অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

মাতৃত্বকালীন মৃত্যু

মাতৃত্বকালীন মৃত্যুৰ (Maternal death) সংজ্ঞা কেইবাটাও ভিন্ন স্বাস্থ্য সংস্থাই অলপ বেলেগ বেলেগ ধৰণে দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে গৰ্ভাৱস্থাৰ সৈতে জড়িত জটিলতাৰ বাবে গৰ্ভৱতী মাতৃৰ মৃত্যু অথবা গৰ্ভাৱস্থাৰ ব্যৱস্থাপনাৰ ফলত অধিক অৱনতি হোৱা অন্তৰ্নিহিত অৱস্থাৰ কাৰণে হোৱা মৃত্যুক মাতৃত্বকালীন…

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৩ ৩৭৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

মাতৃত্বকালীন মৃত্যুৰ (Maternal death) সংজ্ঞা কেইবাটাও ভিন্ন স্বাস্থ্য সংস্থাই অলপ বেলেগ বেলেগ ধৰণে দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে গৰ্ভাৱস্থাৰ সৈতে জড়িত জটিলতাৰ বাবে গৰ্ভৱতী মাতৃৰ মৃত্যু অথবা গৰ্ভাৱস্থাৰ ব্যৱস্থাপনাৰ ফলত অধিক অৱনতি হোৱা অন্তৰ্নিহিত অৱস্থাৰ কাৰণে হোৱা মৃত্যুক মাতৃত্বকালীন মৃত্যু বোলা হয়। এনে মৃত্যু গৰ্ভৱতী অৱস্থাত বা গৰ্ভাৱস্থাৰ সমাপ্তিৰ ছয় সপ্তাহৰ ভিতৰত এনে হ'ব পাৰে।১ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰোল এণ্ড প্ৰিভেনচনৰ (CCD) সংজ্ঞাই গৰ্ভাৱস্থা সম্পৰ্কীয় মৃত্যুৰ সময়সীমা গৰ্ভাৱস্থাৰ সমাপ্তিৰ পৰা এবছৰলৈ সামৰি লয়।২ ৩ আমেৰিকান কলেজ অফ অবষ্টেট্ৰিছিয়ানছ এণ্ড গাইনেক'লজিষ্টৰ (ACOG) সংজ্ঞা অনুসৰি গৰ্ভাৱস্থাৰ লগত জড়িত মৃত্যু হ'ল গৰ্ভাৱস্থাৰ সমাপ্তি হোৱাৰ এবছৰৰ ভিতৰত হোৱা সকলো মৃত্যু।৪ গৰ্ভাৱস্থাৰ লগত জড়িত মৃত্যু চিনাক্তৰ ক্ষেত্ৰত গৰ্ভাৱস্থাটো মৃত্যুৰ প্ৰত্যক্ষ বা পৰোক্ষ অৰিহণা যোগোৱা কাৰণ আছিল নে নাই সেইটো নিৰ্ণয় কৰাটো গুৰুত্বপূৰ্ণ।

কোনো সম্প্ৰদায় বা দেশত মাতৃৰ মৃত্যুৰ হাৰৰ কথা কওঁতে দুটা মূল জোখ ব্যৱহাৰ কৰা হয়। এয়া হৈছে মাতৃৰ মৃত্যুৰ অনুপাত আৰু মাতৃৰ মৃত্যুৰ হাৰ, দুয়োটাকে সংক্ষিপ্তভাৱে "এমএমআৰ" (MMA) বুলি কোৱা হয়।৫ ১৯৯০ চনৰ পৰা ২০১৭ চনলৈকে বিশ্বত মাতৃৰ মৃত্যুৰ হাৰ ৪৪% হ্ৰাস পাইছিল; কিন্তু প্ৰতিদিনে ৮০৮ গৰাকী মহিলাৰ গৰ্ভাৱস্থা বা প্ৰসৱৰ লগত জড়িত কাৰণত মৃত্যু হয়।৬ ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ (UNFPA) ২০১৭ চনৰ প্ৰতিবেদন অনুসৰি প্ৰায় প্ৰতি ২ মিনিটৰ মূৰে মূৰে সন্তান জন্ম বা গৰ্ভাৱস্থাৰ ফলত হোৱা জটিলতাৰ বাবে এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত্যু হোৱা প্ৰতিগৰাকী মহিলাৰ বিপৰীতে প্ৰায় ২০ৰ পৰা ৩০ গৰাকী মহিলাই আঘাত, সংক্ৰমণ বা জন্ম বা গৰ্ভাৱস্থাৰ লগত জড়িত অন্যান্য জটিলতাৰ সন্মুখীন হয়।৬

UNFPA-ই অনুমান কৰিছে যে ২০১৫ চনত গৰ্ভাৱস্থা বা প্ৰসৱৰ সৈতে জড়িত কাৰণত ৩০৩,০০০ মহিলাৰ মৃত্যু হৈছিল।৬৭ বিশ্ব স্বাস্থ্য সংস্থাই মাতৃৰ মৃত্যুৰ কাৰণ দুটা ভাগত ভাগ কৰিছে: প্ৰত্যক্ষ প্ৰসূতিৰ মৃত্যু আৰু পৰোক্ষ প্ৰসূতিৰ মৃত্যু। প্ৰত্যক্ষ প্ৰসূতিৰ মৃত্যুৰ কাৰণ- গৰ্ভধাৰণ, জন্ম বা গৰ্ভপাতৰ জটিলতা। উদাহৰণস্বৰূপে, ই গুৰুতৰ ৰক্তক্ষৰণৰ পৰা আৰম্ভ কৰি জটিল প্ৰসৱলৈকে হ'ব পাৰে।৮১ গৰ্ভাৱস্থাৰ বাবে হৃদযন্ত্ৰৰ সমস্যা আদিৰ অৱস্থাৰ অৱনতিৰ ফলত হোৱা মৃত্যুক পৰোক্ষ প্ৰসূতিৰ মৃত্যু বোলা হয়।১

মহিলাসকলে পৰিয়াল পৰিকল্পনা আৰু জৰুৰীকালীন প্ৰসূতি সেৱা তথা দক্ষ জন্ম পৰিচাৰকৰ সুবিধা লাভ কৰাৰ সমান্তৰালকৈ বিশ্বব্যাপী মাতৃৰ মৃত্যুৰ অনুপাত হ্ৰাস পাইছে। ১৯৯০ চনত প্ৰতি এক লাখ জীৱিত জন্মৰ বিপৰীতে মাতৃৰ মৃত্যুৰ হাৰ আছিল ৩৮৫ জন; ২০১৫ চনত ই হ’লতৈ প্ৰতি এক লাখ জীৱিত জন্মৰ বিপৰীতে ২১৬ জন।৬৭ বহু দেশত যোৱা ১০ বছৰত মাতৃৰ মৃত্যুৰ হাৰ আধালৈ হ্ৰাস পাইছে।[6] যদিও মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে, কম সম্পদৰ অঞ্চলত উন্নতিৰ বহু অৱকাশ আছে। আফ্ৰিকা আৰু এছিয়াৰ কম সম্পদৰ সম্প্ৰদায়ত ৮৫% তকৈ অধিক মাতৃৰ মৃত্যু দেখা যায়।৬ আনহাতে এনেকুৱা উচ্চ সম্পদ অঞ্চলতো বহু আছে, য’ত মাতৃৰ মৃত্যুৰ হাৰ অধিক। ইয়াৰ সৈতে মাতৃৰ মৃত্যু আৰু ৰোগজনিত মৃত্যুৰ হাৰত বৰ্ণ আৰু জাতিগত বৈষম্যৰ সম্পৰ্ক আছে।৪ ৭

সামগ্ৰিকভাৱে মাতৃৰ মৃত্যুৰ হাৰ দেশৰ সামগ্ৰিক স্বাস্থ্য ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ চিহ্ন আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত প্ৰতিফলিত হয়।৪ মাতৃৰ মৃত্যুৰ পৰিমাণ হ্ৰাস কৰাটো বিশ্বৰ বহু স্বাস্থ্য সংস্থাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।

দেশ অনুযায়ী মাতৃত্বকালীন মৃত্যুৰ হাৰ

মাতৃৰ মৃত্যুৰ অনুপাত (MMR) হৈছে গৰ্ভাৱস্থা বা ইয়াৰ ব্যৱস্থাপনাৰ সৈতে জড়িত বা গুৰুতৰ যিকোনো কাৰণত (আকস্মিক কাৰণ বাদ দি) প্ৰতি এক লাখ জীৱিত জন্মৰ বিপৰীতে বাৰ্ষিক মহিলাৰ মৃত্যুৰ সংখ্যা।

গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Indicator Metadata Registry Details. www.who.int
  2. ↑ (25 November 2020). Pregnancy Mortality Surveillance System - Pregnancy - Reproductive Health. CDC
  3. ↑ (2019-02-26). Pregnancy-Related Deaths · CDC. www.cdc.gov
  4. ↑ Atrash, H. K.; Rowley, D.; Hogue, C. J. (February 1992). Maternal and perinatal mortality. Current Opinion in Obstetrics & Gynecology. পৃ. 61–71
  5. ↑ Maternal Mortality Ratio vs Maternal Mortality Rate on Population Research Institute website
  6. ↑ Maternal health. United Nations Population Fund
  7. ↑ Ozimek, John A.; Kilpatrick, Sarah J. (2018-06-01). Maternal Mortality in the Twenty-First Century. Obstetrics and Gynecology Clinics. পৃ. 175–186
  8. ↑ GBD 2013 Mortality Causes of Death Collaborators. (January 2015). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013. Lancet. পৃ. 117–71
  9. ↑ Maternal mortality ratio (modeled estimate, per 100,000 live births) · Data
  10. ↑ What's killing America's new mothers? By Annalisa Merelli. October 29, 2017. Quartz. "The dire state of US data collection on maternal health and mortality is also distressing. Until the early 1990s, death certificates did not note if a woman was pregnant or had recently given birth when she died. It took until 2017 for all US states to add that check box to their death certificates."

সম্পৰ্কিত শ্ৰেণী

মানৱ গৰ্ভধাৰণচিকিৎসা বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাতৃত্বকালীন মৃত্যু” প্ৰবন্ধৰ সংশোধন ৩৪৪৬৮০ (৭ ফেব্ৰুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।