পৰ্ণগ্ৰাফি (Pornography; সংক্ষেপে "পৰ্ণ"; Porn) যৌন আবেগ সৃষ্টিৰ উদ্দেশ্যে যৌনসংক্ৰান্ত বিষয়বস্তুৰ প্ৰতিকৃতি অঙ্কন বা পুঙ্খানুপুঙ্খ বৰ্ণনা।১ পৰ্ণগ্ৰাফি শব্দটি গ্ৰীক শব্দ "পৰনোগ্ৰাফিয়া"ৰ পৰা আহিছে। পৰ্ণগ্ৰাফি বিভিন্ন মাধ্যমৰ দ্বাৰা উপস্থাপন কৰা হয়, এই সমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আলোচনী, এনিমেছন, লেখা, চলচ্চিত্ৰ, ভিডিঅ', ছবি, শব্দ ৰেকৰ্ডিং, ভিডিঅ' গেম ইত্যাদি। এই শব্দটোৱে 'লাইভ' পৰিদৰ্শন যেন 'যৌন অনুষ্ঠান' আদিক নুবুজায়। বৰ্তমানৰ পৰ্ণগ্ৰাফিৰ প্ৰাথমিক বিষয় হৈছে পৰ্ণ মডেল সকলৰ দ্বাৰা স্থিৰ চিত্ৰ আৰু যৌন কাৰ্যৰ চিত্ৰণ।
সমাজৰ বিভিন্ন গোটে বিভিন্ন মাধ্যমেৰে যৌন আচৰণৰ মুক্ত প্ৰদৰ্শনক, অনৈতিক, নিচা যুক্ত, আৰু ক্ষতিকাৰক বুলি যুক্তি দৰ্শাইছে আৰু তেওঁলোকে এই সমূহক অশিষ্টআইনৰ অধীনত দমন কৰা, চেন্সৰ কৰা বা অবৈধ ঘোষণা কৰাৰ বিষয়ে বিবেচনা কৰিছে। পৰ্ণগ্ৰাফৰ সংজ্ঞাও বিভিন্ন ঐতিহাসিক, সাংস্কৃতিক আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পৃথক পৃথক ভাৱে বৰ্ণনা কৰা আছে।
যৌনতাৰ আলোচনা আৰু উপস্থাপনৰ প্ৰতি সামাজিক মনোভাৱ পশ্চিমীয়া দেশবোৰত অধিক সহনশীল হৈ উঠিছে, আৰু অশ্লীলতাৰ আইনী সংজ্ঞা সীমিত হৈ পৰিছে। ১৯৬৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত মুক্তি' প্ৰাপ্ত এণ্ডী ৱাৰহলৰ প্ৰথমখন প্ৰাপ্ত বয়স্ক চলচ্চিত্ৰ 'ব্লু মোভি'ৰে আৰম্ভ হৈছিল পৰ্ণগ্ৰাফিৰ সোণালী সময় (১৯৬৯–১৯৮৪) য'ত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ পৰ্ণগ্ৰাফ চিনেমাসমূহ মূল সংস্কৃতিৰ অংশ হৈ পৰে।
বিংশ শতিকাৰ শেষৰভাগত পৰ্ণগ্ৰাফৰ উৎপাদন আৰু ব্যৱহাৰৰ দ্বাৰা এক বৰ্ধিত উদ্যোগ বিকশিত হৈ উঠিছিল। ইণ্টাৰনেটত ঘৰুৱা পৰ্ণ ভিডিঅ' আৰু পৰিকল্পিত পৰ্ণ চিত্ৰনে সমগ্ৰ পৃথিৱীৰ পৰ্ণ উদ্যোগটোত এক প্ৰবল তাণ্ডৱ সৃষ্টিৰে কোটি কোটি ডলাৰ উপাৰ্জন কৰে।২ কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে বাণিজ্যিকীকৰণ কৰা পৰ্ণগ্ৰাফৰ দ্বাৰা হোৱা উপাৰ্জন হৈছে ২.৫ বিলিয়ন আমেৰিকান ডলাৰ, যাৰ ভিতৰত আছে বিভিন্ন মাধ্যম আৰু সংশ্লিষ্ট সামগ্ৰী আৰু সেৱাৰ উৎপাদন। বৰ্তমানৰ আমেৰিকান পৰ্ণ উদ্যোগটো ১০-১২ বিলিয়ন ডলাৰৰ ভিতৰত আছে।৩ ২০০৬ চনত বিশ্ব পৰ্ণগ্ৰাফ ৰাজহ আছিল ৯৭ বিলিয়ন ডলাৰ।৪ এই উদ্যোগটোৱে সহস্ৰাধিক প্ৰদৰ্শনকাৰীক আৰ্থিক সমৰ্থন কৰাৰ লগতে আৰু ইয়াৰ উৎপাদন কৰ্মচাৰী, কলা-কুশলী সকলকো উপাৰ্জনৰ বাট দিয়ে। ইয়াৰ সৈতে উৎসৰ্গিত উদ্যোগ প্ৰকাশন আৰু বাণিজ্য গোট, এৱাৰ্ড শ্ব', লগতে প্ৰেছ, ব্যক্তিগত সংগঠন, চৰকাৰী সংস্থা, আৰু ৰাজনৈতিক সংগঠনো জড়িত আছে।৫ একবিংশ শতিকাত সন্মতিবিহীন সংগমৰ বিষয়বস্তু সম্বলিত ভিডিঅ' আৰু চাইবাৰছেক্স ট্ৰেফিকিঙকো জনপ্ৰিয় পৰ্ণ'গ্ৰাফিক ছাইটসমূহত তুলি ধৰা হৈছে।৬৭৮৯
ইতিহাস
ব্যুৎপত্তি
পৰ্ণগ্ৰাফি শব্দটো প্ৰাচীন গ্ৰীক শব্দ πόρνη (pórne বা "বেশ্যা") আৰু πρνεα (porneía অৰ্থাৎ "পতিতাবৃত্তি") আৰু γράφειν (gráphein অৰ্থাৎ "লিখিবলৈ বা ৰেকৰ্ড কৰিবলৈ") ৰ পৰা সৃষ্টি হৈছে।১০
১৮০০ খ্ৰীষ্টাব্দত ফৰাচী ভাষাত "পৰ্ণগ্ৰাফি" শব্দটোৰ ব্যৱহাৰ কৰা হৈছিল। শব্দটো ১৮৫৭ লৈকে চিনাকি শব্দ হিচাপে বা ফৰাচী আমদানি হিচাপে ইংৰাজী ভাষাত প্ৰৱেশ কৰা নাছিল।১১১২ এই শব্দটো ধ্ৰুপদী পণ্ডিত সকলৰ দ্বাৰা "বেশ্যা" শব্দৰ লিখিত ৰূপ হিচাপে চিনাকি কৰোৱা হয়।১৩ কিন্তু এই শব্দৰ দ্বাৰা "কলা আৰু সাহিত্যৰ যিকোনো অপত্তিজনক বা অশ্লীল বিষয়"ক বুজোৱা হয় বুলি বহুল ভাৱে প্ৰসাৰিত হৈ পৰে।১৩ ১৮৬৪ চনৰ আৰম্ভণিতে ৱেবষ্টাৰ অভিধানত শব্দটোৰ অৰ্থ "লিচেণ্টিৱাছ পেইণ্টিং" বুলি বিৱৰণ দিয়া হৈছিল।১৩ আন এক শব্দ "ইৰ'টিকা"ক "পৰ্ণগ্ৰাফ"ৰ প্ৰতিশব্দ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰাচীন গ্ৰীক বিশেষণ ἐρωτικός (erōtikós), ἔρως (érōs) ৰ পৰা লোৱা হৈছে আৰু ইয়াত অৰ্থ হ'ল যৌন আকাংক্ষা বা যৌন বাসনা তথা যৌন প্ৰেম।১৩
ভাগ
পৰ্ণগ্ৰাফক সাধাৰণতে ছফ্টকোৰ বা হাৰ্ডকোৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। যদি এখন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰত কোনো উগ্ৰ সমল থাকে সেয়া লাগিলে যিমান সৰু নহওক, তেন্তে সেয়া হাৰ্ডকোৰ পৰ্ণগ্ৰাফি বুলি ধৰা হয়। দুয়োপ্ৰকাৰৰ পৰ্ণগ্ৰাফতেই লগ্নতা প্ৰধান সমল। ছফ্টকোৰ পৰ্ণগ্ৰাফীত সাধাৰণতে সম্পূৰ্ণ বা আংশিক ভাৱে নগ্ন দৃশ্য থাকিব পাৰে। কিন্তু স্পষ্ট যৌন কাৰ্যকলাপ, অত্যাধিক ফেটিজিম অবিহনে এই সমূহৰ দৃশ্য গ্ৰহণ কৰা হয়।১৪ আনহাতে হাৰ্ডকোৰ পৰ্ণগ্ৰাফীত গ্ৰাফিক যৌন কাৰ্যকলাপ আৰু স্পষ্টভাৱে দৃশ্যমানহোৱা যৌন কাৰ্যকলাপৰ দৃশ্য থাকে,১৫ যাৰ ভিতৰত আছে উদ্দীপক যৌন দৃশ্য।
পৰ্ণগ্ৰাফত বিভিন্ন প্ৰকাৰৰ ধাৰা আছে। সাধাৰণতে বিপৰীতকামী পৰ্ণগ্ৰাফিক অনুষ্ঠান বোৰেই বেছিপৰিমাণৰ পৰ্ণগ্ৰাফি ৰচনা কৰে আৰু ই "কেন্দ্ৰিক আৰু অদৃশ্য", যি উদ্যোগটোক 'হেটৰোনৰ্মেটিভ' হিচাপে চিহ্নিত কৰে। অৱশ্যে, পৰ্ণগ্ৰাফিৰ এক বৃহৎ অংশত মানৱীয়তাৰ অভাৱ দেখা জয়। যি সমূহ দৃশ্য অধিক অপাৰম্পৰিক প্ৰকাৰৰ দৃশ্যপট আৰু যৌন কাৰ্যকলাপ যেনে "ফেট পৰ্ণ, অপেছাদাৰী পৰ্ণ, ডিচএবল পৰ্ণ, মহিলাৰ দ্বাৰা প্ৰস্তুত কৰা পৰ্ণ, কুইয়াৰ পৰ্ণ, বি.ডি.এছ.এম. আৰু বডী মডিফিকেশ্যন।১৬
পৰ্ণগ্ৰাফি সমূহ সাধাৰণতে অভিনেতাৰ দৈহিক বৈশিষ্ট্য, ফেটিচ, যৌন অভিমুখিতা তথা দৃশ্যমান যৌন কাৰ্যকলাপৰ ধৰণ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ভাগত ভাগ কৰিব পাৰি। পৰ্ণগ্ৰাফিৰ কিছুমান ধৰা হৈছে:

- অল্টাৰ্নেটিভ বা বিকল্প পৰ্ণ
- অপেছাদাৰী পৰ্ণগ্ৰাফি
- বণ্ডেজ পৰ্ণগ্ৰাফি
- এথনিক পৰ্ণগ্ৰাফি
- ফেটিজিম
- দলীয় পৰ্ণ
- বাস্তৱিক পৰ্ণ
- পৰ্ণ পেৰডি
- যৌন অভিমুখিতাৰ ওপৰত নিৰ্ভৰ কৰি-
- বিপৰীতকামী পৰ্ণ
- গে পৰ্ণ
- লেচবিয়ান পৰ্ণ
- উভয়কামী পৰ্ণ
- ৰূপান্তৰকামী পৰ্ণ
ব্যৱসায়
অৰ্থনীতি
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাপ্তবয়স্কৰ উদ্যোগটোৰ ৰাজহ নিৰ্ধাৰণ কৰা কঠিন। ১৯৭০ চনত, এক ফেডাৰেল অধ্যয়নে অনুমান কৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত হাৰ্ডকোৰ পৰ্ণগ্ৰাফিৰ মুঠ খুচুৰা মূল্য ১০ মিলিয়ন ডলাৰতকৈ অধিক নাছিল।১৭ ১৯৯৮ চনত, ফৰেষ্টাৰ ৰিচাৰ্চে প্ৰকাশ কৰা এক আবেদনত উল্লেখ আছিল যে, যুক্তৰাষ্ট্ৰৰ এই উদ্যোগটোৱে বাৰ্ষিক ৰাজহত প্ৰায় ৭৫০ মিলিয়ন ডলাৰৰ পৰা ১ বিলিয়ন ডলাৰলৈকে অৱদান আগবঢ়াই। ২০০১ চনত কৰা অধ্যয়নে এই ৰাজহৰ পৰিমাণ মুঠ ২.৬ বিলিয়ন ডলাৰৰ পৰা ৩.৯ বিলিয়ন ডলাৰৰ ভিতৰত ৰাখিছে।১৮
২০১৪ চনলৈকে, পৰ্ণ উদ্যোগটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰত বাৰ্ষিক ভিত্তিত ১৩ বিলিয়ন ডলাৰতকৈ অধিক ব্যৱসায় কৰিছিল বুলি বিশ্বাস কৰা হৈছিল।১৯ চি.এন.বি.চি.ৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্ণ উদ্যোগটো ১৩ বিলিয়ন ডলাৰৰ এক উদ্যোগ আছিল, য'ত প্ৰতি ছেকেণ্ডত পৰ্ণৰ ওপৰত ৩, ০৭৫ ডলাৰ খৰচ কৰা হৈছিল আৰু প্ৰতি ৩৯ মিনিটত এটা নতুন পৰ্ণ ভিডিঅ' প্ৰস্তুত কৰা হৈছিল।২০
কেলিফৰ্ণিয়াৰ চেন ফাৰ্ণাণ্ডো অঞ্চলটো ১৯৭০ চনৰ পৰা প্ৰাপ্তবয়স্ক ছবি প্ৰস্তুত কৰাৰ বাবে এক উল্লেখযোগ্য অঞ্চল হৈ আছিল আৰু বৰ্তমানো এই অঞ্চলটো পৰ্ণগ্ৰাফৰ উৎপাদন আৰু বিতৰণত জড়িত বিভিন্ন মডেল, অভিনেতা/অভিনেত্ৰী, প্ৰডাকচন কোম্পানী আদিৰ অফিচ বা আৱাসস্থলী হৈ আছে।
প্ৰযুক্তি
পৰ্ণগ্ৰাফাৰসকলে দৃশ্যমান ছবিৰ উৎপাদন আৰু বিতৰণত প্ৰতিটো প্ৰযুক্তিগত বিকাশৰ সুবিধা গ্ৰহণ কৰিছে। প্ৰিণ্টিং প্ৰেছৰ পৰা প্ৰযুক্তিৰ বিকাশত, ফটোগ্ৰাফী (স্থিৰ আৰু গতিশীল), উপগ্ৰহ, ঘৰুৱা ভিডিঅ', অন্যান্য প্ৰকাৰৰ ভিডিঅ' আৰু ইণ্টাৰনেট পৰ্ণগ্ৰাফীৰ এক সেৱা বল বুলি গণ্য কৰা হয়।২১
ক্ষুদ্ৰ কেমেৰা আৰু তাঁৰবিহীন সঁজুলিৰ বাণিজ্যিক উপলব্ধতাৰ ফলস্বৰূপে গুপ্ত পৰ্ণগ্ৰাফিৰ প্ৰচলনে দৰ্শক গোটাব পৰিছে।২২২৩ ফটোগ্ৰাফ বা ভিডিঅ' প্ৰস্তুত কৰিবলৈ ম'বাইল কেমেৰা ব্যৱহাৰ কৰা হয়, আৰু এমএমএছ হিচাপে আন্তঃজাল জগতত মুকলি কৰি দিয়া হয়, যাক 'চেক্সটিং' বুলি কোৱা হয়।
কম্পিউটাৰৰ দ্বাৰা নিৰ্মিত ছবি

ডিজিটেল পৰিবৰ্তনৰ বাবে প্ৰথমে ফটোগ্ৰাফক মূল উৎস হিচাপে ব্যৱহাৰৰ প্ৰয়োজন আছিল, কিন্তু মানৱ অভিনেতা অবিহনেও কম্পিউটাৰত ডিজিটেল মাধ্যমেৰে কিছুমান পৰ্ণগ্ৰাফি প্ৰস্তুত কৰাটো সম্ভৱ। সম্পূৰ্ণৰূপে কম্পিউটাৰৰ দ্বাৰা সৃষ্টি কৰা পৰ্ণগ্ৰাফিৰ বাবে কম্পিউটাৰ গ্ৰাফিক্স আৰু 3ডি ৰেণ্ডেৰিঙ প্ৰয়োগৰ ধৰণটো যথেষ্ট পুৰণা। প্ৰযুক্তিৰ অধিক অগ্ৰসৰতাই ক্ৰমান্বিতভাৱে ফটোবাস্তৱিক 3D আৰ্হিবোৰ ইণ্টাৰেক্টিভ পৰ্ণগ্ৰাফত ব্যৱহাৰ কৰাটো অধিক সহজ কৰি তুলিছে।২৪২৫২৬
১৯৯০ চনৰ শেষলৈকে ডিজিটেলভাৱে প্ৰস্তুত কৰা পৰ্ণগ্ৰাফিয়ে ভাল ব্যৱসায় কৰিব পৰা নাছিল। ২০০০ চনৰ আৰম্ভণিৰে পৰা এই ক্ষেত্ৰখনে বিকাশ লাভ কৰে, কিয়নো এই সময়চোৱাত মডেলিং আৰু এনিমেচন ছফ্টৱেৰ বোৰ যথেষ্ট পৰিপক্ক হৈ অহাৰ লগতে কম্পিউটাৰৰ ৰেণ্ডেৰিং ক্ষমতাও উন্নত হৈছিল।
ত্ৰিমাত্ৰিক পৰ্ণগ্ৰাফি

3D বা ত্ৰিমাত্ৰিক পৰ্ণগ্ৰাফি হৈছে এক বিশেষ ৰূপত চিত্ৰণ কৰা চলচ্চিত্ৰ। ইয়াত ত্ৰিমাত্ৰিক ৰূপত অধিক বাস্তৱিক ৰূপ দিবলৈ অভিনয়ৰ দৃশ্যসমূহৰ ছাঁক বিশেষ কেমেৰাৰ দ্বাৰা চিত্ৰণ কৰা হয়। ইয়াক বিশেষ দৰ্শন সঁজুলি যেনে ত্ৰিমাত্ৰিক চছমা পিন্ধি চাব লাগে। ইয়াৰ দ্বাৰা দৰ্শকে চাইথকা চলচ্চিত্ৰ খনৰ সৈতে নিজক অনুভৱ কৰিব পাৰে যি এক প্ৰকাৰৰ ভ্ৰম। প্ৰথমখন 3D ৰূপত দৃশ্যগ্ৰহণ কৰা পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ হৈছে '3D চেক্স এণ্ড জেন:এক্সট্ৰিম একষ্টাচি', আৰু এইখনে ২০১১ চনৰ এপ্ৰিল মাহত হংকংত মুক্তি লাভ কৰে।২৭
STD আৰু জন্ম নিয়ন্ত্ৰণৰ উপায়
নেটফ্লিক্স'ৰ এখন তথ্যচিত্ৰ "হট গাৰ্ল ৱাণ্টেড"ৰ কাষ্ট অনুসৰি, পৰ্ণ ইণ্ডাষ্ট্ৰীৰে জড়িত বেছিভাগ অভিনেতা আৰু অভিনেত্ৰীয়ে প্ৰতি দুই সপ্তাহৰ বিৰতিত এছটিডিৰ পৰীক্ষা কৰায়। অৱশ্যে, তেওঁলোক জন্ম নিয়ন্ত্ৰণত থকাটো প্ৰয়োজনীয় নহয়। চিনেমাখনৰ এগৰাকী অভিনেত্ৰীয়ে কয় যে, "ক্ৰীম পাই" শ্বট এটাত অংশগ্ৰহণ কৰাৰ পিছত (য'ত যোনিত স্খলন অন্তৰ্ভুক্ত থাকে) তেওঁলোকক গৰ্ভধাৰণৰ পৰা নিজকে সুৰক্ষিত কৰাৰ বাবে দ্বিতীয় পৰিকল্পনা হিচাপে জৰুৰীকালীন গৰ্ভনিৰোধক পিল ক্ৰয় কৰিবলৈ নিৰ্দেশ দিয়া হয়। এই শ্বটবোৰৰ বাবে তেওঁলোকক অধিক অৰ্থ পৰিশোধ কৰা হয়।২৮
আইন

দেশ ভেদে পৰ্ণগ্ৰাফৰ প্ৰকাৰ বিভিন্ন হোৱা দেখা যায়। বেছিভাগ দেশে কমেও কিছুমান বিশেষ প্ৰকাৰৰ পৰ্ণগ্ৰাফৰ অনুমতি প্ৰদান কৰে। কিছুমান দেশত, 'ছফ্টকোৰ' পৰ্ণগ্ৰাফক সাধাৰণ দোকানত বিক্ৰী কৰিবলৈ বা টিভিত দেখুৱাবলৈ মান্যতা প্ৰদান কৰা হয়। আনহাতে, 'হাৰ্ডকোৰ' পৰ্ণগ্ৰাফিক সাধাৰণতে নিয়ন্ত্ৰণ কৰা হয়। উৎপাদন আৰু বিক্ৰীৰ নিয়ন্ত্ৰণ, আৰু উগ্ৰ আচৰণ সমূহ সামান্য নমনীয় কৰণৰ উপৰি, প্ৰায় সকলো দেশতে শিশু পৰ্ণগ্ৰাফি অবৈধ। বেছিভাগ দেশত, এজন শিশু সচৰাচৰ ১৮ বছৰৰ তলৰ ব্যক্তি (যদিও বয়সৰ তাৰতম্য হয়) ৰ যিকোনো যৌন কাৰুকাৰ্য বা যৌন অংগৰ ফটোক পৰ্ণগ্ৰাফ আৰু অবৈধ বুলি গণ্য কৰা হয় আৰু কিছুমান দেশত হিংসা প্ৰদৰ্শন কৰা পৰ্ণগ্ৰাফৰ ওপৰত নিষেধাজ্ঞা আছে, উদাহৰণ স্বৰূপে বলাৎকাৰৰ পৰ্ণগ্ৰাফি বা জন্তুৰ পৰ্ণগ্ৰাফি। পৰ্ণগ্ৰাফিয়ে ব্যক্তিৰ মৌলিক মানৱ অধিকাৰ উলংঘন কৰিব পাৰে, বিশেষকৈ যেতিয়া যৌন সন্মতি পোৱা হোৱা নাছিল। উদাহৰণ স্বৰূপে, প্ৰতিশোধ পৰ্ণ হৈছে এক পৰিঘটনা য'ত অসন্তুষ্ট যৌন সঙ্গীসকলে অন্তৰংগ যৌন কাৰ্যকলাপৰ ছবি বা ভিডিঅ' ফুটেজ আনজনৰ অনুমতি অবিহনে ইণ্টাৰনেটত মুকলি কৰে।২৯ আইন প্ৰণেতাসকল মহিলাৰ সন্মতিবিহীন "আপস্কাৰ্ট" ফটো সম্পৰ্কেও আইনী সচেতনতা প্ৰদৰ্শন কৰিছে। কোনো কোনো দেশত এই সন্মতিবিহীন অবৈধ পৰ্ণগ্ৰাফি (ভিডিঅ' বা ফটোগ্ৰাফ) আৰু বিভিন্ন যৌন সামগ্ৰীৰ যথেষ্ট চাহিদা আছে।৩০৩১ ফলশ্ৰুতিত, কিছুমান ন্যায়াধিকৰণে "প্ৰতিশোধ পৰ্ণ"ৰ বিৰুদ্ধে নিৰ্দিষ্ট আইন প্ৰণয়ন কৰিছে।৩২
কোনবোৰ পৰ্ণগ্ৰাফি নহয়
নেচনেল জিঅ'গ্ৰাফীৰ আলোচনী, সমাজতত্ত্বৰ পাঠ্যপুথি, আৰু নিউডিষ্ট কেটালগৰ দৰে উৎসত থকা উলংগ শিশু বা প্ৰাপ্ত বয়স্কৰ ফটোগ্ৰাফবোৰ পৰ্ণগ্ৰাফী বুলি আইনৰ দৃষ্টিৰে গণ্য কৰা হোৱা নাই।৩৩ সাধাৰণতে এই বিষয়ে সীমা ৰেখা নিৰ্ধাৰণ সময় আৰু স্থানৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন সময়ত বিভিন্ন চলচ্চিত্ৰ আদিত একোটা সীমাৰ ভিতৰত যৌনগন্ধি দৃশ্য কিছুমান অন্তৰ্ভুক্ত কৰা হয়। এনে দৃশ্য সমূহক পৰ্ণগ্ৰাফি বুলি ধৰা নহয়।
স্বত্বাধিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত, কিছুমান আদালতে পৰ্ণগ্ৰাফ সামগ্ৰীৰ বাবে আমেৰিকান স্বত্বাধিকাৰ সুৰক্ষা প্ৰয়োগ কৰিছে।৩৪৩৫ যদিও প্ৰথম আমেৰিকান স্বত্বাধিকাৰ আইনত বিশেষভাৱে অশ্লীল সামগ্ৰীক লৈ বিশেষ আইনী ব্যৱস্থা নাছিল, পৰৱৰ্তী সময়ত এই বিধান আঁতৰোৱা হয়। বেছিভাগ পৰ্ণগ্ৰাফিক কাম 'মেড ফৰ হায়াৰ' স্বত্বাধিকাৰ আইনৰ অধীনত কৰা হয় যাৰ অৰ্থ হৈছে পৰ্ণগ্ৰাফিক মডেলে তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে বিধিবদ্ধ ৰয়েলটি প্ৰাপ্ত নকৰে। ইয়াত মালিকৰ হাতত হে উক্ত চলচ্চিত্ৰৰ স্বত্বাধিকাৰ সুৰক্ষিত হৈ থাকে। বিশেষ অসুবিধাটো হৈছে- অশ্লীল বুলি গণ্য কৰা বস্তুৰ পৰিবৰ্তনশীল সমাজৰ মনোভাৱ, যাৰ অৰ্থ হৈছে কামবোৰ অশ্লীলতাৰ প্ৰচলিত মানদণ্ডৰ ওপৰত আধাৰিত। যি স্বত্বাধিকাৰ সুৰক্ষাৰ ভিতৰত পৰিব পাৰে বা বাহিৰলৈ ওলাই আহিব পাৰে। এয়া ১৯৭২ চনলৈকে স্বত্বাধিকাৰ আইনৰ বাবে কোনো বিশেষ বিষয় নাছিল। যেতিয়া স্বত্বাধিকাৰ সুৰক্ষাৰ বাবে পঞ্জীয়নৰ প্ৰয়োজন হৈছিল তেতিয়াই বিষয়টো বিবেচিত হয়। কিছুমান আদালতে ধৰি লৈছে যে স্বত্বাধিকাৰ সুৰক্ষা, কামৰ বাবে কাৰ্যকৰীভাৱে প্ৰযোজ্য হোৱা উচিত লাগিলে সেইবোৰ অশ্লীল হওক বা নহওক,৩৬ কিন্তু সকলো আদালতে একে ধৰণে মানি লোৱা নাই।৩৭ আমেৰিকা যুক্তৰাষ্ট্ৰত পৰ্ণগ্ৰাফৰ স্বত্বাধিকাৰ সুৰক্ষা অধিকাৰক পুনৰ ২০১২ চনৰ ফেব্ৰুৱাৰীমাহৰ ভিতৰত প্ৰত্যাহ্বান জনোৱা হৈছে।৩৪৩৮
তথ্যসূত্ৰ
- ↑ What Distinguishes Erotica from Pornography? – Leon F Seltzer, Psychology Today, 6 April 2011
- ↑ Coopersmith, Jonathan. (March 2006). Does Your Mother Know What YouReallyDo? The Changing Nature and Image of Computer‐Based Pornography. History and Technology. পৃ. 1–25
- ↑ Things Are Looking Up in America's Porn Industry – NBC News. NBC News
- ↑ Best Internet Filter Software of 2019[Last accessed on 2010 Nov 12]
- ↑ Staff. The Truth About California's Adult Entertainment Industry White Paper 1999. Adult Video News
- ↑ (10 February 2020). I was raped at 14, and the video ended up on a porn site. British Broadcasting Corporation
- ↑ Cole, Samantha; Maiberg, Emanuel. (16 July 2019). How Pornhub Enables Doxing and Harassment. Vice
- ↑ Cole, Samantha. (6 February 2020). How to Remove Non-Consensual Videos From Pornhub. Vice
- ↑ Broster, Alice. (27 August 2019). #NotYourPorn Is The Campaign Fighting To Get Non-Consensual Content Removed From UK Porn Sites. Bustle
- ↑ List of Greek words starting with πορν- (porn-) on Perseus
- ↑ Online Etymology Dictionary. Etymonline.com. Retrieved 2011-04-21
- ↑ history of the word pornography | podictionary – for word lovers – dictionary etymology, trivia & history. podictionary (2009-03-13) . Retrieved 2011-04-21. Archived from the original on 2011-05-11
- ↑ Talvacchia, Bette. (2010). The Classical Tradition. The Belknap Press of Harvard University Press. পৃ. 767–771. ISBN 978-0-674-03572-0
- ↑ Martin Amis. (17 March 2001). 4273, 4153718, 00.html A rough trade. The Guardian
- ↑ P20th Century Nudes in Art. The Art History Archive
- ↑ Mulholland, Monique. (March 2011). When Porno Meets Hetero. Australian Feminist Studies. Taylor & Francis. পৃ. 119–135
- ↑ President's Commission on Obscenity and Pornography. Report of The Commission on Obscenity and Pornography 1970, ৱাশ্বিংটন ডি.চি.: U. S. Government Printing Office
- ↑ Ackman, Dan. (25 May 2001). How Big Is Porn?. Forbes
- ↑ Szymanski, Dawn M.; Stewart-Richardson, Destin N. (January 2014). Psychological, relational, and sexual correlates of pornography use on young adult heterosexual men in romantic relationships. The Journal of Men's Studies. Sage. পৃ. 64–82
- ↑ Josh Lipton. (2010-01-28). Coming Soon: XXX In 3D. Minyanville
- ↑ Monaco, James. (1999). The dictionary of new media: the new digital world: video, audio, print, film, television, DVD, home theatre, satellite, digital photography, wireless, super CD, internet. Harbor Electronic. ISBN 0-9669744-0-9
- ↑ Staff. Magnet Media Holds Porn/Tech Event in NYC This Tuesday. Adult Video News
- ↑ Staff. How Porn Drives Mainstream Internet Technology Adoption Tuesday, Mar 11, 12:30 pm @ Rose Auditorium. Garys Guide
- ↑ Samantha Cole and Emanuel Maiberg. (2019-11-20). 'They Can't Stop Us:' People Are Having Sex With 3D Avatars of Their Exes and Celebrities. Vice
- ↑ Alyson Krueger. (2017-10-28). Virtual Reality Gets Naughty. New York Times
- ↑ Andrew Griffin. (2017-11-09). VIRTUAL REALITY PORNOGRAPHY IS ALLOWING FOR MORE 'INTIMATE' AND 'PERSONAL' EXPERIENCES BUT COULD BRING HORRORS, WARN EXPERTS. The Independent
- ↑ (17 January 2012). Hong Kong filmmakers shoot 'first' 3D porn film. Asian Sex Gazette
- ↑ Netflix
- ↑ Salter, Michael. (2013). Responding to revenge porn: Gender, justice and online legal impunity. Presented at "whose Justice? Contested Approaches to Crime and Conflict", University of Western Sydney, Sydney, Australia
- ↑ Levendowski, Amanda M. (2014). Using Copyright to Combat Revenge Porn. NYU Journal of Intellectual Property & Entertainment Law. Social Science Research Network
- ↑ Bhasin, Puneet. (29 November 2014). Online Revenge Porn-Recourse for Victims under Cyber Laws. iPleaders
- ↑ (2014-12-03). 'Revenge porn' Facebook post leads to jail sentence. BBC News
- ↑ Kernes, Mark. MA Supremes Rule National Geographic Photos Not Kid Porn. AVN.com
- ↑ Goussé, Caroline (2012-02-16) . "No Copyright Protection for Pornography: A Daring Response to File-Sharing Litigation" . Intellectual Property Brief. Retrieved 2012-03-01
- ↑ Masnick, Mike (2011-11-04) . "Court Wonders If Porn Can Even Be Covered By Copyright". Tech Dirt. Retrieved 2012-03-01
- ↑ Mitchell Bros. Film Group v. Cinema Adult Theater, 604 F.2d 852 (5th Cir.1979) and Jartech v. Clancy, 666 F.2d 403 (9th Cir.1982) held that obscenity could not be a defense to copyright claims
- ↑ Devils Films, Inc. v. Nectar Video Under, 29 F.Supp.2d 174, 175 (S.D.N.Y. 1998) refused to follow the Mitchell ruling and relied on the doctrine of "clean hands" to deny copyright protection to works seen as obscene
- ↑ "You Can’t Copyright Porn, Harassed BitTorrent Defendant Insists", TorrentFreak, 6 February 2012. Retrieved 9 Augusti 2012
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰ্ণগ্ৰাফি” প্ৰবন্ধৰ সংশোধন ৫১৯৩৪৭ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।