টম ডেলি (Tom Daley; সম্পূৰ্ণ নাম: থমাছ ৰবাৰ্ট ডেলি; Thomas Robert Daley; জন্ম ২১ মে ১৯৯৪)১ এজন ব্ৰিটিছ ডাইভাৰ আৰু টেলিভিছন ব্যক্তিত্ব। ডেলি এজন অলিম্পিক স্বৰ্ণ পদক বিজয়ী ব্যক্তিত্ব। তেওঁ ১০ মিটাৰ ডাইভিং শাখাৰ খেলুৱৈ আৰু উক্ত শাখাত তেওঁ দুবাৰকৈ বিশ্ব চেম্পিয়ন; তেওঁ ১৫ বছৰ বয়সত ২০০৯ চনৰ ফিনা বিশ্ব চেম্পিয়নশ্বিপৰ একক শাখাত জয় লাভ কৰিছিল, ২০১৭ চনত পুনৰ এই শাখাত পদক প্ৰাপ্ত কৰাৰ পূৰ্বে ডেলি ২০১২ আৰু ২০১৬ চনৰ অলিম্পিক ব্ৰঞ্জ পদক বিজয়ী।
ডেলিয়ে চিংক্ৰোনাইজ আৰু দলীয় প্ৰতিযোগিতাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই। ২০১৫ চনত, তেওঁ উদ্বোধনী মিক্সড টিমৰ বিশ্ব খিতাপলৈ ৰেবেকা গেলেণ্ট্ৰীৰ সৈতে অংশগ্ৰহণ কৰিছিল, আনহাতে ২০১৬ চনৰ অলিম্পিকত তেওঁ পুৰুষৰ চিংক্ৰোনাইজ ১০ মিটাৰ শাখাত ডেনিয়েল গুডফেলোৰ সৈতে দ্বিতীয়টো ব্ৰঞ্জ পদক লাভ কৰিছিল, ২০১৭ চনত, তেওঁ যৌথ ৩ মিটাৰ স্প্ৰিংবৰ্ড চিংক্ৰোনাইজড শাখাত গ্ৰেছ ৰিডৰ সৈতে ৰূপৰ পদক লাভ কৰিছিল।
তেওঁ সাত বছৰ বয়সত ডাইভিং আৰম্ভ কৰিছিল আৰু প্লাইমাউথ ডাইভিং ক্লাৱৰ সদস্য হৈছিল, য'ত তেওঁৰ প্ৰতিভাক সোনকালেই চিনাক্ত কৰা হয়, আৰু ৯ বছৰ বয়সৰ পৰাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ডেলিয়ে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে। তেওঁ ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত গ্ৰেট ব্ৰিটেইনক প্ৰতিনিধিত্ব কৰিছিল য'ত তেওঁ ব্ৰিটেইনৰ আটাইতকৈ কম বয়সৰ প্ৰতিযোগী আছিল। ১৪ বছৰ বয়সৰে ফাইনেলত অংশগ্ৰহণ কৰা যিকোনো দেশৰ প্ৰতিযোগীৰ মাজত তেওঁ আছিল কনিষ্ঠতম।২ তেওঁ ২০১০ চনৰ কমনৱেলথ গেমছত ইংলেণ্ডৰ হৈ ১০ মিটাৰ চিনক্ৰ ডাইভিং (মেক্স ব্ৰিকৰ সৈতে) আৰু ১০ মিটাৰ একক প্লেটফৰ্ম প্ৰতিযোগিতাত, দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়,৩ তাৰ পিছত তেওঁ ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত একক শাখাত গ্ৰেট ব্ৰিটেইনৰ হৈ ব্ৰঞ্জৰ পদক জিকিছিল।
২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ পিছতে টেলিভিছন নেটৱৰ্ক আইটিভিয়ে তেওঁলোকৰ নতুন চেলিব্ৰিটি ডাইভিং ৰিয়েলিটি টিভি শ্ব' স্প্ল্যাছত ভূমিকা ল'বলৈ ডেলিৰ কাষ চাপিছিল!। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা চেলিব্ৰেটি প্ৰতিযোগীসকলৰ পৰামৰ্শদাতা হিচাপে ৫ জানুৱাৰী ২০১৩ তাৰিখে শ্ব'টোৰ প্ৰিমিয়াৰত ডেলীয়ে আত্মপ্ৰকাশ কৰিছিল।৪
২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত, ডেলি আৰু ডেনিয়েল গুডফেলোৱে পুৰুষৰ চিংক্ৰ ১০ মিটাৰ প্লেটফৰ্মত ব্ৰঞ্জৰ পদক লাভকৰিবলৈ সক্ষম হয়। ২০২১ চনত টকিঅ'ত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ২০২০ত ডেলীয়ে তেওঁৰ সংগী মেটি লীৰ সৈতে স্বৰ্ণ পদক লাভ কৰে। পুৰুষৰ চিংক্ৰ ১০ মিটাৰ প্লেটফৰ্মত, চীনা প্ৰতিযোগীসকলতকৈ ১.২৩ পইণ্টত ডেলি আৰু মেটিয়ে জয়লাভ কৰিছিল, তেওঁলোকৰ সামগ্ৰিক স্ক'ৰ আছিল ৪৭১.৮১।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
ডেলিৰ জন্ম হৈছিল ইংলেণ্ডৰ ডেভনৰ প্লাইমাউথত। তেওঁ ডেবি আৰু ৰবাৰ্ট ডেলিৰ পুত্ৰ।৫৬ তেওঁৰ দুই ভাতৃ উইলিয়াম আৰু বেন টমতকৈ ক্ৰমে তিনি আৰু পাঁচ বছৰ সৰু।৭ ডেলিৰ ১৭ তম জন্মদিনৰ কেইদিনমানপিছত ২০১১ চনৰ ২৭ মে তাৰিখে তেওঁলোকৰ দেউতাক ৰবাৰ্টৰ ৪০ বছৰ বয়সত ব্ৰেইন টিউমাৰৰ ফলত মৃত্যু হয়।৮ তেওঁৰ প্ৰাৰম্ভিক ডাইভিং নায়ক আছিল ১৯৯৮ চনৰ কমনৱেলথ গেমছত ১৩, বছৰ বয়সত স্বৰ্ণ জয় কৰা কানাডিয়ান ডাইভাৰ আলেকজেণ্ডাৰ ডেস্পাটি৯ আৰু ব্ৰিটিছ ডাইভাৰ লিয়ন টেইলৰ। পিছলৈ লিয়নে তেওঁক ডাইভিং সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছিল।১০
১১ বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে তেওঁ এগবাকলেণ্ড কমিউনিটি কলেজত অধ্যয়ন কৰিছিল।১১ ১৩ বছৰ বয়সত তেওঁ শিশুৰ বাবে পৰিচালিত হেল্পলাইন সংস্থা 'এনএছপিচিচি'ৰ চেলিব্ৰিটি সমৰ্থক হৈ পৰে, আৰু সেই সময়ত প্ৰকাশ পায় যে ওঠৰ মাহ পূৰ্বে ডেলি উৎপীড়নৰ স্বীকাৰ হৈছিল।১২ ২০০৯ চনৰ এপ্ৰিল মাহত ডেলিয়ে প্লাইমাউথৰ মুখ্য স্থানীয় বাতৰি কাকত দ্য হেৰাল্ডৰ ওচৰত অভিযোগ কৰে যে অলিম্পিকৰ পিছৰে পৰা তেওঁক বিদ্যালয়ত উৎপীড়ন কৰা হৈছিল,১৩ আৰু তেওঁৰ দেউতাকে বিবিচিক জনোৱামতে তেওঁ অস্থায়ীভাৱে পুত্ৰ ডেলিক সেই বিদ্যালয়ৰ পৰা প্ৰত্যাহাৰ কৰিছিল কাৰণ ডেলিৰ সমস্যাটোৰ প্ৰতি বিদ্যালয়খনৰ সঁহাৰি কাৰ্যকৰী নাছিল।১৪ ডেলিয়ে তেওঁৰ সমস্যাৰ বিষয়ে কোৱাৰ বাবে সংবাদ মাধ্যমত প্ৰশংসিত হয়।১৫১৬ ২০১২ চনত ডেলিয়ে গণিত, স্পেনিছ আৰু ফটোগ্ৰাফীত তেওঁৰ দুবছৰীয়া এ-পৰ্যায়ৰ অধ্যয়ন সমাপ্ত কৰে।১৭
ব্যক্তিগত জীৱন

ডেলিয়ে ২৩ আগষ্ট ২০১০ ত এটা ইউটিউব চেনেল সৃষ্টি কৰিছিল। তেওঁৰ চেনেলটোৱে বিভিন্ন বিষয় যেনে দৈনন্দিন, ব্যায়াম আৰু খাদ্য আদিক সামৰি লয়। জুলাই ২০২১ লৈকে, ডেলিৰ ১৩০ নিযুতৰো অধিক দৰ্শনৰ সৈতে ৯৩৬,০০০ ৰো অধিক গ্ৰাহক আছে।১৮ ২০১৩ চনৰ ২ ডিচেম্বৰত ডেলিয়ে এটা ইউটিউব ভিডিঅ' মুকলি কৰি ঘোষণা কৰে যে সেই বছৰৰ আৰম্ভণিৰ পৰাই তেওঁ এজন পুৰুষৰ সৈতে সম্পৰ্কত আছিল। তেওঁ কৈছিল: "মই ইয়াৰ পূৰ্বে কেতিয়াও ইমান সুখী হোৱা নাই"১৯২০ ডেলিয়ে কৈছিল যে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে কোৱাটো এটা কঠিন সিদ্ধান্ত আছিল। তেওঁ কৈছিল: "মই ইয়াৰ আগতে কেতিয়াও প্ৰেমৰ অনুভূতি অনুভৱ কৰা নাছিলো, এয়া হঠাতে ঘটি গৈছিল, মই ইয়াৰ দ্বাৰা সম্পূৰ্ণৰূপে অভিভূত হৈছিলোঁ যে মই তেওঁক সকলো সময়তে মোৰ মূৰৰ পৰা উলিয়াব নোৱাৰো। "২১ তেওঁৰ দাম্পত্য সংগী হৈছে আমেৰিকান অস্কাৰ বিজয়ী চলচ্চিত্ৰ চিত্ৰনাট্যকাৰ, পৰিচালক আৰু প্ৰযোজক ডাষ্টিন লেন্স ব্লেক।২২
ভিডিঅ'টোত, তেওঁ "সমকামিতা" বা "উভকামী" আদি শব্দবোৰৰ ব্যৱহাৰ কৰা নাছিল। তেওঁ কৈছিল "অৱশ্যে মই এতিয়াও ছোৱালীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰোঁ। " ২০১৫ চনৰ জুলাই মাহত দ্য গাৰ্ডিয়ানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁৰ যৌন অভিমুখীতাৰ বিষয়ে সোধাত ডেলিয়ে এইদৰে কৈছিল: "মই ইয়াৰ কোনোটোতে নিৰ্দিষ্টকৈ লেবেল লগোৱা নাই কিয়নো এই মুহূৰ্তত মই এজন ল'ৰাৰ সৈতে সম্পৰ্কত আছোঁ, কিন্তু এতিয়াও ছোৱালীৰ প্ৰতি মোৰ যৌন অনুভূতি আছে। "২৩
বঁটা আৰু সন্মান
| বৰ্ষ | বঁটা প্ৰদান সংস্থা | শিতান | ফলাফল |
|---|---|---|---|
| ২০০৬ | বিবিচি স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | বিবিচি ইয়ং স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | নিৰ্বাচিত |
| ২০০৭ | rowspan="2" | ||
| দ্য হেৰেল্ড বঁটা | স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ |- | ২০০৮ | rowspan="3"| বিবিচি স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | বিবিচি ইয়ং স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | নিৰ্বাচিত |- | rowspan="4"| ২০০৯ | বিবিচি স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ |- | বিবিচি ইয়ং স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | rowspan="4" |- | দ্য ডেইলি টেলিগ্ৰাফ/এভিভা স্কুল স্পৰ্টচ মেটাৰ্ছ বঁটা | ষ্টুডেণ্ট অফ দ্য ইয়েৰ (পুৰুষ) |- |দ্য হেৰেল্ড বঁটা | স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | ||
| ২০১০ | বিবিচি ৰেডিঅ' টিন বঁটা | বেষ্ট স্পৰ্টচ ষ্টাৰ | |
| বিবিচি স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | বিবিচি স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | নিৰ্বাচিত | |
| বিবিচি ইয়ং স্পৰ্টচ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | |||
| ল'ৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ড | ব্ৰেকথ্ৰু অফ দ্য ইয়েৰ | নিৰ্বাচিত | |
| ২০১১ | বিবিচি ৰেডিঅ' ১'ছ টিন এৱাৰ্ডছ | শ্ৰেষ্ঠ যুৱ তাৰকা খেলুৱৈ | rowspan="7" |
| ২০১৩ | বেষ্ট ব্ৰিটিছ স্পৰ্টচ ষ্টাৰ | ||
| মে'ল হটি অফ দ্য ইয়েৰ | |||
| দ্য হেৰাল্ড এৱাৰ্ডছ | স্পৰ্টছ পাৰ্চনেলিটি অফ দ্য ইয়েৰ | ||
| ২০১৩ | নিকল'ডিয়েন ইউকে কিডছ চইছ এৱাৰ্ডছ | জনপ্ৰিয় ইউকে ক্ৰীড়া তাৰকা | |
| ২০১৪ | এটিটিউড(আলোচনী) বঁটা | মেন অফ দ্য ইয়েৰ২৪ | |
| ২০১৭ | ব্ৰিটিছ এলজিবিটি বঁটা | স্বাধীন ইনফ্লুৱেনচাৰ বঁটা২৫ (ডাষ্টিন লেন্স ব্লেকৰ সৈতে যৌথ ভাৱে) |
বাহ্যিক সংযোগ
- Plymouth Diving Club profile
- "Diver Daley Wins BBC Young Sports Personality 2007" – British Olympic Association
- "Tom Daley", number 63 on Time's list of "100 Olympic Athletes To Watch"
- Students interview Tom Daley
তথ্যসূত্ৰ
- ↑ Tom Daley. Team GB
- ↑ (22 August 2008). Beijing 2008 official site, Competition Information, Athletes and Teams
- ↑ (12 October 2010). Delhi 2010: Tom Daley and Max Brick win diving gold. BBC News
- ↑ Sweney, Mark. (7 January 2013). Tom Daley proves he's chairman of the board with solid debut for Splash!. The Guardian
- ↑ Ben Quinn. (28 May 2011). Tom Daley's father dies of cancer. The Guardian
- ↑ Team Daley cheer on Tom. Plymouth Herald
- ↑ (8 June 2011). Tom Daley mourns father Rob at funeral in Plymouth. BBC News
- ↑ (28 May 2011). Tom Daley's father Rob loses battle with cancer. BBC Sport
- ↑ Reason, Mark. (9 August 2008). Tom Daley should not be in Beijing Olympics. The Daily Telegraph
- ↑ (20 June 2012). Leon Taylor: mentoring the Olympians of the future. The Daily Telegraph
- ↑ (3 September 2008). tom daley olympic hero goes back to school, Eggbuckland Community College in Plymouth, Devon. This is Bristol
- ↑ (2008). 13 Year old British Olympian pledges support for the NSPCC. nspcc.org.uk. NSPCC
- ↑ (23 April 2009). Star Tom Daley taunted by playground bullies. Plymouth Herald
- ↑ (23 April 2009). Dive star Daley bullied at school. BBC News
- ↑ (25 April 2009). Charity backs bullied Tom Daley. CBBC Newsround. BBC
- ↑ Shân Ross. (24 April 2009). An Olympic hero aged just 14 – but bullies make his life hell. The Scotsman. Johnston Press Digital Publishing
- ↑ Aitkenhead, Decca. (October 2010). Tom Daley: Man and boy. The Guardian
- ↑ Tom Daley. YouTube
- ↑ (2 December 2013). Olympic diving star Tom Daley Daley reveals relationship with man. BBC News
- ↑ (2013). Tom Daley: Something I want to say... Tom Daley
- ↑ (5 December 2013). Olympic diver Tom Daley reveals it was 'love at first sight' when he met partner. ITV News
- ↑ Respers France, Lisa. (2 October 2015). Tom Daley engaged to Dustin Lance Black. CNN
- ↑ Simon Hattenstone. (18 July 2015). Tom Daley: 'I always knew I was attracted to guys'. The Guardian
- ↑ (15 October 2014). Watch Tom Daley accept Attitude's Man of the Year Award. Attitude
- ↑ (12 May 2017). British LGBT awards 2017: Caitlyn Jenner, Prince William and Tom Daley all pick up prizes. The Independent
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টম ডেলি” প্ৰবন্ধৰ সংশোধন ৬৩৭১৮৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।