ছাৰোগেছি বা মাতৃ প্ৰতিনিধিত্ব (surrogacy) হৈছে এক আইনী চুক্তিৰ দ্বাৰা সমৰ্থিত ব্যৱস্থা যাৰ দ্বাৰা এগৰাকী মহিলাই (ছাৰোগেট মাতৃ) নিজৰ গৰ্ভত আন এটা দম্পতীৰ হৈ এটা সন্তান বহন আৰু প্ৰসৱ কৰিব পাৰে।১ দুই প্ৰকাৰৰ ছাৰোগেছি আছে: আংশিক (জেনেটিক), আৰু সম্পূৰ্ণ (গৰ্ভধাৰণ)। আংশিক ছাৰোগেছিত চাৰোগেট মাতৃৰ বংশানু শিশুটোৰ গাত থাকে, কিয়নো গৰ্ভধাৰণ সাধাৰণতে পিতৃৰ শুক্ৰাণু আৰু ছাৰোগেট মাতৃৰ ডিম্ব কোষ সংযোগ কৰি কৃত্ৰিমভাৱে গৰ্ভধাৰণ ঘটোৱা হয়। সম্পূৰ্ণ ছাৰোগেছিত, শিশুটোৰ মূল অভিভাৱক এহাল পৃথক দম্পতী আৰু আইভিএফ (In vitro fertilisation) প্ৰজনন কৌশলৰ জৰিয়তে ছাৰোগেট মাতৃৰ গৰ্ভত কৃত্ৰিমভাৱে দম্পতীহালৰ শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোগ ঘটোৱা হয়।২
সাধাৰণতে, ১০ টাৰ মাজত ১টা দম্পতী বন্ধ্যাত্বত ভোগিব পাৰে।৩ অৱশ্যে, বন্ধ্যাত্বৰ হাৰ দেশসমূহৰ মাজত পৃথক হয়, < ৫% ৰ পৰা > ৩০%, তেওঁলোকৰ বেছিভাগেই উন্নয়নশীল দেশসমূহত বাস কৰে।৪ কিছুমানে ডিম্বস্ফোটন অন্তৰ্ভুক্তিৰ (ovulation induction) দৰে চিকিৎসা কৰে, আনহাতে আন কিছুমানে আইভিএফৰ দৰে সহায়ক প্ৰজনন কৌশল ব্যৱহাৰ কৰে। আন বহুতে এই সকলোবোৰ চেষ্টা কৰা স্বত্বেও নিসন্তান হৈ থাকে। এই গোটটোৰ দুটা বিকল্প বাকী থাকে: হয় শিশু গ্ৰহণ কৰা (শিশু তুলি লোৱা) বা ছাৰোগেছিৰ সহায় লোৱা। শিশু গ্ৰহণ কৰাটো কঠিন আৰু ইয়াৰ আইনমতে বহুতো নিয়ম আছে। কিছুমান অনুৰ্বৰ দম্পতীয়ে তেওঁলোকৰ সন্তানৰ সৈতে 'জেনেটিক লিংক'বা বংশানু সংযোগ ৰাখিবলৈ পছন্দ কৰে। সেয়েহে ছাৰোগেছিৰ দ্বাৰা এই সমস্যাবোৰৰ কিছুমান সমাধান কৰিব পাৰি।৫
ইতিহাস
আন এগৰাকী মহিলাৰ দ্বাৰা সন্তান বহন কৰোৱা, প্ৰাচীন কালৰ পৰাই চলি আহিছে। এনেক্ষেত্ৰত সাধাৰণতে পুৰুষৰ বংশানু শিশুৰ দেহত থকাটো বশেষভাৱে পৰিলক্ষিত হৈছিল। বাবিলনৰ নিয়ম আৰু ৰীতি-প্ৰথাই এই অনুশীলনক অনুমতি দিছিল, আৰু জন্ম দিবলৈ অক্ষম মহিলাই বিবাহ বিচ্ছেদ পৰিহাৰ কৰিবলৈ এই অনুশীলনটো ব্যৱহাৰ কৰিছিল।৬৭ ছাৰোগেছিৰ প্ৰথম উল্লেখ হিব্ৰু বাইবেল দা বুক অফ জেনেছিছত চাৰাহ আৰু এব্ৰাহামৰ কাহিনীত পোৱা যায়। চাৰাহ আৰু এব্ৰাহাম বিবাহিত আছিল কিন্তু গৰ্ভধাৰণ কৰিব পৰা নাছিল। সেয়েহে চাৰাহয়ে তেওঁৰ দাসী হেগাৰক এব্ৰাহামৰ সন্তানৰ মাতৃ হʼবলৈ অনুৰোধ কৰিছিল। এইটো পৰম্পৰাগত ছাৰোগেছিৰ সাধাৰণ উদাহৰণ। যদিও চাৰাহৰ সৈতে শিশুটিৰ জৈৱিক সম্পৰ্ক নাছিল, তথাপিও চাৰাহ আৰু এব্ৰাহাম দুয়োজনে শিশুটোক নিজৰ বুলি দাবী কৰিছিল। পৰম্পৰাগতভাৱে ছাৰোগেছি আছিল একমাত্ৰ উপায় য'ত অভিভাৱকসকলে সন্তান লাভ কৰিব পাৰিছিল। বিছ শতিকালৈকে বন্ধ্যাত্ব আৰু পৰম্পৰাগত ছাৰোগেছি এটা নিষিদ্ধ বিষয় হৈ আছিল কিয়নো তেনে শিশুক "অবৈধ" শিশু বুলি ভবা হৈছিল।৮
বিশ্বজুৰি চিকিৎসা বিজ্ঞান, সামাজিক ৰীতি-নীতি আৰু আইনী প্ৰক্ৰিয়াৰ বিকাশে আধুনিক যুগত ছাৰোগেছি সম্ভৱ কৰি তুলিছে:৯
- ১৯৩৬ – আমেৰিকা যুক্তৰাষ্ট্ৰত শ্কেৰিং-কলবউম আৰু পাৰ্কে-ডেভিছে নামৰ দুটা ঔষধ কোম্পানীয়ে ইষ্ট্ৰোজেনৰ উৎপাদন আৰম্ভ কৰে।
- ১৯৪৪ – হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অধ্যাপক জন ৰকে জৰায়ুৰ বাহিৰত মানুহৰ ডিম্বক নিষিক্ত কৰা প্ৰথম ব্যক্তি আছিল।
- ১৯৫৩ – গৱেষকসকলে সফলতাৰে শুক্ৰাণুৰ প্ৰথম ক্ৰায়োসংৰক্ষণ কৰিছিল।
- ১৯৭৬ – মাচিগানৰ অধিবক্তা নোয়েল কিনে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথম ছাৰোগেছি চুক্তি লিখিছিল।১০
- ১৯৭৮ – প্ৰথম "টেষ্ট-টিউব কেঁচুৱা" ল'ৰিছ ব্ৰাউনৰ জন্ম ইংলেণ্ডত হৈছিল, যি প্ৰথম সফল আইভিএফ প্ৰক্ৰিয়াৰ ফলাফল।১১
- ১৯৮৫-১৯৮৬ – এগৰাকী মহিলাই প্ৰথম সফলতাৰে গৰ্ভধাৰণ কৰি ছাৰোগেট মাতৃ হৈছিল।
- ১৯৮৬ – মেলিছা ষ্ট্ৰন, অন্যথা "বেবী এম" (Baby M) বুলি জনাজাত শিশুটি আমেৰিকাত জন্ম হৈছিল। শিশুটিৰ ছাৰোগেট মাতৃ মেৰী বেথ হোৱাইথহেডে মেলিছাৰ জিম্মা এৰিবলৈ অস্বীকাৰ কৰিছিল যাৰ সৈতে তেওঁ ছাৰোগেছি চুক্তি কৰিছিল। নিউ জাৰ্চীৰ আদালতে দেখিছিল যে হোৱাইথহেড শিশুটোৰ আইনী মাতৃ, সেয়েহে চাৰোগেট মাতৃত্বৰ বাবে চুক্তি অবৈধ আৰু অবৈধ বুলি ঘোষণা কৰিছিল। অৱশ্যে, আদালতে ছাৰোগেট মাতৃ হোৱাটহেডৰ সলনি শিশুটোৰ জৈৱিক পিতৃ, ৱিলিয়ম ষ্ট্ৰন আৰু তেওঁৰ পত্নী এলিজাবেথ ষ্ট্ৰনক মেলিসাৰ জিম্মা প্ৰদান কৰাটো শিশুৰ সৰ্বশ্ৰেষ্ঠ স্বাৰ্থত বুলি ঘোষনা কৰিলে।১২
- ১৯৯০ – কেলিফৰ্ণিয়াত, ছাৰোগেট মাতৃ এন্না জনচনে কেঁচুৱাটোক অভিযন্ত্ৰণকৰা পিতৃ-মাতৃ মাৰ্ক আৰু ক্ৰিচি্পনা কালভাৰ্টক এৰি দিবলৈ অস্বীকাৰ কৰিছিল। দম্পতীহালে কেঁচুৱাৰ জিম্মাৰ বাবে গোচৰ দিছিল (কাৰ্ভট ভি জনচন), আৰু আদালতে তেওঁলোকৰ পিতৃ-মাতৃৰ অধিকাৰ বৰ্তাই ৰাখিছিল।১৩
মানসিক দিশ
নৃতত্ত্বৰ অধ্যয়নে দেখুৱাইছে যে গৰ্ভধাৰণকালত ছাৰোগেট মাতৃেয়ে বিভিন্ন কৌশলত লিপ্ত হয় যাতে সেইবোৰে কেঁচুৱাটোৰ সৈতে নিজকে আৱেগিক আৰু মানসিক আসক্তি গঢ়ি নুতুলিবলৈ সহায় কৰে।১৪১৫১৬ ইয়াৰ বিপৰিতে বহুতো ছাৰোগেট মাতৃয়ে আকৌ ইচ্ছাকৃতভাৱে নিজৰ আৰু ছাৰোগেট শিশুৰ মাজত আৱেগিক সংলগ্নৰ বিকাশ বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।১৭ কিছুমান চাৰোগেট মাতৃয়ে এই অভিজ্ঞতাৰ দ্বাৰা নিজকে শক্তিশালী অনুভৱ হোৱা বুলি বৰ্ণনা কৰে।১৫১৮
যদিও সাধাৰণতে ছাৰোগেট মাতৃয়ে এই অভিজ্ঞতাৰ সৈতে সন্তুষ্ট হোৱাৰ প্ৰতিবেদন দিয়ে, কিছু ক্ষেত্ৰত তেনে নহয়।১৯ কিছুমানে অপূৰণ আশা, হীন প্ৰত্যাশা, আৰু অসন্তুষ্টিত ভোগে। কিছুমান মহিলাই দম্পতীৰ সৈতে এক নিৰ্দিষ্ট স্তৰৰ ঘনিষ্ঠতা অনুভৱ নকৰা আৰু আন কিছুমানে দম্পতীৰ পৰা সন্মান অনুভৱ নকৰা বুলি মত প্ৰকাশ কৰে। কিছুমান গৰ্ভধাৰণকালীন ছাৰোগেট মাতৃেয়ে ছাৰোগেচী প্ৰক্ৰিয়াৰ সময়ত আৱেগিক সংকটত ভোগে। গৰ্ভধাৰণকালীন ছাৰোগেট মাতৃয়ে সন্তানক তেওঁলোকৰ অভিভাৱকসকলক এৰি দিয়াৰ হতাশাত পʼষ্ট পাৰটাম ডিপ্ৰেচনত ভুগাৰো সম্ভাৱনা থাকে।২০ ০-২০% হাৰত ছাৰোগেট মাতৃয়ে পʼষ্ট পাৰটাম ডিপ্ৰেচনত ভোগা দেখা পোৱা যায়। কিছুমান ছাৰোগেটে জন্মৰ ঠিক পিছতে শিশুক অধিকাৰ এৰি দিয়াত নেতিবাচক অনুভূতিৰ প্ৰতিবেদন দিয়ে, কিন্তু বেছিভাগ নেতিবাচক অনুভূতি কিছু সময়ৰ পিছত সমাধান আঁতৰি যায়।
ছাৰোগেছিৰ ফলত পৰিয়ালৰ ওপৰত হোৱা মানসিক প্ৰভাৱৰ পৰীক্ষা কৰা ৫৫টা অধ্যয়নৰ এক প্ৰণালীবদ্ধ সমীক্ষাত দেখা গৈছিল যে এই কৌশলৰ পৰা জন্ম হোৱা শিশু আৰু প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰা শিশুৰ ১০ বছৰ বয়সলৈকে কোনো ডাঙৰ মানসিক পাৰ্থক্য নাথাকে।২০ আন দম্পতীৰদৰে ছাৰোগেছি ব্যৱহাৰ কৰি পিতৃ হোৱা গে'সকলেও তেওঁলোকৰ সন্তান আৰু ছাৰোগেছি দুয়োটা সম্পৰ্কতে একে ধৰণৰ অভিজ্ঞতা প্ৰকাশ কৰে।২১
তথ্যসূত্ৰ
- ↑ Brinsden, P. R. (2003). Gestational surrogacy. Human Reproduction Update, 9(5), 483-491
- ↑ Jadva, V., Murray, C., Lycett, E., MacCallum, F., & Golombok, S. (2003). Surrogacy: the experiences of surrogate mothers. Human reproduction, 18(10), 2196-2204
- ↑ Rowe, P., & Darling, M. (1984). Workshop on the standardized investigation of the infertile couple. In Fertility and Sterility (pp. 427-442). Springer, Dordrecht
- ↑ Vayena, E., Rowe, P. J., & Griffin, P. D. (2002). Current practices and controversies in assisted reproduction: report of a meeting on medical, ethical and social aspects of assisted reproduction, held at WHO Headquarters in Geneva, Switzerland. World Health Organization
- ↑ Nakash, A., & Herdiman, J. (2007). Surrogacy. Journal of Obstetrics and Gynaecology, 27(3), 246-251.https://www.tandfonline.com/doi/full/10.1080/01443610701194788?casa_token=sg1OXPQLb0YAAAAA:24_1eQVbcMBOMJKQ8daOwy17qc0nia4gQEqc4lVJJXZ8js3U1cHW_0gOWrm9Fj1hRR7xWJ8CUPo
- ↑ Postgate, J.N. (1992). Early Mesopotamia Society and Economy at the Dawn of History. Routledge. পৃ. 105. ISBN 978-0-415-11032-7
- ↑ (May 13, 2017). Carrying a child for someone else should be celebrated—and paid. The Economist
- ↑ (20 March 2017). History of Surrogacy - From the Bible to Now · Surrogate.com. surrogate.com
- ↑ Merino, Faith. (2010). Adoption and Surrogate Pregnancy. Infobase Publishing
- ↑ Van Gelder, Lawrence. (January 28, 1997). Noel Keane, 58, Lawyer in Surrogate Mother Cases, Is Dead. The New York Times
- ↑ Johnson, Bonnie. (May 4, 1987). And Baby Makes Four: for the First Time a Surrogate Bears a Child Genetically Not Her Own. PEOPLE.com
- ↑ Matter of Baby M.. Justia Law
- ↑ Gewertz, Catherine. (11 October 1990). Surrogate Confesses Her Secret: Trial: Anna L. Johnson admits cashing check from unborn child's parents after she'd decided to seek custody. She denies telling The Times she didn't feel bonded to baby.. Los Angeles Times
- ↑ Teman, E. (March 2003). The medicalization of "nature" in the "artificial body": surrogate motherhood in Israel. Medical Anthropology Quarterly. পৃ. 78–98
- ↑ Teman, Elly. (2010). Birthing a Mother: The Surrogate Body and the Pregnant Self. University of California Press
- ↑ Van den Akker; Olga B.A. (2007). Psychological trait and state characteristics, social support and attitudes to the surrogate pregnancy and baby. Human Reproduction. পৃ. 2287–2295
- ↑ Teman, Elly. 2003. scribd.com "Knowing the Surrogate Body in Israel" in: Rachel Cook and Shelley Day Schlater (eds.), Surrogate Motherhood: International Perspectives. London: Hart Press. pp. 261-280
- ↑ Ragone, Helena (1994). Surrogate Motherhood: Conception in the Heart. Westview Books
- ↑ Ciccarelli, Janice; Beckman, Linda. (March 2005). Navigating Rough Waters: An Overview of Psychological Aspects of Surrogacy. Journal of Social Issues. পৃ. 21–43
- ↑ Bergh, Christina; Romundstad, Liv Bente; Aittomäki, Kristiina. (2016-03-01). Surrogacy: outcomes for surrogate mothers, children and the resulting families—a systematic review. Human Reproduction Update. পৃ. 260–276
- ↑ Golombok, Susan; Ehrhardt, Anke A.; Raffanello, Elizabeth. (2016-11-01). Gay father surrogacy families: relationships with surrogates and egg donors and parental disclosure of children's origins. Fertility and Sterility. পৃ. 1503–1509
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰোগেছি” প্ৰবন্ধৰ সংশোধন ৬৩১৮২২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।