অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঋতুপৰ্ণ ঘোষ

ঋতুপৰ্ণ ঘোষ (Rituparno Ghosh; ৩১ আগষ্ট ১৯৬৩ – ৩০ মে' ২০১৩) আছিল ভাৰতৰ এক চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ। ঋতুপূৰ্ণ ঘোষৰ জন্ম হয় ৩১ আগষ্ট ১৯৬৩ চনত কলকাতাত। ১২খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰা ঋতুপৰ্ণ ঘোষৰ জীৱন ইমান সহজ নাছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ঋতুপৰ্ণ ঘোষ (Rituparno Ghosh; ৩১ আগষ্ট ১৯৬৩ – ৩০ মে' ২০১৩) আছিল ভাৰতৰ এক চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ।১ ঋতুপূৰ্ণ ঘোষৰ জন্ম হয় ৩১ আগষ্ট ১৯৬৩ চনত কলিকতাত। ১২খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰা ঋতুপৰ্ণ ঘোষৰ জীৱন ইমান সহজ নাছিল। ঊনিশে এপ্ৰিল, হিৰেৰ আংটি, দহন, অন্তহীন অপেক্ষা ইত্যাদি ঋতুপৰ্ণ ঘোষে পৰিচালনা কৰা বোলছবিৰ ভিতৰত অন্যতম। যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি বিজ্ঞাপন কোম্পানীৰ ক্ৰিয়েটিভ্ আৰ্টিষ্ট হিচাপত কৰ্মজীৱনৰ আৰম্ভণি কৰে। তেওঁৰ প্ৰথম ছবি 'ঊনিশে এপ্ৰিল' ১৯৯৪ চনত মুক্তি লাভ কৰে। তেওঁৰ ছবিৰ বিষয়বস্তু আছিল বৈধব্য, লৈঙ্গিক অসমতা আৰু অবিচাৰ, বৈকল্পিক যৌন আকাংক্ষা আদি। তেওঁৰ বোলছবি 'চিত্ৰাঙ্গদা: দ্য ক্ৰাউনিং উইছ'-ক আংশিকৰূপত তেওঁৰ আত্মজীৱনী বুলি কোৱা হয়।২৩ ঋতুপৰ্ণ ঘোষৰ ৩০ মে' ২০১৩ তাৰিখে দেহাৱসান ঘটে।৪

ব্যক্তিগত জীৱন

১৯৬৩ চনৰ ৩১ আগষ্টত ঋতুপৰ্ণ ঘোষৰ জন্ম হয়। তেওঁৰ মাক-দেউতাক উভয়ে চলচ্চিত্ৰ জগতেৰ সৈতে জড়িত আছিল। দেউতাক সুনীল ঘোষ এজন তথ্যচিত্ৰ নিৰ্মাতা তথা চিত্ৰকৰ আছিল।৫ তেওঁ চাউথ পইণ্ট হাইস্কুলৰ ছাত্ৰ আছিল। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অৰ্থনীতিৰ স্নাতক উপাধি লৈছিল।৬ সেই একে বিশ্ববিদ্যালয়ৰ পৰা তেওঁ একে বিষয়ত স্নাতকোত্তৰ উপাধি লৈছিল।৭

ঘোষ আছিল ভাৰতৰ এলজিবিটি সমাজৰ এক বিশিষ্ট ব্যক্তিত্ব। জীৱনৰ শেষ সময়খিনিত তেওঁ ৰূপান্তৰকামী জীৱনযাত্ৰাৰ বিষয়ে নানা পৰীক্ষা-নিৰিক্ষা কৰিছিল। তেওঁ নিজৰ সমকামী সত্তাটোক মুকলিভাবে স্বীকাৰ কৰিছিল, যিটো ভাৰতীয় চলচ্চিত্ৰ জগতত তেনেই বিৰল নিদৰ্শন।৮৯১০

চলচ্চিত্ৰপঞ্জী

বৰ্ষশিৰোনামভাষাভূমিকাটোকাউৎস
পৰিচালনাচিত্ৰনাট্যঅভিনয়
1992হীৰেৰ আঙটিবঙালীDirectorial debut, based on Shirshendu Mukhopadhyay's novel
1994ঊনিশে এপ্ৰিলবঙালী*National Film Award for Best Feature Film *National Film Award for Best Actress – দেৱশ্ৰী ৰায়
1997বাহান্ন এপিচ'ডবঙালীTV series
দহনবঙালী*National Film Award for Best Feature Film in Bengali *National Film Award for Best Screenplay – Rituparno Ghosh *National Film Award for Best Actress – Indrani Halder, ঋতুপৰ্ণা সেনগুপ্ত
1999বাড়ীৱালীবঙালী*National Film Award for Best Actress – Kirron Kher *National Film Award for Best Supporting Actress – Sudipta Chakraborty
অসুখবঙালীNational Film Award for Best Feature Film in Bengali
2000ঊৎসৱবঙালীNational Film Award for Best Direction
2001অভিনয়বঙালীTelefilm১১
2002টিটলিবঙালী
2003শুভ মুহূৰতবঙালী*National Film Award for Best Supporting Actress – Raakhee *National Film Award for Best Feature Film in Bengali
চোখেৰ বালিবঙালীNational Film Award for Best Feature Film in Bengali
ৰেইনকোটহিন্দীNational Film Award for Best Feature Film in Hindi
2005অন্তৰমহলবঙালী
2006দোসৰবঙালীNational Film Awards – Special Jury Award – Prosenjit Chatterjee
এক নম্বৰ মালতীবালা লেনবঙালী
2007The Last Learইংৰাজী*National Film Award for Best Feature Film in English *National Film Award for Best Supporting Actress – শেফালী শ্বাহ
2008খেলাাবঙালী
সব চৰিত্ৰ কাল্পনিকবঙালীNational Film Award for Best Feature Film in Bengali
2010আবহমানবঙালী*National Film Award for Best Direction – Rituparno Ghosh *National Film Award for Best Feature Film in Bengali *National Film Award for Best Actress – অনন্যা চট্টোপাধ্যায়
আৰেকটি প্ৰেমেৰ গল্পবঙালীDirected by Kaushik Ganguly, dealt with queer relationship
Memories in MarchইংৰাজীNational Film Award for Best Feature Film in English
মুম্বই কাটিংহিন্দী১২
2010-11গানেৰ ওপাৰেবঙালীTelevision series aired by Star Jalsha; aired 251 episodes.
2011নৌকাডুবিবঙালীHe dubbed for Amu Chatterjee
2012চিত্ৰঙ্গদাবঙালীNational Film Awards – Special Jury Award
2013তাহাৰ নামটি ৰঞ্জনাবঙালীUnfinished 13-episodic television series reviving Ranga Pishima's character from Shubho Mahurat. Star Jalsha telecasted the only finished episode posthumously.
জীৱন স্মৃতিবঙালীDocumentary on ৰবীন্দ্ৰনাথ ঠাকুৰ's life, produced by the Ministry of Culture.১৩ Telecasted posthumously by দূৰদৰ্শন (চেনেল).১৪
সত্যান্বেষীবঙালীReleased posthumously.
চানগ্লাচহিন্দীReleased posthumously at the 19th Kolkata International Film Festival inauguration in 2013.

তথ্যসূত্ৰ

  1. ↑ (30 May 2013). Rituparno Ghosh: Indian film director dies age 49. The Guardian
  2. ↑ (30 May 2013). Rituparno, tender as night: Raja Sen salutes the talent. Rediff
  3. ↑ (30 May 2013). Rituparno Ghosh, trailblazer of new wave Bengali cinema, dies. The Times of India
  4. ↑ Rituparno Ghosh's canvas was both intimate and profoundly cinematic
  5. ↑ Rituparno Ghosh biography. Calcutta Web
  6. ↑ (30 May 2013). Rituparno Ghosh: Bengal's brave, young director. NDTV
  7. ↑ Ghosh, Palash. (30 May 2013). Renowned Indian Filmmaker And Gay Icon Rituparno Ghosh Dies at 49. International Business Times
  8. ↑ Ghosh, Palash. (30 May 2013). Renowned Indian Filmmaker And Gay Icon Rituparno Ghosh Dies at 49. International Business Times
  9. ↑ (30 May 2013). Rituparno Ghosh's passing away a great loss to Lesbian, Gay, Bisexual community: Onir. The Indian Express
  10. ↑ Moitra, Sumit. (31 May 2013). Rituparno Ghosh, an icon for LGBT community. DNA India
  11. ↑ Rituparno Ghosh on His First Telefilm. www.youtube.com
  12. ↑ Mumbai Cutting (2011). www.filmaffinity.com
  13. ↑ (16 August 2013). Rituparno Ghosh's last film on DD. Indian Express
  14. ↑ (7 August 2013). Celebrating Tagore. The Hindu

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিভাৰতৰ চলচ্চিত্ৰ পৰিচালকবঙালী ভাষাৰ চলচ্চিত্ৰ পৰিচালকহিন্দী ভাষাৰ চলচ্চিত্ৰ পৰিচালকইংৰাজী ভাষাৰ চলচ্চিত্ৰ পৰিচালকশ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীবঙালী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋতুপৰ্ণ ঘোষ” প্ৰবন্ধৰ সংশোধন ৩৮০২২২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।