ডগলাছ ষ্টুৱাৰ্ট (Douglas Stuart; জন্ম: ১৯৭৬)১এজন স্কটিছ-আমেৰিকান লেখক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁৰ প্ৰথমখন উপন্যাস শ্বাগি বেইন হৈছে ২০২০ চনত বুকাৰ বঁটা লাভ কৰা গ্ৰন্থ।
প্ৰাৰম্ভিক জীৱন
ষ্টুৱাৰ্টৰ জন্ম হৈছিল ছাইটহিল, স্কটলেণ্ডৰ গ্লাছগোৰ এটা হাউছিং এষ্টেটত।১ তিনিজন ভাই-ভনীৰ ভিতৰত তেওঁৱেই সকলোতকৈ সৰু আছিল। তেওঁ সৰু হৈ থাকোঁতেই দেউতাকে পৰিয়ালটোক এৰি যায় আৰু তেওঁক সুৰাপান আৰু আসক্তিৰ সৈতে যুঁজ দি থকা একক মাতৃয়ে তেওঁক ডাঙৰ-দীঘল কৰে।২
কৰ্মজীৱন
ফেশ্বন ডিজাইনিঙত কেৰিয়াৰ আৰম্ভ কৰিবলৈ ২৪ বছৰ বয়সত ষ্টুৱাৰ্ট নিউয়ৰ্ক চহৰলৈ যায়। ২০ বছৰ ধৰি তেওঁ কেলভিন ক্লেইন, ৰাল্ফ ল'ৰেন, বানানা ৰিপাব্লিক আৰু জেক স্পেডকে ধৰি কেইবাটাও ব্ৰেণ্ডত কাম কৰে।৩ ডিজাইনিঙৰ কামৰ মাজে মাজে তেওঁ লিখা-মেলাৰ কামো কৰিছিল। উল্লেখযোগ্য যে তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল বানানা ৰিপাব্লিকত জেষ্ঠ্য নিৰ্দেশক হিচাপে বাৰঘণ্টীয়া চিফ্ট কৰি থকাৰ সময়ত।৪
প্ৰথমখন উপন্যাস প্ৰকাশ হোৱাৰ আগতে তেওঁৰ বিভিন্ন লেখা দ্য নিউ ইয়ৰ্কাৰ আৰু লিটহাবত প্ৰকাশ হৈছিল।৫
তেওঁৰ প্ৰথমখন উপন্যাস ছুঘী বেইনৰ বাবে মাৰ্গাৰেট বাছবি, লী চাইল্ড,সমীৰ ৰহিম, লেম চিচে আৰু ইমিলি উইলছনেৰে গঠিত এখন বিচাৰালয়ৰ দ্বাৰা ২০২০ চনৰ বুকাৰ বঁটা লাভ কৰে।৬৭
ব্যক্তিগত জীৱন
ষ্টুৱাৰ্টৰ দ্বৈত ব্ৰিটিছ আৰু আমেৰিকান নাগৰিকত্ব আছে।৮ তেওঁ মানহাটনাৰ ইষ্ট ভিলেজত তেওঁৰ স্বামী মাইকেল কেৰি, যি হৈছে এগৰাকী গাগোচিয়ান গেলেৰীৰ কলা কিউৰেটৰ, লগত বাস কৰে।৪
গ্ৰন্থপঞ্জী
- (2020). Shuggie Bain: A Novel. Grove Press. ISBN 978-0-8021-4804-9. UK, Picador.
তথ্যসূত্ৰ
- ↑ Millen, Robbie. (15 September 2020). Why Douglas Stuart's Shuggie Bain deserves to win the Booker prize. The Times
- ↑ Alter, Alexandra. (23 October 2020). How 'Shuggie Bain’ Became This Year's Breakout Debut. The New York Times
- ↑ Alter, Alexandra. (23 October 2020). How 'Shuggie Bain' Became This Year's Breakout Debut. The New York Times
- ↑ Alter, Alexandra. (19 November 2020). Douglas Stuart Wins Booker Prize for 'Shuggie Bain'. The New York Times
- ↑ Douglas Stuart · The Booker Prizes. thebookerprizes.com
- ↑ Flood, Alison. (19 November 2020). Douglas Stuart wins Booker prize for debut Shuggie Bain. The Guardian
- ↑ Shuggie Bain, The Booker Prizes website
- ↑ Allfree, Claire. (15 September 2020). The Booker Prize has abandoned Britain. The Daily Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডগলাছ ষ্টুৱাৰ্ট” প্ৰবন্ধৰ সংশোধন ৩০১৩০২ (২৭ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।