অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নৰ্তকী নটৰাজ

নৰ্তকী নটৰাজ (Narthaki Nataraj, ৬ জুলাই ১৯৬৪) এগৰাকী ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী। ২০১১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ২৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

নৰ্তকী নটৰাজ (Narthaki Nataraj, ৬ জুলাই ১৯৬৪) এগৰাকী ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী। ২০১১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। পদ্মশ্ৰী সন্মান লাভ কৰা তেওঁ ভাৰতৰ প্ৰথম গৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা।১

জীৱনী

তামিলনাডুৰ মাদুৰাইৰ ওচৰৰ এখন গাঁৱত ১৯৬৪ চনৰ ৬ জুলাই তাৰিখে নৰ্তকী নটৰাজৰ জন্ম হৈছিল। তেওঁ তাঞ্জোৰৰ শ্ৰী কে পি কিটপ্পা পিল্লাইৰ শিষ্য। শ্ৰী কিটপ্পা পিল্লাই তাঞ্জোৰ চাৰিভাতৃ হিচাপে খ্যাত ননৃত্যশিল্পীৰ প্ৰত্যক্ষ বংশধৰ আছিল। নৰ্তকী নটৰাজ তেওঁৰ সৈতে আছিল আৰু ১৫ বছৰ ধৰি গুৰুকুলত নৃত্য শিকিছিল। তেওঁ তাঞ্জোৰ তামিল বিশ্ববিদ্যালয়ত শ্ৰী কিটাপ্পা পিল্লাইৰ সহকাৰী হিচাপেও কাম কৰিছিল। ১৯৯৯ চনত তেওঁৰ গুৰুৰ মৃত্যুৰ পিছত তেওঁ ২০০০ চনত চেন্নাইলৈ গৈছিল আৰু তেতিয়াৰ পৰা এজন সম্পূৰ্ণ সময়ৰ পেছাদাৰী নৃত্যশিল্পী হিচাপে ৰাজহুৱা প্ৰদৰ্শন আৰম্ভ কৰিছিল।২

নৰ্তকী নটৰাজৰ তৃতীয় লিংগত জন্ম হৈছিল আৰু পৰিয়াল আৰু সমাজৰ দ্বাৰা উপহাস আৰু প্ৰত্যাখ্যানৰ সন্মুখীন হৈছিল। ১৯৮৩ চনত তেওঁ মঞ্চত প্ৰথম বাৰৰ বাবে নাৰী হিচাপে নৃত্য প্ৰদৰ্শন কৰিছিল। ২০১৮ চনত তামিলনাডু চৰকাৰৰ একাদশ শ্ৰেণীৰ তামিল পাঠ্যক্ৰমত পাঠ হিচাপে তেওঁৰ জীৱন আৰু যাত্ৰা অন্তৰ্ভুক্ত কৰা হৈছে।৩

নৰ্তকী নটৰাজে তঞ্জোৰ আধাৰিত নায়কী ভাৱ পৰম্পৰাত বিশেষত্ব লাভ কৰে। তেওঁৰ বন্ধু শক্তি ভাস্কৰৰ সৈতে চেন্নাই আৰু মাদুৰাইত এখন নৃত্য বিদ্যালয় "ভেল্লিইয়ামবালাম নাদানা কালাই কুডাম" স্থাপন কৰিছিল। তেওঁ তাঞ্জোৰ চাৰিভাতৃ পৰম্পৰাগত প্ৰদৰ্শনীত ভাৰত আৰু বিদেশৰ শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে।৪

বঁটা আৰু সন্মান

ভাৰতনাট্যম বিশেষ পাৰদৰ্শিতাৰে প্ৰদৰ্শন কৰাৰ বাবে তেওঁ দেশ বিদেশৰ বিভিন্ন মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছে। ইয়াৰ লগতে তেওঁ বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। ২০০৭ চনত তেওঁ তামিলনাডু চৰকাৰৰ কালামমণি বঁটা আৰু ২০০৯ চনত কৃষ্ণ গণ সভায়ে প্ৰদান কৰা নৃত্য চুড়ামণি বঁটা লাভ কৰিছিল। ২০১১ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। ২০১৬ চনত তেওঁ তামিলনাডুৰ ভল্লমত অৱস্থিত পেৰিয়াৰ মণিয়াম্মাই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।৫ ২০১৭ চনত তেওঁ অসামান্য শ্ৰেণীত আইচিচিআৰৰ পেনেলভুক্ত নৃত্যশিল্পী হিচাপে নিৰ্বাচিত হয়।৬ ২০১৯ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে আৰু এই সন্মান লাভ কৰা তেওঁ ভাৰতৰ প্ৰথম গৰাকী ট্ৰান্সজেণ্ডাৰ মহিলা হিচাপে পৰিগণিত হয়।

তথ্যসূত্ৰ

  1. ↑ (26 January 2019). Dancer Narthaki Nataraj Becomes The First Transgender To Be Awarded Padma Shri. indiatimes.com
  2. ↑ NARTHAKI NATARAJ. www.sruti.com
  3. ↑ Kolappan, B. (9 June 2018). Transgenders find a place in Tamil textbook for Plus One. The Hindu
  4. ↑ It only takes passion, self-confidence to achieve success: Padma awardee Narthaki Natraj. The New Indian Express
  5. ↑ Narthaki Nataraj: Narthaki Nataraj to get honorary doctorate | Chennai News - Times of India. The Times of India
  6. ↑ iccr.gov.in/sites/default/files/RLIST2017.pdf

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিপদ্মশ্ৰী বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্তকী নটৰাজ” প্ৰবন্ধৰ সংশোধন ৪৮৮২২৯ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।