অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

নৱতেজ সিং জোহৰ বনাম ভাৰত চৰকাৰ

নৱতেজ সিং জোহৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ ২০১৮ চনৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান। এই ৰায় অনুসৰি সমকামী যৌন সম্পৰ্ককে ধৰি প্ৰাপ্তবয়স্কসকলৰ মাজত সকলো সন্মতিপূৰ্ণ যৌন সম্পৰ্ক অপৰাধৰ সংজ্ঞাৰ পৰা আঁতৰোৱা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১,০১৭ শব্দ · ৬ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

নৱতেজ সিং জোহৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ ২০১৮ চনৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়দান। এই ৰায় অনুসৰি সমকামিতা যৌন সম্পৰ্ককে ধৰি প্ৰাপ্তবয়স্কসকলৰ মাজত সকলো সন্মতিপূৰ্ণ যৌন সম্পৰ্ক অপৰাধৰ সংজ্ঞাৰ পৰা আঁতৰোৱা হয়।১ উচ্চতম ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ৰ সাংবিধানিক বৈধতা নিৰ্ধাৰণ কৰিবলৈ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল। ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ এক ঔপনিৱেশিক যুগৰ আইন যিয়ে অন্যান্য বিষয়ৰ লগতে সমকামী কাৰ্য্যক "অপ্ৰাকৃতিক অপৰাধ" হিচাপে গণ্য কৰিছিল। যদিও আইনখনে বিপৰীত লিংগৰ দম্পতীৰ মাজত থকা সকলো গুহ্যদ্বাৰৰ যৌন সম্পৰ্ক আৰু মৌখিক যৌনসম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰে, ই মুখ্যতঃ সমকামী সম্পৰ্কক প্ৰভাৱিত কৰিছিল।২ ২০১৮ চনৰ ৬ ছেপ্টেম্বৰত আদালতে সৰ্বসন্মতিক্ৰমে আইনখনক অসংবিধানিক বুলি ঘোষণা কৰে; যিহেতু "যিমান দূৰ লৈকে ই একে লিংগৰ প্ৰাপ্তবয়স্কসকলৰ মাজত সন্মতিপূৰ্ণ যৌন আচৰণক অপৰাধ হিচাপে গণ্য কৰে"। এই ৰায়ক ভাৰতত এলজিবিটি অধিকাৰৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে প্ৰশংসা কৰা হৈছিল। ৰায় ঘোষণা হোৱাৰ পিছত আদালতৰ বাহিৰত প্ৰচাৰকসকলে উল্লাস কৰি অপেক্ষা কৰিছিল।৩

নাবালকৰ সৈতে যৌন সম্পৰ্ক, ধৰ্ষণ আৰু পশুৰ সৈতে যৌন আচৰণ দৰে সন্মতিবিহীন যৌন কাৰ্যৰ সৈতে সম্পৰ্কিত ধাৰা ৩৭৭ এতিয়াও বলবৎ হৈ আছে।৪

পটভূমি

২০১৬ চনৰ ২৭ এপ্ৰিল তাৰিখে, পাঁচগৰাকী ব্যক্তিয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন নতুন ৰিট আবেদন দাখিল কৰিছিল। আৱেদনকাৰীসকলে দাবী কৰিছিল যে তেওঁলোকে তেওঁলোকৰ আৱেদনত উত্থাপন কৰা বিষয়বোৰ ২০১৩ চনৰ 'কৌশল বনাম নাজ ফাউণ্ডেচন' গোচৰৰ অমীমাংসিত নিৰাময়মূলক আৱেদনত উত্থাপিত বিষয়বোৰৰ পৰা বিভিন্ন আৰু বৈচিত্ৰ্যপূৰ্ণ আছিল। পূৰ্বৰ গোচৰটোত উচ্চতম ন্যায়ালয়ে ধাৰা ৩৭৭ৰ সাংবিধানিক বৈধতা বজাই ৰাখিছিল। এই গোচৰক আগতে পাঁচজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰা হৈছিল যাতে বিবেচনাৰ বাবে নিৰাময়মূলক আৱেদন গ্ৰহণ কৰিব পাৰি নে নহয় সিদ্ধান্ত লোৱা হয়। নতুন গোচৰৰ আৱেদনকাৰীসকল আছিল নৃত্যশিল্পী নৱতেজ সিং জোহৰ, সাংবাদিক সুনীল মেহৰা, চেফ ৰিতু ডালমিয়া, হোটেল ব্যৱসায়ী অমন নাথ আৰু কেশৱ চুৰী আৰু ব্যৱসায়ী আয়েশা কাপুৰ।৫ আবেদনকাৰীসকলে যুক্তি দিছিল যে ধাৰা ৩৭৭ৰ বাবে তেওঁলোক সকলোৱে পোনপটীয়াকৈ ক্ষুব্ধ হৈছিল আৰু ইয়াক মৌলিক অধিকাৰৰ পোনপটীয়া উলংঘন বুলি অভিযোগ কৰিছিল।৬৭ তেওঁলোকৰ আৱেদনৰ বিৰোধিতাৰ নেতৃত্ব এপষ্টোলিক এলায়েন্স অৱ চাৰ্চ, উৎকল খ্ৰীষ্টান কাউন্সিল আৰু ট্ৰাষ্ট গড মিনিষ্ট্ৰিজে বহন কৰিছিল। অধিবক্তা মনোজ জৰ্জে প্ৰথম দুই পক্ষ আৰু জ্যেষ্ঠ অধিবক্তা কে এছ ৰাধাকৃষ্ণণক তৃতীয়পক্ষৰ প্ৰতিনিধিত্ব কৰিছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰে এক নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি সিদ্ধান্তটো "আদালতৰ জ্ঞান"ৰ ওপৰত এৰি দিছিল যেতিয়ালৈকে ই "ব্যক্তিগতভাৱে প্ৰাপ্তবয়স্কসকলৰ সন্মতিপূৰ্ণ যৌনকাৰ্য"ৰ ক্ষেত্ৰত প্ৰযোজ্য হয়।৮

শুনানি

২০১৬ চনৰ ২৯ জুন তাৰিখে প্ৰথমে ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডে আৰু ন্যায়াধীশ এ কে ভূষণৰ সন্মুখত আবেদনখন ৰখা হৈছিল। বিষয়টো ন্যায়াধীশ দীপক মিশ্ৰৰ সন্মুখত উপযুক্ত আদেশৰ বাবে ৰাখিবলৈ এটা নিৰ্দেশ দিয়া হৈছিল কিয়নো সংবিধান বিচাৰপীঠৰ সন্মুখত ইতিমধ্যে এটা নিৰাময়মূলক আৱেদন অমীমাংসিত আছিল। ৯১০ ২০১৮ চনৰ ৮ জানুৱাৰীত নৱতেজ সিং জোহৰ আৰু অন্যান্য বনাম ভাৰত চৰকাৰ গোচৰটো মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে শুনানি ৰখাৰ বাবে তালিকাভুক্ত কৰিছিল। ই এক নিৰ্দেশ প্ৰদান কৰি কয় যে গোচৰটোৰ শুনানি সংবিধান বিচাৰপীঠে কৰিব।১১১২১৩

বিষয়টো উচ্চতম ন্যায়ালয়ৰ পাঁচ জনীয়া সংবিধান বিচাৰপীঠে ২০১৮ চনৰ ১৭ জানুৱাৰীৰ পৰা শুনানি গ্ৰহণ কৰিছিল।১৪ ২০১৮ চনৰ ১০ জুলাইত উচ্চতম ন্যায়ালয়ে ধাৰা ৩৭৭ৰ সাংবিধানিকতাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি আৰম্ভ কৰে।১৫১৬১৭ বিচাৰপীঠে ১৭ জুলাইত ইয়াৰ শুনানি সমাপ্ত কৰে আৰু ইয়াৰ ৰায় সংৰক্ষিত ৰাখে। দুয়োপক্ষক তেওঁলোকৰ দাবীৰ বাবে ২০ জুলাইৰ ভিতৰত লিখিত ভাবে দাখিল কৰিবলৈ জনায়।১৮

ৰায়দান

২০১৮ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখে ন্যায়ালয়ে ইয়াৰ সৰ্বসন্মত ৰায় প্ৰদান কৰে আৰু প্ৰাপ্তবয়স্কসকলৰ মাজত সন্মতিপূৰ্ণ যৌন কাৰ্য্য সম্পৰ্কীয় আইনৰ কিছু অংশ অসাংবিধানিক ঘোষণা কৰে।৩১৯ এই ৰায়ে পূৰ্বৰ সুৰেশ কুমাৰ কৌশল বনাম নাজ ফাউণ্ডেচনৰ ২০১৩ চনৰ ৰায়ক প্ৰত্যাহাৰ কৰে য'ত আদালতে আইনখন বজাই ৰাখিছিল।৩২০ অৱশ্যে, নাবালকৰ সৈতে যৌন সম্পৰ্ক, সন্মতিবিহীন যৌন কাৰ্য্য আৰু পশুৰ সৈতে যৌন আচৰণ সম্পৰ্কীয় ধাৰা ৩৭৭ৰ অন্যান্য অংশ বলবৎ হৈ থাকিব।৪

ন্যায়ালয়ে লক্ষ্য কৰিছিল যে সন্মতিপ্ৰাপ্ত প্ৰাপ্তবয়স্কসকলৰ মাজত যৌন কাৰ্য্যৰ অপৰাধকৰণে ভাৰতৰ সংবিধানৰ দ্বাৰা নিশ্চিত সমতাৰ অধিকাৰ উলংঘা কৰিছে। ৰায়দান কৰি থাকোঁতে, ভাৰতৰ তদানীন্তন মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই ঘোষণা কৰিছিল যে আদালতে "শাৰীৰিক সহবাসক অপৰাধ" কৰাটো "অযুক্তিকৰ, স্বেচ্ছাচাৰী আৰু স্পষ্টভাৱে অসাংবিধানিক।" ৩ ন্যায়ালয়ে ৰায় দিয়ে যে ভাৰতৰ এলজিবিটি লোকসকল ভাৰতৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত স্বাধীনতাকে ধৰি সকলো সাংবিধানিক অধিকাৰৰ অধিকাৰী।২১ ইয়াত কোৱা হৈছিল যে "কাক সঙ্গী কৰিব লাগে, যৌন ঘনিষ্ঠতাত পৰিপূৰ্ণতা বিচাৰি উলিওৱাৰ সামৰ্থ্য আৰু বৈষম্যমূলক আচৰণৰ সন্মুখীন নোহোৱাৰ অধিকাৰ যৌন অভিমুখীতাৰ সাংবিধানিক সুৰক্ষাৰ অন্তৰ্নিহিত।" [মাননীয় ন্যায়াধীশ ইন্দু মলহোত্ৰাই কয়, -"তেওঁলোকে শতিকাজুৰি সন্মুখীন হোৱা গ্লানি আৰু বৰ্জনৰ বাবে প্ৰতিকাৰ প্ৰদান কৰাত পলম হোৱাৰ বাবে ইতিহাসে এই সম্প্ৰদায়ৰ সদস্য সকল আৰু তেওঁলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচৰা উচিত। এই সম্প্ৰদায়ৰ সদস্যসকলে প্ৰতিশোধ আৰু অত্যাচাৰৰ ভয়ত পৰিপূৰ্ণ জীৱন যাপন কৰিবলৈ বাধ্য হৈছিল। সমকামিতা এক সম্পূৰ্ণ স্বাভাৱিক অৱস্থা, মানৱ যৌনতাৰ এক পৰিসৰৰ অংশ বুলি স্বীকাৰ কৰাৰ বাবে ই সংখ্যাগৰিষ্ঠৰ অজ্ঞতাৰ বাবে আছিল।" এই ৰায়ত এইটোও উল্লেখ কৰা হৈছিল যে এলজিবিটি সম্প্ৰদায় আইনৰ অধীনত সমান নাগৰিকত্ব আৰু সুৰক্ষাৰ অধিকাৰী, কোনো বৈষম্য নোহোৱাকৈ।২১

জনমত আৰু নিৰ্দিষ্ট প্ৰতিক্ৰিয়া

ভাৰত চৰকাৰে শুনানিৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত লৈছিল আৰু বিষয়টো "ন্যায়ালয়লৰ জ্ঞান"ৰ ওপৰত এৰি দিছিল।২২

ৰাজনৈতিক দল আৰু সংগঠন

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সৰ্ববৃহৎ সংগঠক দল ভাৰতীয় জনতা পাৰ্টী আৰু কিছুমান দলে আনুষ্ঠানিকভাৱে ৰায়টোৰ বিষয়ে নীৰৱ হৈ আছিল।২৩২৪ বিজেপিৰ মুখপাত্ৰ জি ভি এল নৰসিংহ ৰাওকে ধৰি দলৰ কেইবাজনো সদস্যই এই বিষয়ত তেওঁলোকৰ ব্যক্তিগত মতামত প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে বিষয়টোৰ ওপৰত যিকোনো সিদ্ধান্ত "সমগ্ৰ বিশ্বত সমকামী অধিকাৰৰ ওপৰত ন্যায়বিহীন উন্নয়নৰ সৈতে সংগতি ৰাখি লোৱা" আদৰণি জনোৱা হ'ব। ২৫ আনফালে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়াম স্বামীয়ে এই সিদ্ধান্তক আক্ৰমণ কৰি প্ৰশ্ন কৰে যে ন্যায়ালয়ে ব্যক্তিগত স্বাধীনতাৰ নামত জন্তুৰ সৈতে যৌন সম্ভোগ বৈধ কৰিব নেকি।২৬ তেওঁৰ অভিমত আছিল যে সিদ্ধান্তটো বাতিল কৰিব পাৰি যদি ইয়াৰ ফলত পেডোফিলিয়া, সমকামী বাৰ, এইচ.আই.ভি. ৰোগবৃদ্ধি আদিকে ধৰি অতিৰিক্ত সমস্যাৰ সৃষ্টি হয়।" ২৭ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্যান্য সামাজিক-ৰাজনৈতিক বিষয়ৰ তুলনাত এলজিবিটি অধিকাৰৰ বিষয়ে তুলনামূলকভাৱে কম অভিমত আগবঢ়োৱা অভিলেখ আছে আৰু তেওঁ এই সন্দৰ্ভত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।২৮

সোঁপন্থী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ন্যায়ালয়ৰ ৰায়ৰ সৈতে ইয়াৰ সন্মতি প্ৰকাশ কৰিছিল কিয়নো ই সমকামিতাক অপৰাধ বুলি বিশ্বাস নকৰে কিন্তু অভিমুখীতাক "অপ্ৰাকৃতিক" বুলি কয়।২৯ ২০১৮ চনৰ জানুৱাৰী মাহত বিজেপিৰ মিত্ৰজোঁটৰ অংশীদাৰ শিৱসেনাই আইনীকৰণক সমৰ্থন জনাইছিল। শিৱসেনাৰ সদস্য আৰু মুম্বাই দক্ষিণৰ পৰা লোকসভাৰ সাংসদ অৰবিন্দ সাৱন্ত গণপতে কৈছিল, "তেওঁলোকৰ বিচৰা ধৰণে জীয়াই থকাৰ অধিকাৰ আছে। আমি ইয়াৰ ওপৰত কি ক'ব পাৰোঁ।" ২৫

ভাৰতৰ সৰ্ববৃহৎ বিৰোধী দল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্সৰ ভাৰতীয় জাতীয় কংগ্ৰেছে এই ৰায়দানক আদৰণি জনাই এক বিবৃতি জাৰি কৰিছিল। সংগঠনটোৱে মন্তব্য কৰিছিল যে এই ৰায়ে "অধিক সমতাযুক্ত আৰু সামগ্ৰিক সমাজৰ আৰম্ভণি" আনিব লাগে। এয়া ২০০৯ চনত একেটা ক্ষেত্ৰতে ইয়াৰ পূৰ্বৰ আপত্তিৰ বিপৰীত আছিল। নাজ ফাউণ্ডেচনৰ গোচৰৰ সময়ত কংগ্ৰেছৰ চৰকাৰে সমকামী যৌনসম্পৰ্ক 'অনৈতিক' আৰু ইয়াক অপৰাধীকৰণ নাকচ কৰিব নোৱাৰি বুলি নিজৰ পক্ষ ৰাখিছিল।৩০

বিদেশী প্ৰতিক্ৰিয়া

বেচৰকাৰী সংগঠনসমূহৰ ভিতৰত হিউমেন ৰাইটচ ৱাচ গোটে এই ৰায়ক আদৰণি জনাইছিল। ইয়াৰ দক্ষিণ এছিয়াৰ সঞ্চালকে এই ৰায়টোক "যথেষ্ট গুৰুত্বপূৰ্ণ" বুলি কৈছিল।১৯ এমনেষ্টি ইণ্টাৰনেচনেলেও এই সিদ্ধান্তৰ প্ৰশংসা কৰিছিল।৩১ ৰাষ্ট্ৰসংঘয়ে এই ৰায়ক আদৰণি জনাইছিল আৰু আশা কৰিছিল যে এলজিবিটিআই ব্যক্তিসকলৰ মৌলিক অধিকাৰৰ সম্পূৰ্ণ পৰিসৰ নিশ্চিত কৰাৰ দিশত ই প্ৰথম পদক্ষেপ হ'ব।৩২

গ্লোবেল নিউজে পৰামৰ্শ দিছিল যে এই ৰায়ৰ পিছত ভাৰতৰ ধাৰা ৩৭৭ৰ আৰ্হিত দক্ষিণ এছিয়াত একে ধৰণৰ ঔপনিৱেশিক আইনক অসাংবিধানিক ঘোষণা কৰিব পাৰি। সংস্থাটোৱে কৈছিল যে এই ৰায়টোৱে "চুবুৰীয়া দেশসমূহৰ কৰ্মীসকলক উৎসাহিত কৰিছিল।" ৩৩ শ্ৰীলংকাত এলজিবিটি অধিকাৰৰ ক্ষেত্ৰত সেই দেশৰ একে ধৰণৰ আইন যি দশকজুৰি বলবৎ কৰা হোৱা নাই ইয়াৰ উচ্চতম ন্যায়ালয়ে বলবৎ কৰিব নোৱাৰা বুলি ঘোষণা কৰিছিল আৰু কাৰ্যকৰীভাৱে নিষ্ক্ৰিয় হৈ আছে। অৱশ্যে সাংবিধানিক বিষয়বোৰ কেনেদৰে চম্ভালি লোৱা হয় তাৰ পাৰ্থক্যৰ অৰ্থ হৈছে যে ভোটাৰসকলৰ সন্মতি অবিহনে আইনখন আঁতৰাব নোৱাৰি।৩৪৩৩ গ্লোবেল নিউজে লগতে উল্লেখ কৰে যে বাংলাদেশ, ম্যানমাৰ আৰু পাকিস্তানৰ ৰাষ্ট্ৰসমূহে সমকামিতা সীমিত কৰা আইনৰ পৰিপ্ৰেক্ষিতৰ ফলত ৰাজহুৱা ভাবে বৈষম্যত ভুগি থকা এলজিবিটি লোকসকলৰ সৈতে সমস্যাৰ সন্মুখীন হৈছে।৩৩

চিংগাপুৰৰ ৰাষ্ট্ৰীয় আইন অনুষদৰ ডিন চাইমন চেষ্টাৰমেনে এটা ফেচবুক পোষ্টত ভাৰতক এই ৰায়ৰ বাবে অভিনন্দন জনাইছিল। চেষ্টাৰমেনৰ পোষ্টৰ উত্তৰত ছিংগাপুৰৰ কূটনীতিবিদ টমি কোহে ফেচবুকত লিখিছিল যে ছিংগাপুৰৰ এলজিবিটি কৰ্মীসকলে দণ্ডবিধিৰ ৩৭৭ এ ধাৰা সলনি কৰাৰ সুযোগ লোৱা উচিত।৩৫ পিছত ১০ ছেপ্টেম্বৰত ডিস্ক জকি আৰু প্ৰযোজক জনছন অং মিঙে ধাৰা ৩৭৭এৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিছিল।৩৬ অৱশ্যে আইন আৰু গৃহ পৰিক্ৰমা মন্ত্ৰী কে. চানমুগামে কৈছিল যে "এই বিষয়টো সামাজিক মূল্যবোধৰ সৈতে অধিক সম্পৰ্কিত - গতিকে আপুনি সংখ্যাগৰিষ্ঠতাৰ ওপৰত দৃষ্টিভংগী আৰোপ কৰিব পাৰিবনে যেতিয়া ই সামাজিক মূল্যবোধৰ সৈতে ইমান নিবিড়ভাৱে সম্পৰ্কিত?"৩৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ https://main.sci.gov.in/supremecourt/2016/14961/14961_2016_Judgement_06-Sep-2018.pdf
  2. ↑ Safi, Michael. (2018-09-06). Campaigners celebrate as India decriminalises homosexuality. The Guardian
  3. ↑ (6 September 2018). Historic India ruling legalises gay sex. BBC News
  4. ↑ Pundir, Pallavi. I Am What I Am. Take Me as I Am. Vice News
  5. ↑ (September 6, 2018). Gay sex decriminalised: History owes apology to LGBT community and kin, says Supreme Court. The Indian Express. Indian Express Group
  6. ↑ Ganz, Kian. Read the wonderful new 377 challenge by 5 out-and-proud celebrities that'll hit SC today. Legallyindia.com
  7. ↑ (29 June 2016). Navtej Singh Johar & ors. vs. UoI: Supreme Court petition 29 June 2016 – Orinam Section 377. Orinam Section 377
  8. ↑ Arpan Chaturvedi. Who Argued What In Challenge Against Section 377. BloombergQuint
  9. ↑ FP Staff. (29 June 2016). Section 377: Supreme Court refers fresh petition on homosexuality to CJI. Firstpost
  10. ↑ Supreme Court Order - Navtej Johar vs Union of India - 29 June 2016
  11. ↑ Taneja, Richa. (8 January 2018). Section 377: All you need to know. New Delhi Television Limited
  12. ↑ India TV News Desk. (6 September 2018). Section 377 verdict: What has happened so far in the case. India TV
  13. ↑ Supreme Court Order - Navtej Johar vs Union of India - 8 January 2018
  14. ↑ (15 January 2018). All You Want To Know About 8 Cases Listed For Hearing By Constitution Bench From Wednesday (17 Jan) (Read Notice) · Live Law. Live Law
  15. ↑ Correspondent, Legal; Correspondent, Legal. (10 July 2018). SC to hear pleas to scrap Section 377. The Hindu
  16. ↑ Bench, Bar &. (10 July 2018). Section 377 hearing: Live Updates from the Supreme Court. Bar & Bench
  17. ↑ Fall of Sec. 377 will embolden LGBTQ people: CJI. Clpr.org.in
  18. ↑ TNM Staff. (17 July 2018). Marathon hearing on Section 377 concludes, SC reserves verdict. The News Minute
  19. ↑ Gettleman, Jeffrey; Schultz, Kai. (6 September 2018). India Strikes Down Colonial-Era Law Against Gay Sex. The New York Times
  20. ↑ (6 September 2018). Homosexualität ist in Indien nicht mehr strafbar. sueddeutsche.de
  21. ↑ https://main.sci.gov.in/supremecourt/2016/14961/14961_2016_Judgement_06-Sep-2018.pdf
  22. ↑ Section 377 Supreme Court hearing: Centre defers to 'wisdom of court'; Menaka Guruswamy says IPC section violates Article 15. Firstpost.com
  23. ↑ (2018-09-06). Section 377: BJP Has Nothing To Say About Supreme Court's Historic Verdict Legalizing Gay Sex. HuffPost India
  24. ↑ (2018-09-07). BJP mum on SC verdict on Section 377. Deccan Herald
  25. ↑ (2018-01-08). Ruling and Opposition parties on the same side against Section 377. The Hindu
  26. ↑ Subramanian Swamy on Twitter. Twitter
  27. ↑ Subramanian Swamy on Twitter. Twitter
  28. ↑ 'Step towards self-destruction': Far-right comes out against Supreme Court's Section 377 verdict. Firstpost.com
  29. ↑ Homosexuality not a crime, but unnatural: RSS. The Times of India
  30. ↑ Gay sex is immoral and can't be decriminalised, Govt tells HC. Outlookindia.com
  31. ↑ India decriminalises gay sex. Amnesty.org.uk
  32. ↑ United Nations in India welcomes Supreme Court judgment on Section 377. UN India
  33. ↑ India legalized homosexuality, but many of its neighbours haven’t. Global News
  34. ↑ SL committed to non-discrimination based on sexual orientation: Nerin Pulle. Dailymirror.lk
  35. ↑ (7 September 2018). Inspired by India, veteran Singapore diplomat calls for gays to challenge sex ban. Reuters
  36. ↑ After Section 377 verdict in India, Singapore DJ files court challenge against law banning gay sex. Firstpost.com
  37. ↑ Singapore society has to decide which direction it wants to take on laws against gay sex: Shanmugam. Channelnewsasia.com

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱতেজ সিং জোহৰ বনাম ভাৰত চৰকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৩১৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।