অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা

শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা (CNG) হৈছে এক পৰিঘটনা য'ত বয়সন্ধিকালৰ পূৰ্বৰ শিশুৱে প্ৰত্যাশিত লিংগ-সম্পৰ্কীয় সমাজতাত্ত্বিক বা মানসিক আৰ্হি অনুসৰণ নকৰে। এই পৰিঘটনাৰ অন্তৰ্ভুক্ত শিশু সকলৰ মাজত সাধাৰণতে সামাজিক ভাৱে নিৰ্ধাৰিত লিংগৰ বিপৰীতে ক্ৰছ-ড্ৰেছ কৰাৰ প্ৰৱণতা, পৰম্পৰাগত ভাৱে লিংগৰ বাবে উপযুক্ত…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫০৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা (CNG) হৈছে এক পৰিঘটনা য'ত বয়সন্ধিকালৰ পূৰ্বৰ শিশুৱে প্ৰত্যাশিত লিংগ-সম্পৰ্কীয় সমাজতাত্ত্বিক বা মানসিক আৰ্হি অনুসৰণ নকৰে।১ এই পৰিঘটনাৰ অন্তৰ্ভুক্ত শিশু সকলৰ মাজত সাধাৰণতে সামাজিক ভাৱে নিৰ্ধাৰিত লিংগৰ বিপৰীতে ক্ৰছ-ড্ৰেছ কৰাৰ প্ৰৱণতা, পৰম্পৰাগত ভাৱে লিংগৰ বাবে উপযুক্ত বুলি ভবা কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা আৰু বিপৰীত লিংগৰ সমনীয়াক খেলা-ধূলাৰ লগৰীয়া হিচাপে একচেটিয়াভাৱে পছন্দ কৰা দেখা যায়।

একাধিক গৱেষণাই শৈশৱৰ লিংগ অসামঞ্জস্যক অৱশেষত সমকামিতাৰ সৈতে সম্পৰ্কিত কৰিছে; এই অধ্যয়নবোৰত, নিজকে গে' বা লেছবিয়ান হিচাপে চিনাক্ত কৰা বেছিভাগ লোকেই শিশু অৱস্থাত লিংগ অনিশ্চয়তাৰ অংশীদাৰ আছিল। ২৩৪ বৰ্তমান এই সম্প্ৰদায়টোক থেৰাপিউটিক সম্প্ৰদায় হিচাপে চিহ্নিত কৰা হৈছে। এটা অধ্যয়নৰ ফলাফল অনুসৰি বংশগতিক শৈশৱৰ লিংগ অসংগতিৰ এটা কৰক হিচাপে চিহ্নিত কৰিছে।৪

আচৰণ প্ৰকাশ

শিশুৰ ক্ষেত্ৰত লৈঙ্গিক অনিশ্চয়তাৰ বহুতো প্ৰকাৰ থাকিব পাৰে, যিসমূহে শিশু এটাৰ লিংগৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় প্ৰতিফলিত কৰে। সাহিত্যত, লিংগ বিভেদ আৰু লিংগ সাধাৰণতা লিংগ অসামঞ্জস্যৰ সমাৰ্থকভাৱে ব্যৱহাৰ কৰা হয়।৫

  • পৰস্পৰ বিপৰীত লিংগৰ সাজ-সজ্জা পছন্দ কৰা;
  • সাধাৰণতে বিপৰীত লিংগৰ সৈতে সম্পৰ্কিত পুতলাৰ সৈতে খেলা; ৫
  • বিপৰীত লিংগৰ সমনীয়াক খেলা-ধূলাৰ বাবে অগ্ৰাধিকাৰ দিয়া;
  • কাহিনী, কাৰ্টুন বা চলচ্চিত্ৰৰ বিপৰীত লিংগৰ চৰিত্ৰৰ সৈতে পৰিচয়;
  • বিপৰীত লিংগৰ সদস্য হোৱাৰ আকাংক্ষা;
  • এক ক্ৰছ-জেণ্ডাৰ পৰিচিতিৰ বাবে শক্তিশালী মৌখিক প্ৰতিশ্ৰুতি।

সামাজিক আৰু বিকাশমূলক তত্ত্ব

শৈশৱৰ লিংগ অসামঞ্জস্যৰ ধাৰণাটোৰ মতে ছোৱালী বা ল'ৰা হোৱাৰ এটা সঠিক উপায় থাকে। কেইবাটাও সামাজিক আৰু বিকাশমূলক দৃষ্টিভংগী আছে যিয়ে শিশুসকলে কেনেদৰে এটা নিৰ্দিষ্ট লিংগৰ সৈতে নিজকে উপস্থাপন কৰে আৰু এই লিংগ ভূমিকাৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপত লিপ্ত হয় সেই বিষয়ে অন্বেষণ কৰে।

লিংগৰ মনোবিশ্লেষণমূলক তত্ত্ববোৰে গুৰুত্ব দিয়ে যে শিশোৱে পিতৃ-মাতৃৰ পৰাই লিংগ পৰিচয় সম্পৰ্কীয় ধাৰণা কৰাৰ সুযোগ পায়। এই ক্ষেত্ৰত ছোৱালীবোৰে তেওঁলোকৰ মাতৃ আৰু ল'ৰাবোৰে তেওঁলোকৰ দেউতাকৰ পৰা লিংগ পৰিচয় পায়। এই চিনাক্তকৰণ প্ৰায়ে শিশুটোৰ উপলব্ধিৰ সৈতে সম্পৰ্কিত। তেওঁলোকে এইটো বুজি উঠে যে তেওঁলোক পিতৃ-মাতৃ দুয়োৰে সৈতে পৰস্পৰ একে যৌনাঙ্গ বিশিষ্ট নহয়। ফ্ৰয়েডৰ তত্ত্ব অনুসৰি, এই আৱিষ্কাৰৰ ফলত ছোৱালীৰ পুৰুষ যৌনাংগৰ প্ৰতি ঈৰ্ষা হয় আৰু ল'ৰাৰ ক্ষেত্ৰত উদ্বেগ সৃষ্টি হয়। যদিও ফ্ৰয়েডৰ এই তত্ত্বৰ সমৰ্থনত বিশেষ অভিজ্ঞতামূলক প্ৰমাণ নাই, অৱশ্যে তেওঁৰ তত্ত্ববোৰে যৌনতা আৰু লিংগক সম্পৰ্কীয় নতুন কথা-বতৰাৰ বাট মুকলি কৰিছিল।৬

সামাজিক শিক্ষণ তত্ত্বই শিশোৱে যৌন সম্পৰ্কৰ ফলত উপযুক্ত বা অনুপযুক্ত আচৰণৰ বাবে লাভ কৰা পুৰস্কাৰ আৰু শাস্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সামাজিক শিক্ষণ তত্ত্বৰ এটা সমালোচনা মতে- সামাজিক পৰিৱেশত সক্ৰিয় অংশগ্ৰহণকাৰীৰ তুলনাত শিশুসকল নিষ্ক্ৰিয়।

জ্ঞানীয় বিকাশ তত্ত্বৰ যুক্তি অনুসৰি শিশুসকলে লিংগ নিৰ্ধাৰণ কৰাত সক্ৰিয় আৰু লিংগ ভূমিকাৰ বিষয়ে তেওঁলোকৰ ধাৰণা প্ৰতিফলিত কৰা ধৰণে আচৰণ কৰে। শিশোৱে নিয়মীয়াতা বিচাৰি থাকে আৰু তেওঁলোকৰ পৰিৱেশত স্থিৰতা থাকে, আৰু জ্ঞানীয় স্থিৰতাৰ অনুসৰণে শিশুসকলক লিংগৰ সামাজিক নিৰ্মাণৰ সৈতে সামঞ্জস্যপূৰ্ণ আচৰণ কৰিবলৈ অনুপ্ৰেৰিত কৰে।

লিংগ স্কিমা তত্ত্ব হৈছে এক হাইব্ৰিড আৰ্হি যিয়ে সামাজিক শিক্ষণ আৰু জ্ঞানীয় বিকাশতত্ত্বক একত্ৰিত কৰে। ডেৰিল জে. বেমৰ যুক্তি মতে শিশুসকলৰ নিজৰ আৰু তেওঁলোকৰ চাৰিওফালৰ বিষয়ে শিকিবলৈ জ্ঞানীয় তৎপৰতা থাকে। তেওঁলোকে তেওঁলোকক তেওঁলোকৰ সামাজিক পৃথিৱীখন তৈয়াৰ কৰাত সহায় কৰিবলৈ স্কিমা নিৰ্মাণ কৰে, আৰু এই স্কিমাবোৰে লিংগ আৰু লিংগ ভূমিকাৰ বিষয়ে সম্পৰ্ক আৰু বিশ্বাসৰ এক ডাঙৰ নেটৱৰ্ক গঠন কৰে।৭

যৌন অভিমুখীতা

চিজিএন আৰু যৌন অভিমুখীতাৰ মাজৰ সম্পৰ্কৰ ওপৰত যথেষ্ট গৱেষণা হৈছে। সমকামী পুৰুষে প্ৰায়ে নাৰীৰ দৰে আৰু সমকামী নাৰীয়ে পুৰুষৰ দৰে আচৰণ আচৰণ কৰা পৰিলক্ষিত হয়। পুৰুষৰ ক্ষেত্ৰত, চিজিএন হৈছে প্ৰাপ্তবয়স্ক অৱস্থাত যৌন অভিমুখীতাৰ এক শক্তিশালী ভৱিষ্যতবক্তা, কিন্তু মহিলাৰ ক্ষেত্ৰত এই সম্পৰ্কটো ভালদৰে বুজি পোৱা নাযায়।২৪৮৯ এক অধ্যয়নৰ প্ৰতিবেদনত জন্মগত এড্ৰেনেল হাইপাৰপ্লাছিয়া থকা মহিলাসকলৰ অধিক সংখ্যকৰ পুৰুষৰ সুলভ আচৰণৰ পৰিলক্ষিত হৈছিল আৰু তেওঁলোকে কমকৈ বিষয়কামীতাৰ আগ্ৰহ দেখুৱাইছিল। ১০

ভ্ৰাতৃত্বপূৰ্ণ জন্ম ক্ৰমৰ প্ৰভাৱ হৈছে এক সু-নথিভুক্ত পৰিঘটনা যিয়ে ভৱিষ্যতবাণী কৰে যে পুৰুষএজনৰ সমকামী হোৱাৰ প্ৰতিকূলতা তেখেতৰ প্ৰতিজন ককায়েকৰ সৈতে ৩৩-৪৮% বৃদ্ধি হয়। গৱেষণা অনুসৰি পুৰুষ ভ্ৰূণৰ সৈতে তেজৰ কাৰকৰ অসামঞ্জস্যৰ বাবে মাতৃয়ে ৰোগ প্ৰতিৰোধ সঁহাৰি বিকশিত কৰে। প্ৰতিটো পুৰুষ ভ্ৰূণৰ সৈতে, মাতৃৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ই ভাবুকি হিচাপে বিবেচনা কৰাৰ প্ৰতি অধিক শক্তিশালী সঁহাৰি দিয়ে। মাতৃৰ ৰোগ প্ৰতিৰোধ সঁহাৰিৰ ফলত সাধাৰণ প্ৰসৱপূৰ্ব হৰমন ব্যাহত হ'ব পাৰে, যেনে টেষ্টোষ্টেৰন, যি শৈশৱৰ লিংগ অসংগতি আৰু প্ৰাপ্তবয়স্ক যৌন অভিমুখীতা দুয়োটাতে জড়িত হৈ আছে।

লিংগ ডিচফোৰিয়া

লিংগ ডিচফোৰিয়া থকা শিশুৱে (যাক লিংগ পৰিচয় বিকাৰ (জিআইডি) বুলিও কোৱা হয়) আচৰণৰ ক্ষেত্ৰত সাধাৰণ লিংগ-অনুসৰণ নকৰে। যেনে: সামাজিক ভাৱে বিপৰীত লিংগৰ সৈতে সম্পৰ্কিত পুতলা, সমলিংগৰ সমনীয়া, পোছাক, আৰু খেলনা-শৈলীৰ বাবে অগ্ৰাধিকাৰ প্ৰদৰ্শন। জি.আই.ডি. থকা শিশুৱে কেতিয়াবা তেওঁলোকৰ নিজৰ যৌনাঙ্গ বা যৌৱনকালত হোৱা পৰিৱৰ্তনৰ প্ৰতি ঘৃণা প্ৰদৰ্শন কৰিব পাৰে (যেনে দাড়ি গজা বা ঋতুস্ৰাৱ আৰম্ভ হোৱা)।১১ শিশুৰ ক্ষেত্ৰত জি.আই.ডি. নিৰ্ণয় কৰাৰ বাবে শিশুৰ আনুবংশিক লিংগৰ সৈতে সম্পৰ্কিত লিংগ ভূমিকাৰ প্ৰতি অস্বস্তি, বিভ্ৰান্তি, বা বিতৃষ্ণাৰ প্ৰমাণৰ প্ৰয়োজন। এইক্ষেত্ৰত শিশুৱে বিপৰীত লিংগ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিব লাগিবয়ে বুলি তেনে কোনো নিৰ্দিষ্টতা নাই, কিন্তু ৰোগ নিৰ্ণয় কৰোঁতে এই বিষয়টো বিবেচনা কৰা হয়।১১ ২০১৩ চনত ডিএছএম-৫ মুকলি হোৱাৰ পিছত, শিশুসকলে শৈশৱত লিংগ ডিচফোৰিয়া ৰোগ নিৰ্ণয়ৰ বাবে জন্মৰ সময়ত আৱণ্টন কৰা লিংগৰ পৰা পৃথক লিংগৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰাক মুখ্য লক্ষণ হিচাপে বিবেচনা কৰা হৈছে।১২

তথ্যসূত্ৰ

  1. ↑ Kathleen Y.; Anthony I.; Ritter, Terndrup. (2002). Handbook of Affirmative Psychotherapy with Lesbians and Gay Men. Guilford Press. পৃ. 58. ISBN 978-1-57230-714-8
  2. ↑ Baumeister, Roy F. (2001). Social Psychology and Human Sexuality: Essential Readings. Psychology Press. পৃ. 201–2. ISBN 978-1-84169-018-6
  3. ↑ Carolyn S. Schroeder; Betty N. Gordon. (2002). Assessment and Treatment of Childhood Problems, Second Edition: A Clinician's Guide. Guilford Press. পৃ. 229. ISBN 1606234226
  4. ↑ Friedman, RC. (2008). Sexual Orientation and Psychodynamic Psychotherapy Sexual Science and Clinical Practice. Columbia University Press. পৃ. 53–7. ISBN 978-0-231-12057-9
  5. ↑ Adelson L., Stewart. (2012). Practice Parameter on Gay, Lesbian, or Bisexual Orientation, Gender Nonconformity, and Gender Discordance in Children and Adolescents. Journal of the American Academy of Child & Adolescent Psychiatry. পৃ. 957–974
  6. ↑ Ehrensaft, Diane. (2014). and Learning from Gender Nonconforming Children. The Psychoanalytic Study of the Child
  7. ↑ Bem, D.J. (1996). Exotic Becomes Erotic: A Developmental Theory of Sexual Orientation. Psychological Review. পৃ. 320–335
  8. ↑ Dunne, Michael P.; Bailey, J.M.; Kirk, K.M. (2000). The Subtlety of Sex-Atypicality. Archives of Sexual Behavior. পৃ. 549–65
  9. ↑ Bailey, J.M.; Zucker, K.J. (1995). Childhood Sex-typed Behavior and Sexual Orientation: A Conceptual Analysis and Quantitative Review. Developmental Psychology. পৃ. 43–55
  10. ↑ Hines, M.; Brook, C.; Conway, G.S. (2004). Androgen and Psychosexual Development: Core Gender Identity, Sexual Orientation, and Recalled Childhood Gender Role Behavior in Women and Men with Congenital Adrenal Hyperplasia (CAH). Journal of Sex Research. পৃ. 75–81
  11. ↑ Langer, Susan J.; Martin, James I. (February 2004). How Dresses Can Make You Mentally Ill: Examining Gender Identity Disorder in Children. Child and Adolescent Social Work Journal. পৃ. 5–23
  12. ↑ What Is Gender Dysphoria?. www.psychiatry.org

সম্পৰ্কিত শ্ৰেণী

যৌন অভিমুখিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৈশৱকালীন লৈঙ্গিক অনিশ্চয়তা” প্ৰবন্ধৰ সংশোধন ৬২৪১৭৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।