স্ত্ৰীৰোগ বিজ্ঞান (Gynaecology/Gynecology) হৈছে চিকিৎসা বিজ্ঞানৰ এক ক্ষেত্ৰ য'ত স্ত্ৰীৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত সমস্যা সম্পৰ্কে অধ্যয়ন, আলোচনা তথা ৰোগৰ চিকিৎসা কৰা হয়। ইয়াৰ বিপৰীতে এণ্ড্ৰ'লজি হৈছে গাইনিক'লজিৰ সমকক্ষ ক্ষেত্ৰ য'ত পুৰুষৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত সমস্যা সম্পৰ্কে অধ্যয়ন, আলোচনা ইত্যাদি কৰা হয়। সাম্প্ৰতিক সময়ত প্ৰায় সকলো আধুনিক স্ত্ৰীৰোগ বিশেষজ্ঞই একো একোজন প্ৰসৱতত্ত্ববিদো। বেছিভাগ ক্ষেত্ৰতে স্ত্ৰীৰোগ বিজ্ঞান আৰু প্ৰসৱতত্ত্বৰ বিশেষত্বৰ মাজত অভাৰলেপ হোৱা দেখা যায়। গ্ৰীক শব্দ গাইনি (gyne, অৰ্থাৎ স্ত্ৰী) আৰু ল'জিয়া (logia, অৰ্থাৎ অধ্যয়ন) শব্দৰ পৰাই গাইনিক'লজি শব্দটোৰ উৎপত্তি হৈছে। আক্ষৰিক অৰ্থত গাইনিক'লজিৰ অৰ্থ হৈছে "স্ত্ৰীৰ বিজ্ঞান"।১
ইতিহাস
ইজিপ্তৰ অতিকৈ পুৰণি চিকিৎসা শাস্ত্ৰ বিষয়ক পুথি কাহুন গাইনিক'লজিকেল পেপিৰাছত গাইনিক'লজিকেল ৰোগ, উৰ্বৰতা, গৰ্ভধাৰণ, গৰ্ভ-প্ৰতিৰোধ আদিকে ধৰি স্ত্ৰীৰ স্বাস্থ্য সম্পৰ্কীয় ভালেমান তথ্য পোৱা যায়। পুথিখন চৌত্ৰিশটা শাখাত বিভক্ত কৰা হৈছে আৰু প্ৰতিটো শাখাত এক নিৰ্দিষ্ট সমস্যাৰ কেনেকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰা হয় তাৰ বিষয়ে বিষদভাৱে বৰ্ণোৱা হৈছে। অৱশ্যে পূৰ্বানুমান সম্পৰ্কে কোনোধৰণৰ পৰামৰ্শ আগবঢ়োৱা হোৱা নাই। পুথিখনত উল্লিখিত চিকিৎসাসমূহ শল্যচিকিৎসা বিষয়ক নাছিল। বৰং ৰোগৰ দ্বাৰা প্ৰভাৱিত অংশত ঔষধ প্ৰয়োগ কৰা অথবা ঔষধ গিলি খোৱা আদি পদ্ধতিৰ বিষয়েহে উল্লেখ আছে কিয়নো কেতিয়াবা কেতিয়াবা গৰ্ভাশয়টোক শৰীৰৰ আন অংশত প্ৰকাশ হোৱা অসুস্থতাৰ উৎস হিচাপে দেখা যায়।২
ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতি অৰ্থাৎ আয়ুৰ্বেদতো স্ত্ৰীৰোগ বিজ্ঞান বিষয়ক ধাৰণাসমূহ আৰু কৌশলসমূহৰ বিষয়ে ভালেমান তথ্য পোৱা যায়।৩৪
খ্ৰীষ্টপূৰ্ব পঞ্চম/চতুৰ্থ শতিকাৰ কেইবাখনো স্ত্ৰীৰোগ সম্পৰ্কীয় ৰচনা হিপোক্ৰেটিক কৰ্পাছত অন্তৰ্ভুক্ত আছে। আনহাতে, খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ চিকিৎসাবিজ্ঞান সম্পৰ্কীয় পুথিৰ অন্যতম এক উৎস আছিল এৰিষ্ট'টল।৫ এফিছাছৰ ছৰানাছৰ স্ত্ৰীৰোগ বিষয়ক ৰচনা গাইনাইকিয়া (Gynaikeia) এতিয়াও অক্ষত অৱস্থাত আছে। উল্লেখযোগ্য যে এফিছাছৰ ছৰানাছ মেথ'ডিক স্কুল অৱ মেডিচিনৰ এজন মুখ্য প্ৰতিনিধি আছিল।
জেমছ মেৰিয়ন চিমছক আধুনিক স্ত্ৰীৰোগ বিজ্ঞানৰ জনক বুলি গণ্য কৰা হয়।৬ তেওঁ কৃষ্ণবৰ্ণৰ দাসী তিৰোতাসকলৰ ওপৰত এনেছথিজিয়া অবিহনেই অস্ত্ৰোপ্ৰচাৰ কৰি কিছুমান শল্যচিকিৎসা বিষয়ক কৌশল বিকশিত কৰিছিল। ইয়াৰ বাবে তেওঁ যথেষ্ট সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছিল।৭৮ চিমছে তেওঁৰ ঘৰৰ পাছফালে বনোৱা এখন চিকিৎসালয়ত ১২ গৰাকী দাসী মহিলাৰ অস্ত্ৰোপ্ৰচাৰ কৰিছিল। এই অস্ত্ৰোপচাৰ সম্পাদন কৰোঁতে তেওঁ পুৰুষ চিকিৎসক আৰু শিক্ষাৰ্থীসকলক মাতি আনিছিল যাতে তেওঁলোকে মহিলা কেইগৰাকীৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ আক্ৰমণাত্মক আৰু বেদনাদায়ক প্ৰক্ৰিয়া স্বচক্ষে চাব পাৰে। সেই মহিলা কেইগৰাকীৰ ভিতৰত এনাৰ্চা ৱেষ্টকোট নামৰ মহিলাগৰাকীৰ ওপৰত চিমছে এনেছথিজিয়া অবিহনেই ৩০ টাকৈ অস্ত্ৰোপচাৰ সম্পাদন কৰিছিল।৯ ভালেসংখ্যক দাসী মহিলা থকা বাবে চিমছে এজনীৰ পাছত আন এজনী মহিলাৰ ওপৰত তেওঁলোকৰ ফিষ্টুলাৰ মেৰামতি নিখুঁত কৰিবলৈ নিৰন্তৰ চেষ্টা কৰিছিল। পাছলৈ চিকিৎসক আৰু শিক্ষাৰ্থীসকলে চিমছক সহায় কৰিবলৈ আগ্ৰহ হেৰুৱাইছিল, আৰু সেয়েহে চিমছে তেওঁক সহায় কৰিবলৈ আন দাসী মহিলাসকলক নিযুক্তি দিছিল, যিসকলে তেওঁলোকৰ নিজৰ অস্ত্ৰোপচাৰৰ পৰা আৰোগ্য হৈ আহিছিল। ১৮৫৫ চনত চিমছে নিউয়ৰ্ক মহানগৰত মহিলাৰ চিকিৎসালয় প্ৰতিষ্ঠা কৰে আৰু এইখনেই আছিল আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষকৈ মহিলাৰ বাবে প্ৰতিষ্ঠিত প্ৰথমখন চিকিৎসালয়।১০
ৰোগসমূহ
- কৰ্কট ৰোগ আৰু প্ৰজনন অংগৰ (ডিম্বাশয়, ফেলোপিয়ান টিউব, জৰায়ু, চাৰ্ভিক্স, যোনি আৰু ভাল্ভা) প্ৰাক-কৰ্কট ৰোগ
- নিয়ন্ত্ৰণহীন মূত্ৰত্যাগ১১
- এমেন'ৰিয়া (ঋতুচক্ৰৰ অনুপস্থিতি)
- ডিছমেন'ৰিয়া (বেদনাদায়ক ঋতুস্ৰাৱ)
- অনুৰ্বৰতা১২
- মেন'ৰহেজিয়া (প্ৰচুৰ ঋতুস্ৰাৱ); হিষ্টেৰেক্ট'মিৰ বাবে এক সাধাৰণ ইংগিত।
- শ্ৰোণিৰ (Pelvis) অংগসমূহৰ প্ৰ'লেপ্স
- যোনি, চাৰ্ভিক্স আৰু জৰায়ুৰ সংক্ৰমণ (ফাংগেল, বেক্টেৰিয়েল, ভাইৰেল, আৰু প্ৰট'জৱেল সংক্ৰমণ)
- ইউটিআই আৰু শ্ৰোণিৰ প্ৰদাহজনিত ৰোগ
- প্ৰাক্-ঋতুস্ৰাৱৰ লক্ষণ
- অন্যান্য যোনিৰ ৰোগ
বাহ্যিক লিংক
তথ্যসূত্ৰ
- ↑ R. Porter. (1991). The science of women: gynaecology and gender in England, 1800–1929. Semantic Scholar
- ↑ Laurinda S. Dixon. Perilous Chastity: Women and Illness in Pre-Enlightenment Art and Medicine, Cornell University Press 1995, pp.15f
- ↑ S. V. Govindan. (November 2002). Fundamental Maxims of Ayurveda: Prepared for the Common People. Abhinav Publications. পৃ. 142–143. ISBN 978-81-7017-417-2
- ↑ Md. Nazrul Islam. (4 April 2017). Chinese and Indian Medicine Today: Branding Asia. Springer Singapore. পৃ. 134. ISBN 978-981-10-3962-1
- ↑ Lesley Dean-Jones, "The Cultural Construct of the Female Body" In Women’s History and Ancient History, ed. Susan B. Pomeroy (Chapel Hill: The University of North Carolina Press, 1991), 113
- ↑ Semple, Henry Churchill. (1923). J. Marion Sims, the Father of Modern Gynecology
- ↑ Daly, Mary. (1990). Gyn/ecology: The Metaethics of Radical Feminism. Beacon Press. পৃ. 225. ISBN 9780807014134
- ↑ Adekunle, Julius O.; Williams, Hettie V. (2010-02-24). Color Struck: Essays on Race and Ethnicity in Global Perspective. University Press of America. পৃ. 397. ISBN 9780761850922
- ↑ Wall, L. Lewis. (2006-11-02). Did J. Marion Sims Deliberately Addict His First Fistula Patients to Opium?. Journal of the History of Medicine and Allied Sciences. পৃ. 336–356
- ↑ Wallace-Sanders, Kimberly. (2002). Skin Deep, Spirit Strong
- ↑ Ackley, Betty. (2010). Nursing diagnosis handbook: an evidence-based guide to planning care. Mosby. ISBN 9780323071505
- ↑ Infertility. The Lecturio Medical Concept Library
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্ত্ৰীৰোগ বিজ্ঞান” প্ৰবন্ধৰ সংশোধন ৬৩১২৯৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।