অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস

আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস পৃথিৱীৰ যৌন আৰু লৈংগীক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে মে মাহৰ ১৭ তাৰিখে এই দিৱস পালন কৰা হয়।

হালনাগাদ: ৭ এপ্ৰিল ২০২৬ ৫৫০ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস১২ পৃথিৱীৰ যৌন আৰু লৈংগীক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে মে মাহৰ ১৭ তাৰিখে এই দিৱস পালন কৰা হয়। ইংৰাজীত 'ফবিয়া' মানে বিপদৰ সন্মুখীন হোৱাৰ বাবে অথবা সম্ভাৱ্য বিপদৰ বাবে হোৱা মানসিক উত্তেজনা আৰু অস্থিৰতা। ফবিয়া একপ্ৰকাৰৰ মানসিক ৰোগ। আক্ষৰিক ভাবে হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া মানে ক্ৰমে সমকামী, ট্ৰান্সজেণ্ডাৰ আৰু উভকামী সকলৰ বিৰুদ্ধে থকা ভীতি বা সন্ত্ৰাস যদিও এই দিৱসে সকলো যৌন অভিমুখীতা আৰু লিংগ বৰ্ণালীৰ সকলো সম্প্ৰদায়ৰ প্ৰতি বৈষম্যৰ বিৰুদ্ধে সচেতনতা বৃদ্ধিৰ বাবে উদযাপন কৰা হয়। এলজিবিটি+ সম্প্ৰদায়ৰ অধিকাৰৰ হননৰ বিৰুদ্ধে মাত মতা আৰু তেওঁলোকৰ অধিকাৰৰ দাবী সমূহক ন্যায্যতা প্ৰদান কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য। ২০১৬ চনৰ লৈকে এই দিৱস বিশ্বৰ ১৩২খন দেশত পালন কৰা হৈছে।৩

পূৰ্বতে এই দিৱস হমফবিয়াৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস আছিল যদিও পিছলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰা হয়। বিভিন্ন দেশত তৃণমূল পৰ্যায়ত বিভিন্ন কাৰ্যপন্থা হাতত লৈ এই দিৱসৰ চৰকাৰী স্বীকৃতিৰ বাবে হমফবিয়াৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস কমিটিয়ে কাম কৰে। ১৯৯০ চনৰ ১৭ মে তাৰিখে বিশ্ব স্বাস্থ্য সংস্থায়ে সমকামিতাক আন্তৰ্জাতিক ৰোগৰ শ্ৰেণীবিভাজনৰ পৰা আঁতৰাই দিছিল। সেয়ে এই দিৱসৰ বাবে ১৭ মে দিনটো বাছনি কৰা হৈছিল।৪

ইতিহাস

archivedate=2015-09-08 }}</ref>
archivedate=2015-09-08 }}</ref>ছবি: Niko111 at English Wikipedia · CC BY 3.0

, ট্ৰান্সফবিয়া আৰু বাইফবিয়াৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস উপলক্ষে অংকিত চিত্ৰ]]

বহু আগৰে পৰা জাৰ্মানীত ১৭ মে তাৰিখে অনানুষ্ঠানিক ভাবে 'গে ডে' বা 'সমকামী দিৱস' হিচাপে পালন কৰি অহা হৈছিল। জাৰ্মানীত ১৭ মে'ক ১৭.৫ হিচাপে লিখা হয়। জাৰ্মানী দণ্ডবিধি আইনৰ ১৭৫ দফাত সমকামিতাৰ বিষয়ে বৰ্ণনা আছিল।

২০০৪ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্বব্যাপী হমফবিয়াৰ বিৰুদ্ধে এক আন্তৰ্জাতিক দিৱসৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ২০০৫ চনৰ ১৭ মে তাৰিখে বছৰজোৰা কেম্পেইন চলাই প্ৰথম হমফবিয়াৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস পালন কৰা হৈছিল। প্ৰায় ২৪,০০০ ব্যক্তি আৰু বিভিন্ন সংগঠন যেনে: আন্তঃৰাষ্ট্ৰীয় লেছবিয়ান আৰু গে সংঘ, আন্তৰ্জাতিক গে আৰু লেছবিয়ান মানৱ অধিকাৰ আয়োগ, এলজিবিটি ইহুদীৰ ৱৰ্ল্ড কংগ্ৰেছ আৰু আফ্ৰিকাৰ লেছবিয়ান গোটে এই দিৱসৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। বিভিন্ন দেশত এলজিবিটি সম্পৰ্কীয় অনুষ্ঠান আয়োজন কৰা হৈছিল। এই দিৱসৰ ফলতে কংগো, বুলগেৰিয়া আৰু চীন দেশত প্ৰথম বাৰৰ বাবে এলজিবিটি সম্পৰ্কীয় অনুষ্ঠান আয়োজন কৰা হৈছিল। ১৯৯০ চনৰ ১৭ মে' তাৰিখে বিশ্ব স্বাস্থ্য সংস্থায়ে সমকামিতাক ৰোগৰ শ্ৰেণীৰ পৰা মুক্ত কৰাৰ বাবে এই দিন দিৱসৰ বাবে বাছনি কৰা হৈছিল।৫

২০০৯ চনত হমফবিয়াৰ লগতে ট্ৰান্সফবিয়াক নতুনকৈ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু সেইবছৰ বিশেষকৈ ট্ৰান্সজেণ্ডাৰ সকলৰ প্ৰতি ঘৃণা আৰু অত্যাচাৰৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল। ২০০৯ চনত ৭৫খন দেশৰ ৩০০ তকৈ বেছি বেচৰকাৰী সংগঠনে এই দিৱসৰ সমৰ্থন কৰে। ২০০৯ চনৰ ১৬ মে তাৰিখে ফ্ৰান্সে বিশ্বৰ প্ৰথম দেশ হিচাপে ট্ৰান্সজেণ্ডাৰ সম্পৰ্কীয় অৱস্থাক মানসিক ৰোগৰ তালিকাৰ বৰা আঁতৰাই দিয়ে।৬৭

ফ্ৰান্সৰ নাগৰিক লুইছ জৰ্জ টিন এই দিৱসৰ প্ৰতিষ্ঠাপক আছিল। ২০১৩ চনৰ ছেপ্টেম্বৰ মাহলৈ তেওঁ কমিটিৰ অধ্যক্ষ আছিল। তেওঁৰ পিছত ভেনিজুৱেলাৰ ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী, অধিবক্তা আৰু আইন অধ্যাপক আৰু লেটিন আমেৰিকাৰ প্ৰথম ট্ৰান্স বিধানমণ্ডলীৰ সদস্য টামাৰা এড্ৰিয়ান ইয়াৰ অধ্যক্ষ হয়।৮ ২০১৩ চনৰ ১৭ মে তাৰিখে ফ্ৰান্সে সমলিংগৰ মাজত বিবাহৰ আইনী স্বীকৃতি প্ৰদান কৰে আৰু ১৮ মে তাৰিখৰ পৰা এয়া কাৰ্যকৰী হয়।৯

২০১৫ চনত ইয়াত নতুনকৈ বাইফবিয়াৰ বিষয়ে যোগ দিয়া হয়।১০

লক্ষ্য-উদ্দেশ্য

এই দিৱস উদযাপনৰ মুখ্য উদ্দেশ্য হৈছে এলজিবিটি+ সমুদায়ৰ ব্যক্তি সকলৰ প্ৰতি বিশ্বজুৰি হোৱা হিংসা, ভেদাভেদ তথা দমন-পীড়ন সম্পৰ্কে সচেতনতা বৃদ্ধি কৰা। ইয়াৰ ফলস্বৰূপে মিডিয়া, নীতিনিৰ্ধাৰক, ব্যক্তিৰ অভিমত তথা বৃহত্তৰ নাগৰিক সমাজক এই বিষয় সম্পৰ্কীয় আলোচনাত মিলিত হ'বলৈ সুযোগ প্ৰদান কৰে।

এই দিৱসৰ এক লক্ষ্য হৈছে এই যে, ইয়াৰ জৰিয়তে এক অনুষ্ঠানৰ সৃষ্টি কৰা, যিটোৱে কোনো এক নিৰ্দিষ্ট কামক দোহাই নিদিয়াকৈয়ে যাতে আন্তৰ্জাতিক পৰ্যায়ত প্ৰত্যক্ষ হৈ উঠে। ১১ এই বিকেন্দ্ৰীকৃত দৃষ্টিকোণৰ আৱশ্যকতা এই কাৰণেই যে, সামাজিক, ধাৰ্মীক, সাংস্কৃতিক, আৰু ৰাজনৈতিক ভিন্নতাৰ হেতু এই সমুদায়ৰ লোক সকলৰ বিভিন্ন সময়ত বিভিন্ন স্থানত অধিকাৰৰ উলংঘণ হৈ আহিছে।

তথ্যসূত্ৰ

  1. ↑ International Day Against Homophobia, Transphobia and Biphobia. IDAHO Committee
  2. ↑ All Events, United Nations Educational, Scientific and Cultural Organization. UNESCO
  3. ↑ (2016). Summary Report 2016. IDAHO Committee
  4. ↑ May 17th is the Intl Day Against Homophobia. Ilga.org
  5. ↑ আৰ্কাইভ কপি
  6. ↑ http://www.france24.com/en/20090516-pain-progress-global-day-against-homophobia
  7. ↑ (17 May 2009). Mobilisation mondiale contre la pénalisation de l'homosexualité - Pla…. archive.is
  8. ↑ (7 December 2015). Venezuela Elects First Transgender Congresswoman in the Americas. OUT
  9. ↑ (19 May 2013). Hollande Signs French Gay Marriage Law. The New York Times
  10. ↑ IDAHOT | Metropolitan Community Churches. Mccchurch.org
  11. ↑ MAY 17 2013 IN AUSTRALIA – EVENTS LISTINGS. IDAHO Committee

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহএলজিবিটিসমকামিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস” প্ৰবন্ধৰ সংশোধন ৬০০১২৪ (৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।