অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ৰূপান্তৰকামিতা

ৰূপান্তৰকামিতা (transsexual) বুলিলে এক বিশেষ প্ৰৱণতাক বুজায় য’ত ‘জৈৱ লিংগ’ ব্যক্তিৰ লিংগ বা ‘সাংস্কৃতিক লিংগ’ৰ লগত প্ৰভেদ সৃষ্টি কৰে। ৰূপান্তৰকামী ব্যক্তিসকলে এনে ধৰণৰ এক যৌন পৰিচয়ৰ অভিজ্ঞতা লাভ কৰে যে ঐতিহ্যগতভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যৌনতাৰ লগত স্থিতিশীল নহয় আৰু তেওঁলোকে নিজক স্থায়ীভাৱে সেই…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯৩৬ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰূপান্তৰকামিতা (transsexual) বুলিলে এক বিশেষ প্ৰৱণতাক বুজায় য’ত ‘জৈৱ লিংগ’ ব্যক্তিৰ লিংগ বা ‘সাংস্কৃতিক লিংগ’ৰ লগত প্ৰভেদ সৃষ্টি কৰে। ৰূপান্তৰকামী ব্যক্তিসকলে এনে ধৰণৰ এক যৌন পৰিচয়ৰ অভিজ্ঞতা লাভ কৰে যে ঐতিহ্যগতভাৱে তেওঁলোকৰ নিৰ্ধাৰিত যৌনতাৰ লগত স্থিতিশীল নহয় আৰু তেওঁলোকে নিজক স্থায়ীভাৱে সেই লিংগ পৰিৱৰ্তন কৰিবলৈ বিচাৰে। ৰূপান্তৰকামী মানুহে ল’ৰা (বাহ্যিক বৈশিষ্ট্য) হৈ জন্ম হোৱাৰ সত্ত্বেও মনমানসিকতাৰ ফালৰ পৰা নিজেক নাৰী বুলি ভাবে বা নাৰী হিচাপে জন্ম হ’লেও পুৰুষ সুলভ মনোভাৱ পোষণ কৰে। এওঁলোকৰ কিছুমানে বিপৰীত লিংগৰ পোছাক পৰিধান কৰে। ইয়াকে Transvestism বা Cross dress বোলা হয়। আন কিছুমানে Reassignment Surgery মাধ্যমত নিজৰ লিংগ সলনি কৰি ৰূপান্তৰিত মানৱত পৰিণত হয়। এই সকলেই ট্ৰান্সজেণ্ডাৰ নামৰ বৃহৎ ৰূপান্তৰপ্ৰৱণ সম্প্ৰদায়ৰ (Transgender) অংশ হিচাপে বিবেচিত।১ যদি কোনো ব্যক্তি তেওঁৰ নিৰ্ধাৰিত জৈৱিক যৌনতাক স্বীকৃত জীৱনযাপন কৰিবলৈ বিচাৰে অথবা যদি কোনো ব্যক্তি তেওঁৰ লিংগ পৰিচয়ৰ ফলস্বৰূপে সামাজিক দুৰ্ব্যৱহাৰ আৰু হতাশা অনুভৱ কৰে।২ সেই ক্ষেত্ৰত তেওঁলোকৰ লিংগ হতাশাৰ (Gender Dysphoria) সমাধান হিচাপে চিকিৎসা বিজ্ঞানত এই সমস্যাক এক অসুস্থতা হিচাপে গ্ৰহণ কৰি ইয়াৰ বিশ্লেষণ আৰু সঠিক কাৰণ নিৰ্ণয় কৰা হয়।৩

মানৱ সমাজত ৰূপান্তৰকামিতা

মানৱ সভ্যতাৰ বিভিন্ন সমাজ ব্যৱস্থাত৪ ৰূপান্তৰকামিতাৰ উপস্থিতি লক্ষ্য কৰা যায়। তাৰে ভিতৰত আমেৰিকাৰ পুৰুষ ৰূপান্তৰকামী জৰ্জ জৰগেন্সেনে ক্ৰিষ্টিন জৰগেন্সেনলৈ ৰূপান্তৰিত হোৱাৰ কাহিনী মিডিয়াত এক আলোড়নৰ সৃষ্টি কৰিছিল।৫ তদুপৰি জোয়ান অফ আৰ্ক, জীৱবিজ্ঞানী জোয়ান (জনাথন) ৰাফগাৰ্ডেন, বাস্কেটবল খেলুৱৈ ডেনিছ ৰেডমেন, চকুচিকিৎসক আৰু পেশাদাৰী টেনিছ খেলুৱৈ ড॰ ৰেনি ৰিচাৰ্ড, সঙ্গিতজ্ঞ বিলিটিপটন সহ বহুতো খ্যাতনামা ব্যক্তিৰ মাজত ৰূপান্তৰ প্ৰৱণতাৰ উল্লেখ ইতিহাসত পোৱা যায়। ১৯৬০ চনত মনোচিকিৎসক ওয়ালিন্দাৰে ৰূপান্তৰকামী সকলৰ ওপৰত এটি সমীক্ষা চলায়। তেওঁৰ এই সমীক্ষাৰ পৰা জনা যায যে, প্ৰতি ৩৭,০০০জন পুৰুষৰ মাজত এজন ৰূপান্তৰকামীৰ জন্ম হয় আৰু প্ৰতি ১০৩,০০০ গৰাকী মহিলাৰ মাজত এগৰাকী মহিলা ৰূপান্তৰকামীৰ জন্ম হয়। ইংলেণ্ডত এটি সমীক্ষা চলাই দেখা হৈছে যে প্ৰতি ৩৪,০০০ জনৰ ভিতৰত এজন পুৰুষ ৰূপান্তৰকামী আৰু প্ৰতি ১০৮,০০০ জনীৰ ভিতৰত এজনী মহিলা ৰূপান্তৰকামীৰ জন্ম হয়। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত গৱেষণা চলাই দেখা গৈছে যে তাত ২৪,০০০ পুৰুষৰ মাজত এজন আৰু ১৫০,০০০ নাৰীৰ মাজত এজনী ৰূপান্তৰকামীৰ জন্ম হয়।৬

অসমত ৰূপান্তৰলৈঙ্গিকতা

অসমৰ ৰূপান্তৰলৈঙ্গিক সমাজৰ মূলভেটি ৰূপে সদৌ অসম ৰূপান্তৰিত লিংগ সংঘ (All Assam Transgender Association) প্ৰধান। স্বতী বিধান বৰুৱা অসমৰ বিখ্যাত ৰূপান্তৰলৈঙ্গিক গৰাকীয়ে ২১ বছৰ বয়সত নিজৰ লিংগ পৰিবৰ্তনৰ বিষয়ত ন্যায়ালয়ৰ কাষ চাপি ৰাষ্ট্ৰীয় সংবাদমাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছিল।৭পাছত তেখেত অসমৰ সৰ্বপ্ৰথম ৰূপান্তৰলৈঙ্গিক ন্যায়াধীশ হয়।৮ অসমৰ আনএগৰাকী ৰূপান্তৰলৈঙ্গিক এলিয়ানা গগৈয়ে উত্তৰপূবৰ ভিতৰত প্ৰথম ৰূপান্তৰলৈঙ্গিক বিবাহ কৰি নতুন ইতিহাসৰ ৰচনা কৰে।

প্ৰাণী জগতত ৰূপান্তৰকামিতা

বিজ্ঞানী সকলে প্ৰাণীজগতত৯১০ ৰূপান্তৰকামিতাৰ উপস্থিতি লক্ষ্য কৰিছে। উত্তৰ আমেৰিকাৰ সাগৰৰ উপকূলীয় অঞ্চলত আটলাণ্টিক শ্লীপাৰ শ্বেল (Atlantic Slipper Shell) নামে পৰিচিত ক্ৰিপিডুলা ফৰমিকেটা (Crepidula Fornicata) আৰু লেবাৰিডেছ ডিমিডিয়াটাছ (Laborides dimidiatus), ইউৰোপিয়ান ফ্লে অয়েষ্টাৰ (European Flay Oyster) আৰু অষ্ট্ৰিয়া এডুলিছ (Ostrea edulis) আদি কুমলদেহী প্ৰাণীৰ মাজত ৰূপান্তৰকামিতা আৰু লিংগ পৰিৱৰ্তনৰ প্ৰমাণ পোৱা গৈছে।১১। যৌনতাৰ পৰিৱৰ্তন ঘটোৱা আন কিছুমান প্ৰাণী হল: কেঁচু, মাখি, মকৰা আৰু জলজ ফ্লি ডাফণিয়াৰ বিভিন্ন প্ৰজাতি।১২ লিংগ পৰিৱৰ্তনকাৰী মাছৰ ভিতৰত অন্যতম হৈছে কৰাল ৰিফত (প্ৰৱালৰ খাঁজ) বসবাস কৰা গ্ৰুপাৰ মাছ। এই গ্ৰুপাৰ মাছ প্ৰথমে মাইকী হিচাপে জন্মগ্ৰহণ কৰে আৰু প্ৰজননত অংশ গ্ৰহণ কৰে। পিছলৈ এই মাছ বোৰে নিজৰ লিংগ পৰিৱৰ্তন কৰি মতালৈ পৰিবৰ্তন হয় আৰু মতা হিচাপে প্ৰজননত ভাগ লয়।১৩

যৌনতা বনাম লিংগ বিৰোধ

সমাজবিজ্ঞানী এন অকলৰ মতে, যৌনতা(sex) শাৰীৰিক বৈশিষ্ট্য বহন কৰে আৰু লিংগ(gender) এটি নিৰ্দিষ্ট সমাজত সামাজিক আৰু মনস্তাত্ত্বিকভাবে নিৰ্ধাৰিত বিশিষ্টতা নিৰ্দেশ কৰে। এজন পুৰুষ বা নাৰীৰ লিংগয়ে কেনেধৰণৰ পোছাক-পৰিচ্ছদ হব; কেনেধৰণৰ আচাৰ-আচৰণ কৰিব; আশা-আকাংক্ষা, প্ৰত্যাশা কেনেধৰণৰ হব; সমাজৰ নানা কাম-কাজত নাৰী বা পুৰুষৰ ভূমিকা কি হব এই বিষয় সমূহ নিৰ্ধাৰণ কৰে।১৪

অৰ্থাৎ, যৌনতা বিষয়টো প্ৰায়ে শৰীৰৰ ওপৰত নিৰ্ভৰশীল কিন্তু কিন্তু লিংগ সমাজৰ ওপৰত নিৰ্ভৰশীল। যিহেতু নাৰী বা পুৰুষৰ দায়িত্ব, কাম-কাজ আৰু আচৰণ সমাজে নিৰ্ধাৰণ কৰে, সেয়ে সমাজ পৰিৱৰ্তন বা সময় পৰিবৰ্তনৰ লগে লগে লিংগৰ ধাৰণা সলনি হব পাৰে। উদাহৰণস্বৰূপে- আমি যেতিয়া কাৰোবাক ‘নাৰী’ বা ‘পুৰুষ’ হিচাপে চিহ্নিত কৰোঁ, তেতিয়া কেৱল জৈৱ-লিংগক বুজায়। কিন্তু ‘নাৰীসূলভ’ বা ‘পুৰুষত্ব’ ইত্যাদি শব্দ ব্যৱহাৰৰ মাধ্যমত লিংগ জৈৱ বৈশিষ্ট্যক ভেদি নাৰী বা পুৰুষৰ সামাজিক স্বভাৱ-আচৰণগত ইত্যাদি বৈশিষ্ট্য প্ৰকাশ পায়। সেইকাৰণে যৌনতাক জৈৱলিংগ আৰু লিংগক সামাজিক বা সাংস্কৃতিক লিংগ বুলি বহুতে অভিহিত কৰে।

জৈৱ বৈশিষ্ট্যৰ বলয় অতিক্ৰম কৰি সাংস্কৃতিক বলয়ত অন্তৰ্ভুক্ত হোৱাৰ বাসনাৰ কাৰণেই মানৱ সমাজত ৰূপান্তৰকামিতাৰ অস্তিত্ব আছে বুলি কোৱা হয়।

লিংগ পৰিৱৰ্তন অস্ত্ৰোপচাৰ

অস্ত্ৰোপচাৰৰ মাধ্যমত লিংগ পৰিৱৰ্তন বা Sex Change/Gender change এটি জটিল প্লাষ্টিক চাৰ্জাৰী অপেৰাছেন। এই অপেৰাছেনৰ দ্বাৰা নতুন দিগন্তৰ সন্ধান পোৱা কেইজনমান বিখ্যাত ব্যক্তি হল হেৰী বেঞ্জামিন, ষ্টিনাক, আব্ৰাহাম,জন মানি ইত্যাদি। ৰূপান্তৰকামী আৰু উভয়লিংগ মানুহৰ চাহিদাক মূল্য দি চিকিৎসক সকলে শৈল চিকিৎসাৰ মাধ্যমত লিংগ পৰিৱৰ্তন কৰি আহিছে। যিহেতু ৰূপান্তৰকামীতা কোনো অসুখ মনে নহয়, সেয়ে কোনো ঔষধ প্ৰয়োগ কৰি এই মানসিকতা সম্পন্ন ব্যক্তিসকলক সলনি কৰা মুঠেও সম্ভৱ নহয়। একমাত্ৰ লিংগ পৰিৱৰ্তনৰ দ্বাৰাই অনেকে মানসিক পৰিতৃপ্তি লাভ কৰে। পুৰুষ ৰূপান্তৰকামী অৰ্থাৎ যি পুৰুষৰ পৰা নাৰীলৈ ৰূপান্তৰিত হব বিচাৰে আৰু যি নাৰী ৰূপান্তৰকামী পুৰুষ হবলৈ বিচাৰে দুয়ো ক্ষেত্ৰত শৈল চিকিৎসাৰ পদ্ধতি বেলেগ বেলেগ। মূলতঃ শৰীৰেৰ বিভিন্ন অংশৰ পৰা ছাল আৰু কলা(Tissue) লৈ গ্ৰাফটিং মাধ্যমত যোনিপ্ৰদেশ গঠন কৰা হয়, হৰমন থেৰাপিৰ দ্বাৰা স্তন গ্ৰন্থিৰ হ্ৰাস-বৃদ্ধি ঘটোৱা হয়, ছিলিকন টেষ্টিকেলৰ সহায়ত অণ্ডকোষ তৈয়াৰ কৰা হয়, ইত্যাদি।১৫

উভয়লিংগত্ব

উভয়লিংগ মানুহক ইংৰাজীত হাৰ্মফ্ৰোডাইট (harmflodaiet) বা ইণ্টাৰচেক্স (Inter-sex) বুলি কোৱা হয়। উভয়লিংগত্বক আকৌ দুই ভাগত ভাগ কৰা হৈছে: প্ৰকৃত উভয়লিংগত্ব (natrue-hermaphrodite) আৰু অপ্ৰকৃত উভয়লিংগত্ব (pseudo-hermaphrodite)। যেতিয়া মানৱ শৰীৰত নাৰী আৰু পুৰুষ দুয়োটাৰে যৌন অংগ থাকে তাকেই প্ৰকৃত উভয়লিংগ বোলে। প্ৰকৃতিত প্ৰকৃত উভয়লিংগত্ব সংখ্যা অতি কম। সাধাৰণতে অপ্ৰকৃত উভয়লিংগত্বৰ সংখ্যা তুলনামূলকভাৱে বেছি। ছয় ধৰণৰ অপ্ৰকৃত উভয়লিংগত্ব দৃশ্যমান হয়। এইকেইটা হ’ল– কনজেনিটেল এড্ৰেনেল হাইপাৰপ্লাছিয়া (CAH), এন্দ্ৰজেন ইনচেনচিটিভিটি চিনড্ৰম (AIS), গোনাডেল ডিছজেনেচিছ, হাইপোস্পাডিয়াছ, টাৰ্নাৰ চিনড্ৰম (XO) আৰু ক্লিইনেফিল্টাৰ চিনড্ৰম (XXY)। উভয়লিংগত্ব বিভিন্ন কাৰণত হ’ব পাৰে, তাৰে ভিতৰত বংশগতি অন্যতম।১৬

হিজিৰা

মূল প্ৰবন্ধ: হিজিৰা

ভাৰতসহ দক্ষিণ এছিয়াৰ পাকিস্তান, নেপাল, বাংলাদেশ আদিত ইণ্টাৰচেক্স আৰু ৰূপান্তৰকামী সম্প্ৰদায়ক প্ৰচলিতভাৱে 'হিজিৰা' নামেৰে অভিহিত কৰা হয়। এই হিজিৰা শব্দটো অতি তুচ্ছাৰ্থত ব্যৱহৃত হয় বাবে কিছুমান লেখকে সাম্প্ৰতিক কালত 'উভয়লিংগ মানৱ' শব্দটো সামাজিকভাৱে ব্যৱহাৰ কৰাৰ প্ৰস্তাৱ দিছে।১৭ বহুতে হিজিৰা সকলক 'তৃতীয় লিংগ' হিচাপে সামাজিক স্বীকৃতি দিয়াৰ দাবী তুলিছে। বৰ্তমানে হিজিৰা সকলক ভাৰতত তৃতীয় লিংগৰ মৰ্যাদা দিয়া হৈছে।

লগতে চাওক

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ অভিজিৎ ৰায়, সমকামিতা: এটি বৈজ্ঞানিক আৰু সমাজ-মনস্তাত্ত্বিক অনুসন্ধান, শুদ্ধস্বৰ, ২০১০, পৃঃ ৩১
  2. ↑ American Psychiatric Association. (2000). Diagnostic and Statistical Manual of Mental Disorders, Fourth Edition (Text Revision). American Psychiatric Publishing. ISBN 0-89042-025-4
  3. ↑ ICD-10
  4. ↑ Crompton, Louis. (2003). Homosexuality and Civilization. Belknap Press. ISBN 067401197X
  5. ↑ from Christine Jorgensen: A Personal Biography, her 1967 autobiography, quoted by Michelle Ingrassia in Newsday, "In 1952, He Was a Scandal: When Jorgensen decided to change his name — and his body — the nation wasn’t quite ready." May 5, 1989
  6. ↑ অভিজিৎ ৰায়, সমকামিতা: এটি বৈজ্ঞানিক আৰু সমাজ-মনস্তাত্ত্বিক অনুসন্ধান, পৃঃ ৩৩
  7. ↑ m.timesofindia.com/city/mumbai/Bidhan-Baruas-sex
  8. ↑ m.thewire.in/article/lgbtqia/swati-bidhan-baruah-transgender-act/amp
  9. ↑ Bagemihl, Bruce. (1999). Biological Exuberance: Animal Homosexuality and Natural Diversity. Profile Books, Ltd. ISBN 1861971826
  10. ↑ Roughgarden, Joan. (2004). Evolution's Rainbow: Diversity, Gender, and Sexuality in Nature and People. University of California Press. ISBN 0520240731
  11. ↑ অভিজিৎ ৰায়, সমকামিতা: এটি বৈজ্ঞানিক আৰু সমাজ-মনস্তাত্ত্বিক অনুসন্ধান, পৃঃ ৩৭-৩৯
  12. ↑ David Crews, Animal Sexuality, Scientific American, January, 1994
  13. ↑ মাছৰ লিংগ পৰিৱৰ্তনৰ ৰহস্য, দৈনিক সমকাল, মাৰ্চ ৭, ২০১০
  14. ↑ চেলিনা হুছেইন আৰু মাচুদুজ্জামান (সম্পাদনা), লিংগ বিশ্বকোষ, প্ৰথম খণ্ড,মাওলা ব্ৰডাৰ্ছ, ২০০৬, পৃঃ ৫৭২
  15. ↑ অভিজিৎ ৰায়, সমকামিতা: এটি বৈজ্ঞানিক আৰু সমাজ-মনস্তাত্ত্বিক অনুসন্ধান, পৃঃ ২২৫-২২৬]
  16. ↑ Fausto-Sterling, Anne. (November 22, 2000). Sexing the Body: Gender Politics and the Construction of Sexuality. Basic Books. ISBN 0465077145
  17. ↑ অভিজিৎ ৰায়, সমকামিতা: এটি বৈজ্ঞানিক আৰু সমাজ-মনস্তাত্ত্বিক অনুসন্ধান, পৃঃ ৫১

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপান্তৰকামিতা” প্ৰবন্ধৰ সংশোধন ৬৩২৬৬৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।