অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গজল ধালিৱাল

গজল ধালিৱাল (Gazal Dhaliwal, জন্ম: ১৯৮২) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ ৰাজকুমাৰ ৰাও, অনিল কাপুৰ আৰু সোণম কাপুৰ আহুজা অভিনীত বিনোদ চোপ্ৰা ফিল্মছৰ 'এক লড়কী কো দেখা তো আইছা লগা'ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল।

হালনাগাদ: ৩০ আগষ্ট ২০২৬ ৫০৯ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গজল ধালিৱাল (Gazal Dhaliwal, জন্ম: ১৯৮২) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ আৰু ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ ৰাজকুমাৰ ৰাও, অনিল কাপুৰ আৰু সোণম কাপুৰ আহুজা অভিনীত বিনোদ চোপ্ৰা ফিল্মছৰ 'এক লড়কী কো দেখা তো আইছা লগা'ৰ চিত্ৰনাট্য আৰু সংলাপ লিখিছিল। ইয়াৰ আগতে তেওঁ সংলাপ লেখিকা হিচাপে অলংকৃতা শ্ৰীবাস্তৱৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত 'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা'ত কাম কৰিছিল আৰু তেওঁ ছবিখনৰ সংলাপবোৰ লিখিছিল। ইয়াৰ লগতে তেওঁ ইৰফান খান আৰু পাৰ্বতী অভিনীত তনুজা চন্দ্ৰৰ দ্বাৰা পৰিচালিত 'কাৰিব কাৰিব চিংগেল' ছবিৰো চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ 'ৱাজিৰ' ছবিৰৰ বাবে অতিৰিক্ত সংলাপও লিখিছিল আৰু ইয়াত অমিতাভ বচ্চন আৰু ফাৰহান আখটাৰে অভিনয় কৰিছিল।

তেওঁ এগৰাকী ৰাজহুৱা বক্তা আৰু এলজিবিটিকিউ+ কৰ্মী। গজলে কেইবাটাও আলোচনাত আৰু সংবাদ মাধ্যমত এগৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হোৱাৰ বিষয়ে মুকলিকৈ কৈছিল। আমিৰ খানৰ নেতৃত্বত টক শ্ব' 'সত্যমেৱ জয়তে'ৰ এটা খণ্ডত তেওঁ নিজৰ জীৱনৰ বিষয়ে প্ৰকাশ কৰিছিল।১

বৰ্তমান তেওঁ এখন আগশাৰীৰ ষ্ট্ৰীমিং প্লেটফৰ্মৰ লেখকৰ কোঠাৰ নেতৃত্ব বহন কৰি আছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮২ চনত পঞ্জাৱৰ পাটিয়ালা চহৰৰ এক শিখ পৰিয়ালত গজল ধালিৱালৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভজন প্ৰতাপ সিং ধালিৱাল আৰু মাতৃ সুকাৰ্ণী ধালিৱালৰ। কেইবাটাও সাক্ষাৎকাৰ আৰু বাৰ্তালাপত তেওঁ উল্লেখ কৰিছে যে যেতিয়ালৈকে তেওঁৰ মনত পৰে তেওঁ সদায় অনুভৱ কৰিছিল যে তেওঁ এগৰাকী ছোৱালী।২ অৱশ্যে পুৰুষত্বৰ এক অত্যন্ত পুৰুষসুলভ ৰূপ উদযাপন কৰা সংস্কৃতিত ডাঙৰ হোৱাৰ ফলত গজলৰ বাবে ক্ৰমান্বয়ে কঠিন হৈ পৰিছিল। সৰুতে হ'ম'ফোবিক আৰু ট্ৰান্সফোবিক লোকসকলে তেওঁক উৎপীড়ন কৰিছিল।৩ ১৪ বছৰ বয়সত তেওঁ গোপনে এজন পৰামৰ্শদাতাৰ ওচৰলৈ গৈছিল। কিন্তু তেওঁৰ দেউতাকে এই কথা গম পাইছিল। তাৰপিছত গজলে দেউতাকক নিজৰ লৈংগীক পৰিচয়ৰ বিষয়ে কৈছিল। গজলে উল্লেখ কৰিছে যে যদিও তেওঁৰ দেউতাকে ইয়াক স্বীকাৰ কৰিছিল, তেওঁ ভাবিছিল যে এয়া "এক পৰ্যায়।" ১৭ বছৰ বয়সত তেওঁ চাইবাৰ কেফেবোৰত ইণ্টাৰনেটৰ সৈতে সংযোগ স্থাপন কৰি জেণ্ডাৰ ডিচফোৰিয়া আৰু যৌন পুনঃনিৰ্ধাৰণ অস্ত্ৰোপচাৰৰ বিষয়ে জানিছিল। .৪ অৱশ্যে এয়া তেওঁৰ বাবে অলীক কল্পনা আছিল আৰু প্ৰচলিত সামাজিক কলঙ্ক আৰু সজাগতাৰ অভাৱৰ বাবে গজল ঘৰৰ পৰা পলাই গৈ দিল্লীলৈ বুলি ৰেলত উঠিছিল। অৱশ্যে তেওঁ আতংকিত হৈ পৰিছিল আৰু অৱশেষত মাক-দেউতাকক ফোন কৰি ঘৰলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিছিল।৩

গজলে পাটিয়ালাৰ বুধা দল পাব্লিক স্কুলত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পিছত তেওঁ জয়পুৰৰ মালৱীয় ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ৰাসায়নিক অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰিছিল। স্নাতক হোৱাৰ পিছত তেওঁ মহীশূৰত ইনফোচিছত ছফ্টৱেৰ অভিযন্তা হিচাপে যোগদান কৰে। অৱশ্যে গজলৰ আবেগ বলীউডৰ পৃথিৱীত আছিল। ২০০৫ চনত তেওঁ চাকৰি এৰি মুম্বাইলৈ যায় জেভিয়াৰ ইনষ্টিটিউট অৱ কমিউনিকেশ্বনছত এবছৰৰ বাবে চলচ্চিত্ৰ নিৰ্মাণ অধ্যয়ন কৰে আৰু গোবিন্দ নিহালনীক এখন এনিমেটেড চলচ্চিত্ৰৰ চিত্ৰনাট্যত সহায় কৰে।৫৬

জেভিয়াৰত থাকোঁতে তেওঁ আৰু কেইজনমান বন্ধুৱে ট্ৰান্সজেণ্ডাৰ লোকসকলৰ ওপৰত ২০ মিনিটৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। তথ্যচিত্ৰ খনত ভাৰতৰ চিকিৎসক, মনোৰোগ বিশেষজ্ঞ আৰু অন্যান্য ট্ৰান্সজেণ্ডাৰ লোকসকলৰ সাক্ষাৎকাৰ লোৱা হৈছিল। ইয়াক মুকলি কৰাৰ পিছত তেওঁ মাক-দেউতাকক দেখুৱাবলৈ পাটিয়ালালৈ যাত্ৰা কৰিছিল। ইয়াৰ পিছতে তেওঁৰ মাক দেউতাকে যৌন পুনঃনিৰ্ধাৰণ অস্ত্ৰোপচাৰৰ বাবে সন্মত হৈছিল। তাৰ পিছত তেওঁ পৰৱৰ্তী তিনি বছৰ যৌন পুনঃনিৰ্ধাৰণৰ অধীনত অতিবাহিত কৰে আৰু অৱশেষত ২০০৭ চনত অস্ত্ৰোপচাৰ কৰায়। তাৰ পিছত তেওঁ পাটিয়ালালৈ উভতি আহে আৰু এটা বিজ্ঞাপন সংস্থাত কাম কৰে।৪

কৰ্মজীৱন

২০০৯ চনত গজল ধালিৱালে মুম্বাইলৈ উভতি আহে আৰু তেওঁৰ প্ৰথম চলচ্চিত্ৰৰ চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ নিজকে এটা কোঠাত বন্ধ কৰি পোনপটীয়াকৈ ২৫ দিনৰ বাবে লিখিছিল।৫ যদিও সেই প্ৰথম চিত্ৰনাট্যখন এতিয়াও চিনেমালৈ ৰূপান্তৰিত হোৱা নাই, তেতিয়াৰ পৰা গজলে কেইবাখনো ডাঙৰ বাজেটৰ চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখাৰ প্ৰক্ৰিয়াত জড়িত হৈ পৰিছে।

২০১৪ চনত তেওঁ 'সত্যমেৱ জয়তে'ৰ তৃতীয় সংস্কৰণত ভাৰতীয় অভিনেতা আমিৰ খানৰ দ্বাৰা আয়োজিত সামাজিক আৰু ৰাজনৈতিক বিষয়বোৰ আলোচনা কৰাৰ বাবে সমৰ্পিত এটা দূৰদৰ্শন অনুষ্ঠানত "বৈকল্পিক যৌনতা গ্ৰহণ" শীৰ্ষক এটা খণ্ডত উপস্থিত আছিল। তেওঁ ২০১৫ চনত বস্তিবাসীসকলৰ তেওঁলোকৰ ভূমিৰ অধিকাৰৰ বাবে যুঁজৰ বিষয়ে এখন চুটি ছবি 'আগলি বাৰ'ত অভিনয়ৰ আৰম্ভণি কৰিছিল।৫

তেওঁ হিন্দী চলচ্চিত্ৰত চিত্ৰ্যনাট্য ৰচনাত আত্মপ্ৰকাশ ২০১৬ চনত অমিতাভ বাচ্চান অভিনীত 'ৱাজিৰ'ৰ অতিৰিক্ত সংলাপ লেখক হিচাপে এটা সুযোগৰ সৈতে আহিছিল। তেতিয়াৰ পৰা তেওঁ 'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা', 'কাৰিব কাৰিব চিংগল', 'এক লড়কী কো দেখা তো আইছা লগা', আৰু কংকনা সেন শৰ্মা অভিনীত চুটি ছবি 'এ মনচুন ডেট'ৰ সংলাপ লেখিকা আছিল।৭৫

সক্ৰিয়তা

২০১৬ চনত গজলে ৮ জনীয়া দলৰ অংশ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰত ট্ৰান্সজেণ্ডাৰ অধিকাৰৰ ওপৰত আন্তৰ্জাতিক ভিজিটৰ লিডাৰশ্বিপ প্ৰগ্ৰাম (আইভিএলপি)ত অংশগ্ৰহণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ বিভাগৰ দ্বাৰা আয়োজিত তিনি সপ্তাহীয়া বিনিময় কাৰ্যসূচীৰ অংশ হোৱা এইটো এনে ধৰণৰ প্ৰথম ভাৰতীয় দল আছিল।২

গজল ধালিৱালে বিতৰ্কিত ট্ৰান্সজেণ্ডাৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন, ২০১৮ৰ বিৰুদ্ধে মাত মাতিছে আৰু বিধেয়কখন বাতিল কৰাৰ বাবে তেওঁৰ সমৰ্থন ব্যক্ত কৰিছিল। কিয়নো এই আইনখনে ট্ৰান্সজেণ্ডাৰ লোকসকলক তেওঁলোকৰ লিংগ পৰিচয়ৰ আত্ম-নিৰ্ধাৰণৰ অধিকাৰ প্ৰদান নকৰে আৰু ট্ৰেন্সজেণ্ডাৰ লোকসকলৰ বাবে শৈক্ষিক আৰু পেছাদাৰী আসন সংৰক্ষণৰ কোনো উল্লেখ নাই।২৮ তেওঁ "ট্ৰান্স ৱমেন"ৰ নিৰন্তৰ উপমাৰ সৈতে থকাৰ বিষয়েও কৈছে যি চিত্ৰনাট্যকাৰ হিচাপে তেওঁৰ বহুতো পেছাদাৰী সাফল্যত যোগ দিয়া হৈছে। তেওঁ বিজনেছ ষ্টেণ্ডাৰ্ডৰ সৈতে এক সাক্ষাৎকাৰত কৈছিল, "পেছাদাৰী পৃথিৱীত, মই এগৰাকী ট্ৰান্স ৱ'মেন হিচাপে মোৰ স্থিতিৰ সলনি মোৰ কামৰ বাবে জনাজাত হ'ব বিচাৰো। যেতিয়া মই এটা কাহিনী লিখোঁ তেতিয়া মোৰ লিংগ মোৰ একমাত্ৰ পৰিচয় হ'ব নোৱাৰে কাৰণ এটা কাহিনীৰ কোনো লিংগ নাথাকে। মোৰ নাম 'ট্ৰান্সৱমেন' চিত্ৰনাট্যকাৰ উপমাৰ সৈতে উল্লেখ কৰাৰ যথেষ্ট কাৰণ আছে কাৰণ মই এগৰাকী ট্ৰান্সজেণ্ডাৰৰ দৃশ্যমানতাৰ গুৰুত্ব বুজোঁ। আমাৰ সম্প্ৰদায়ৰ পৰা পৰ্যাপ্ত পৰিমাণে প্ৰতিনিধিত্ব নাই যি অতি গুৰুত্বপূৰ্ণ।" ৭

চলচ্চিত্ৰপঞ্জী

  • 'ফিলছ লাইক ইষ্ক' (২০২১)
  • 'মিছমেচড' (২০২০)
  • 'চেপিয়া' (২০১৯)
  • 'এ মনচুন ডেট' (২০১৯)
  • 'এক লড়কি কো দেখা তো আইছা লগা' (২০১৯) (চিত্ৰনাট্য)
  • 'কাৰিব কাৰিব চিংগল' (২০১৭) (চিত্ৰনাট্য)
  • 'লিপষ্টিক আণ্ডাৰ মাই বুৰ্খা' (২০১৬) (সংলাপ)
  • 'ৱাজিৰ' (২০১৬) (সংলাপ)

তথ্যসূত্ৰ

  1. ↑ Som, Rituparna; Noronha, Navin. (2019-01-08). Is Gazal Dhaliwal Bollywood's Best New Writer?. Vice
  2. ↑ Sebastian, Sheryl. (2016-10-27). "I Always Knew, I Was A Woman": Gazal Dhaliwal. Feminism In India
  3. ↑ (2018-12-28). Meet the Stereotype-Smashing Transwoman Writer of 'Ek Ladki Ko Dekha Toh Aisa Laga'. The Better India
  4. ↑ Rastogi, Surbhi. (2019-02-06). Growing Up As A Girl Trapped Inside A Boy's Body Was Not Easy. SheThePeople TV
  5. ↑ Taking the road less traveled: Gazal Dhaliwal on screenwriting and being an LGBT voice. The Review Monk
  6. ↑ Magan, Srishti. (2018-12-29). Meet Gazal Dhaliwal, The Trailblazing Transwoman Writer Behind The Story Of 'Ek Ladki Ko Dekha..'. ScoopWhoop
  7. ↑ IANS. (2019-06-06). Writer Gazal Dhaliwal okay with transwoman tag. Business Standard India
  8. ↑ Som, Rituparna; Noronha, Navin. (2019-01-08). Is Gazal Dhaliwal Bollywood's Best New Writer?. Vice

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিচলচ্চিত্ৰৰ সৈতে জড়িত ব্যক্তিভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গজল ধালিৱাল” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৬১ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।