীয়ে এজন সন্দেহযুক্ত লোক সঞ্জয় ৰয়ক গ্ৰেপ্তাৰ কৰে। তেওঁ কলকাতা আৰক্ষীৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ নাগৰিক স্বেচ্ছাসেৱক আৰু আৰক্ষী কল্যাণ সংস্থাৰ সদস্য। তেওঁ এজন প্ৰশিক্ষিত বক্সাৰ আৰু কলকাতা আৰক্ষীৰ কেইজনমান বিষয়াৰ ঘনিষ্ঠ। মেডিকেল কলেজৰ ওচৰৰ আৰক্ষী আউটপোষ্টত তেওঁক নিযুক্ত কৰা হৈছিল আৰু তেওঁৰ ওচৰৰ কেইজনমান ৰোগীৰ বাবে মধ্যভোগী হিচাপে কাম কৰিবৰ বাবেও ব্যৱস্থা কৰা হৈছিল। চাৰিবাৰ বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁক ব্যভিচাৰ আৰু ঘৰুৱা নিৰ্যাতনকাৰী বুলি অভিহিত কৰা হৈছে। কলকাতা আৰক্ষীৰ তথ্য অনুসৰি তেওঁ অপৰাধ স্বীকাৰ কৰে। অভিযুক্তৰ মাতৃয়ে নিজৰ পুত্ৰক ৰক্ষা কৰাৰ স্বাৰ্থত কয় যে তেওঁক পৰিকল্পিত ভাৱে অভিযুক্ত সজা হৈছে। ১৫ ১৬ ১৭
গোচৰ চিবিআইলৈ হস্তান্তৰ কৰা
২০২৪ চনৰ ১৩ আগষ্টত কলিকতা উচ্চ ন্যায়ালয়ে ৰাজ্যৰ আৰক্ষীক গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক গতাই দিবলৈ কয়, লগতে এই পৰ্যন্ত তদন্তৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। ১৮ ৰাজ্যৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিলে প্ৰমাণ ধ্বংস হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে। ১৯
প্ৰতিক্ৰিয়া
মহাবিদ্যালয়ৰ অধ্যক্ষৰ পদত্যাগ
ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদৰ মাজতে অস্থিৰোগ বিশেষজ্ঞ তথা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সন্দীপ ঘোষে পদত্যাগ কৰে। ছ’চিয়েল মিডিয়াৰ সমালোচনা আৰু ৰাজনীতিবিদৰ মানহানিকাৰক মন্তব্যৰ পৰা চলি থকা অপমান তেওঁ সহ্য কৰিব নোৱাৰাৰ কথা উল্লেখ কৰে। পদত্যাগ কৰাৰ কিছু সময়ৰ পিছতে তেওঁক কলিকতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়, যিটো পদক্ষেপে আৰু অধিক ক্ষোভৰ সৃষ্টি কৰে। ২০ ১৩ আগষ্টত কলিকতা উচ্চ ন্যায়ালয়ে চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁক বৰ্ধিত ছুটীত ৰখাৰ নিৰ্দেশ দিয়াৰ লগতে কলিকতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ত তেওঁক তাৎক্ষণিকভাৱে পুনৰ নিযুক্তি দিয়াৰ সমালোচনাও কৰে। ২১
প্ৰতিবাদ

এই কাণ্ডই সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু সমগ্ৰ দেশতে বিশেষকৈ চিকিৎসা ক্ষেত্ৰত জড়িত সমাজৰ ভিতৰত ক্ষোভৰ সৃষ্টি কৰিছিল, কিয়নো ছাত্ৰ সংঘ আৰু মৃতকৰ সহকৰ্মীসকলে কেম্পাছত ন্যায় আৰু উন্নত নিৰাপত্তা ব্যৱস্থাৰ দাবী জনাইছিল। ২২
ইয়াৰ প্ৰত্যুত্তৰত ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক চিকিৎসকৰ ওপৰত হিংসা ৰোধ কৰাৰ লক্ষ্যৰে এক বিশেষ কেন্দ্ৰীয় আইন প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনায়। লগতে চিকিৎসালয়সমূহক নিৰাপদ অঞ্চল হিচাপে নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়। এই জঘন্য অপৰাধৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ দেশতে আৱাসী চিকিৎসকৰ ব্যাপক প্ৰতিবাদ আৰু ধৰ্মঘটৰ পিছতে এই আহ্বান জনোৱা হৈছে, যাৰ ফলত চিকিৎসা কৰ্মচাৰীৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ উদ্বেগ প্ৰকাশ পাইছে। ২৩
১৩ আগষ্টত ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাইকে ধৰি মহাৰাষ্ট্ৰৰ ৮ হাজাৰৰো অধিক চৰকাৰী চিকিৎসকে জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো চিকিৎসালয় বিভাগৰ কাম বন্ধ কৰি দিয়াৰ ফলত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰে বুলি সংবাদ মাধ্যমৰ বাতৰি প্ৰকাশ হয়। নতুন দিল্লীত ডাঙৰ ডাঙৰ চৰকাৰী চিকিৎসালয়ৰ বাহিৰত বগা কোট পৰিধান কৰি কনিষ্ঠ চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰে। কলকাতাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰায় সকলো চিকিৎসালয়তে ১৩ আগষ্টত জৰুৰীকালীন সেৱা স্থগিত ৰখা হৈছিল। লক্ষ্ণৌ, আৰু গোৱাৰ দৰে চহৰতো একেধৰণৰ প্ৰতিবাদে একাংশ চিকিৎসালয় সেৱাত আঘাত হানে। ২৪ এইমছ দিল্লী, লেডী হাৰ্ডিং মেডিকেল কলেজ, ছফদাৰজং হাস্পতাল, আৰ এম এল হাস্পতাল, কলিকতা নেচনেল মেডিকেল কলেজ এণ্ড হস্পিতালৰ লগতে আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালকে ধৰি দিল্লী আৰু কলকাতাৰ সকলো প্ৰধান চিকিৎসা প্ৰতিষ্ঠানত কনিষ্ঠ চিকিৎসকমকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ২৫
১২ আগষ্টত ফেডাৰেচন অৱ ৰেচিডেণ্ট ডাক্তৰ এছ’চিয়েছনে (ফৰ্ডা) প্ৰতিবাদৰ ৰূপত দেশজুৰি অনিৰ্দিষ্টকাললৈ ঐচ্ছিক সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে। ১৩ আগষ্টত আই এম এ আৰু অন্যান্য গোটৰ এটা প্ৰতিনিধি দলে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰাৰ পিছতে এই প্ৰতিবাদ বাতিল কৰা হয়। ভাৰতৰ কেইবাখনো আৱাসী চিকিৎসক সংস্থা যেনে ফেডাৰেচন অৱ অল ইণ্ডিয়া মেডিকেল এছ’চিয়েছন (FAIMA)ৰ লগতে এইমছ দিল্লী, ছফদাৰজং হাস্পতাল, আৰ এম এল হাস্পতাল, কলিকতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়, আৰ জি কাৰ চিকিৎসা মহাবিদ্যালয় এণ্ড হস্পিতাল, ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় দ্বাৰকা আদিয়ে আলোড়ন অব্যাহত ৰাখিছে . ২৬ ২৭ দুদিন ধৰি ধৰ্মঘট বাতিল কৰাৰ পিছত আৰ জি কাৰ মেডিকেল কলেজত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত ফেডাৰেচন অৱ ৰেচিডেণ্ট ডাক্তৰ এছ'চিয়েচনে পুনৰ ধৰ্মঘট আৰম্ভ কৰে। ২৮
১৪ আগষ্টৰ মাজনিশাৰ পৰা আৰম্ভ কৰি চিকিৎসা ভ্ৰাতৃত্ববোধৰ লগতে মহিলাসকলে বৃহৎ প্ৰতিবাদ আৰু মমবাতিৰ পোহৰত সমদল উলিয়ায়। দিল্লী আৰু কলকাতাত "মহিলা, নিশা পুনৰুদ্ধাৰ কৰক" নামেৰে প্ৰতিবাদ সাব্যস্ত কৰে। ২৯ ১৫ আগষ্টত মাজনিশাৰ কিছু সময়ৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছ আৰু লাঠিচালনা ব্যৱহাৰ কৰে। প্ৰতিবাদকাৰীৰ ৰূপ লৈ অচিনাক্ত দুষ্কৃতিকাৰীৰ দলে বেৰিকেড ওফৰাই চিকিৎসালয়ৰ চৌহদত প্ৰৱেশ কৰে। দুষ্কৃতিকাৰীয়ে চিকিৎসালয় চৌহদত শিলগুটি নিক্ষেপ কৰাৰ লগতে জৰুৰীকালীন ৱাৰ্ড আৰু ভুক্তভোগীক উদ্ধাৰ হোৱা অঞ্চল ভাঙি লণ্ডভণ্ড কৰে। ৩০ ইয়াৰ ফলত কেইবাজনো আৰক্ষী আৰু প্ৰতিবাদকাৰী সাধাৰণ নাগৰিক আহত হয়। কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোৱেলে এই হিংসাত্মক প্ৰতিবাদৰ বাবে কলকাতা আৰক্ষীৰ বিৰুদ্ধে "দুৰ্নিহিত সংবাদ মাধ্যমৰ অভিযান"ক জগৰীয়া কৰে। ৩১ ৩০
ৰাজ্য চৰকাৰৰ সমালোচনা
তৃণমূল কংগ্ৰেছৰ নেতৃত্বত পশ্চিম বংগ চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ নিৰাপত্তা আৰু সুৰক্ষা সন্দৰ্ভত থকা ত্ৰুটিৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে। ইয়াৰোপৰি চিকিৎসালয় পৰিচালনা সমিতিয়ে ইচ্ছাকৃতভাৱে এই গোচৰটোক আত্মহত্যা বুলি ৰচনা কৰিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন হৈছে। ৩২ সমালোচনাৰ ভিতৰত কলকাতা আৰক্ষীয়ে গোচৰটোৰ সঠিক তদন্ত চলাই আছে নে নাই বুলি উদ্বেগ প্ৰকাশ কৰি কলকাতাৰ উচ্চ ন্যায়ালয়ে গোচৰটো চিবিআইলৈ হস্তান্তৰ কৰে। ৩৩ ৩৪ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন আৰু বিৰোধী ভাৰতীয় জনতা পাৰ্টিৰ সদস্যসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যিক আৰক্ষীৰ নেতৃত্বত পশ্চিম বংগ চৰকাৰক এই কাণ্ডৰ বাবে প্ৰত্যক্ষভাৱে জবাবদিহি হোৱাৰ অভিযোগ উত্থাপন কৰি ১৫ আগষ্টত সংঘটিত হোৱা অপ্ৰীতিকৰ ঘটনাক দৃঢ়তাৰে গোচৰৰ সৈতে জড়িত প্ৰমাণ ধ্বংস কৰাৰ উদ্দেশ্যে “টিএমচি দুৰ্বৃত্ত"ৰ দ্বাৰা সংঘটিত বুলি দাবী কৰে।৩৫ ৩৬ ৩৭ ৩৮ অৱশ্যে তৃণমূল কংগ্ৰেছৰ সাংসদ মাহুৱা মৈত্ৰীয়ে তেওঁৰ দল আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যিকোনো ধৰণৰ পদ্ধতিগতভাৱে ঢাকি ৰখাৰ অভিযোগ অস্বীকাৰ কৰি এই অভিযোগক “একদম ভুল আৰু মিছা” বুলি উল্লেখ কৰিছে। ৩৯
তথ্যসূত্ৰ
- ↑ What happened to Dr. Moumita Debnath at RG Kar Medical College?. Hindi Patrika
- ↑ (2024-08-09). Woman trainee doctor found dead in seminar hall of Kolkata hospital. India Today
- ↑ Body of female post-graduate trainee doctor found in prominent Kolkata hospital
- ↑ Kolkata doctor rape-murder case: All you need to know. Deccan Herald
- ↑ (2024-08-09). Woman trainee doctor found dead in seminar hall of Kolkata hospital. India Today
- ↑ What happened to Dr. Moumita Debnath at RG Kar Medical College?. Hindi Patrika
- ↑ (2024-08-12). Kolkata doctor rape-murder: Plea filed at Calcutta High Court seeking CBI probe. India Today
- ↑ (2024-08-13). Kolkata doctor's autopsy reveals she was throttled to death, genital torture. India Today
- ↑ Kolkata rape and murder: Parents suspect gang rape, claim 150 mg of semen found in victim’s body. Livemint
- ↑ (14 August 2024). Kolkata rape-murder case: 150 mg of semen found in doctor's body, doctors say it could be gang rape. Business Today
- ↑ (15 August 2024). 150 mg semen in Kolkata doctor's body: 'It’s not rocket science to suspect involvement of more than one person'. The Times of India
- ↑ Kolkata rape and murder: Parents suspect gang rape, claim 150 mg of semen found in victim’s body. Livemint
- ↑ (14 August 2024). Kolkata rape-murder case: 150 mg of semen found in doctor's body, doctors say it could be gang rape. Business Today
- ↑ (15 August 2024). Kolkata doctor rape-murder: Post-mortem report highlights brutal assault, confirms multiple injuries, signs of struggle. The Times of India
- ↑ (2024-08-14). Kolkata doctor’s rape-murder: Accused’s wife complained of assault twice, police took no action. The Indian Express
- ↑ (2024-08-13). Kolkata murder: Accused confessed to violence against mother, sister, say sources. India Today
- ↑ Kolkata doctor rape-murder case: All you need to know. Deccan Herald
- ↑ Singh, Ratna. (2024-08-13). RG Kar Medical College rape and murder case: Calcutta High Court orders CBI Probe. Bar and Bench – Indian Legal news
- ↑ Why Kolkata Doctor's Rape-Murder Case Went To CBI: Court's Tough Remarks. NDTV.com
- ↑ (2024-08-12). RG Kar principal resigns, made head of another prestigious medical college within hours. The Indian Express
- ↑ Why Kolkata Doctor's Rape-Murder Case Went To CBI: Court's Tough Remarks. NDTV.com
- ↑ Kolkata doctor rape-murder case: All you need to know. Deccan Herald
- ↑ IMA delegation meets Nadda, demands hospitals be declared safe zones. www.ptinews.com
- ↑ Doctors across India protest rape and murder of medic in Kolkata. Al Jazeera
- ↑ (2024-08-14). Kolkata Doctor Rape-Murder Case LIVE Updates: Massive Doctors Protest In Delhi, BJP Alleges Suspects Closely Linked To TMC. News18
- ↑ (2024-08-14). Kolkata rape-murder case: Resident doctors call off strike after meeting JP Nadda. India Today
- ↑ Kumar, Raju. (2024-08-14). Kolkata doctor-rape murder case: FORDA ends strike, AIIMS, other Delhi hospitals to continue protest. www.indiatvnews.com
- ↑ "Pivotal Moment": Key Doctors' Body Resumes Strike 2 Days After Calling It Off. NDTV.com
- ↑ "Reclaim The Night": Women Seek Justice In Kolkata Doctor Rape-Murder Case, Hold Massive Protests. NDTV.com
- ↑ (2024-08-15). Kolkata doctor rape-murder case: Uneasy calm in RG Kar Hospital after goons vandalise premises
- ↑ Vandalism At Kolkata Hospital Where Doctor Was Raped, Tear Gas Fired. NDTV.com
- ↑ Paul, James. (2024-08-14). Bengal Horror: Internet Is Outraged Over Kolkata Doctor Rape-Murder Dubbed As ‘Nirbhaya 2.0’; ‘Do Not Erase Her’. Mashable India
- ↑ "West Bengal govt not capable, wants to help accused": Congress leaders criticize Mamata Banerjee over trainee doctor's murder. ANI News
- ↑ Kolkata Death Case: उपद्रवियों ने RG Kar मेडिकल कॉलेज में की तोड़फोड़, पुलिस पर किया पथराव, रेप-मर्डर पर भारी बवाल. hindi.moneycontrol.com
- ↑ Bureau, The Hindu. (14 August 2024). Kolkata doctor rape and murder LIVE updates: BJP demands Mamata’s resignation, to hold candlelight rally to her residence. The Hindu
- ↑ Mob Vandalised Kolkata Doctor Rape Murder Case Crime Scene? Cops Respond. NDTV.com
- ↑ Pandey, Swati. (15 August 2024). Bengal Government And Vandalism: IMA’s Take On The Collapse Of Public Order. Newsx
- ↑ (15 August 2024). 9 arrested after mob tries to vandalise crime scene at Kolkata's RG Kar Medical College. Business Today
- ↑ No cover-up by West Bengal govt: Mahua Moitra slams BJP of calling TMC women MPs "Gungi gudiya". ANI News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৪ কলকাতা ধৰ্ষণ আৰু হত্যাৰ ঘটনা” প্ৰবন্ধৰ সংশোধন ৪৩৫৪৫৯ (৫ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।