অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

দলগত যৌনকাৰ্য

দলগত যৌনকৰ্ম বা দলীয় যৌনকাৰ্য (Group Sex) হ'ল তিনিজন বা ততোধিক ব্যক্তিয়ে একত্ৰে যৌনকাৰ্য সম্পন্ন কৰা। সাধাৰণ জীৱন শৈলীত দলগত যৌনকৰ্ম বিশেষ জনপ্ৰিয় নহয়। পৰ্ণগ্ৰাফিৰ ই এটা প্ৰধান ভাগ। ইয়াত একেলগে প্ৰদৰ্শন আৰু দৰ্শন কাৰ্য চৰিতাৰ্থ হয়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৭৪৪ শব্দ · ৪ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

দলগত যৌনকৰ্ম বা দলীয় যৌনকাৰ্য (Group Sex) হ'ল তিনিজন বা ততোধিক ব্যক্তিয়ে একত্ৰে যৌনকাৰ্য সম্পন্ন কৰা। সাধাৰণ জীৱন শৈলীত দলগত যৌনকৰ্ম বিশেষ জনপ্ৰিয় নহয়। পৰ্ণগ্ৰাফিৰ ই এটা প্ৰধান ভাগ। ইয়াত একেলগে প্ৰদৰ্শন আৰু দৰ্শন কাৰ্য চৰিতাৰ্থ হয়। এই যৌন কাৰ্য বিপৰীত লিংগৰ মাজত বা সমলিংগৰ ব্যক্তিৰ মাজত সম্ভৱ নতুবা একেটা দলত দুয়োপ্ৰকাৰৰ ব্যক্তি জড়িত হ'ব পাৰে।

মানুহৰ উপৰিও অন্যান্য প্ৰাণী যেনে: বনবো বান্দৰ (bonobo apes), চিম্পাঞ্জী (chimpanzee) ইত্যাদিৰ মাজত দলগত যৌনতা প্ৰতীয়মান।

যিবোৰ ঠাইত মুক্ত যৌন কাৰ্য নিষিদ্ধ তেনে অঞ্চলত দলগত যৌনকৰ্ম সাধাৰণতে একান্ত গোপনীয় ব্যক্তিৰ মাজত গোপনীয়ভাৱে বা স্বল্প-প্ৰকাশ্য সঙ্গী-বিনিময় সমাবেশত ঘটে। ইয়াৰোপৰি মাছাজ পাৰ্লাৰ (massage parlor), বেশ্যালয় (brothel) বা চেক্স ক্লাব ইত্যাদিত এই ধৰণৰ যৌন কাৰ্য-কলাপৰ অনুশীলন হয়। সাধাৰণতে পুৰুষ আৰু মহিলাৰ মাজত চৰিত্ৰগত বৈশিষ্ট্য হিচাপে এই ধৰণৰ যৌন আকাংক্ষা এক সাধাৰণ কথা।১২

অভিধা

সাধাৰণতে, দুইজনতকৈ বেছি ব্যক্তিৰ মাজত একেসময়তে পৰিচালিত যৌনকাৰ্যক দলগত যৌনকাৰ্য বুলি কোৱা হয়। অংশগ্ৰহণকাৰীৰ সংখ্যা লিংগ (জৈৱিক), যৌন অভিমুখিতা আৰু যৌন কাৰ্যৰ বৈশিষ্ট্য অনুসৰি দলগত যৌনকাৰ্যক বিভিন্ন অভিধাৰে সংজ্ঞাবদ্ধ কৰা হয়:

  • বৃত্তাকাৰ হস্তমৈথুন বা চাৰ্কল জাৰ্ক

বৃত্তাকাৰে অৱস্থান কৰি, সাধাৰণতে বহি লৈ পুৰুষৰ মাজত কৰা সামূহিক হস্তমৈথুন।

  • ডেইজী চেইন

বৃত্তাকাৰে অৱস্থান কৰি ইজনে সিজনৰ জননাংগ মেহন কৰি, প্ৰত্যেকজন অংশগ্ৰহণকাৰীক একেসময়তে মুখমেহন প্ৰদান আৰু প্ৰাপ্ত কৰাৰ সুবিধা দিয়া।৩

  • সামূহিক মৈথুন বা গেং বেং

একাধিক ব্যক্তিয়ে পালপাতি বা একেলগে এজন লোকৰ সৈতে কৰা যৌনকাৰ্য,

  • ত্ৰিমৈথুন বা থ্ৰীৱে'

তিনিগৰাকী ব্যক্তিয়ে, জৰুৰী নহয় যে একেসময়তে, যৌন সম্পৰ্ক স্থাপন কৰা। ই ত্ৰি-সহবাসৰ (আক্ষৰিক অৰ্থত তিনিজনে বসবাস কৰা) বা ménage à trois সৈতে একে নহয়।

  • চতুৰ্মৈথুন বা ফ'ৰ ৱে'

চাৰিগৰাকী ব্যক্তিৰ মাজত মৈথুনকাৰ্য। ই চতুৰ্সহবাসৰ (চাৰিজনে একেলগে বসবাস কৰা) বা ménage à quatre সৈতে একে নহয়।

  • দ্বি-স্তম্ভন বা ডাবল পেনিট্ৰেচন

এগৰাকী ব্যক্তিৰ যোনিপথ আৰু পায়ুদ্বাৰত দুজন ব্যক্তিয়ে একেসময়তে লিংগ প্ৰৱেশ কৰোৱা কাৰ্য। সাধাৰণতে এয়া যেতিয়া এজনে পায়ুদ্বাৰত আৰু আনজনে যোনিপথত অংগ প্ৰৱেশ কৰোঁতে সংঘটিত হয়, অৱশ্যে ই একেই পথেৰে একেসময়তে অংগ প্ৰৱেশ কৰাটোকো বুজায়।

  • স্পিনট্ৰিয়ান

চিউট'নিয়াচে ব্যৱহাৰ কৰা এক শব্দ যি সম্ৰাট টাইবেৰিয়াচে কেপ্ৰি দ্বীপত লিপ্ত হোৱা সামূহিক যৌনকাৰ্যক বুজায়।৪

  • ম'ন'গেমাছ সামূহিক যৌনকাৰ্য বা ছেম ৰূম ছেক্স(অথবা চফ্ট স্বেপিং)

সুকীয়াকৈ যোৰা বান্ধি একেটা কোঠাতে সংগীৰ অদল-বদল নকৰাকৈ যৌনকাৰ্যত লিপ্ত হোৱা।

প্ৰৱণতা

২০১৫ চনৰ আমেৰিকান জৰীপ এটাত, মহিলাতকৈ যথেষ্ট বেছি শতাংশ পুৰুষে সঁহাৰি দিছিল যে তেওঁলোকৰ ত্ৰিমৈথুন (১৭.৮ বনাম ১০.৩) বা দলীয় যৌন সম্ভোগৰ (১১.৫ বনাম ৬.৩) জীৱনজোৰা অভিজ্ঞতা আছে। ৫

স্বাস্থ্য

সকলো যৌন কাৰ্যকলাপৰ দৰে, দলীয় যৌন সম্ভোগৰ আপেক্ষিক বিপদাশংকা অন্তৰ্ভুক্ত নিৰ্দিষ্ট যৌন কাৰ্যকলাপৰ ওপৰত নিৰ্ভৰ কৰে, যদিও বৃহৎ সংখ্যক যৌন সঙ্গী থকা মানেই যৌন সংক্ৰমণৰ (এছটিআই) সংস্পৰ্শলৈ অহাৰ আশংকা বেছি।

১৯৮৯চনৰ মাজভাগৰ পৰা সমকামী বাথহাউছৰ বিৰুদ্ধে সক্ৰিয় ভাৱে এই বুলি পক্ষপাত কৰা হৈছিল যে সমকামী সকল এছটিআই, বিশেষকৈ এইচ.আই.ভি. বিস্তাৰৰ বাবে মূল দায়ী। কিছুমান ন্যায়াধিকৰণে বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত এই ধৰণৰ ব্যৱস্থা সমূহৰ তৎকালীন বন্ধ ঘোষণা কৰা হৈছিল।৬৭ সমাজতত্ত্ববিদ ষ্টিফেন অ' মাৰে লিখে যে, এই ক্ষেত্ৰত "কেতিয়াও কোনো প্ৰমাণ উপস্থাপন কৰা হোৱা নাছিল যিয়ে এইটো প্ৰমাণ কৰে যে বাথহাউচলৈ যোৱাটো এইডছ সংক্ৰমণৰ দৰে বিপদাশংকাৰ কাৰক হ'ব পাৰে। "৮ আন দেশ সমূহতো, এছটিআই ৰ বিয়পা সম্পৰ্কে হোৱা ভয়ে তেওঁলোকৰ ব্যক্তিগত কোঠাৰ সৈতে থকা বা যৌন ক্লাব আদিৰ বাথহাউচ সমূহৰ বন্ধৰ ক্ষেত্ৰত অৰিহণা যোগায় আৰু এনে অনুষ্ঠান সমূহ য'ত সকলো ধৰণৰ যৌন কাৰ্যকলাপ মুক্ত ভাৱে অনুশীলন কৰা হয়, সেইসমূহত অংশগ্ৰহণ কৰা লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন নীতি বলবৎ কৰাৰ লগতে তত্ত্বাৱধায়কৰো ব্যৱস্থা কৰা হয়।৯

সাধাৰণতে দলগত যৌন সম্ভোগ কৰাৰ বাবে থকা ক্লাব ইত্যাদিয়ে প্ৰায়ে কণ্ডম, ডেণ্টেল ডেম, দাঁতৰ বান্ধ, ল্যেটেক্স হাতমোজা, লুব্ৰিকেণ্ট আৰু সুৰক্ষিত যৌন সম্ভোগৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰী প্ৰদান কৰে। বিশেষকৈ বাথহউচ হৈছে সুৰক্ষিত যৌন সম্ভোগৰ এক মুখ্য উৎস— এই সমূহত সুৰক্ষিত যৌন কাৰ্যৰ বিষয়ে সজাগতাৰ হেতু বিভিন্ন পোষ্টাৰ আদি (প্ৰায়ে প্ৰতিটো কোঠাৰ লগতে সাধাৰণ অঞ্চলত) লগাই ৰাখে। ইয়াৰোপৰি বিনামূলীয়া কণ্ডম আৰু লুব্ৰিকেণ্ট প্ৰদান কৰে, আৰু প্ৰায়ে এইটো নিশ্চিত কৰণত গুৰুত্ব দিয়ে যে জড়িত লোক সকলে যাতে সুৰক্ষিত যৌন সম্ভোগ কৰিব পাৰে।১০১১১২১৩

আইন

যৌন অপৰাধ আইন ১৯৬৭ৰ দ্বাৰা ইংলেণ্ড আৰু ৱেলছত ব্যক্তিগত ভাৱে ২১ বছৰৰ অধিক বয়সৰ দুজন পুৰুষৰ মাজত হোৱা যৌনতাক অপৰাধ মুক্ত ঘোষনা কৰে;১৪ অৱশ্যে, আইনৰ নিষেধাজ্ঞাত এইটো বৰ্তি থাকে যে, তৃতীয় ব্যক্তিএজনে যৌন সম্ভোগত অংশগ্ৰহণ কৰিব নোৱাৰিব, আনকি উপস্থিত থাকিবও নোৱাৰিব, লগতে দু'জন পুৰুষে হোটেলত যৌন সম্ভোগ কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাবোৰ ২০০০ চনত ইউৰোপীয় মানৱ অধিকাৰ আদালতত খাৰিজ কৰা হৈছিল।১৫

অনৈতিকতা আইন, ১৯৫৭-ৰ ধাৰা ২০ক,১৬ যাক সাধাৰণতে "মেন এট এ পাৰ্টি" বুলি জনা যায়, ই দক্ষিণ আফ্ৰিকাৰ এক আইন আছিল যি তৃতীয় ব্যক্তিৰ উপস্থিতিত হোৱা পুৰুষ সমকামক অপৰাধ ঘোষণা কৰিছিল। এই শাখাটো অনীতি সংশোধন আইন, ১৯৬৯-ৰ দ্বাৰা প্ৰণয়ন কৰা হৈছিল আৰু ১৯৯৮ চনত গে' আৰু লেছবিয়ান সমতাৰ বাবে ৰাষ্ট্ৰ সংঘৰ সাংবিধানিক আদালতে ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰালৈকে কাৰ্যকৰী হৈ আছিল।

চীনত দলগত যৌন সম্ভোগ অবৈধ, চীনৰ ১৯৯৭ চনৰ অপৰাধী আইনৰ অনুচ্ছেদ ৩০১-ৰ মতে "দলগত যৌন কাৰ্য" অবৈধ।১৭১৮

বৰ্হি সংযোগ

তথ্যসূত্ৰ

  1. ↑ Joyal, Christian C.; Cossette, Amélie; Lapierre, Vanessa. (2015). What Exactly Is an Unusual Sexual Fantasy?. The Journal of Sexual Medicine. পৃ. 328–340
  2. ↑ LEHMILLER, DR. JUSTIN J. (2018). TELL ME WHAT YOU WANT: the science of sexual desire and how it can help you improve your sex .. life.. ROBINSON. ISBN 978-1472142238
  3. ↑ A dictionary of slang - "D" - Slang and colloquialisms of the UK.
  4. ↑ Forberg, Friedrich Karl. (1963). Manual of classical erotology (De figuris Veneris). Medical Press of New York. পৃ. 233
  5. ↑ Sexual diversity in the United States, 2015 survey
  6. ↑ Gross, Jane. (October 14, 1985). Bathhouses reflect AIDS concerns. The New York Times
  7. ↑ Woods Binson 2003
  8. ↑ Murray 1996
  9. ↑ Woods, William J.; Diane Binson. (2003). Gay Bathhouses and Public Health Policy. Haworth Press. ISBN 978-1-56023-273-5
  10. ↑ Westerfelt, Alex. (August 2005). Bathhouse Norms: What goes on in the Bathhouse?. Healthy Living
  11. ↑ Bernstein, Sharon. (March 23, 2004). Rising Rate of HIV Infection Renews Bathhouse Debate. Los Angeles Times
  12. ↑ (October 15, 2007). NHS to hold STI testing in gay sauna. Pink News
  13. ↑ (September 17, 2009). QX journal article. QX Magazine London. QX. পৃ. 44
  14. ↑ "From Section 28 to a Home Office float - Tories come out in force at gay march", The Guardian, London, 3 July 2010
  15. ↑ HUDOC - European Court of Human Rights. hudoc.echr.coe.int
  16. ↑ In 1988 the Immorality Act was renamed the Sexual Offences Act
  17. ↑ www.pressreader.com/singapore/esquire-singapore/
  18. ↑ Robert Foyle Hunwick. Polyamory in the PRC: A brief history of sex and swinging in modern China. SupChina

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলগত যৌনকাৰ্য” প্ৰবন্ধৰ সংশোধন ৬৩২৩১২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।