অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দেৱদত্ত পাটনায়ক

দেৱদত্ত পাটনায়ক (Devdutt Pattanaik; জন্ম: ১১ ডিচেম্বৰ, ১৯৭০) এজন ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক। তেওঁ প্ৰধানকৈ কিংবদন্তিমূলক আৰু ব্যৱস্থাপনাৰ বিষয়ে লিখে।

হালনাগাদ: ৩ মে’ ২০২৬ ৪৯৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

দেৱদত্ত পাটনায়ক (Devdutt Pattanaik; জন্ম: ১১ ডিচেম্বৰ, ১৯৭০) এজন ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক। তেওঁ প্ৰধানকৈ কিংবদন্তিমূলক১২ আৰু ব্যৱস্থাপনাৰ বিষয়ে লিখে। তেওঁ হিন্দু শ্ৰুতিকথাৰ ওপৰত কেইবাখনো কিতাপ লিখিছে যাৰ ভিতৰত Myth = Mithya: A Handbook of Hindu Mythology, The Pregnant King, আৰু Jaya: An Illustrated Retelling of the Mahabharata (২০১০) আদি প্ৰধান।৩

তেওঁ বৰ্তমান ভাৰতৰ অন্যতম ডাঙৰ খুচুৰা বিক্ৰেতা 'Future Group'ৰ 'মুখ্য বিশ্বাস বিষয়া' (Chief belief officer) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৪ ইয়াত তেওঁ ব্যৱসায় বা মূলতঃ মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত ভাৰতীয় কিংবদন্তিসমূহৰ প্ৰয়োগ কৰে।৫ তেওঁ MiD DAY বাতৰি কাকতৰ বাবে নিয়মীয়াকৈ এটা স্তম্ভ লিখে।৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মুম্বাইত জন্মগ্ৰহণ কৰা পাটনায়কে ল'ৰালি কাল আৰু শিক্ষাজীৱন ইয়াত পাৰ কৰে। তেওঁ দেউতাক এজন MBA আছিল।৬ তেওঁ গ্ৰাণ্ট মেডিকেল কলেজৰ পৰা M.B.B.S. উত্তীৰ্ণ হয় আৰু তাৰ পিছত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা 'তুলনামূলক কিংবদন্তি' (Comparative Mythology) বিষয়ত এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।৭

কৰ্মজীৱন

ফাৰ্মাচিউটিকেল আৰু চিকিৎসাসেৱা উদ্যোগত ১৪ বছৰ কাম কৰাৰ পিছত পাটনায়কে কিংবদন্তি বিষয়ক কিতাপ আৰু স্তম্ভ লিখিবলৈ লয় আৰু সেই বিষয়ে বক্তৃতা প্ৰদান কৰাও আৰম্ভ কৰে। তেওঁ 'Ernst and Young' ত এজন পৰামৰ্শদাতাৰূপে কাম কৰিছিল। তেওঁ বেছিভাগ কিতাপৰে ছবি নিজেই আঁকে।৮

২০০৯ চনত নৱেম্বৰত ভাৰতত অনুষ্ঠিত প্ৰথম TED সন্মিলনত তেওঁ বক্তৃতা প্ৰদান কৰে।৯১০

২০১০ চনত আগষ্টত ICCR-এ তেওঁক কলম্বিয়ালৈ আমন্ত্ৰণ জনায়। তাত তেওঁ “Subjective World or Mythology of Identity” শীৰ্ষক এটা বক্তৃতা দিয়ে। মেডেলিনৰ EAFIT বিশ্ববিদ্যালয়তো তেওঁ একে ধৰণৰ এটা বক্তৃতা দিয়ে।

CNBC-TV18 চেনলৰ বাবে তেওঁ Business Sutra নামৰ এটা অনুষ্ঠান কৰিছে। তাত হিন্দু মহাকাব্য ৰামায়ণ আৰু মহাভাৰতৰ পৰা বাণিজ্যিক পাঠ আহৰণৰ চেষ্ট চলোৱা হৈছে। ২০১৫ বৰ্ষত তেওঁ Epic চেনেলৰ বাবে Devlok with Devdutta Patnaik এলানি আলোচনা চক্ৰৰ অনুষ্ঠান কৰিছে। হিন্দু দৰ্শন আৰু বিশ্বাস সম্পৰ্কীয় বহুতো প্ৰ্শ্নাৱলীৰ উত্তৰ দিবলৈ অনুষ্ঠানটোৰ জৰিয়তে চেষ্টা কৰা হৈছে। তদুপৰি পৌৰাণিক আখ্যান সমূহৰ ৰূপক দিশটোৰ কথাও অনুষ্ঠানটোত আলোচনা কৰা হৈছে।

তেওঁ ভৰতীয় টেলিভিজন নে'টৱৰ্ক ষ্টাৰ ইণ্ডিয়াৰ এজন কাহিনী পৰামৰ্শক।১১

প্ৰকাশিত গ্ৰন্থ

  • Shiva: an introduction. Vakils, Feffer and Simons Ltd., 1997.
  • Vishnu: an introduction. Vakils, Feffer and Simons, 1999. ISBN 81-87111-12-7.
  • Devi, the Mother-Goddess: an introduction. Vakils, Feffer, and Simons Ltd., 2000. ISBN 81-87111-45-3.
  • The Goddess in India: the five faces of the eternal feminine. Inner Traditions / Bear & Company, 2000. ISBN 0-89281-807-7.
  • Hanuman: an introduction. Vakils, Feffer and Simons, 2001. ISBN 81-87111-47-X.
  • The Man Who Was A Woman and other queer tales of Hindu lore. Routledge, 2002. ISBN 1-56023-181-5.
  • Vināyaka: the first god. Shakti Art and Culture Foundation. 2002.
  • Indian mythology: tales, symbols, and rituals from the heart of the Subcontinent. Inner Traditions / Bear & Company, 2003. ISBN 0-89281-870-0.
  • Lakshmi, the goddess of wealth and fortune: an introduction. Vakils, Feffer and Simons, 2003. ISBN 81-87111-58-5
  • Book of Kali. with Seema Mohanty. Penguin Books India, 2004.
  • Myth=Mithya: A Handbook of Hindu Mythology. Penguin, India. 2006. ISBN 978-0-14-309970-3.
  • Shiva to Shankara: decoding the phallic symbol. Indus Source, India. 2006. ISBN 81-88569-04-6.
  • The Pregnant King, Penguin Books, 2008 ISBN 978-1-4306-3472-0
  • The Book of Ram. Penguin Group, 2009. ISBN 0-14-306528-9.
  • 7 Secrets From Hindu Calendar Art. Westland India, 2009. ISBN 81-89975-67-6.
  • Hanuman's Ramayan. Tulika Publishers, 2010. ISBN 81-8146-752-3.
  • Jaya: An Illustrated Retelling of the Mahabharata, Penguin Books, 2010 ISBN 978-0-14-310425-4.

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Author Lounge: Devdutt Pattanaik. Penguin India
  2. ↑ (2010-10-17). Being aware of violence. MiD DAY
  3. ↑ (Oct 16, 2010). Epic Venture. Indian Express
  4. ↑ Future Group
  5. ↑ (July 4, 2010). Mythic Past, Resonating in the Present. New York Times
  6. ↑ (Sep 16, 2010). The mythologist. Mint (newspaper)
  7. ↑ (2003-05-25). Teaching Old Heads New Tricks. Financial Express
  8. ↑ (Apr 24, 2009). Demystifying mythology: A conversation with Devdutt Pattanaik. The Hindu
  9. ↑ (Nov 1, 2009). Great response to first TED meet in India. The Hindu
  10. ↑ speaker at TEDIndia 2009
  11. ↑ devdutt.com/about

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকচিকিৎসাবিদএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদত্ত পাটনায়ক” প্ৰবন্ধৰ সংশোধন ৬০৪১৬৫ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।