অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কিশোৰ প্ৰীতি

কিশোৰ প্ৰীতি বা বালক প্ৰীতি (Pederasty বা paederasty) হৈছে এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু কিশোৰৰ বা বালকৰ মাজত যৌন সম্পৰ্ক। পেডেৰাষ্টি শব্দটো মুখ্যতঃ কিছুমান সংস্কৃতিৰ ঐতিহাসিক প্ৰথা, বিশেষকৈ প্ৰাচীন গ্ৰীচ আৰু প্ৰাচীন ৰোমক বুজাবলৈ ব্যৱহাৰ কৰা হয়। বৰ্তমান বেছিভাগ দেশতে এনে সম্পৰ্ক অবৈধ।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৮৪ শব্দ · ২ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কিশোৰ প্ৰীতি বা বালক প্ৰীতি (Pederasty বা paederasty) হৈছে এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু কিশোৰৰ বা বালকৰ মাজত যৌন সম্পৰ্ক। পেডেৰাষ্টি শব্দটো মুখ্যতঃ কিছুমান সংস্কৃতিৰ ঐতিহাসিক প্ৰথা, বিশেষকৈ প্ৰাচীন গ্ৰীচ আৰু প্ৰাচীন ৰোমক বুজাবলৈ ব্যৱহাৰ কৰা হয়। বৰ্তমান বেছিভাগ দেশতে এনে সম্পৰ্ক অবৈধ। সন্মতিৰ স্থানীয় বয়সে এজন ব্যক্তিক যৌন কাৰ্য্যত সন্মতি দিবলৈ আইনীভাৱে সক্ষম বুলি গণ্য কৰা হয় নে নহয়, আৰু এনে সম্পৰ্ক শিশু যৌন উৎপীড়ন নে আইনী ধৰ্ষণ তাক নিৰ্ধাৰণ কৰে। নাবালকৰ সৈতে যৌন কাৰ্যকলাপত লিপ্ত হোৱা প্ৰাপ্তবয়স্ক এজনক বিভিন্ন কাৰণত অপমানজনক বুলি গণ্য কৰা হ'ব পাৰে। এই কাৰণ সমূহৰ ভিতৰত আছে নাবালকৰ বয়স, নাবালকৰ এক বা একাধিক মানসিক বিকাৰ হোৱাৰ সম্ভাৱনা, যেনে যৌন উৎপীড়ণৰ ফলত হোৱা আঘাতৰ পিছত আৰম্ভ হ'ব পৰা মানসিক চাপ, নাবালকৰ শাৰীৰিক আঘাত, আৰু প্ৰাপ্তবয়স্ক অৱস্থাত নাবালকজন অধিক ভুক্তভোগী হোৱাৰ প্ৰৱণতা।

ব্যুৎপত্তি আৰু ব্যৱহাৰ

তথাকথিত ৱাৰেন কাপত অঙ্কিত চিত্ৰত বালক-পুৰুষ যৌনক্ৰিয়া, ৰোমান শিল্পকলা, খ্ৰিষ্টীয় প্ৰথম শতাব্দী
তথাকথিত ৱাৰেন কাপত অঙ্কিত চিত্ৰত বালক-পুৰুষ যৌনক্ৰিয়া, ৰোমান শিল্পকলা, খ্ৰিষ্টীয় প্ৰথম শতাব্দীছবি: Unknown artist · Public domain

পেডেৰাষ্টি παίδ- (বালক১ বা শিশু২ শব্দৰ গ্ৰীক প্ৰতিশব্দ) আৰু আৰু ἐραστής(প্ৰেমিক) শব্দ দুটাৰ সন্ধিৰ ফলত সৃষ্টি হৈছে। ষোড়শ শতিকাৰ প্লেটোৰ ধ্ৰুপদী গ্ৰীক সাহিত্যৰ গ্ৰন্থ দ্য চিম্পোজিয়ামৰ পৰা এই শব্দটো কৃতঋণ শব্দ হিচাপে পোনপটীয়াকৈ ব্যৱহাৰ কৰা হয়। এই শব্দটো প্ৰথমে নৱজাগৰণৰ সময়ত ইংৰাজী ভাষাত প্ৰকাশ পাইছিল আৰু ইয়াৰ দ্বাৰা পুৰুষ আৰু নাবলক বা কিশোৰৰ মাজত সংঘটিত যৌন সম্পৰ্কৰ অৰ্থ বুজোৱা হৈছিল। অক্সফৰ্ড ইংৰাজী অভিধানে ইয়াক "এজন পুৰুষ আৰু ল'ৰাৰ মাজত সমকামী সম্পৰ্ক; সমকামী পায়ু সংগম, সাধাৰণতে নিষ্ক্ৰিয় সঙ্গী হিচাপে ল'ৰা বা কম বয়সীয়া পুৰুষৰ সৈতে" বুলি সংজ্ঞায়িত কৰে।৩ ঊনবিংশ শতাব্দীৰ এখন যৌন গবেষণাগ্ৰন্থত পুৰুষে "নিজ স্ত্ৰীৰ সৈতে পেডেৰাষ্টি"-ক "নাৰীৰ পায়ুত পুৰুষাঙ্গ প্ৰৱেশ কৰোৱা" অৰ্থত বৰ্ণনা কৰা হৈছিল।৪

আধুনিক দৃষ্টিভংগী

বৰ্তমান সময়ত এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে নাবালকৰ সৈতে যৌন কাৰ্যকলাপত লিপ্ত হোৱাক শিশু যৌন উৎপীড়ন বা আইনী ধৰ্ষণ বুলি গণ্য কৰা হ'ব পাৰে। যৌন সংগমৰ প্ৰতি সন্মতিৰ স্থানীয় বয়সৰ ওপৰত নিৰ্ভৰ কৰি এই কাৰ্যত অপৰাধ বুলি গণ্য কৰা হ'ব পাৰে। সন্মতি আইনৰ বয়স এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হয় কিয়নো নাবালকসকলে এক নিৰ্দিষ্ট বয়স নোহোৱালৈকে যৌন কাৰ্যকলাপত অৰ্থপূৰ্ণভাৱে সন্মতি দিবলৈ অক্ষম বুলি গণ্য কৰা হয়।৫৬ যৌৱন প্ৰাপ্তিৰ পূৰ্বৰ শিশু আৰু কিশোৰ-কিশোৰীসকল সামাজিকভাৱে প্ৰাপ্তবয়স্কসকলৰ সমান নহয়, আৰু উৎপীড়কসকলে তেওঁলোকে ভুক্তভোগী শিশুসকলক আৱেগিকভাৱে নিয়ন্ত্ৰণ কৰে।৭ ৬৫-৬৬ ধাৰাৰ এই আইনবোৰৰ উদ্দেশ্য হৈছে প্ৰাপ্তবয়স্কসকলৰ সৈতে লুণ্ঠনমূলক বা শোষণমূলক যৌন আদান-প্ৰদানৰ বিৰুদ্ধে নাবালকক কিছু সুৰক্ষা দিয়া।৬৮

শিশুৰ যৌন উৎপীড়নৰ প্ৰভাৱ সমূহ হৈছে হতাশা,৯ আঘাতৰ পিছত মানসিক চাপ,১০ উদ্বেগ,১১ জটিল আঘাতৰ পিছত শাৰীৰিক অসুস্থতা বা মানসিক চাপ,১২ প্ৰাপ্তবয়স্ক অৱস্থাত অধিক পৰিমাণে ভুক্তভোগী হোৱাৰ প্ৰৱণতা১৩ আদি।১৪১৫

যৌন উপভোগৰ ক্ষেত্ৰত ল'ৰাক পছন্দ কৰা যৌন উৎপীড়কসকলে নিজকে "ল'ৰাৰ প্ৰেমিক" বুলি ব্যক্ত কৰিব পাৰে,১৬১৭ তেওঁলোকে নিজৰ পক্ষত যুক্তি প্ৰদানৰ বাবে কেতিয়াবা প্ৰাচীন গ্ৰীচৰ প্ৰথাবোৰৰ উল্লেখ কৰে।১৮১৯

তথ্যসূত্ৰ

  1. ↑ Marguerite Johnson, Terry Ryan, Sexuality in Greek and Roman Society and Literature: A Sourcebook p.110
  2. ↑ Liddell and Scott, 1968 p.585
  3. ↑ Oxford English Dictionary, "pederasty"
  4. ↑ Richard Krafft-Ebing, Psychopathia Sexualis. p.397; Arcade, 1998
  5. ↑ (2005-06-15). Can Statutory Rape Laws Be Effective in Preventing Adolescent Pregnancy?. Guttmacher Institute
  6. ↑ Sutherland, Kate. From Jailbird to Jailbait: Age of Consent Law and the Construction of Teenage Sexualities. William & Mary Journal of Race, Gender, and Social Justice. পৃ. 313–349
  7. ↑ Salter, Anna. (2018). Predators: pedophiles, rapists, and other sex offenders. Basic Books. ISBN 978-1-541-67382-3
  8. ↑ State Legislators' Handbook for Statutory Rape Issues. U.S Department of Justice - Office for Victims of Crime
  9. ↑ (February 1999). The relation of child sexual abuse and depression in young women: comparisons across four ethnic groups. Journal of Abnormal Child Psychology. পৃ. 65–76
  10. ↑ Widom, Cathy Spatz. (August 1999). Posttraumatic stress disorder in abused and neglected children grown up. The American Journal of Psychiatry. পৃ. 1223–1229
  11. ↑ (2003). Childhood adversities associated with major depression and/or anxiety disorders in a community sample of Ontario: issues of co-morbidity and specificity. Depression and Anxiety. পৃ. 34–42
  12. ↑ Roth, Susan; Newman, Elana; Pelcovitz, David. (1997). Complex PTSD in victims exposed to sexual and physical abuse: Results from the DSM-IV field trial for posttraumatic stress disorder. Journal of Traumatic Stress. পৃ. 539–55
  13. ↑ Messman-Moore, T. L.; Long, P. J. (2000). Child Sexual Abuse and Revictimization in the Form of Adult Sexual Abuse, Adult Physical Abuse, and Adult Psychological Maltreatment. Journal of Interpersonal Violence. পৃ. 489–502
  14. ↑ (January 2000). Early sexual abuse and lifetime psychopathology: a co-twin-control study. Psychological Medicine. পৃ. 41–52
  15. ↑ Kendall-Tackett, KA; Williams, LM, Finkelhor, D. (January 1993). Impact of sexual abuse on children: a review and synthesis of recent empirical studies.. Psychological Bulletin. পৃ. 164–80 page 170
  16. ↑ Lynch, Virginia A.; Duval, Janet Barber. (2010). Forensic Nursing Science - E-Book. Elsevier Health Sciences. পৃ. 424. ISBN 9780323066389
  17. ↑ Thio, Alex; Calhoun, Thomas C. (2004). Readings in Deviant Behavior. Allyn and Bacon. পৃ. 274. ISBN 9780205389155
  18. ↑ Durkin, KF; Clifton DB. (1999). Propagandizing pederasty: A thematic analysis of the on-line exculpatory accounts of unrepentant pedophiles. Deviant Behavior. পৃ. 103–127
  19. ↑ Nardi, Peter M.; Schneider, Beth E. (2013). Social Perspectives in Lesbian and Gay Studies: A Reader. Routledge. পৃ. 320. ISBN 9781136219382

সম্পৰ্কিত শ্ৰেণী

যৌন অভিমুখিতাএলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিশোৰ প্ৰীতি” প্ৰবন্ধৰ সংশোধন ৬২৪০৭৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।