অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

যৌন অভিমুখিতা

যৌন অভিমুখিতা (Sexual orientation) হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। অকামিতা হ'ল এনে এক প্ৰকাৰৰ যৌন অভিমুখিতা য'ত কোনো ব্যক্তিয়ে যৌন আকৰ্ষণ অনুভৱ নকৰে।

হালনাগাদ: ৯ মে’ ২০২৪ ৩৬৮ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

যৌন অভিমুখিতা (Sexual orientation) হ'ল এগৰাকী ব্যক্তিয়ে অনুভৱ কৰা যৌন, প্ৰেমসম্বন্ধীয় আৰু মানসিক আকৰ্ষণ। অকামিতা হ'ল এনে এক প্ৰকাৰৰ যৌন অভিমুখিতা য'ত কোনো ব্যক্তিয়ে যৌন আকৰ্ষণ অনুভৱ নকৰে। মানৱ যৌন অভ্যাস, লিংগ পৰিচয় আৰু লিংগ আকৰ্ষণ আদি শব্দসমূহ যৌন অভিমুখীতাৰ লগত জড়িত যি মনোবৈজ্ঞানিকভাৱে এগৰাকী মানুহৰ যৌন চৰিত্ৰক গঠন কৰে।

ভাগ সমূহ

যৌন অভিমুখীতা মূলতঃ পাঁচটা ভাগত বিভক্ত। সেয়া হল:- সমকামিতা, বিপৰীতকামিতা, অকামিতা, সৰ্বকামিতা আৰু উভকামিতা। বিজ্ঞানীসকলৰ মতে যৌন অভিমুখিতা মস্তিষ্কৰ হাইপ'থেলেমাছৰ ভিন্নতাৰ বাবে হয়। পুৰুষৰ ক্ষেত্ৰত যদি মনচেক্সুৱেল কোষ সমূহ নাৰীসুলভ হয় তেন্তে তেওঁ গে' হব আৰু যদি মনচেক্সুৱেল কোষ সমূহ পুৰুষত্বসুলভ তেন্তে তেওঁ বিপৰীতকামী হ'ব। নাৰীৰ ক্ষেত্ৰত যদি মনচেক্সুৱেল কোষ সমূহ পুৰুষত্বসুলভ তেন্তে তেওঁ লেছবিয়ান হব অন্যহাতে যদি মনচেক্সুৱেল কোষ সমূহ নাৰীসুলভ হয় তেন্তে বিপৰীতকামী হ'ব।১

সমলৈঙ্গিকতা (Homosexuality)

মূল প্ৰবন্ধ: সমকামিতা

সমলৈঙ্গিকতা (Homosexuality) মানে হল একে লিংগৰ প্ৰতি প্ৰেম, যৌন আৰু অন্য আবেগজনিত আকৰ্ষণ অনুভৱ কৰা। যি একে লিংগৰ সম্বন্ধ আৰু একে লিংগৰ বিয়াক প্ৰতিনিধিত্ব কৰে। পুৰুষ সমকামী সকলক গে' আৰু মহিলা সমকামী সকলক লেছবিয়ান বুলি কোৱা হয়।২ সমলৈঙ্গিকতা এক প্ৰকাৰৰ প্ৰাকৃতিক ব্যৱহাৰ যি মানুহৰ লগতে অন্য জীৱৰ মাজতো দেখা যায়।৩

'লেছবিয়ান (lesbian)'মূল প্ৰবন্ধ: লেছবিয়ান

লেছবিয়ান হ’ল সমকামিতাৰ এটা ভাগ যত একে লিংগৰ নাৰীয়ে অইন নাৰীৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।

'গে'(Gay)'মূল প্ৰবন্ধ: গে'

গে' হ’ল সমকামিতাৰ এটা ভাগ যত একে লিংগৰ পুৰুষে অইন পুৰুষৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰে।

বিপৰীতকামিতা (Heterosexuality)

মূল প্ৰবন্ধ: বিপৰীতকামিতা

বিপৰীতকামিতা (Heterosexuality) মানে হল বিপৰীত লিংগৰ প্ৰতি প্ৰেম, যৌন আৰু আবেগিক আকৰ্ষণ অনুভৱ কৰা। সমাজত এই প্ৰকাৰৰ যৌন অভিমুখিতা অধিক সংখ্যাত থকাৰ বাবে সাধাৰণতে সামাজিক, ধাৰ্মিক ভাবে অধিক স্বীকৃত।৪

সৰ্বকামিতা (Pansexuality)

মূল প্ৰবন্ধ: সৰ্বকামিতা

সৰ্বকামিতা (Pansexuality)ত কোনো ব্যক্তিয়ে সকলোৰে প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে। ই যিকোনো লিংগ বা ধৰণৰ হব পাৰে। এজন সৰ্বকামি ব্যক্তিয়ে পুৰুষ, নাৰী, ট্ৰান্স সকলোৰে প্ৰতি আকৰ্ষণ থাকে।

অকামিতা (Asexuality)

মূল প্ৰবন্ধ: অকামিতা

কোনো ব্যক্তিয়ে যিকোনো লিংগৰ ব্যক্তিৰ প্ৰতি যদি আংশিক বা সম্পূৰ্ণ ভাবে যৌন আকৰ্ষণ অনুভৱ নকৰে তাক অকামিতা (Asexuality) বোলে। কোনো ব্যক্তিয়ে অকামি হৈয়ো আবেগিক আকৰ্ষণ থাকিব পাৰে।৫ অকামিতা কোনো ধৰণৰ ব্ৰহ্মচাৰী ব্ৰত নহয় যত জোৰ প্ৰয়োগ কৰি নিজৰ যৌন তথা প্ৰেমজনীত আবেগক দবাই ৰখা হয়।৬

উভকামিতা (Bisexuality)

মূল প্ৰবন্ধ: উভকামিতা

বাইচেক্সুৱেল হ’ল দুবিধ লিংগৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ অনুভৱ কৰা পুৰুষ বা মহিলা। বাইচেক্সুৱেলসমূহে কেতিয়াবা কোনোবা এটা লিংগৰ প্ৰতি অধিক আৰু আনটোৰ প্ৰতি তুলনামূলকভাৱে কম আকৰ্ষণ থকা হ’ব পাৰে।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ www.apa.org/topics/lgbtq/orientation
  2. ↑ Homosexual Definition in English at GayDemon.com
  3. ↑ Bruce Bagemihl (2000). Biological Exuberance: Animal Homosexuality and Natural Diversity (in English) . St. Martin's Press. ISBN 031225377X
  4. ↑ Religion in Sociological Perspective (in English) . Pine Forge Press. ISBN 1412982987
  5. ↑ Mary Ann Lamanna, Agnes Riedmann (2008). Marriages & Families: Making Choices in a Diverse Society (in English) . Cengage Learning. ISBN 0495390925
  6. ↑ Chasin, CJ DeLuzio (March 1, 2015). "Making Sense in and of the Asexual Community: Navigating Relationships and Identities in a Context of Resistance" . Journal of Community & Applied Social Psychology (English) 25 (2): 167-180. ISSN 1099-1298 . doi: 10.1002 / casp.2203

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিযৌন অভিমুখিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যৌন অভিমুখিতা” প্ৰবন্ধৰ সংশোধন ৪২০৭৯৪ (৯ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।