অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মানৱ উপস্থ

মানৱ উপস্থ (Human penis) বা গুপ্তাংগ বা লিংগ পুৰুষৰ বাহ্যিক যৌনাংগ। শুক্ৰাণু-নিৰ্গমদ্বাৰ (Intromittent organ), মৈথুনাংগৰ লগতে সাধাৰণভাৱে প্ৰস্ৰাৱ ত্যাগৰ নলী হিচাপে উপস্থ ব্যৱহৃত হয়।

হালনাগাদ: ১০ জুলাই ২০২৫ ৩৮০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মানৱ উপস্থ (Human penis) বা গুপ্তাংগ বা লিংগ পুৰুষৰ বাহ্যিক যৌনাংগ। শুক্ৰাণু-নিৰ্গমদ্বাৰ (Intromittent organ), মৈথুনাংগৰ লগতে সাধাৰণভাৱে প্ৰস্ৰাৱ ত্যাগৰ নলী হিচাপে উপস্থ ব্যৱহৃত হয়। উপস্থৰ মূল অংশকেইটা হ'ল আন্তঃ ভাগ (radix), গা ভাগ (corpus) আৰু আৱৰণী কলা (epithelium) যিহেৰে উপস্থৰ দাণ্ডি (shaft) অংশৰ ছাল আৰু উপস্থৰ সন্মুখ অংশ ঢাক খাই থকা ছাল (foreskin)-ৰ গঠন হয়। উপস্থৰ গা ভাগ তিনি তৰপীয়া কলাৰে নিৰ্মিত, ওপৰৰ ফালে দুই তৰপ corpora cavernosa আৰু দুয়োৰ মাজত তলৰ ফালে corpus spongiosum কলা দেখা যায়। মানৱ উপস্থত লিংগাস্থি (Baculum) নাথাকে, কিন্তু অন্যান্য প্ৰায় সকলো স্তনপায়ী প্ৰাণী আৰু সকলো বন-মানুহৰ উপস্থত এডাল অস্থি বা হাড় থাকে যি ইয়াক স্থায়ী ভাবে কঠিন কৰি ৰাখে।১ পুৰুষৰ ইউৰেথ্ৰা উপস্থৰ মাজেৰে গৈ প্ৰ'ষ্টেত গ্ৰন্থিত বীৰ্যনলীৰ লগতো সংযুক্ত হয় ফলত উপস্থৰ ভিতৰেদি থকা মূত্ৰনলীয়েদি প্ৰস্ৰাৱ আৰু বীৰ্য দুয়োটা প্ৰবাহিত হয়। উপস্থৰ শেষাংশত মূত্ৰনলীৰ খোলা বিন্ধাটোক ম্যেতেচ (meatus) বুলি কোৱা হয় যিহেৰে প্ৰস্ৰাৱ আৰু বীৰ্য দুয়োটা শৰীৰৰ পৰা বাহিৰ হয়।

উপস্থৰ আধাৰ অংশত মূত্ৰনলীৰ লগত কৌপাৰ গ্ৰন্থিদ্বয়ৰ (Bulbourethral gland) পৰা অহা নলীৰো সংযোজন হয় যি নলীৰে যৌন উত্তেজনাৰ সময়ত ক্ষাৰকীয় শ্লেষ্মাৰ প্ৰাক-ক্ষৰণ ঘটে। এই কাৰ্যই মূল মূত্ৰনলীদালৰ ভিতৰ অংশ মসৃণ কৰে আৰু লগতে তাত থাকিব পৰা অৱশিষ্ট আম্লিক প্ৰস্ৰাৱক২ প্ৰশমিত কৰি নলীদাল পৰিষ্কাৰ কৰে যাতে তেনে প্ৰস্ৰাৱে মূল-স্খলনৰ সময়ত ওলাই অহা শুক্ৰাণু (Sperm) সমূহক নষ্ট কৰিব নোৱাৰে।৩

উপস্থৰ অংশসমূহ

উপস্থৰ গঠন

উপস্থৰ গঠন বিভিন্ন সিৰা-উপশিৰা আদিৰে গঠিত।

উপস্থ দণ্ডৰ গঠন
উপস্থ দণ্ডৰ গঠনছবি: Henry Vandyke Carter · Public domain

উপস্থৰ স্তম্ভন

মূল প্ৰবন্ধ: লিংগ স্তম্ভন

লিংগ স্তম্ভন বা লিংগৰ উত্থান বা লিংগ স্ফীতি হৈছে এক শাৰীৰিক পৰিঘটনা য'ত লিংগ দৃঢ়, কঠিন আৰু আকাৰত ডাঙৰ হৈ পৰে। লিংগৰ উত্থন এক মানসিক আৰু শাৰীৰিক অন্তঃস্ৰাৱী কাৰকৰ জটিল আন্তঃক্ৰিয়াৰ ফল, আৰু প্ৰায়ে যৌন প্ৰৰোচন বা যৌন আকৰ্ষণৰ সৈতে সম্পৰ্কিত হয়, যদিও লিংগৰ উত্থান স্বতঃস্ফূৰ্ত হ'ব পাৰে। যেনে ৰাতি শুই থকাৰ সময়ত কেইবাবাৰো আপোনা-আপুনিকৈ লিংগৰ উত্থান ঘটে। যৌন প্ৰৰোচনৰ ফলত লিংগলৈ প্ৰৱাহিত হোৱা ৰক্তৰ বাবে লিংগৰ আকাৰ দৈঘ্য বাঢ়ি যায়। টোপনিৰ সময়ত বা পুৱা শুই উঠাৰ সময়ত লিঙ্গটো কঠিন হৈ পৰিব পাৰে ইয়াক এনপিটি (Nocturnal penile tumescence) বুলি কোৱা হয়।৪

প্ৰত্যেক মানুহৰ ক্ষেত্ৰত স্তম্ভিত লিংগৰ আকৃতি, কোণ আৰু দিশ ইত্যাদি ভিন্ন ভিন্ন হ'ব পাৰে। লিংগৰ আকাৰ উত্থানৰ সময়ত দুগুণ বা তিনি গুন বৃদ্ধি হ'ব পাৰে। শিথিল লিংগৰ দৈৰ্ঘ্যৰ পৰা এইটো অনুমান কৰিব পৰা নাযায় যে কঠিন অৱস্থাত ইয়াৰ প্ৰকৃত দৈঘ্য কিমান হ'ব পাৰে। কিছুমান সৰু শিথিল লিংগ কঠিন অৱস্থাত বহু দীঘল হয়, আনহাতে কিছুমান দীঘল শিথিল লিংগ তুলনামূলকভাৱে কম বিকশিত হয়। ৫

সংস্কৃতিত লিংগ

সংস্কৃতিত লিংগ সম্পৰ্কীয় ধাৰণা ভিন্ন। হাও-শপনিৰ পৰা লিংগ পূজালৈকে বিভিন্ন ক্ৰিয়াকাণ্ডত লিংগৰ উল্লখ পোৱা যায়।৬

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.innerbody.com/image_repmov/repo16-new2.html
  3. ↑ আৰ্কাইভ কপি
  4. ↑ Listen To Your Hormones, Abraham Harvey Kryger - 2004. p.32
  5. ↑ Janell L. Carroll. (29 January 2009). Sexuality Now: Embracing Diversity: Embracing Diversity. Cengage Learning. পৃ. 149. ISBN 978-0-495-60274-3
  6. ↑ Wanderlust: Penis worship in Bhutan, www.pri.org/stories/2011-01-04/wanderlust-penis-

সম্পৰ্কিত শ্ৰেণী

শৰীৰতত্ত্বমানৱ বিজ্ঞানমানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ উপস্থ” প্ৰবন্ধৰ সংশোধন ৫২৩০৯৯ (১০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।