যৌন সংক্ৰামক ৰোগ হৈছে যৌনতাৰ দ্বাৰা সংক্ৰমন হোৱা একশ্ৰেণীৰ সংক্ৰামক ৰোগ। এনে বেচিভাগ ৰোগৰে কোনো প্ৰাৰম্ভিক লক্ষণ দেখা নাযায়।১ ইয়াৰ ফলত এই ৰোগবোৰ এজনৰ পৰা আন এজনলৈ বিয়পাৰ সম্ভাৱনা বাঢ়ি যায়।২৩ গৰ্ভাৱস্থাত বা তাৰ আগত হোৱা সংক্ৰমণৰ ফলত শিশুৰ জন্মত সমস্যাৰ সৃষ্টি হয়। কিছু ক্ষেত্ৰত গৰ্ভধাৰণ ক্ষমতাতো সমস্যাৰ সৃষ্টি কৰে। প্ৰায় ৩০ প্ৰকাৰতকৈও অধিক বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱীৰ পৰা এনে সংক্ৰমণ হয়। ক্লামিডিয়া সংক্ৰমণ, গনৰিয়া, আৰু চিফিলিছ আদি বেক্টেৰিয়াজনিত সংক্ৰমণ। ভাইৰাছজনিত ৰোগ হৈছে যৌনাংগৰ হাৰপিছ, HIV/AIDS, আদি। ট্ৰাইক'ম'নিয়াছিছ হৈছে পৰজীৱীৰ পৰা হোৱা এনে ৰোগ। সাধাৰণতে যৌন-ক্ৰিয়াৰ ফলত এনে ৰোগৰ বিস্তাৰ হয় যদিও, কিছু ৰোগ তেজ আৰু কলাৰ জৰিয়তে, দুগ্ধ পাণ, বা জন্মৰ দৰে অযৌন প্ৰকাৰেও বিয়পিব পাৰে।১ এই ৰোগবোৰৰ নিৰ্ধাৰণ পদ্ধতি উন্নত দেশবোৰত সুলভ যদিও উন্নয়নশীল দেশসমূহত সহজলভ্য নহয়। যৌন সঞ্চাৰিত ৰোগৰ পৰা হাত হৰাৰ একমাত্ৰ সুৰক্ষিত উপায়টো হৈছে যৌন-ক্ৰিয়াৰ পৰা বিৰত থকা।৪ হেপাটাইটিছ বি আৰু কিছুমান HPV ৰোগৰ বাবে প্ৰতিষেধক ছিটা ব্যৱহাৰ কৰিও প্ৰতিৰোধ কৰিব পাৰি। সঞ্চাৰণ ৰোধ কৰিবৰ বাবে সুৰক্ষিত যৌন ক্ৰিয়া; কনডমৰ ব্যৱহাৰ, সীমিত যৌন সংগী, আৰু কেৱল এজন সংগীৰ সৈতেহে যৌন ক্ৰিয়া কৰা আদিৰ দ্বাৰাও সংক্ৰমণ হ্ৰাস কৰিব পাৰি।১৪ অধিকাংশ STIৰ চিকিৎসা কৰিব পাৰি আৰু আৰোগ্য লাভ কৰিব পাৰি।১ সমীক্ষামতে ২০০৮ চনত প্ৰায় ৫০০ নিযুততকৈও অধিক লোক হয়তো চিফিলিছ, গনৰিয়া, ক্লামিডিয়া অথবা ট্ৰাইক'ম'নিয়াছিছত আক্ৰান্ত বুলি অনুমান কৰা হৈছিল।১ কমেও অতিৰিক্ৰ ৫৩০ নিযুত লোক যৌনাংগৰ হাৰপিছ আৰু ২৯০ নিযুত মহিলা হিউমেন পাপিল্ল'মাভাইৰাছত আক্ৰান্ত বুলি অনুমান কৰা হয়।১
তথ্যসূত্ৰ
- ↑ (November 2013). Sexually transmitted infections (STIs) Fact sheet N°110. who.int
- ↑ Patrick R. Murray, Ken S. Rosenthal, Michael A. Pfaller,. (2013). Medical microbiology. Mosby. পৃ. 418. ISBN 9780323086929
- ↑ Goering, Richard V. (2012). Mims' medical microbiology.. Saunders. পৃ. 245. ISBN 9780723436010
- ↑ (November 5, 2013). How You Can Prevent Sexually Transmitted Diseases. cdc.gov
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌন সংক্ৰামক ৰোগ” প্ৰবন্ধৰ সংশোধন ৫১৯১৩৭ (১৯ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।