ৰূপবান (Roopbaan) ২০১৪ চনত প্ৰতিষ্ঠা হোৱা বাংলাদেশৰ এখন বঙালী ভাষাৰ এলজিবিটি-কেন্দ্ৰিক আলোচনী আছিল। ই বাংলাদেশৰ এলজিবিটি সম্পৰ্কীয় প্ৰথম আলোচনী আছিল। ১২ ইয়াৰ লগতে ৰূপৱবান আলোচনীয়ে বিভিন্ন প্ৰকল্প আৰু অনুষ্ঠানৰো আয়োজন কৰে। ৰূপবান আলোচনীৰ ৱেবছাইটত নিজকে "এলজিবিটি ব্যক্তি আৰু তেওঁলোকৰ সহযোগীসকলৰ বাবে এক অলাভজনক, অ-ৰাজনৈতিক, স্বেচ্ছাসেৱক-আধাৰিত মঞ্চ" বুলি বৰ্ণনা কৰিছিল।৩ ২০১৬ চনত সহ-প্ৰতিষ্ঠাপক আৰু প্ৰকাশক জুলহাজ মান্নানক হত্যা কৰাৰ সময়ত ৰূপবানৰ প্ৰিণ্ট আলোচনী আৰু ৰাজহুৱা অনুষ্ঠানসমূহ ব্যাহত হয়। যদিও এই আলোচনীখনৰ অন্তিম সংখ্যাটো ২০১৪ চনৰ আগষ্টত প্ৰকাশিত হৈছিল।২৪৫
নাম
ৰূপবান আলোচনী অনুসৰি ইয়াৰ নামৰ অৰ্থ হৈছে "চমৎকাৰ আৰু ধুনীয়া ব্যক্তি।" ৬ ঢাকা ট্ৰিবিউনৰ মতে আলোচনীখনৰ নাম "প্ৰেমৰ শক্তিৰ প্ৰতীক বাঙালী লোক চৰিত্ৰ ৰূপবান"ৰ নামেৰে ৰখা হৈছে।৭ এএফপিয়ে "ৰূপবান"ক "এগৰাকী লৰা সৈতে বিবাহপাশত আৱদ্ধ এগৰাকী ধুনীয়া যুৱতীৰ বাংলা কাহিনীৰ নাম" বুলি বৰ্ণনা কৰিছে।৮
প্ৰকাশিত আলোচনী
২০১৪ চনৰ জানুৱাৰীত ৫৬ পৃষ্ঠাযুক্ত আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ কৰা হৈছিল। ইয়াৰ ৬০০টা প্ৰতিলিপি ছপা হৈছিল আৰু প্ৰতিলিপিৰ মূল্য ১০০ বাংলাদেশী টাকা আছিল।৫ ঢাকা ট্ৰিবিউনৰ মতে, ৰূপবান আলোচনীয়ে "স্বেচ্ছাসেৱক অৱদানকাৰীসকলৰ পৰা লেখা সংগ্ৰহ কৰিছিল। ইয়াত স্বেচ্ছাসেৱকসকলৰ প্ৰবন্ধ, ফটোগ্ৰাফী আৰু ব্যক্তিগত বিৱৰণ অন্তৰ্ভুক্ত আছিল।" ৭ উৎক্ষেপণটোৱে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ সংবাদ মাধ্যমৰ প্ৰতিক্ৰিয়া লাভ কৰিছিল।৯১০
দ্বিতীয় সংখ্যাটো ২০১৪ চনৰ আগষ্ট মাহত প্ৰকাশিত হৈছিল আৰু ইয়াৰ পিছত কোনো নতুন সংখ্যা প্ৰকাশ কৰা হোৱা নাছিল।৬ ইয়াৰ ৭০০টা প্ৰতিলিপি মুদ্ৰণ কৰা হৈছিল আৰু প্ৰতিটো প্ৰতিলিপিৰ মূল্য ১৫০ বাংলাদেশী টকা আছিল।৫
দ্য গাৰ্ডিয়ান আলোচনীত প্ৰকাশিত ৰাদ ৰহমানৰ প্ৰতিবেদন মতে সহ-প্ৰতিষ্ঠাপক আৰু প্ৰকাশক জুলহাজ মান্নানে ঘোষণা কৰিছিল যে "ৰূপবানৰ প্ৰকাশকসকলে আলোচনীখন মুদ্ৰণ কৰাৰ বিৰুদ্ধে সতৰ্কবাণী পাইছিল কিন্তু আমাক আশ্বাস দিছিল যে নিম্ন প্ৰ'ফাইল ৰখাটোৱে আলোচনীখনৰ অস্তিত্ব নিশ্চিত কৰিব... [কিন্তু] প্ৰকাশকসকলৰ সহযোগিতা অব্যাহত থাকিলে মৃত্যুৰ ভাবুকি পোৱাৰ পিছত এসপ্তাহৰ ভিতৰত ৰূপবানৰ সৈতে তেওঁলোকৰ চুক্তি বাতিল কৰিব।" ১১ ৰহমানে এটা বেনামী সূত্ৰৰ উদ্ধৃতি দি লিখিছে "ৰূপবানক চৰকাৰী কেবিনেট বৈঠকত আলোচনা কৰা হৈছিল আৰু আলোচনীখন প্ৰধানমন্ত্ৰীৰ সন্মুখত ৰখা হৈছিল... তেওঁ নিশ্চিতভাৱে এইটো দেখি সুখী নাছিল। তেতিয়া॥। স্থানীয় বাতৰি কাকতসমূহে কৈছিল যে চৰকাৰী চোৰাংচোৱাই আমাক বিচাৰি আছে।"
২০১৬ চনত ইছলামবাদী উগ্ৰপন্থীসকলে মান্নানক হত্যা কৰিছিল আৰু ইয়াৰ ফলত আলোচনীখনৰ প্ৰকাশ বন্ধ হৈ যায়।২১২
গ্ৰন্থ
ৰূপবান আলোচনীয়ে ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত বাংলা কুইয়াৰ কবিতাৰ এখন সংকলন 'ৰূপপংতি' প্ৰকাশ কৰিছিল।১৩
প্ৰকল্প আৰু অনুষ্ঠান
ৰূপবান আলোচনীয়ে নিয়মীয়াকৈ কিছুমান প্ৰকল্প আৰু অনুষ্ঠানৰো আয়োজন কৰিছিল। ২০১৪ চনত ৰূপবানে 'বয়জ অফ বাংলাদেশ'ৰ সৈতে সমকামিতা, লেছবিয়ান আৰু উভকামী বাংলাদেশীসকলৰ ৰাষ্ট্ৰীয় জৰীপ কৰিবলৈ কাম কৰিছিল।১৪ ২০১৪ আৰু ২০১৫ চনৰ ভিতৰত ই 'পিংক শ্লিপ' নামৰ এক যৌন স্বাস্থ্য আৰু সুৰক্ষা প্ৰচাৰ কাৰ্যসূচী আয়োজন কৰিছিল।১৫ ২০১৫ আৰু ২০১৬ চনত ৰূপবানে ঢাকাত যুৱ নেতৃত্বকাৰ্যসূচী আয়োজন কৰিছিল।১৬ ই ২০১৪ আৰু ২০১৫ চনত "ৰামধেনু ৰেলী" গৌৰৱ যাত্ৰা আয়োজন কৰিছিল।১৭ ২০১৪ আৰু ২০১৫ চনত ই এটা ড্ৰেগ শ্ব' আৰু এটা ট্ৰান্সজেণ্ডাৰ/ট্ৰেন্সভেষ্টিট ফেশ্বন শ্ব'ৰ আয়োজন কৰিছিল।১৮১৯ ২০১৩ চনৰ পৰা ২০১৫ চনলৈ ই বাৰ্ষিক ৰমজান ইফতাৰ চলাইছিল আৰু ইযাক "এলজিবিটিকিউ-অন্তৰ্ভুক্ত" বুলি বৰ্ণনা কৰিছিল।২০
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2014-05-06). Roopbaan! The Right to Love!. Manhattan Digest
- ↑ Gani, Saad Hammadi Aisha. (2016-04-25). Founder of Bangladesh's first and only LGBT magazine killed. The Guardian
- ↑ Roopbaan: Bangladesh Gay & Lesbian Community. Roopbaan
- ↑ Xulhaz Mannan & K Mahabub Rabbi - Roopbaan Founders & Leaders. Roopbaan
- ↑ Roopbaan. Roopbaan
- ↑ Publications - Roopbaan. Roopbaan
- ↑ (2014-01-23). First ever LGBT magazine launched. Dhaka Tribune
- ↑ (2014-01-19). First magazine for gays, lesbians launched in Bangladesh. The Straits Times
- ↑ Bangladesh's first LGBTQI magazine launched. Gaylaxy Magazine
- ↑ Rupban the first Gay Magazine in Bangladesh. SBS Your Language
- ↑ Rahman, Raad. (2016-04-28). If Bangladesh lets zealots extinguish its brightest minds, it is no democracy · Raad Rahman. The Guardian
- ↑ (2016-04-25). Bangladesh LGBT editor hacked to death. BBC News
- ↑ (2017-09-23). Roopongti (2015). Roopbaan
- ↑ (2017-09-23). Bangladesh LGB Survey (2014). Roopbaan
- ↑ (2017-09-23). Pink Slip (2014, 2015). Roopbaan
- ↑ (2017-09-23). Roopbaan Youth Leadership Program (2015, 2016). Roopbaan
- ↑ (2017-09-23). Roopbaan Rainbow Rally (2014, 2015). Roopbaan
- ↑ (2017-09-23). RB-SNS Trans Show (2014). Roopbaan
- ↑ (2017-09-23). DragonBall (2015). Roopbaan
- ↑ (2017-09-23). Roopbaan Iftar (2013, 2014, 2015). Roopbaan
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰূপবান (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০১২৩ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।