অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শক্তি মিল দলবদ্ধ ধৰ্ষণ

২০১৩ চনৰ মুম্বাইৰ দলবদ্ধ ধৰ্ষণ বা শক্তি মিল দলবদ্ধ ধৰ্ষণ বুলিলে মুম্বাইৰ ইংৰাজী ভাষাৰ আলোচনী এখনত শিক্ষানবিচী কৰি থকা এগৰাকী ২২ বছৰীয়া ফটো সাংবাদিকৰ সৈতে হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক বুজায়। সাংবাদিকগৰাকীক এজন নাবালককে ধৰি পাঁচজন লোকে ধৰ্ষণ কৰে।

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ৬৩৯ শব্দ · ৪ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

২০১৩ চনৰ মুম্বাইৰ দলবদ্ধ ধৰ্ষণ বা শক্তি মিল দলবদ্ধ ধৰ্ষণ ১ ২ বুলিলে মুম্বাইৰ ইংৰাজী ভাষাৰ আলোচনী এখনত শিক্ষানবিচী কৰি থকা এগৰাকী ২২ বছৰীয়া ফটো সাংবাদিকৰ সৈতে হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডক বুজায়। সাংবাদিকগৰাকীক এজন নাবালককে ধৰি পাঁচজন লোকে ধৰ্ষণ কৰে। ২০১৩ চনৰ ২২ আগষ্টত দক্ষিণ মুম্বাইৰ মহালক্ষ্মীৰ সমীপৰ নিৰ্জন শক্তি মিলৰ চৌহদলৈ পুৰুষ সহকৰ্মী এজনৰ সৈতে এটা এচাইনমেণ্টত যাওতে ঘটনাটো সংঘটিত হয়। অভিযুক্ত কেইজনে পুৰুষ সহকৰ্মীজনক বেল্টেৰে বান্ধি ফটো সাংবাদিকগৰাকীক ধৰ্ষণ কৰে। যৌন নিৰ্যাতনৰ সময়ত অভিযুক্তই ভূক্তভোগীৰ ফটো তুলিছিল ভাবুকি দিছিল যে ধৰ্ষণৰ বিষয়ে যদি জনায়, তেন্তে সেই ফটো ছ’চিয়েল নেটৱৰ্কত মুকলি কৰি দিয়া হ’ব। পিছত এগৰাকী আঠাইশ বছৰীয়া কল চেণ্টাৰৰ কৰ্মচাৰীয়ে ২০১৩ চনৰ ৩১ জুলাইত মিল কমপ্লেক্সৰ ভিতৰত তেওঁকো দলবদ্ধ ধৰ্ষণ কৰা হৈছে বুলি জনাইছিল।৩

ঘটনাক্ৰম

মুম্বাইত কৰ্মৰত এগৰাকী ২২ বছৰীয়া ফটো সাংবাদিকক ২০১৩ চনৰ ২২ আগষ্টত তেওঁৰ এজন পুৰুষ সহকৰ্মীৰ সৈতে এচাইনমেণ্টলৈ যোৱা শক্তি মিলছৰ চৌহদত পাঁচজন লোকে দলবদ্ধ ধৰ্ষণ কৰে।৪ আৰক্ষীক দিয়া বক্তব্য অনুসৰি ফটো সাংবাদিকগৰাকী আৰু তেওঁৰ সহকৰ্মীগৰাকীয়ে এটা এছাইনমেণ্টৰ বাবে কিছু ফটো তুলিবলৈ সন্ধিয়া ৫:০০ বজাত নিজৰ কাৰ্যালয়ৰ পৰা নিৰ্জন শক্তি মিলছ চৌহদলৈ ওলাই যায়। পুৰুষ সহকৰ্মীগৰাকীক বেল্টেৰে বান্ধি ৫জন লোকে পাল পাতি ফটো সাংবাদিকগৰাকীক ধৰ্ষণ কৰে। ভঙা বিয়েৰৰ বটল এটা ভূক্তভোগীৰ ডিঙিত লগাই সহায়ৰ বাবে চিঞৰ-বাখৰ নকৰিবলৈ সতৰ্ক কৰি দিয়ে। তাৰ পিছত ধৰ্ষণকাৰীয়ে ভুক্তভোগী মহিলাগৰাকীক অপৰাধস্থলী পৰিষ্কাৰ কৰিবলৈ বাধ্য কৰায়। লগতে মোবাইল ফোনত দুখন ফটো তুলি ৰাখে আৰু ভাবুকি দিয়ে যে ধৰ্ষণৰ বিষয়ে বাহিৰত জনালে ফটোসমূহ ছ'চিয়েল নেটৱৰ্কত প্ৰকাশ কৰি দিয়া হ’ব।৫

ধৰ্ষণকাণ্ডৰ পিছত অপৰাধীকেইজনে তেওঁক পুৰুষ সহকৰ্মীজনক ৰখা ঠাইলৈ ঘূৰাই আনে। সিহঁতে ভূক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ সহকৰ্মীক সন্ধিয়া ৭:১৫ বজাত ওচৰত ৰেলপথলৈ যায় আৰু তাত ৰ’বলৈ কয়।৬ অপৰাধীসকল যোৱাৰ পিছত ভূক্তভোগী মহিলাগৰাকীয়ে সহকৰ্মীজনক জনায় যে পাঁচজন লোকে ছবাৰ ধৰ্ষণ কৰিছে আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে। মহালক্ষ্মী ষ্টেচন পোৱাৰ লগে লগে তেওঁৰ সহকৰ্মীজনে তেওঁলোকৰ মুৰব্বীৰ লগত যোগাযোগ কৰি আহিবলৈ ক’লে। মহিলাগৰাকীক টেক্সিৰে পেদ্দাৰ ৰোডৰ জছলোক হাস্পাতাললৈ লৈ যোৱা হয়। লগেলগে তেওঁৰ চিকিৎসা আৰম্ভ হয়।৭ ২৬ আগষ্টত তেওঁ আৰক্ষীক ষ্টেটমেণ্ট দিয়ে আৰু ২৭ আগষ্টৰ নিশা হাস্পাতালৰ পৰা তেওঁক মুকলি কৰি দিয়া হয়।।৮

গ্ৰেপ্তাৰ

আৰক্ষীয়ে গঠন কৰা ২০টা দল, আৰু অপৰাধ শাখা ১২জন বিষয়া আৰু ১৬খন আৰক্ষী থানা এই গোচৰৰ সৈতে জড়িত আছিল। আৰক্ষীয়ে ২০ জন লোকক আটক কৰে।৯ ২২ আগষ্টৰ পুৱা প্ৰায় ৮:৩০ বজাত অভিযোগ পঞ্জীয়ন হোৱাৰ প্ৰায় ৬৫ ঘণ্টাৰ ভিতৰতে মুম্বাই আৰক্ষীয়ে পাঁচোজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত কেইজন আছিল বিজয় যাদৱ, ছিৰাজ ৰহমান খান ওৰফে ছিৰ্জু, চান্দ শ্বেইখ, মহম্মদ কাছিম হাফিজ শ্বেখ ওৰফে কাছিম বাঙালী আৰু মহম্মদ চেলিম আনছাৰী।১০ টেলিফোন অপাৰেটৰগৰাকীৰ দলবদ্ধ ধৰ্ষণৰ অভিযোগত অভিযুক্ত আছিল বিজয় যাদৱ, মহম্মদ কাছিম হাফিজ শ্বেখ, মহম্মদ চেলিম আনছাৰী, মহম্মদ আছফাক শ্বেখ আৰু এজন নাম প্ৰকাশ নকৰা নাবালক।১১

ৰায়দান আৰু শাস্তি

২০১৪ চনৰ ২০ মাৰ্চত ছেচন আদালতে পাঁচোজন প্ৰাপ্তবয়স্ক অভিযুক্তক দলবদ্ধ ধৰ্ষণ, প্ৰমাণ ধ্বংস, অন্যায়ভাৱে সংযম, আক্ৰমণ, সাধাৰণ উদ্দেশ্য, অস্বাভাৱিক যৌন সম্পৰ্ক, ভাৰতীয় দণ্ড বিধিৰ অপৰাধমূলক ষড়যন্ত্ৰ আৰু তথ্য প্ৰযুক্তি আইনৰ কিছুমান ধাৰাৰ অধীনত মুঠ ১৩টা অভিযোগত দোষী সাব্যস্ত কৰে।১২ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ উজ্জ্বল নিকামে আদালতত কয় যে “এই অভিযুক্তসকলৰ অপৰাধমূলক প্ৰৱণতা আছে আৰু তেওঁলোকক আটাইতকৈ কঠোৰ শাস্তি প্ৰদান কৰা উচিত, যিয়ে প্ৰতিৰোধক হিচাপে কাম কৰিব।” বিজয় যাদৱ, মহম্মদ কাছিম শ্বেইখ আৰু মহম্মদ চেলিম আনছাৰীক দলবদ্ধ ধৰ্ষণৰ দুয়োটা গোচৰতে দোষী সাব্যস্ত কৰা হয়। আনহাতে ছিৰাজ খানক ফটো সাংবাদিক গোচৰ আৰু মহম্মদ আছফাক শ্বেইখক টেলিফোন অপাৰেটৰ গোচৰত দোষী সাব্যস্ত কৰা হয়।১৩

২১ মাৰ্চত মুম্বাইৰ ছেচন আদালতে টেলিফোন অপাৰেটৰ গোচৰৰ চাৰিজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে।[ মুখ্য ছেচনৰ ন্যায়াধীশ শালিনী ফানছালকাৰ যোশীয়ে কয় যে, "অপৰাধটো যি ধৰণে সংঘটিত হৈছিল, সেইটোৱে অভিযুক্তৰ অসৎ উদ্দেশ্যৰ প্ৰতিফলন ঘটায়। অপৰাধটো কোনো আৱেগিক কাৰ্য্য নহয়, বৰঞ্চ অপৰাধমূলক ষড়যন্ত্ৰৰ পূৰ্ব পৰিকল্পিত পৰিণতি আছিল। তেওঁলোকে ছোৱালীজনীক যৌন নিৰ্যাতন চলাই এৰি থৈ গৈছিল।" এই ক্ষেত্ৰত অভিযুক্তৰ সংস্কাৰ নহ'লেও তেওঁলোকৰ দৰে আন লোকক বাধা দিয়া হ'ব। কিছুমান ক্ষেত্ৰত দয়া ন্যায্য।কিন্তু এই ক্ষেত্ৰত দয়া কৰিলে ভুল হ'ব আৰু ন্যায়ৰ উপহাস হ'ব"।১৪

২০১৪ চনৰ ৪ এপ্ৰিলত ফটো সাংবাদিক ধৰ্ষণৰ গোচৰত পুনৰাবৃত্তিকাৰী তিনিজন অপৰাধীক আদালতে মৃত্যুদণ্ড প্ৰদান কৰে। ধৰ্ষণকাৰীক ভাৰতীয় দণ্ড বিধিৰ ৩৭৬-ই ধাৰা অনুসৰি মৃত্যুদণ্ড দিয়া ভাৰতত এয়া প্ৰথম উদাহৰণ আছিল।১৫ ফটো সাংবাদিক গোচৰৰ আনজন দোষী চিৰাজ খানক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।১৬ ২০২১ চনৰ ২৫ নৱেম্বৰত বোম্বাই উচ্চ ন্যায়ালয়ে এই তিনিটা মৃত্যুদণ্ডক যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰে।১৭

তথ্যসূত্ৰ

  1. ↑ Rebecca Samervel. (4 April 2014). Mumbai Shakti Mills rape cases: Death penalty for 3 repeat offenders. The Times of India. TNN
  2. ↑ Sukanya Shantha. (8 April 2014). Mumbai Shakti Mills gangrape: All three convicts sentenced to death for repeat offence. The Indian Express
  3. ↑ V Narayan; S Ahmed Ali. (4 September 2013). Call centre staffer too was raped inside Shakti Mills – Times of India. The Times of India
  4. ↑ Ellen Barry; Mansi Choksi. Gang rape in India, routine and invisible. The Times of India. NYT News Service
  5. ↑ (28 August 2013). Mumbai gang-rape: photographer has left hospital, accused taken to Shakti Mills. NDTV
  6. ↑ Nikhil Dixit. (28 August 2013). Mumbai gang-rape: Bulky man began beating me, reveals male colleague of photojournalist. Dnaindia.com
  7. ↑ (27 August 2013). Read excerpts from the Mumbai gangrape victim's statement to the police. India Today
  8. ↑ (26 August 2013). Mumbai gang-rape: Full text of the victim's statement to the police. Dnaindia.com
  9. ↑ (26 August 2013). Mumbai gang rape accused says gang has done it before. The Times of India
  10. ↑ Mumbai gangrape: Photojournalist identifies assaulters, 'faints' in court during trial. Indian Express
  11. ↑ (17 October 2013). BBC News – Mumbai gang-rape victim collapses while giving evidence. BBC News
  12. ↑ (21 March 2014). Four get life sentence in Shakti Mills gangrape: India, News – India Today. India Today
  13. ↑ (20 March 2014). Mumbai court holds five guilty in two Shakti Mills gangrape cases. India Today
  14. ↑ Rajput, Rashmi. (21 March 2014). 4 get life term in Shakti Mills gang rape case. The Hindu
  15. ↑ (4 April 2014). Shakti Mills gang-rape: 3 get death, another gets life. Hindustan Times
  16. ↑ (21 March 2014). Life sentence for four convicts in Shakti Mills gang-rape case. NDTV.com
  17. ↑ HC commutes death penalty of 3 convicts to life'. The Pioneer

সম্পৰ্কিত শ্ৰেণী

নাৰীৰ বিৰুদ্ধে হিংসাভাৰতত ধৰ্ষণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শক্তি মিল দলবদ্ধ ধৰ্ষণ” প্ৰবন্ধৰ সংশোধন ৫৬৯৫৭০ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।