অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

প্ৰাইড মাহ

এলজিবিটি প্ৰাইড মাহ হৈছে লেচবিয়ান, গে, বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ (এলজিবিটি) লোকসকলৰ গৌৰৱ উদযাপন আৰু স্মৃতিচাৰণৰ বাবে উৎসৰ্গিত এটা মাহ। সাধাৰণতে জুন মাহক প্ৰাইড মাহ হিচাপে পালন কৰা হয়। ১৯৬৯ চনত সমকামী মুক্তিৰ বাবে হোৱা ধাৰাবাহিক ষ্টোনৱাল প্ৰতিবাদৰ পিছত প্ৰাইড মাহ আৰম্ভ হয়।

হালনাগাদ: ২ জুন ২০২৫ ২৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এলজিবিটি প্ৰাইড মাহ হৈছে লেচবিয়ান, গে, বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ (এলজিবিটি) লোকসকলৰ গৌৰৱ উদযাপন আৰু স্মৃতিচাৰণৰ বাবে উৎসৰ্গিত এটা মাহ। সাধাৰণতে জুন মাহক প্ৰাইড মাহ হিচাপে পালন কৰা হয়।১ ১৯৬৯ চনত সমকামী মুক্তিৰ বাবে হোৱা ধাৰাবাহিক ষ্টোনৱাল প্ৰতিবাদৰ পিছত প্ৰাইড মাহ আৰম্ভ হয়। পিছলৈ আমেৰিকাৰ বাহিৰলৈও এই উদযাপন বিয়পি পৰে।২ আধুনিক যুগৰ গৌৰৱ মাহে এলজিবিটি অধিকাৰৰ বাবে আন্দোলনক সন্মান জনোৱা আৰু এলজিবিটি সংস্কৃতিক উদযাপন কৰা দুয়োটাকে বুজাই।

ইতিহাস

উৎপত্তি

প্ৰাইড মাহৰ ধাৰণাটো আৰম্ভ হৈছিল ষ্টোনৱাল বিদ্ৰোহৰ পৰা। নিউয়ৰ্ক চহৰত ১৯৬৯ চনৰ ২৮ জুনৰ পৰা এই প্ৰতিবাদ কেইবাদিনো ধৰি সংঘটিত হৈছিল।২ কৰ্মী মাৰ্ছা পি জনছন, চিলভিয়া ৰিভেৰা আৰু ষ্টৰ্মে ডিলাৰ্ভেৰীক এই প্ৰতিবাদৰ বাবে কৃতিত্ব দিয়া হয় যদিও জনছনে তেওঁৰ অংশগ্ৰহণক অস্বীকাৰ কৰে।৩১ এই প্ৰতিবাদৰ পিছৰটো বছৰত আমেৰিকাৰ কেইবাখনো চহৰত প্ৰথম গৌৰৱ যাত্ৰা অনুষ্ঠিত হয়।৪ নিউয়ৰ্ক চহৰত "ক্ৰিষ্টোফাৰ ষ্ট্ৰীট মুক্তি দিৱস" উদযাপনৰ লক্ষ্যৰে কৰা এই সমদলটোক সমগ্ৰ আমেৰিকাত পদযাত্ৰাৰ সমান্তৰালভাৱে এলজিবিটি অধিকাৰৰ বাবে এক গুৰুত্বৰ মুহূৰ্ত বুলি গণ্য কৰা হয়।৫ প্ৰথম পদযাত্ৰাবোৰ উদযাপনতকৈ প্ৰতিবাদৰ সৈতে বেছি মিল আছিল যদিও ই মানুহক এলজিবিটি সম্প্ৰদায় আৰু ইয়াত কেনেকৈ এজনৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীও অন্তৰ্ভুক্ত হ'ব পাৰে সেই সম্পৰ্কে সোঁৱৰাই দিয়াত সহায় কৰিছিল।৬

বিস্তাৰ আৰু উদযাপন

ষ্টোনৱাল বিদ্ৰোহ আৰু প্ৰথম গৌৰৱ সমদলৰ পিছত এলজিবিটি গোটৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায়,৭ আৰু কেইবছৰমানৰ পিছত সমগ্ৰ আমেৰিকাত গৌৰৱ আন্দোলন বিয়পি পৰে।৬ ২০২০ চনৰ হিচাপত বিশ্বৰ প্ৰধান চহৰ অঞ্চলসমূহত বেছিভাগ গৌৰৱ উদযাপন জুন মাহত অনুষ্ঠিত হয় যদিও এনে পদযাত্ৰাৰ বাবে জুন মাহ উপযুক্ত বিবেচিত নোহোৱা কিছুমান চহৰত বছৰৰ বিভিন্ন সময়ত অনুষ্ঠিত হয়।৮

স্বীকৃতি

১৯৯৯ চনৰ জুন মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে "আমেৰিকাত প্ৰতি জুন মাহত ষ্টোনৱাল বিদ্ৰোহৰ বৰ্ষপূৰ্তিক গে আৰু লেচবিয়ান প্ৰাইড মাহ" বুলি ঘোষণা কৰে।৯ ২০১১ চনত ৰাষ্ট্ৰপতি বাৰাক ওবামাই আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত প্ৰাইড মাহৰ সম্প্ৰসাৰণ কৰি সমগ্ৰ এলজিবিটি সম্প্ৰদায়ক সামৰি লয়।৯১০ কিন্তু ২০১৭ চনত ড'নাল্ড ট্ৰাম্পে আমেৰিকাত প্ৰাইড মাহৰ ফেডাৰেল স্বীকৃতি অব্যাহত ৰাখিবলৈ অস্বীকাৰ কৰে,১১ যদিও পিছলৈ ২০১৯ চনত তেওঁ ৰাষ্ট্ৰপতিৰ ঘোষণা হিচাপে ব্যৱহাৰ কৰা এটা টুইটত ইয়াক স্বীকৃতি দিয়ে।১২ ২০২১ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত জো বাইডেনে পূৰ্বতে চেনেটত সমলিংগ বিবাহ আৰু এলজিবিটি বিষয়ৰ স্কুলীয়া শিক্ষাৰ বিৰুদ্ধে ভোটদান কৰাৰ পিছতো প্ৰাইড মাহক স্বীকৃতি দিয়ে আৰু আমেৰিকাত এলজিবিটি অধিকাৰৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।১৩১৪

তথ্যসূত্ৰ

  1. ↑ Wurzburger, Andrea. (2022-06-01). Pride Month Explained: What Is Pride Month and Why Do We Celebrate?. People
  2. ↑ Miranda, Gabriela. (2021-06-03). What are the origins of Pride Month? And who should we thank for the LGBTQ celebration?. USA Today. Gannett
  3. ↑ Oliver, David; Ali, Rasha. (2019-06-28). Why we owe Pride to black transgender women who threw bricks at cops. USA Today. Gannett
  4. ↑ Stanton, Cady. (2022-06-02). What is the history behind Pride Month? How the LGBTQ celebration came to be. USA Today. Gannett
  5. ↑ Sommerlad, Joe. (2022-07-02). Pride 2022: How was the annual LGBT+ celebration founded and when and where are events taking place?. The Independent
  6. ↑ Lopez, German. (2014-06-08). LGBTQ Pride Month, explained. Vox. Vox Media
  7. ↑ Carter, David. (2010-05-25). Stonewall: The Riots That Sparked the Gay Revolution. Macmillan Publishers. ISBN 978-0-312-67193-8
  8. ↑ Baume, Matt. (25 June 2020). What Is Pride Month and the History of Pride?. Them. Condé Nast Publications
  9. ↑ Clinton, William J. (June 11, 1999). Proclamation 7203—Gay and Lesbian Pride Month, 1999. The American Presidency Project
  10. ↑ Cho, Diane J. (2022-06-01). Notable Figures & Moments in Pride Month History to Honor This Week, from Gilbert Baker to Alan Turing. People
  11. ↑ Bump, Philip. (2017-06-27). Last year, June was National Pride Month. This year, it isn't.. The Washington Post. Nash Holdings
  12. ↑ Evon, Dan. (2021-06-01). Did Trump Officially Recognize Pride Month During His Presidency?. Snopes
  13. ↑ Karni, Annie. (2021-06-01). Biden Recognizes Pride Month, Vowing to Fight for L.G.B.T.Q. Rights. The New York Times
  14. ↑ Nagourney, Adam; Kaplan, Thomas. (2020-06-21). Behind Joe Biden's Evolution on L.G.B.T.Q. Rights. The New York Times

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাইড মাহ” প্ৰবন্ধৰ সংশোধন ৫১৪৪৩৭ (২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।