অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নাৰী

এগৰাকী নাৰী (Woman) হৈছে এক প্ৰাপ্তবয়স্ক মানৱী। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, এগৰাকী নাৰীক ছোৱালী (কন্যা শিশু বা কিশোৰী) বুলি কোৱা হয়। সাধাৰণতে, এগৰাকী নাৰীৰ দুটা এক্স ক্ৰম'জম থাকে আৰু ইয়াৰ দ্বাৰা তেওঁ গৰ্ভধাৰণ কৰিবলৈ আৰু যৌৱনৰ পৰা ৰজোনিবৃত্তিলৈকে সন্তান জন্ম দিবলৈ সক্ষম।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২,১৪১ শব্দ · ১২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

এগৰাকী নাৰী (Woman) হৈছে এক প্ৰাপ্তবয়স্ক মানৱী। ১২ প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, এগৰাকী নাৰীক ছোৱালী (কন্যা শিশু বা কিশোৰী) বুলি কোৱা হয়। ৩

সাধাৰণতে, এগৰাকী নাৰীৰ দুটা এক্স ক্ৰম'জম থাকে আৰু ইয়াৰ দ্বাৰা তেওঁ গৰ্ভধাৰণ কৰিবলৈ আৰু যৌৱনৰ পৰা ৰজোনিবৃত্তিলৈকে সন্তান জন্ম দিবলৈ সক্ষম। স্ত্ৰী প্ৰজনন তন্ত্ৰই নাৰীৰ শাৰীৰিক গঠনক পুৰুষৰ শৰীৰতন্ত্ৰৰ পৰা পৃথক কৰে ইয়াৰ ভিতৰত আছে ডিম্বাশয়, ফেলোপিয়ান নলী, জৰায়ু, যোনি, আৰু ভালভা। প্ৰাপ্তবয়স্ক নাৰীৰ শ্ৰোণী বহল, কঁকাল বহল, আৰু স্তনদ্বয় প্ৰাপ্তবয়স্ক পুৰুষতকৈ ডাঙৰ। মহিলাৰ মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংশত লোমৰ পৰিমাণ যথেষ্ট কম, শৰীৰৰ চৰ্বিৰ গঠন অধিক, আৰু পুৰুষতকৈ গড়ে চাপৰ আৰু কম পেশীবহুল।

সমগ্ৰ মানৱ ইতিহাসত, পৰম্পৰাগত লিংগ ভূমিকাই প্ৰায়ে নাৰীৰ কাৰ্যকলাপ আৰু সুযোগবোৰক নিৰ্ধাৰণ কৰাৰ লগতে তাক সীমিত কৰি ৰাখিছে। বহুতো ধৰ্মীয় মতবাদত মহিলাসকলৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বহুতো সমাজত বিংশ শতিকাৰ সময়ছোৱাত প্ৰতিবন্ধকতা শিথিল হোৱাৰ লগতে মহিলাসকলে পৰম্পৰাগত গৃহিণীৰ বাহিৰেও কেৰিয়াৰৰ প্ৰৱেশাধিকাৰ লাভ কৰিছে, আৰু উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সামৰ্থ্য লাভ কৰিছে। মহিলাৰ বিৰুদ্ধে হিংসা(পৰিয়ালৰ ভিতৰত হওক বা সম্প্ৰদায়ত হওক)ৰ এক দীঘলীয়া ইতিহাস আছে আৰু এই হিংসা মুখ্যতঃ পুৰুষৰ দ্বাৰা সংঘটিত হৈ আহিছে।

ট্ৰান্স মহিলা সকলৰ জন্মৰ সময়ত পুৰুষ যৌনাংগ থাকে যি তেওঁলোকৰ লিংগ পৰিচয়ৰ সৈতে সংগতি নাৰাখে, আনহাতে আন্তঃযৌন মহিলাৰ এনে কিছুমান যৌন বৈশিষ্ট্য থাকিব পাৰে যি সমূহ নাৰী জীৱবিজ্ঞানৰ সাধাৰণ ধাৰণাৰ সৈতে খাপ নাখায়। ৪

পৰিভাষা

শৈশৱ, যৌৱন আৰু কৈশোৰৰ মাজেৰে পাৰ হোৱাৰ পিছৰ সময়চোৱাই এগৰাকী মানৱীৰ নাৰীত্ব জীৱনৰ সময়।৫ বিভিন্ন দেশৰ বিভিন্ন আইন থাকিলেও ১৮ বছৰ বয়সকেই সাধাৰণতে সংখ্যাগৰিষ্ঠ বয়স বুলি গণ্য কৰা হয় (যি বয়সত এজন ব্যক্তিক আইনীভাৱে প্ৰাপ্তবয়স্ক বুলি গণ্য কৰা হয়)।

নাৰী শব্দটো সাধাৰণতে যিকোনো বয়সৰ স্ত্ৰী লিংগৰ ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰিব পাৰি। গাৰ্ল শব্দটোৰ মূল ইংৰাজী অৰ্থ আছিল "যিকোনো লিংগৰ কোমল বয়সৰ ব্যক্তি"; ৬ ষোড়শ শতিকাৰ আৰম্ভণিত হে ইয়াৰ অৰ্থ বিশেষকৈ এগৰাকী কন্যা শিশু বুলি ধৰা হয়। ৭ ছোৱালী শব্দটো কেতিয়াবা এগৰাকী যুৱতী বা অবিবাহিত মহিলাক বুজাবলৈ মৌখিক ৰূপত ব্যৱহাৰ কৰা হয়; অৱশ্যে, ১৯৭০-ৰ দশকৰ আৰম্ভণিতে, নাৰীবাদীসকলে শব্দটোৰ এনে অৰ্থত ব্যৱহাৰক প্ৰত্যাহ্বান জনাইছিল কিয়নো প্ৰাপ্তবয়স্ক মহিলাক বুজাবলৈ শব্দটো ব্যৱহাৰ কৰিলে ই সু-সংজ্ঞাবদ্ধ নহয়। বিশেষকৈ, আগতে প্ৰায়ে ব্যৱহাৰ হোৱা এটা শব্দ অফিচ গাৰ্ল বৰ্তমানৰ প্ৰেক্ষাপটত বিলুপ্তপ্ৰায়।

ইয়াৰ বিপৰীতে, কিছুমান সংস্কৃতিত পৰিয়ালৰ সন্মানক নাৰীৰ কুমাৰীত্বৰ সৈতে সম্পৰ্কিত কৰা হয়। গাৰ্ল শব্দটো (বা আন ভাষাত ইয়াৰ সমতুল্য) এতিয়াও অবিবাহিত মহিলাক বুজাবলৈ ব্যৱহাৰ কৰা হয়; এই অৰ্থত ইয়াক প্ৰায় কম-বেছি পৰিমাণে অপ্ৰচলিত ইংৰাজী মেড বা মেডেনৰ সৈতে সাদৃশ্যপূৰ্ণ ধৰণে ব্যৱহাৰ কৰা হয়।

জৈৱিক বিৱৰণ

স্ত্ৰী ক্ৰম'জমৰ বিভাজন
স্ত্ৰী ক্ৰম'জমৰ বিভাজনছবি: Courtesy: National Human Genome Research Institute · Public domain
স্ত্ৰী জনন অংগৰ বিভিন্ন ভাগ সমূহ।
স্ত্ৰী জনন অংগৰ বিভিন্ন ভাগ সমূহ।ছবি: CDC, Mysid · Public domain

সাধাৰণতে মহিলাৰ কোষবোৰত দুটা এক্স ক্ৰম'জম থাকে, আৰু পুৰুষৰ কোষবোৰত এক্স আৰু ৱাই ক্ৰম'জম থাকে।৮ প্ৰাৰম্ভিক ভ্ৰূণ বিকাশৰ সময়ত দুয়োটা লিংগৰ ভ্ৰূণৰ ৰূপতত্ত্ব প্ৰায় ৬ বা ৭ সপ্তাহলৈকে একে হয়। মহিলাৰ ক্ষেত্ৰত যৌন পাৰ্থক্য এনেদৰে আগবাঢ়ে যি গণ্ডল হৰমনৰ পৰা স্বতন্ত্ৰ। ৯ যিহেতু মানুহৰ ক্ষেত্ৰত কেৱল মাতৃৰ ডিম্বাশয়ৰ পৰাহে মাইটোকণ্ড্ৰিয়েল ডিএনএ উত্তৰাধিকাৰী হয়, সেয়ে বংশানুক্ৰমিক গৱেষকসকলে মাতৃবংশৰ বিষয়ে আগতীয়াকৈ ধাৰণা গ্ৰহণ কৰিব পাৰে।

নাৰী আৰু পুৰুষৰ দৈহিক অৱয়বৰ দৃশ্যমান পাৰ্থক্য
নাৰী আৰু পুৰুষৰ দৈহিক অৱয়বৰ দৃশ্যমান পাৰ্থক্যছবি: Taken at City Studios in Stockholm (www.stockholmsfotografen.se), September 29, · CC0

নাৰীৰ যৌৱন প্ৰাপ্তিৰ ফলত শাৰীৰিক পৰিৱৰ্তন হয় যি নিষিক্তকৰণৰ জৰিয়তে যৌন প্ৰজনন ক্ষমতাক সক্ষম কৰে। মগজুৰ পিটুইটাৰি গ্ৰন্থিৰ পৰা ৰাসায়নিক সংকেতৰ সঁহাৰি স্বৰূপে, ডিম্বাশয়ে এষ্ট্ৰোজেন প্ৰস্তুত কৰে যি শৰীৰৰ পৰিপক্বতা উদ্দীপিত কৰে, এই সমূহৰ ভিতৰত উচ্চতা আৰু ওজন বৃদ্ধি, শৰীৰৰ চুলিৰ বিকাশ, স্তনৰ বিকাশ আৰু ঋতুস্ৰাৱৰ আৰম্ভণি আদি পৰিৱৰ্তন সমূহ সাধাৰণতে ১২-১৩ বছৰ বয়সৰ ভিতৰত আৰম্ভ হয়। ১০১১১২১৩ ডিম্বাশয়ে হৰমন প্ৰস্তুতৰ নিয়ন্ত্ৰক কাৰ্যৰ উপৰিও, স্ত্ৰী গেমেট প্ৰস্তুত কৰে যি পুৰুষ গেমেটৰ (শুক্ৰাণু) দ্বাৰা নিষিক্ত হ'লে, নতুন আনুবংশিক ব্যক্তি গঠন কৰে। জৰায়ু হৈছে বিকাশশীল ভ্ৰূণ আৰু পেশীৰ সুৰক্ষা আৰু প্ৰতিপালনৰ বাবে কোষকলা থকা এক অঙ্গ যাতে সন্তান জন্ম দিয়াৰ সময়ত ইয়াক নিষ্কাশন কৰিব পাৰি। যৌনসঙ্গম আৰু জন্মৰ সময়ত যোনিৰ ব্যৱহাৰ হয়, যদিও যোনি শব্দটো প্ৰায়ে মৌখিক ভাৱে ইংৰাজী ভাষাৰ ভালভাক (বা বাহ্যিক স্ত্ৰী জননাংগ) বুজাবলৈ ব্যৱহাৰ কৰা হয় ১৪১৫ য'ত লেবিয়া, ভগাঙ্কুৰ আৰু স্ত্ৰী মূত্ৰনলী থাকে।

স্তনৰ গ্ৰন্থিবোৰ গাখীৰ উৎপাদন কৰিবলৈ এপোক্ৰিনসদৃশ গ্ৰন্থিৰ পৰা বিকশিত হোৱা বুলি ধাৰণা কৰা হয়, ই এক পুষ্টিকৰ নিঃসৰণ যি স্তন্যপায়ী প্ৰাণীৰ আটাইতকৈ স্বকীয় বৈশিষ্ট্য।১৬ পৰিপক্ব মহিলাৰ ক্ষেত্ৰত স্তন সাধাৰণতে আন বেছিভাগ স্তন্যপায়ী প্ৰাণীতকৈ অধিক গুৰুত্বপূৰ্ণ; ই কেৱল গাখীৰ উৎপাদনৰ বাবেই প্ৰয়োজনীয় নহয়, স্তনৰ গুৰুত্ব আংশিকভাৱে যৌন বাছনিৰ এক উপাদান বুলিও ধাৰণা কৰা হয়। সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সৰ ভিতৰত এগৰাকী মহিলা ৰজোনিবৃত্তিত উপনীত হয়১৭১৮, এয়া হৈছে মহিলাৰ জীৱন চক্ৰৰ এটা পৰ্যায় যেতিয়া ঋতুস্ৰাৱ স্থায়ীভাৱে বন্ধ হয়, আৰু তেওঁলোক সন্তান জন্ম দিবলৈ অক্ষম হৈ পৰে ১৯

উৰ্বৰাতাৰ হাৰ

২০২০ চনৰ পিয়ল অনুসৰি দেশ ভেদে নাৰীৰ উৰ্বৰতাৰ হাৰ।
২০২০ চনৰ পিয়ল অনুসৰি দেশ ভেদে নাৰীৰ উৰ্বৰতাৰ হাৰ।ছবি: Korakys · CC BY-SA 4.0

মুঠ উৰ্বৰতাৰ হাৰ (টিএফআৰ) হৈছে এগৰাকী নাৰীয়ে জীৱনকালত জন্ম দিয়া শিশুৰ গড় সংখ্যা। এই হাৰ সমগ্ৰ পৃথিৱীত অঞ্চলভেদে যথেষ্ট পৃথক। ২০১৬ চনত, সৰ্বাধিক আনুমানিক টিএফআৰ আছিল নাইজাৰত (প্ৰতি গৰাকী মহিলাৰ বিপৰীতে জন্ম দিয়া শিশুৰ পৰিমাণ আছিল ৬.৬২ টা) আৰু এই সৰ্বনিম্ন আছিল ছিংগাপুৰত (০.৮২ শিশু/মহিলা)।২০ যদিও বেছিভাগ আফ্ৰিকাৰ উপ-চাহাৰা অঞ্চলৰ টিএফআৰ উচ্চ। এই উচ্চ হাৰে সম্পদৰ অভাৱৰ সমস্যাৰ সৃষ্টি কৰে আৰু অত্যধিক জনসংখ্যাত অৰিহণা যোগায়। বেছিভাগ পশ্চিমীয়া দেশত বৰ্তমান এক উপ প্ৰতিষ্ঠাপন উৰ্বৰতাৰ হাৰ প্ৰচলিত হৈছে যাৰ ফলত জনসংখ্যা ৰ বয়স বৃদ্ধি আৰু জনসংখ্যাৰ হাৰ হ্ৰাস কৰিছে।

পৃথিৱীৰ বহুতো ঠাইত, যোৱা কেইটামান দশকত পাৰিবাৰিক গাঁথনিৰ পৰিৱৰ্তন হৈছে। উদাহৰণ স্বৰূপে, পশ্চিমত জীৱন ধাৰণৰ ব্যৱস্থাৰ পৰা আঁতৰি যোৱাৰ এক প্ৰৱণতা আছে য'ত কেৱল মৌলিক পৰিয়ালৰটোহে অন্তৰ্ভুক্ত। ইয়াৰ উপৰি বৈবাহিক উৰ্বৰতাৰ পৰা অবৈবাহিক উৰ্বৰতালৈ যোৱাৰ আন এক প্ৰৱণতাও প্ৰচলিত। বিবাহ নোহোৱাকৈয়ে সম্পৰ্কত থকা প্ৰেমিকযুগলে সন্তান জন্ম দিয়া বা অবিবাহিত মহিলাই একক অভিভাৱকৰ দায়িত্ব পালনেৰে সন্তান জন্ম দিব পাৰে। পৃথিৱীৰ কিছুমান ঠাইত বিবাহৰ পূৰ্বে সন্তান জন্ম এক সাধাৰণ কথা আৰু ই সম্পূৰ্ণৰূপে গ্ৰহণ যোগ্য। অৱশ্যে আন কিছুমান ঠাইত এই ধাৰণাটো সামাজিক নিয়মৰ আধাৰত ধৰা নহয় আৰু অত্যন্ত কলঙ্কিত বিষয় বুলি মান্যতা প্ৰদান কৰা হয়। এনে অঞ্চলত অবিবাহিত মাতৃসকলে এই ক্ষেত্ৰত সামাজিক বৰ্জনৰ সন্মুখীন হয়, ইয়াৰ ভিতৰত পৰিয়ালৰ সদস্যৰ দ্বাৰা হিংসা, আনকি চৰম পৰ্যায়ত সন্মান ৰক্ষাৰ্থে হত্যা পৰ্যন্ত হোৱা দেখা যায়।২১২২ ইয়াৰ উপৰিও বহুতো দেশত বিবাহৰ পূৰ্বে যৌন সম্ভোগ অবৈধ। সেই সমূহৰ ভিতৰত আছে: চৌদি আৰৱ, পাকিস্তান,২৩ আফগানিস্তান,২৪২৫ ইৰান২৫, কুৱেইট,২৬ মালদ্বীপ,২৭ মৰক্কো২৮, ওমান,২৯ মৌৰিতানিয়া৩০, সংযুক্ত আৰৱ আমিৰাত,৩১৩২ চুদান, ৩৩ আৰু ইয়েমেন ৩৪।

সংস্কৃতি ভেদে মাতৃৰ সামাজিক ভূমিকাও পৃথক পৃথক। পৃথিৱীৰ বহুতো ঠাইত, নিৰ্ভৰশীল সন্তান থকা মহিলাসকল ঘৰতে থাকিব আৰু তেওঁলোকৰ সকলো শক্তি সামৰ্থ্য শিশু প্ৰতিপালনৰ বাবে সমৰ্পিত কৰিব বুলি আশা কৰা হয়, আনহাতে আন কোনো কোনো ঠাইত মাতৃসকল প্ৰায়ে মজুৰী ভিত্তিক কামলৈ উভতি আহে।

সন্তান জন্মৰ অধিকাৰ আৰু স্বাধীনতা

প্ৰজনন অধিকাৰ হৈছে প্ৰজনন আৰু প্ৰজনন স্বাস্থ্যসম্পৰ্কীয় আইনী অধিকাৰ আৰু স্বাধীনতা। ইণ্টাৰনেচনেল ফেডাৰেচন অফ গাইনোকোলজী এণ্ড অবষ্টেট্ৰিস্কৰ মতে:৩৫

(...) জোৰ-জুলুম, পক্ষপাতিত্ব আৰু হিংসাৰহিতভাৱে যৌন আৰু প্ৰজনন স্বাস্থ্যকে ধৰি নিজৰ যৌনতা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত নিয়ন্ত্ৰণ আৰু মুক্ত তথা দায়বদ্ধভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰো নাৰীৰ মানৱাধিকাৰৰ ভিতৰুৱা। নাৰী আৰু পুৰুষৰ মাজত যৌন সম্পৰ্ক তথা প্ৰজননৰ বিষয়ত সমান সম্পৰ্কৰ বাবে, ব্যক্তিগৰাকীৰ অখণ্ডতাৰ প্ৰতি পূৰ্ণ সন্মানকে ধৰি, পৰস্পৰ সন্মান, সন্মতি আৰু যৌন আচৰণ তথা ইয়াৰ পৰিণতিসমূহৰ বাবে ভগাই লোৱা দায়বদ্ধতাৰ প্ৰয়োজন।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০১০ চনৰ পৰা ২০১৪ চনলৈ কেৱল তথ্যৰ ওপৰত ভিত্তি কৰি, প্ৰতি বছৰে বিশ্বজুৰি ৫৬ নিযুত প্ৰৰোচিত গৰ্ভপাত হৈছিল। সেইবোৰৰ ভিতৰত, প্ৰায় ২৫ নিযুত গৰ্ভপাত অসুৰক্ষিত বুলি গণ্য কৰা হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি ১০০,০০০ অসুৰক্ষিত গৰ্ভপাতৰ বাবে বিকশিত অঞ্চলত প্ৰায় ৩০ গৰাকী মহিলাৰ আৰু বিকাশশীল অঞ্চলবোৰত ২২০ গৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে উপ-চাহাৰা আফ্ৰিকাত প্ৰতি ১০০,০০০ অসুৰক্ষিত গৰ্ভপাতত ৫২৯ গৰাকী মাতৃৰ মৃত্যু হয় বুলি প্ৰতিবেদনত প্ৰকাশ কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই এই মৃত্যুৰ কাৰণবোৰ ভিতৰত উল্লেখ কৰিছে:

  • প্ৰতিবন্ধক আইন
  • সেৱাৰ দুৰ্বল উপলব্ধতা
  • ব্যয়বহুলতা
  • কলংকৰ ভয়
  • স্বাস্থ্য-যত্ন প্ৰদানকাৰীসকলৰ বিবেকবান আপত্তি জনক পৰামৰ্শ, বিভ্ৰান্তিকৰ তথ্যৰ ব্যৱস্থা, তৃতীয় পক্ষৰ অনুমোদন, আৰু চিকিৎসাগতভাৱে অপ্ৰয়োজনীয় পৰীক্ষা।৩৬

লিংগ ভূমিকা

শিশুৰ সৈতে পাকঘৰত খাদ্য প্ৰস্তুত কৰণত ব্যস্ত এগৰাকী অসমীয়া নাৰী।
শিশুৰ সৈতে পাকঘৰত খাদ্য প্ৰস্তুত কৰণত ব্যস্ত এগৰাকী অসমীয়া নাৰী।ছবি: Baby Devi 26 · CC BY-SA 4.0
খেতি পথাৰত ব্যস্ত এগৰাকী মহিলা
খেতি পথাৰত ব্যস্ত এগৰাকী মহিলাছবি: Pranamika Pathak · CC BY-SA 4.0

শেহতীয়াকৈ সমগ্ৰ বিশ্বত লিংগ ভূমিকাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। ইতিহাসৰ আগৰ কিছুমান বিন্দুত, কম বয়সৰ পৰা আৰম্ভ হোৱা শিশুৰ বৃত্তিগত আকাংক্ষা লিংগ অনুসৰি পৃথক আছিল।৩৭

বৰ্তমান সময়ত কৰ্মৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নাৰীৰ ভূমিকাই প্ৰসাৰতা লাভ কৰিছে। খেলৰ জগত খনটো নাৰীৰ অৱদান কম নহয়। বিশ্বৰ প্ৰায় সৰহ সংখ্যক নাৰীৰ সাধাৰণ কাম হৈছে পৰিয়াল পৰিচালনাত ঘৰুৱা কাম আদি কৰা, খাদ্য ৰন্ধা, কেঁচুৱা জন্মদিয়া আৰু প্ৰতিপাল কৰা আদি। ব্যক্তিৰ আৱেগ, কৰ্মক্ষেত্ৰ, ঘৰ, দৈহিক উপস্থাপন, ইত্যাদিৰ ক্ষেত্ৰত সমাজত প্ৰায়ে কিছুমান দৃঢ়বদ্ধতা প্ৰচলিত হৈ আছে। এইবোৰে নাৰী-পুৰুষৰ অধিকাৰক খৰ্ব কৰে। ভাৰতৰ দৰে পুৰুষ প্ৰধান সমাজ ব্যৱস্থাটো পূৰ্বতে সমাজৰ প্ৰায় প্ৰতিটো ক্ষেত্ৰত নাৰীৰ বিপৰীতে পুৰুষৰ উপস্থিতিক অগ্ৰাধিকাৰ দিয়া হৈছিল। বিশ্বৰ বিভিন্ন প্ৰান্তত ভোট দানৰ অধিকাৰৰ ক্ষেত্ৰটো নাৰীয়ে সংগ্ৰাম কৰিব লগা হৈছে। কৰ্মক্ষেত্ৰত কেৱল লিংগ পাৰ্থক্যৰ বাবেই মজুৰীৰ ক্ষেত্ৰটো নাৰী পুৰুষৰ সমতাক অস্বীকাৰ কৰা হয়।

২০১৩ বৰ্ষত ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান ২৪.৮১% বুলি অনুমান কৰা হৈছিল।৩৮ লগতে অৰ্থনীতিত মহিলাৰ অংশগ্ৰহণৰ স্তৰ বিশ্লেষণ কৰোঁতে এই প্ৰতিবেদনে ভাৰতক বিশ্বৰ ভিতৰত তালিকাৰ তলৰ ১০খন দেশৰ ভিতৰত অন্যতম হিচাপে স্থান দিছে। মজুৰি লাভ কৰা শ্ৰমিক সকলৰ মাজত মহিলাৰ অংশগ্ৰহণৰ হাৰ সাধাৰণতে কম। তেওঁলোকৰ অংশগ্ৰহণ মুখ্যতঃ কৃষি খণ্ডৰ গ্ৰাম্য এলেকাত কেন্দ্ৰীভূত হয়। উত্তৰ ভাৰতৰ গ্ৰাম্য অঞ্চলত দেখা গৈছে যে লিংগৰ ভিত্তিত শ্ৰম বিভিন্ন ভাগত বিভক্ত কৰা হয়। কৃষিৰ কিছুমান কাৰ্যকলাপ বিশেষকৈ মহিলাসকলক আৱণ্টন কৰা হৈছে। কিছুমান কাম যেনে শস্য শুকোৱা আৰু সংৰক্ষণ কৰা আদি মহিলাৰ দ্বাৰা আনহাতে অন্যান্য কাম যেনে হাল বোৱা আৰু শস্য চলোৱা কেৱল পুৰুষৰ দ্বাৰা কৰা হয়।৩৯৪০ এয়া কেৱল অগ্ৰাধিকাৰ আৰু আধিপত্য নহয়। ব্যক্তিগত সেৱা আৰু যত্নৰ কামৰ সৈতে জড়িত খণ্ডবোৰত ভাৰতত মহিলা শ্ৰমিকৰ অংশগ্ৰহণ অধিক হোৱা দেখা গৈছে। অনানুষ্ঠানিক ক্ষেত্ৰত বিশেষকৈ কৃষিক্ষেত্ৰতো মহিলাৰ অংশগ্ৰহণ অধিক।

ফেশ্বন, ড্ৰেচিং ক'ড

পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে বিভিন্ন ধৰণে পোছাক পৰিধান কৰে, তেওঁলোকৰ পোছাকৰ পছন্দবোৰ স্থানীয় সংস্কৃতি, ধৰ্মীয় নীতি, পৰম্পৰা, সামাজিক নিয়ম আৰু ফেশ্বনৰ প্ৰৱণতাৰ দ্বাৰা প্ৰভাৱিত হয়। শালীনতা সম্পৰ্কে বিভিন্ন সমাজৰ বিভিন্ন ধাৰণা আছে। অৱশ্যে অধিকাৰৰ ক্ষেত্ৰত বিশেষকৈ পোছাকৰ ক্ষেত্ৰত সকলো সমাজত মহিলাৰ পছন্দ স্বাধীন নহয়। আইনে তেওঁলোকে কি পিন্ধিব পাৰে বা কি পিন্ধিব নোৱাৰে সম্পৰ্কীয় কিছুমান প্ৰতিবন্ধকতা আৰোপ কৰে। এইটো বিশেষকৈ ইছলামিক পোছাকৰ ক্ষেত্ৰত চৰ্চিত। যদিও কিছুমান অধিকাৰ ক্ষেত্ৰই আইনীভাৱে এনে সম্পূৰ্ণ আবুৰতা প্ৰদান কৰা পোছাক বাধ্যতামূলক কৰে, আন কিছুমান দেশত ৰাজহুৱা স্থানত হিজাব জাতীয় পোছাক (যেনে বোৰ্খা/মুখ ঢাকি ৰখা) পিন্ধাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। এনে নিষেধাজ্ঞা থকা এখন দেশ হৈছে ফ্ৰান্স। এই ধৰণৰ পোছাকৰ ক্ষেত্ৰত থকা বাধ্যতামূলক তথা নিষিদ্ধ কৰা আইন- দুয়োটাই অত্যন্ত বিতৰ্কিত।৪১

শিক্ষা

গুইনিয়াৰ ছাত্ৰী।
গুইনিয়াৰ ছাত্ৰী।ছবি: Laura Lartigue (USAID) · Public domain

একক-লিংগ শিক্ষা পৰম্পৰাগতভাৱে প্ৰভাৱশালী আৰু এতিয়াও যথেষ্ট প্ৰাসংগিক। সৰ্বজনীন শিক্ষা, অৰ্থাৎ লিংগৰ পাৰ্থক্যৰ পৰা স্বতন্ত্ৰ ৰাজ্যিক শিক্ষা ব্যৱস্থা যেনে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা, এতিয়াও বিশ্বব্যাপী প্ৰচলিত হোৱা নাই, বেছিভাগ উন্নত দেশতহে এই ব্যৱস্থাই প্ৰসাৰতা লাভ কৰিছে। কিছুমান পশ্চিমীয়া দেশত, মহিলাসকলে শিক্ষাৰ বিভিন্ন স্তৰত পুৰুষক অতিক্ৰম কৰিছে। উদাহৰণ স্বৰূপে, ২০০৫/২০০৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত, মহিলাসকলে সহযোগী ডিগ্ৰীৰ ৬২%, স্নাতক ডিগ্ৰীৰ ৫৮%, স্নাতকোত্তৰ ডিগ্ৰীৰ ৬০% আৰু ডক্টৰেটৰ ৫০% অৰ্জন কৰিছিল। ৪২৪৩

পুৰুষৰ তুলনাত মহিলাৰ বাবে বিশ্বসাক্ষৰতা কম। চি.আই.এ. ৱৰ্ল্ড ফেক্টবুকে ২০১০ চনৰ পৰা এক প্ৰতিবেদন প্ৰকাশ কৰিছে। সেই অনুসৰি ৮০% মহিলা পুৰুষৰ ৮৮.৬% বিপৰীতে স্বাক্ষৰ(১৫ বছৰ বা অধিক বয়সৰ)। দক্ষিণ আৰু পশ্চিম এছিয়াত, আৰু চাব-চাহাৰা আফ্ৰিকাৰ কিছু অংশত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন। ৪৪

বিজ্ঞান শিক্ষাত নাৰী

সমগ্ৰ বিশ্বত পৰিচিত।]]

ঐতিহাসিকভাবেই নাৰীক গৃহপ্ৰকোষ্ঠে আবদ্ধ ৰাখা হৈছিল। পৰিয়ালৰ দ্বাৰা এওঁলোকক বিজ্ঞান চৰ্চাত অংশগ্ৰহণৰ বাবে উদ্বুদ্ধ কৰা নহৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত ১৯২৩ চনত সম অধিকাৰ আইন গৃহীত হোৱাৰ পিছত নাৰীসকলক উল্লেখযোগ্য হাৰত বিজ্ঞান বিষয়ত অংশগ্ৰহণ কৰা দেখা যায়। কিন্তু বিজ্ঞানৰ জগতত অংশগ্ৰহণৰ হাৰ প্ৰযুক্তি বিদ্যাৰ তুলনাত নিম্নমুখী। বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাত ডক্টৰেট গ্ৰহণৰ সংখ্যা ১৯৭০ চনৰ ৭%ৰ পৰা ১৯৮৫ চনত ৩৪%লৈ বৃদ্ধি পায়। সেইদৰে প্ৰযুক্তি বিদ্যাত স্নাতক ডিগ্ৰীধাৰীৰ সংখ্যা ১৯৭৫ চনত আছিল মাত্ৰ ৩৮৫ জন, বিপৰীতে ১৯৮৫ চনত এই সংখ্যাই ১১০০০ ক অতিক্ৰম কৰে। শিক্ষাক্ষেত্ৰত আইনৰ মাধ্যমেৰে নাৰীসকল সংযোগ কৰিলেও বৰ্তমানো নাৰী-পুৰুষৰ শিক্ষাৰ হাৰৰ ক্ষেত্ৰত অসমতা বিৰাজমান।

বিশ্ববিদ্যালয় পৰ্যায়ত ১৯৮৯ চনত বিজ্ঞানী হিচাপে পুৰুষৰ অংশগ্ৰহণ আছিল ৬৫% আৰু নাৰীৰ অংশগ্ৰহণ আছিল ৪০%। যিসময়ত পূৰ্ণাঙ্গকালীন এজন পুৰুষ বিজ্ঞানীৰ বাৰ্ষিক আয় $৪৮,০০০ আছিল; সেই সময়ত মহিলা বিজ্ঞানীৰ আয় আছিল $৪২,০০০।৪৫

ধৰ্ম

নিৰ্দিষ্ট ধৰ্মীয় মতবাদবোৰত লিংগ ভূমিকা, লিংগৰ মাজত সামাজিক আৰু ব্যক্তিগত বাৰ্তালাপ, মহিলাৰ বাবে উপযুক্ত পোছাক পৰিধান, আৰু মহিলা আৰু সমাজত তেওঁলোকৰ স্থিতি প্ৰভাৱিত কৰা আন বিভিন্ন বিষয়ৰ সৈতে সম্পৰ্কিত নিৰ্দিষ্ট চৰ্তাৱলী আছে। বহুতো দেশত, এই ধৰ্মীয় শিক্ষাবোৰে ফৌজদাৰী আইন, বা সেই অধিকাৰক্ষেত্ৰৰ পাৰিবাৰিক আইনক প্ৰভাৱিত কৰে। ধৰ্ম, আইন আৰু লিংগ সমতাৰ মাজৰ সম্পৰ্কক আন্তৰ্জাতিক সংগঠনবোৰে আলোচনা কৰিছে। ৪৬

নাৰীৰ স্থিতি সম্পৰ্কত শাস্ত্ৰকে আদি কৰি হিন্দুধৰ্মৰ বিভিন্ন গ্ৰন্থত পৰস্পৰ সামঞ্জস্য নথকা দৃষ্টিভংগী পোৱা যায়। ইয়াৰে কোনো গ্ৰন্থত নাৰীক সৰ্বোচ্চ নেতৃত্বৰ স্থান দিয়াৰ বিপৰীত অন্য কিছু গ্ৰন্থত লিংগৰ ভিত্তিত ব্যক্তিৰ ভূমিকাৰ সীমাবদ্ধতাৰ বিষয়ে কোৱা হৈছে। ঋকবেদৰ দেৱী সূক্তত নাৰীশক্তিক সকলো পদাৰ্থ আৰু সংজ্ঞাৰ সৃষ্টিকাৰী, চিৰন্তন আৰু অসীম, আধ্যাত্মিক আৰু অভিজ্ঞতামূলক বাস্তৱতা অৰ্থাৎ ব্ৰহ্ম, সকলোৰে আত্মা তথা ব্ৰহ্মাণ্ডৰ সাৰ বুলি কোৱা হৈছে। ৪৭৪৮ কিছুসংখ্যক হিন্দু উপনিষদ, শাস্ত্ৰ আৰু পুৰাণ, বিশেষকৈ দেৱী উপনিষদ, দেৱী মাহাত্ম্য আৰু দেৱী-ভাগৱত পুৰাণৰ মতে নাৰীক সৰ্বশক্তিমান বুলি চিহ্নিত কৰা হৈছে। ৪৯৫০৫১ হিন্দু ধৰ্ম মতে নাৰী তিন প্ৰকাৰৰ: পদ্মিনী, সঙ্খিনী আৰু হস্তিনী।

লিংগ প্ৰতীক

শুক্ৰ গ্ৰহ, দেৱী ভেনাছ বা গ্ৰীকসকলৰ এফ্ৰোডাইটিক চিহ্নিত কৰা গ্লিফ চিহ্ন(♀) টোৰে জীৱবিজ্ঞানত স্ত্ৰীলিংগ বুজোৱা হয়। ৫২৫৩৫৪ প্ৰাচীন ধাতুবিদ্যাত ভেনাছৰ চিহ্নটো তামৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছিল আৰু ই নাৰীত্বৰ সৈতে জড়িত আছিল।৫৪

নাৰীত্ব

নাৰীত্ব হৈছে সাধাৰণতে মহিলা আৰু ছোৱালীৰ সৈতে সম্পৰ্কিত গুণাগুণ, আচৰণ, আৰু ভূমিকাৰ এক সংহতি। নাৰীত্বৰ ধাৰণাটো সামাজিকভাৱে নিৰ্মাণ কৰা হয় ৫৫ যদিও নাৰীসুলভ বুলি গণ্য কৰা কিছুমান আচৰণ জৈৱিকভাৱে প্ৰভাৱিত হয়। ৫৫৫৬৫৭৫৮ নাৰীত্ব কিমান পৰিমাণে জৈৱিক বা সামাজিকভাৱে প্ৰভাৱিত হয় সেয়া বিতৰ্কৰ অধীন। ৫৭৫৬৫৮ ই জৈৱিক স্ত্ৰী লিংগৰ সংজ্ঞাৰ পৰা পৃথক,৫৯৬০ কিয়নো পুৰুষ আৰু মহিলা উভয়ে নাৰীসুলভ বৈশিষ্ট্য প্ৰদৰ্শন কৰিব পাৰে।

ইতিহাস

যিসকল প্ৰাচীন নাৰীৰ নাম জনা যায় তেওঁলোকৰ ভিতৰত আছে:

  • নৰ্মৰৰ পত্নী আৰু প্ৰাচীন ইজিপ্তৰ প্ৰথম ৰাণী নেইথোটেপ (প্ৰায় ৩২০০ খ্ৰীষ্টপূৰ্ব)।৬১৬২
  • প্ৰথম ৰাজবংশৰ সময়ত প্ৰাচীন ইজিপ্তৰ ৰাণী আৰু ৰিজেণ্ট মাৰ্নিথ (প্ৰায় ৩০০০ খ্ৰীষ্টপূৰ্ব)। তেওঁ নিজ অধিকাৰৰ বলত ইজিপ্তৰ শাসক হোৱা প্ৰথম মহিলা। ৬৩৬৪
  • মেধা-পটাহ (প্ৰায় ২৭০০ খ্ৰীষ্টপূৰ্ব), তেওঁ ইজিপ্তৰ বাসিন্দা আছিল আৰু আটাইতকৈ প্ৰাচীন মহিলা চিকিৎসক আৰু বিজ্ঞানী।৬৫
  • প্ৰাচীন ইজিপ্তৰ এগৰাকী চিকিৎসক পেচেশ্বেট (প্ৰায় ২৬০০ খ্ৰীষ্টপূৰ্ব)।৬৬৬৭
  • পুয়াবি (প্ৰায় ২৬০০ খ্ৰীষ্টপূৰ্ব) বা শুবাদ – উৰিমৰ ৰাণী। তেওঁৰ সমাধিত বহুতো ব্যয়বহুল শিল্প সামগ্ৰী উদ্ধাৰ কৰা হৈছিল। উৰিমৰ পৰিচিত আন আন ৰাজকীয় ৰাণীসকলৰ ভিতৰত আছে আচুচিকিলডিগিৰ, নিনবান্দা, আৰু গানচামান্নু। ৬৮
  • কুগবাউ (প্ৰায় ২৫০০ খ্ৰীষ্টপূৰ্ব), নিপপুৰ পুৰোহিতত্ত্বৰ দ্বাৰা সুমেৰৰ আধিপত্যবাদী শাসক হোৱাৰ বাবে বাছনি কৰা কিছৰ পৰা অহা এগৰাকী শাসক। পিছৰ যুগত তেওঁক "কুবাবা" হিচাপে বিকৃত কৰা হৈছিল।
  • তাছলুলটুম (প্ৰায় ২৪০০ খ্ৰীষ্টপূৰ্ব), আক্কাদিয়ান ৰাণী, আক্কাদৰ চাৰ্গনৰ পত্নী আৰু এনহেদুয়ান্নাৰ মাতৃ। ৬৯৭০
  • বৰনামতাৰ (প্ৰায় ২৩৮৪ খ্ৰীষ্টপূৰ্ব), লগশৰ লুগালাণ্ডাৰ বিশিষ্ট আৰু প্ৰভাৱশালী ৰাণী। প্ৰথম লাগাছ ৰাজবংশৰ অন্যান্য পৰিচিত ৰাজকীয় ৰাণীসকলৰ ভিতৰত আছে মেনবাৰা-আবজু, আচুমে'ৰেন, নিনখিলিচুগ, ডিমটুৰ আৰু শাগচাগ, আৰু কেইবাগৰাকী ৰাজকুমাৰীৰ নামো জনা যায়।
  • এনহেদুয়ান্না (প্ৰায় ২২৮৫ খ্ৰীষ্টপূৰ্ব),৭১৭২ উৰিম সুমেৰিয়ান চহৰৰ চন্দ্ৰ দেৱতাৰ মন্দিৰৰ মুখ্যপুৰোহিতসকল। সম্ভৱতঃ প্ৰথম জনাজাত কবি আৰু লিংগ নিৰ্বিশেষে প্ৰথম নাম উল্লেখ থকা লেখক। ৭৩
  • শিবতু (প্ৰায় ১৭৭৫ খ্ৰীষ্টপূৰ্ব), ৰজা জিমৰিলিমৰ সহধৰ্মিনী আৰু চিৰিয়াৰ মহানগৰ মাৰিৰ ৰাণী। স্বামীৰ অনুপস্থিতিৰ সময়ত তেওঁ মাৰিৰ ৰিজেণ্ট হিচাপে শাসন কৰিছিল আৰু ৰাণী হিচাপে ব্যাপক প্ৰশাসনিক ক্ষমতা উপভোগ কৰিছিল।৭৪

তথ্যসূত্ৰ

  1. ↑ (2009). Mosby's Pocket Dictionary of Medicine, Nursing & Health Professions - E-Book. Elsevier Health Sciences. পৃ. 1453. ISBN 978-0323066044
  2. ↑ (2017). Taber's Cyclopedic Medical Dictionary. F.A. Davis. পৃ. 2539. ISBN 978-0803659407
  3. ↑ Definition of girl noun from the Oxford Advanced Learner's Dictionary. Oxford learner’s Dictionary
  4. ↑ Standards of Care for the Health of Transsexual, Transgender, and Gender Nonconforming People (version 7). The World Professional Association for Transgender Health. পৃ. 95–96
  5. ↑ Alleyne, Richard. (2010-06-13). Girls now reaching puberty before 10 – a year sooner than 20 years ago. Daily Telegraph
  6. ↑ Used in Middle English from c. 1300, meaning 'a child of either sex, a young person'. Its derivation is uncertain, perhaps from an Old English word which has not survived: another theory is that it developed from Old English 'gyrela', meaning 'dress, apparel': or was a diminutive form of a borrowing from another West Germanic Language. (Middle Low German has Gör, Göre, meaning 'girl or small child'.) "girl, n.". OED Online. September 2013. Oxford University Press. 13 September 2013
  7. ↑ By late 14th century a distinction was arising between female children, often called 'gay girls' – and male, or 'knave girls' -: a1375 William of Palerne (1867) l. 816 ' Whan þe gaye gerles were in-to þe gardin come, Faire floures þei founde.' ('When the gay girls came into the garden, Fair flowers they found.') By the 16th century, the unsupported word had begun to mean specifically a female: 1546 J. Heywood Dialogue Prouerbes Eng. Tongue i. x. sig. D, 'The boy thy husbande, and thou the gyrle his wyfe.' The usage meaning 'child of either sex' survived much longer in Irish English. "girl, n.". OED Online. September 2013. Oxford University Press. 13 September 2013
  8. ↑ Hake, Laura; O'Connor, Clare. (2008). Genetic Mechanisms of Sex Determination. Scitable. Nature Education
  9. ↑ Differences, Institute of Medicine (US) Committee on Understanding the Biology of Sex and Gender; Wizemann, Theresa M.; Pardue, Mary-Lou. (2001). Sex Begins in the Womb. National Academies Press (US)
  10. ↑ (Tanner, 1990)
  11. ↑ (April 2003). Relative weight and race influence average age at menarche: results from two nationally representative surveys of US girls studied 25 years apart. Pediatrics. পৃ. 844–50
  12. ↑ (2010). Age at menarche in Canada: results from the National Longitudinal Survey of Children & Youth. BMC Public Health. পৃ. 736
  13. ↑ Hamilton-Fairley, Diana. Obstetrics and Gynaecology. Blackwell Publishing
  14. ↑ (2012). Human Sexuality: Personality and Social Psychological Perspectives. Springer Science & Business Media. পৃ. 175. ISBN 978-1468436563
  15. ↑ (2014). Psychopathology in Women: Incorporating Gender Perspective into Descriptive Psychopathology. Springer. পৃ. 250. ISBN 978-3319058702
  16. ↑ Oftedal, Olav T. (2002). The mammary gland and its origin during synapsid evolution. Journal of Mammary Gland Biology and Neoplasia. পৃ. 225–252
  17. ↑ (2013-06-28). Menopause: Overview. Eunice Kennedy Shriver National Institute of Child Health and Human Development
  18. ↑ (29 August 2013). Menopause: Overview. PubMedHealth
  19. ↑ (May 2015). Menopause. The Medical Clinics of North America. পৃ. 521–34
  20. ↑ The World Factbook — Central Intelligence Agency
  21. ↑ (2013-05-01). RRT Research Response. Refugee Review Tribunal Australia
  22. ↑ (1 March 2004). Turkey condemns 'honour killings'. BBC News
  23. ↑ Human Rights Voices – Pakistan, August 21, 2008. Eyeontheun.org
  24. ↑ Home. AIDSPortal
  25. ↑ Iran. Travel.state.gov
  26. ↑ United Nations Human Rights Website – Treaty Bodies Database – Document – Summary Record – Kuwait. Unhchr.ch
  27. ↑ Culture of Maldives – history, people, clothing, women, beliefs, food, customs, family, social. Everyculture.com
  28. ↑ Fakim, Nora. (9 August 2012). BBC News – Morocco: Should pre-marital sex be legal?. BBC
  29. ↑ Legislation of Interpol member states on sexual offences against children – Oman. Interpol
  30. ↑ (8 April 2011). 2010 Human Rights Report: Mauritania. State.gov
  31. ↑ Dubai FAQs. Education in Dubai. Dubaifaqs.com
  32. ↑ Judd, Terri. (10 July 2008). Briton faces jail for sex on Dubai beach – Middle East – World. The Independent
  33. ↑ (28 June 2007). Sudan must rewrite rape laws to protect victims. Reuters
  34. ↑ United Nations High Commissioner for Refugees. Refworld | Women's Rights in the Middle East and North Africa – Yemen. UNHCR
  35. ↑ Resolution on Reproductive and Sexual Health | International Federation of Gynecology and Obstetrics. Figo.org
  36. ↑ Preventing unsafe abortion. World Health Organization
  37. ↑ Sharpe, S. (1976). Just like a Girl. Penguin. ISBN 9780140219531
  38. ↑ Gender Pay Gap in the Formal Sector: 2006 - 2013(September, 2013). Wage Indicator Data Report
  39. ↑ Martha C. Nussbaum, Jonathan Glover, Martha Chen. (1995). Women, Culture, and Development: A Study of Human Capabilities. Clarendon Press. ISBN 9780191521751
  40. ↑ Dewan, Sabina. (2014). Closing the Gender wage gap in Indian Agriculture. JustJobs Network
  41. ↑ (4 March 2011). Women's right to choose their dress, free of coercion. Amnesty International
  42. ↑ Historical summary of faculty, students, degrees, and finances in degree-granting institutions: Selected years, 1869-70 through 2005-06. Nces.ed.gov
  43. ↑ Eisenhart, A. Margaret; Finkel, Elizabeth. (2001). Women (Still) Need Not Apply:The Gender and Science Reader. Routledge. পৃ. 13–23
  44. ↑ The World Factbook. Cia.gov
  45. ↑ Eisenhart and Finkel, Ch 1 inThe Gender and Science Reader ed. Muriel Lederman and Ingrid Bartsch. New York, Routledge, 2001. (16-17)
  46. ↑ (2013-10-29). United Nations News Centre — Harmful practices against women and girls can never be justified by religion – UN expert. Un.org
  47. ↑ McDaniel 2004, পৃ. 90
  48. ↑ Brown 1998, পৃ. 26
  49. ↑ McDaniel 2004, পৃ. 90-92
  50. ↑ C. Mackenzie Brown (1990), The Triumph of the Goddess, State University of New York Press, ISBN, page 77
  51. ↑ Thomas Coburn (2002), Devī Māhātmya: The Crystallization of the Goddess Tradition, Motilal Banarsidass,, pages 138, 303-309
  52. ↑ (2014). Encyclopedia of Theory & Practice in Psychotherapy & Counseling. LuLu Press. পৃ. 337. ISBN 978-1312078369
  53. ↑ Stearn, William T. (May 1962). The Origin of the Male and Female Symbols of Biology. Taxon. পৃ. 109–113
  54. ↑ Schott, GD. (December 2005). Sex symbols ancient and modern: their origins and iconography on the pedigree. The BMJ. পৃ. 1509–10
  55. ↑ Shehan, Constance L. (30 August 2018). Gale Researcher Guide for: The Continuing Significance of Gender. ISBN 9781535861175
  56. ↑ Lippa, Richard A. (6 May 2005). Gender, Nature, and Nurture. ISBN 9781135604257
  57. ↑ Masculinity and Femininity in the MMPI-2 and MMPI-A. ISBN 9781452900032
  58. ↑ Wharton, Amy S. (4 February 2009). The Sociology of Gender: An Introduction to Theory and Research. ISBN 9781405143431
  59. ↑ Gender, Equity and Human Rights
  60. ↑ Ferrante, Joan (January 2010). Sociology: A Global Perspective (7th ed.). Belmont, CA: Thomson Wadsworth. pp. 269–272. ISBN 978-0-8400-3204-1
  61. ↑ Aidan Dodson & Dyan Hilton (2004). The Complete Royal Families of Ancient Egypt. Thames & Hudson
  62. ↑ J. Tyldesley, Chronicle of the Queens of Egypt, 2006, Thames & Hudson
  63. ↑ Wilkinson, Toby A.H. (2001). Early dynastic Egypt. Routledge. পৃ. 74. ISBN 978-0-415-26011-4
  64. ↑ Aidan Dodson & Dyan Hilton (2004). The Complete Royal Families of Ancient Egypt. p. 140. Thames & Hudson
  65. ↑ Merit-Ptah at the University of Alabama
  66. ↑ Plinio Prioreschi, A History of Medicine, Horatius Press 1996, p. 334
  67. ↑ Lois N. Magner, A History of Medicine, Marcel Dekker 1992, p. 28
  68. ↑ Elisabeth Meier Tetlow. (2004). Women, Crime, and Punishment in Ancient Law and Society: The ancient Near East. Continuum International Publishing Group. পৃ. 221. ISBN 978-0-8264-1628-5
  69. ↑ Elisabeth Meier Tetlow. (2004). Women, Crime, and Punishment in Ancient Law and Society: The ancient Near East. Continuum International Publishing Group. ISBN 978-0-8264-1628-5
  70. ↑ Michael Roaf. (1992). Mesopotamia and the ancient Near East. Stonehenge Press. ISBN 978-0-86706-681-4
  71. ↑ Samuel Kurinsky. Jewish Women Through The Ages — The Proto-Jewess En Hedu'Anna, Priestess, Poet, Scientist. Hebrew History Federation
  72. ↑ Jennifer Bergman. (19 July 2001). Windows to the Universe. www.nestanet.org. National Earth Science Teachers Association
  73. ↑ J.M. Adovasio, Olga Soffer, Jake Page. (2007). The Invisible Sex: Uncovering the True Roles of Women in Prehistory. Smithsonian Books & Collins (Harper Collins Publishers). পৃ. 278–279. ISBN 978-0-06-117091-1
  74. ↑ Elisabeth Meier Tetlow. (2004-12-28). Women, Crime, and Punishment in Ancient Law and Society: The ancient Near East. Continuum International Publishing Group. পৃ. 84. ISBN 978-0-8264-1628-5

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৯৯১৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।