অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বিপৰীতকামিতা

বিপৰীতকামিতা (Heterosexuality) বুলিলে বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে বিপৰীতকামিতা বুলিলে মূলত বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৩ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

বিপৰীতকামিতা (Heterosexuality) বুলিলে বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে বিপৰীতকামিতা বুলিলে মূলত বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু পৰস্পৰ বিপৰীত জাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়।১২

বিপৰীতকামিতা বা বিপৰীতকামী শব্দটো সাধাৰণতে মানব প্ৰজাতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হলেও বাস্তৱিকতে ই সকলো স্তন্যপায়ী প্ৰাণীৰ মাজত দেখা পোৱা যায়। গঠনগত বা শব্দতত্ত্বীয়ভাবে বিপৰীতকামিতা আৰু বিষমকামিতা শব্দদুটা বিপৰীত (ভিন্ন) আৰু বিষম (সমান নহয় এনে) শব্দ দুটাৰ পৰা আহিছে, যাৰ সৈতে কামিতা (যৌনতা) শব্দটো যুক্ত হৈ শব্দটো গঠিত হৈছে।

তথ্যসূত্ৰ

  1. ↑ (August 10, 2013). Sexual orientation, homosexuality and bisexuality. American Psychological Association
  2. ↑ (2013-10-11). APA California Amicus Brief. Courtinfo.ca.gov

সম্পৰ্কিত শ্ৰেণী

যৌন অভিমুখিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিপৰীতকামিতা” প্ৰবন্ধৰ সংশোধন ৩৫৫৩১৫ (২৩ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।