


লেছবিয়ান (Lesbian) মানে হৈছে সমকামী মহিলা যি অন্য মহিলাৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়।১২ চিকিৎসা বিজ্ঞান আৰু বৈজ্ঞানিক গৱেষণাই প্ৰকাশ কৰিছে যে একে লিংগৰ আকৰ্ষণ, অনুভৱ আৰু ব্যৱহাৰ সম্পূৰ্ণ স্বাভাৱিক আৰু ই মানৱ অভিমুখীতাৰ এটা সাধাৰণ প্ৰকাৰ।৩ বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।৪ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ। আৰু সমকামিতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।৫৬
পৰিচয়
মূল প্ৰবন্ধ: কামিং আউট
সমকামী নাৰী সকলে নিজকে লেছবিয়ান বুলি পৰিচয় দিয়ে। বহু লেছবিয়ান যি একে নাৰীৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকে জীৱনত কামিং আউট বুলি কোৱা এটা অৱস্থাৰ সন্মুখীন হয়।৭ য'ত কোনো এগৰাকী লেছবিয়ানে নিজৰ প্ৰেম তথা যৌন অভিমুখিতাৰ বিষয়ে সমাজৰ আগত খোলাকৈ প্ৰকাশ কৰে। সাধাৰণতে প্ৰথমে কুমলীয়া বয়সত নিজৰ পৰিয়ালৰ নাইবা বান্ধৱীৰ আগত নিজক প্ৰকাশ কৰা দেখা যায় আৰু পাছলৈ সমাজৰ আগত নিজক প্ৰকাশ কৰি কামিং আউট হোৱা দেখা যায়।৮ সাধাৰণতে, কামিং আউট তিনিটা অৱস্থাৰ মাজেৰে যায়। প্ৰথমটো হ'ল নিজক জনা অৱস্থা য'ত লেছবিয়ানগৰাকীয়ে একে লিংগৰ সম্পৰ্কত আহিবলৈ দৃঢ় হয় (ইয়াক ওলাই অহা বা আন্তৰিক সিদ্ধান্ত বুলিও কোৱা হয়); দ্বিতীয় অৱস্থাত লেছবিয়ানগৰাকীয়ে নিজৰ পৰিয়াল, বান্ধৱী বা সহকৰ্মী আদিৰ আগত নিজকে লেছবিয়ান বুলি প্ৰকাশ কৰে; তৃতীয় অৱস্থাত অইন লেছবিয়ানৰ সৈতে সামাজিক ভাবে সম্পৰ্কত আহি তেওঁৰ সৈতে একেলগে বাস কৰে।৯
শব্দতত্ত্ব
লেছবিয়ান শব্দটো ইংৰাজী ভাষা ভাষাৰ পৰা আহিছে। ১৯৪৭ চনত লেছবিয়ান শব্দটি পোন-প্ৰথমবাৰৰ বাবে প্ৰকাশিত হয়। লেছবিয়ান শব্দটো গ্ৰীচ দেশৰ লেছব' নামৰ দ্বীপমালাৰ পৰা আহিছে। কথিত আছে যে, খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত এই দ্বীপৰ ছাঁফো নামৰ এগৰাকী কবি/শিক্ষয়িত্ৰীয়ে মহিলাৰ সমকামী যৌন জীৱনক লৈ কাব্য ৰচনা কৰি 'কবিতা উৎসৱ' পালন কৰিছিল।১০১১ প্ৰথমে লেছবিয়ান বুলিলে 'লেছব' দ্বীপৰ অধিবাসী' বুজালেও, পৰৱৰ্তী পৰ্যায়ত নাৰীৰ সমকামিতাৰ লগত এই শব্দ যুক্ত হৈ পৰে।
সমকামিতা
সমকামিতা বুলিলে সমলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উঠা ব্যক্তিগত বা সামাজিক পৰিচিতি বা এই ধৰণৰ আচৰণ আৰু সমজাতীয় ব্যক্তিসকলক লৈ গঠিত সম্প্ৰদায়কো এই শব্দৰ দ্বাৰা নিৰ্দেশ কৰা হয়। "১২১৩ উভকামিতা আৰু বিপৰীতকামিতাৰ লগত সমকামিতা যৌন অভিমুখীতাৰ(Sexual Orientation) তিনটা প্ৰধান ভাগৰ অন্যতম হিচাপে পৰিগণিত হৈছে।১২বিজ্ঞানীসকলে সমকামিতাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে ঠাৱৰ কৰিব পৰা নাই। কিন্তু তেওঁলোকে বিশ্বাস কৰে যে, জিনগত, হৰমনগত আৰু পৰিৱেশগত কাৰকসমূহৰ এক জটিল আন্তঃক্ৰিয়াৰ ফলত এই অৱস্থা সৃষ্টি হয়।১২১৪ ইয়াত মানুহৰ ইচ্ছা-অনিচ্ছাৰ লগত কোনো সম্পৰ্ক নাই।১২ তেওঁলোকে জীৱবিজ্ঞান নিৰ্ভৰশীল তত্ত্ব সমূহক বেছি সমৰ্থন কৰে।১৪ ইয়াৰে ভিতৰত উল্লেখযোগ্য কিছুমান হল জিন, মাতৃগৰ্ভৰ পৰিৱেশ আৰু এই দুই প্ৰভাৱৰ মেলবন্ধন অথবা এই গোটেই সমূহৰ লগত সামাজিক প্ৰভাৱৰ মেলবন্ধন।১৫ যৌন অভিমুখীতা নিৰ্ধাৰণত সন্তানপালন বা শৈশৱৰ অভিজ্ঞতাৰ কোনো ভূমিকা আছে নে নাই এতিয়ালৈকে প্ৰমাণ হোৱা নাই।১৫ কোনো কোনোৱে সমকামী যৌন আচৰণক অপ্ৰাকৃতিক বুলিলেও১৬ বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে, সমকামিতা মানৱ যৌনতাৰ এটি সাধাৰণ আৰু প্ৰাকৃতিক প্ৰকৰণ আৰু অন্য কোনো প্ৰভাৱৰ অস্তিত্বক এৰি ই কোনো নেতিবাচক মনস্তাত্ত্বিক প্ৰতিক্ৰিয়া সৃষ্টি নকৰে।১২১৭ যৌন অভিমুখীতা পৰিৱৰ্তনৰ বিভিন্ন কৰ্মসূচীৰ কাৰ্যকাৰিতা সম্পৰ্কে যথেষ্ট প্ৰমাণ নাই।১৮ মহিলা সমকামীসকলক বুজাবলৈ আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দ হল লেছবিয়ান (Lesbian) আৰু পুৰুষ সমকামীৰ ক্ষেত্ৰত গে' (Gay) ব্যৱহাৰ কৰা হয়। যদিও গে শব্দটো সমকামী মহিলা আৰু পুৰুষ উভয়ক বুজাবলৈ সাধাৰণভাৱে ব্যৱহাৰ কৰা হয়। বিভিন্ন কাৰণত স্বঘোষিত সমকামীৰ সংখ্যা আৰু মুঠ জনসংখ্যাৰ মাজত সমকামী সম্পৰ্কত আৱদ্ধ মানুহৰ অনুপাত নিৰ্ণয় কৰা টান। এই কাৰণ সমূহৰ ভিতৰত প্ৰধান হল সমকামভীতি আৰু বিপৰীতকামবাদৰ সমৰ্থনজনিত বৈষম্যেৰ বাবে সমকামী সকলে তেওঁলোকৰ যৌনতা মুকলিকৈ স্বীকাৰ নকৰে।১৯ অন্যান্য প্ৰাণী সমূহৰ মাজতো সমকামী আচৰণৰ নিদৰ্শন নথিভুক্ত হৈছে।২০২১২২২৩২৪ অনেক সমকামী মানুহে স্থায়ী পাৰস্পৰিক সম্পৰ্কত আৱদ্ধ আছে। সাম্প্ৰতিক কালত লোকপিয়লৰ ফৰ্ম, ৰাজনৈতিক পৰিস্থিতি ইত্যাদিৰ অনুকূল অৱস্থাত তেওঁলোকৰ আত্মপ্ৰকাশৰ পথ নিৰাপদ হৈছে।২৫ মূল মনস্তাত্ত্বিক গঠনৰ দিশৰ পৰা এই সম্পৰ্ক সমূহ বিপৰীতকামী সম্পৰ্কৰ সমান। সমকামী সম্পৰ্ক আৰু কাৰ্যকলাপ ঠাই ভেদে শাস্তি আৰু নিন্দা - উভয়ৰ নিদৰ্শন আছে, কেওল প্ৰকাশৰ ভংগিমা আৰু সংশ্লিষ্ট সংস্কৃতিজনিত তাৰতম্য দেখা যায়।২৬ ঊনবিংশ শতিকাৰ শেষভাগৰ পৰা সমকামী সকলৰ অধিকাৰ প্ৰতিষ্ঠাৰ উদ্দেশ্যে বিশ্বব্যাপী আন্দোলন আৰম্ভ হৈছে। এই অধিকাৰ সমূহৰ ভিতৰত প্ৰধান হল সমলৈংগীক বিবাহ, এলজিবিটি দত্তক গ্ৰহণ আৰু এলজিবিটি সন্তানপালন, কৰ্মক্ষেত্ৰত বৈষম্যবিৰোধী আইন আৰু সমানাধিকাৰ, যৌন অভিমুখীতা আৰু সামৰিক পৰিষেবা, স্বাস্থ্য পৰিষেবাত সমানাধিকাৰ, আৰু অপ্ৰাপ্তবয়স্ক সমকামীসকলৰ নিৰাপত্তাৰ স্বাৰ্থত এণ্টি-বুলিং আইন প্ৰণয়ন ইত্যাদি।
লগতে চাওক
তথ্য সংগ্ৰহ
প্ৰাথমিক উৎস
- Adam, Barry (1987). The Rise of a Gay and Lesbian Movement, G. K. Hall & Co.
- Aldrich, Robert, ed. (2006). Gay Life and Culture: A World History, Thames & Hudson, Ltd.
- Barnes, Djuna. With an introduction by Susan Sniader Lanser. (1992). Ladies Almanack, New York University Press.
- Berube, Allan (1990). Coming Out Under Fire: The History of Gay Men and Women in World War II, The Free Press.
- Bremmer, Jan (ed.) (1989). From Sappho to de Sade: Moments in the History of Sexuality, Routledge.
- Brenshoff, Harry, Griffin, Sean (2006). Queer Images: A History of Gay and Lesbian Film in America, Rowman & Littlefield Publishers, Inc.
- Castle, Terry, ed. (2003). The Literature of Lesbianism: A Historical Anthology from Ariosto to Stonewall, Columbia University Press.
- Doan, Laura (2001). Fashioning Sapphism: The Origins of a Modern English Lesbian Culture, Columbia University Press.
- Edsall, Nicholas (2003). Toward Stonewall: Homosexuality and Society in the Modern Western World, University of Virginia Press.
- Faderman, Lillian (1981). Surpassing the Love of Men: Romantic Friendship and Love Between Women from the Renaissance to the Present, Quill.
- Faderman, Lillian (1991). Odd Girls and Twilight Lovers: A History of Lesbian Life in Twentieth Century America, Penguin Books.
- Foster, Jeannette H. (1956). Sex Variant Women in Literature, Naiad Press edition, 1985.
- Gallo, Marcia (2006). Different Daughters: A History of the Daughters of Bilitis and the Rise of the Lesbian Rights Movement, Seal Press.
- Hamer, Diane, Budge, Belinda, eds. (1994). The Good, The Bad, and the Gorgeous: Popular Culture's Romance with Lesbianism, Pandora.
- Hite, Shere (1976). The Hite Report: A Nationwide Study on Female Sexuality , MacMillan.
- Holmes, King, Sparling, P., et al., eds. (2008). Sexually Transmitted Diseases, McGraw-Hill Medical.
- Institute for Sex Research (Kinsey, et al.) (1953). Sexual Behavior in the Human Female, Saunders.
- Jennings, Rebecca (2007). A Lesbian History of Britain, Greenwood World Publishing.
- Katz, Jonathan (1976). Gay American History: Lesbians and Gay Men in the U.S.A. Thomas Y. Crowell Company.
- Martin, Del, Lyon, Phyllis (1991). Lesbian / Woman, Volcano Press.
- McCormick, Noami (1994). Sexual Salvation: Affirming Women's Sexual Rights and Pleasures, Praeger Publishers.
- Mogrovejo, Norma (2004). "Relevancia de las lesbianas en América Latina: la recuperación de nuestra historia". In Drucker, Péter; Mercad, Enrique (in Spanish). Arco iris diferentes. Siglo XXI. .
- Murray, Stephen O. and Roscoe, Will (1997). Islamic Homosexualities: Culture, History and Literature, New York University Press.
- Norton, Rictor (1997). The Myth of the Modern Homosexual: Queer History and the Search for Cultural Unity, Cassell.
- Rabinowitz, Nancy, Auanger, Lisa, eds. (2002). Among Women: From the Homosocial to the Homoerotic in the Ancient World, University of Texas Press.
- Rachid, María (2000). "Encuentros de lesbianas". In George Haggerty & Bonnie Zimmerman (Eds.), Encyclopedia of lesbian and gay histories and cultures. Taylor & Francis.
- Rothblum, Esther, Brehoney, Kathleen, eds. (1993). Boston Marriages: Romantic But Asexual Relationships Among Contemporary Lesbians, University of Massachusetts Press.
- Russo, Vito (1987). The Celluloid Closet: Homosexuality in the Movies, Harper & Row.
- Schlager, Neil, ed. (1998). Gay & Lesbian Almanac. St. James Press.
- Solarz, Andrea L. (ed), (1999). "Lesbian Health: Current Assessment and Directions For the Future", Committee on Lesbian Health Research Priorities, Neuroscience and Behavioral Health Program [and] Health Sciences Policy Program, Health Sciences Section, Institute of Medicine.
- Streitmatter, Rodger (2009). From 'Perverts' to 'Fab Five': The Media's Changing Depiction of Gay Men and Lesbians, Routledge.
- Stryker, Susan (2001). Queer Pulp: Perverted Passions from the Golden Age of the Paperback, Chronicle Books, LLC.
- Sullivan, Gerard, Jackson, Peter, eds. (2001). Gay and Lesbian Asia: Culture, Identity, Community, Harrington Park Press.
- Tamagne, Florence (2004). A History of Homosexuality in Europe Berlin, London, Paris, 1919–1939: Volume 1, Algora.
- Tropiano, Stephen (2002). Prime Time Closet: A History of Gays and Lesbians on TV, Applause Theater and Cinema Books.
- Verstraete, Beert;, Vernon (eds.) (2005). Same-Sex Desire and Love in Greco-Roman Antiquity and In the Classical Tradition of the West, Harrington Park Press.
- Warner, Tom (2002). Never Going Back: A History of Queer Activism in Canada, University of Toronto Press.
- Willett, Graham (2000). Living Out Loud: A History of Gay and Lesbian Activism in Australia, Allen & Unwin.
- Zimet, Jaye (1999). Strange Sisters: The Art of Lesbian Pulp Fiction, 1949–1969, Viking Studio.
- Zimmerman, Bonnie, ed (2003). Lesbian Histories and Cultures: An Encyclopedia, Garland Publishers.
অধিক পঢ়ক
- Barnes, J.J. (July 8, 2017). Lesbianism is under attack, though not by the usual suspects. Feminist Current
- Brownworth, Victoria A. (October 19, 2018). Lesbian Erasure. Echo Magazine
- Ditum, Sarah. (11 July 2018). Why were lesbians protesting at Pride? Because the LGBT coalition leaves women behind. New Statesman
- Dobkin, Alix; Tatnall, Sally. (January 28, 2015). The Erasure of Lesbians. Gender Identity Watch
- Fleming, Pippa. (July 3, 2018). The gender-identity movement undermines lesbians. The Economist
- Heuchan, Claire. (February 22, 2017). Lezbehonest about Queer Politics Erasing Lesbian Women. Sister Outrider (Sister Outrider received the 2016 Best Blog award from Write to End Violence Against Women.)
- Heuchan, Claire. (May 2, 2019). Stonewall Calls Police on Lesbian Protesters, Further Dividing the LGBT Movement. AfterEllen
- Kirkup, James. (16 May 2018). The silencing of the lesbians. The Spectator
- Levy, Ariel. (March 2, 2009). Lesbian Nation. The New Yorker
- Morris, Bonnie J. (December 22, 2016). Dyke Culture and the Disappearing L. Outward. Slate
- Obinwanne, Ashley. (April 18, 2016). Why I'm a Lesbian (Not Queer). Lesbians Over Everything
- OLOC Boston (Old Lesbians Organizing for Change). (2016). Erasing Lesbians. The Proud Trust
- Trebay, Guy. (June 27, 2004). The Subtle Power of Lesbian Style. The New York Times'গ্ৰন্থ, পত্ৰিকা আদি'
- (2016). Female Erasure: What You Need To Know About Gender Politics' War on Women, the Female Sex and Human Rights. Tidal Time Publishing. ISBN 978-0997146707
- Castle, Terry. (1995). The Apparitional Lesbian: Female Homosexuality and Modern Culture. Columbia University Press. ISBN 0-231-07652-5
- (1999). Lesbians, Levis and Lipstick: The Meaning of Beauty in Our Lives. The Haworth Press. ISBN 0-7890-0661-8
- (2010). Lesbian Images in International Popular Culture. Routledge. ISBN 978-1560237969
- (1995). Dyke Life: From Growing Up To Growing Old, A Celebration Of The Lesbian Experience. Basic Books. ISBN 978-0465039074
- Jeffreys, Sheila. (2003). Unpacking Queer Politics: A Lesbian Feminist Perspective. Polity. ISBN 978-0745628370
- Katz, Sue. (2017). Working class dykes: class conflict in the lesbian/feminist movements in the 1970s. The Sixties: A Journal of History, Politics and Culture. Routledge. পৃ. 281–289
- Kennedy, Elizabeth Lapovsky; Davis, Madeline D. (1993). Boots of Leather, Slippers of Gold: The History of a Lesbian Community. Routledge. ISBN 0-415-90293-2
- Lowey, Robin. (2017). Game Changers: Lesbians You Should Know About. Epochalips Books. ISBN 978-1532353710
- (2014). The June L. Mazer Lesbian Archives: Making Invisible Histories Visible. UCLA Center for the Study of Women (Regents of the University of California). ISBN 978-0-615-99084-2
- Millward, Liz; Dodd, Janice G.; Fubara-Manuel, Irene. (2017). Killing Off the Lesbians: A Symbolic Annihilation on Film and Television. McFarland & Company. ISBN 978-1476668161
- Morris, Bonnie J. (2016). The Disappearing L: Erasure of Lesbian Spaces and Culture. SUNY Press. ISBN 978-1-4384-6177-9
- Myers, JoAnne. (2003). The A to Z of the Lesbian Liberation Movement: Still the Rage (The A to Z Guide Series, No. 73). The Scarecrow Press. ISBN 978-0-8108-6811-3 (Original U.S. copyright is 2003.)
- Richards, Dell. (1990). Lesbian Lists: A Look at Lesbian Culture, History, and Personalities. Alyson Publications. ISBN 155583163X
শ্ৰাব্য সংযোগ
- Guy Raz. (August 7, 2010). 'Late-Life Lesbians' Reveal Fluidity Of Sexuality. All Things Considered. NPR
বাহ্যিক সংযোগ
- Lesbian at Curlie.org
- Lesbian Media
- Lesbians Over Everything
তথ্যসূত্ৰ
- ↑ Lesbian. Oxford Reference
- ↑ Zimmerman, p. 453
- ↑ American Psychological Association: Appropriate Therapeutic Responses to Sexual Orientationhttp://www.apa.org/pi/lgbt/resources/therapeutic-response.pdf
- ↑ Royal College of Psychiatrists - Submission to the Church of England’s Listening Exercise on Human Sexuality. www.thinkinganglicans.org.uk/uploads/rcp.html
- ↑ Homosexuality not a ground to sack employee, rules Allahabad High Court
- ↑ India: Supreme Court Recognizes Rights Of The LGBT Community
- ↑ · নিউমান, কেৰিন ই (২০০৪)
- ↑ Maggio, Rosalie (1991). The dictionary of bias-free usage: a guide to nondiscriminatory language . Phoenix: Oryx Press. ISBN 9780897746533
- ↑ · কমিঙ আউটৰ ধাৰাবাহিকতা, ৱেব আৰ্কিভ dev.hrc.org . Human Rights Campaign . May 4, 2007
- ↑ Campbell 1982, পৃ. x-xi
- ↑ Page, Sappho and Alcaeus, p. 224-5
- ↑ Sexual orientation, homosexuality and bisexuality. American Psychological Association
- ↑ Case No. S147999 in the Supreme Court of the State of California, In re Marriage Cases Judicial Council Coordination Proceeding No. 4365(..) – APA California Amicus Brief — As Filed. পৃ. 30
- ↑ Frankowski BL; American Academy of Pediatrics Committee on Adolescence. (June 2004). Sexual orientation and adolescents. Pediatrics. পৃ. 1827–32
- ↑ Submission to the Church of England's Listening Exercise on Human Sexuality. The Royal College of Psychiatrists
- ↑ Robinson, B. A. (2010). Divergent beliefs about the nature of homosexuality. Religious Tolerance.org
- ↑ "Therapies" to change sexual orientation lack medical justification and threaten health. Pan American Health Organizationarchived here
- ↑ American Psychological Association: Resolution on Appropriate Affirmative Responses to Sexual Orientation Distress and Change Efforts
- ↑ LeVay, Simon (1996). Queer Science: The Use and Abuse of Research into Homosexuality. Cambridge: The MIT Press ISBN 0-262-12199-9
- ↑ Same-sex Behavior Seen In Nearly All Animals, Review Finds. ScienceDaily
- ↑ 1,500 animal species practice homosexuality. The Medical News, 23 October 2006
- ↑ Sommer, Volker & Paul L. Vasey (2006), Homosexual Behaviour in Animals, An Evolutionary Perspective. Cambridge University Press, Cambridge. ISBN 0-521-86446-1
- ↑ Bagemihl 1999
- ↑ Harrold, Max. (16 February 1999). Biological Exuberance: Animal Homosexuality and Natural Diversity. The Advocate, reprinted in Highbeam Encyclopedia
- ↑ *Census statistics show quarter of California same-sex couples raising kids *Region Saw Increase In Same-Sex Households আৰ্কাইভ কপি *Census 2010: One Quarter of Gay Couples Raising Children *Minnesota Sees 50% Rise in Number of Gay Couples *Census:Dutchess, Ulster Gay Households Increase *[http://westchesterrealestateinformation.com/same-sex-couples-numbers-soar-in-ny-2010-census-finds/ Same Sex
- ↑ Sexual Orientation . American Psychiatric Association
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেছবিয়ান” প্ৰবন্ধৰ সংশোধন ৬৪০২১৫ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।