অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গৌৰী সাৱন্ত

গৌৰী সাৱন্ত (Gauri Sawant) ভাৰতৰ মুম্বাইৰ এজন ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী। তেওঁ 'সখী চাৰ চৌঘি' নামৰ বেচৰকাৰী সংগঠনৰ পৰিচালক। এই সংগঠনে ট্ৰান্সজেণ্ডাৰ ব্যক্তি আৰু এইচআইভি/এইডছত আক্ৰান্ত লোকসকলক সহায় কৰে। তেওঁক ভিক্সৰ এটা বিজ্ঞাপনত প্ৰদৰ্শিত কৰা হৈছিল।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

গৌৰী সাৱন্ত (Gauri Sawant) ভাৰতৰ মুম্বাইৰ এজন ট্ৰান্সজেণ্ডাৰ অধিকাৰকৰ্মী।১ তেওঁ 'সখী চাৰ চৌঘি' নামৰ বেচৰকাৰী সংগঠনৰ পৰিচালক। এই সংগঠনে ট্ৰান্সজেণ্ডাৰ ব্যক্তি আৰু এইচআইভি/এইচ.আই.ভি/এইড্‌ছত আক্ৰান্ত লোকসকলক সহায় কৰে।২ তেওঁক ভিক্সৰ এটা বিজ্ঞাপনত প্ৰদৰ্শিত কৰা হৈছিল।৩৪৫ তেওঁক মহাৰাষ্ট্ৰৰ নিৰ্বাচন আয়োগৰ শুভেচ্ছা দূত হিচাপে নিযুক্ত কৰা হৈছিল।৬

প্ৰাৰম্ভিক জীৱন

মহাৰাষ্ট্ৰৰ পুনেত গৌৰী সাৱন্তৰ গণেশ সাৱন্ত হিচাপে জন্ম হৈছিল। তেওঁ পুনেত ডাঙৰ দীঘল হৈছিল। তেওঁৰ পাঁচ বছৰ বয়সত মাকৰ মৃত্যু হৈছিল আৰু তেওঁৰ আইতাই তেওঁক ডাঙৰ-দীঘল কৰিছিল। তাইৰ দেউতাক এজন আৰক্ষী বিষয়া। তেওঁ ১৮ বছৰ বয়সত নিজৰ ঘৰ এৰিছিল কিয়নো তেওঁ দেউতাকৰ বাবে হতাশাৰ কাৰণ হ'ব নিবিচাৰিছিল।৭

সক্ৰিয়তা

গৌৰীয়ে ২০০০ চনত 'সখী চাৰ চৌঘি ট্ৰাষ্ট' প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ এই বেচৰকাৰী সংগঠনে সুৰক্ষিত যৌন সম্পৰ্কৰ প্ৰচাৰ কৰে আৰু ট্ৰান্সজেণ্ডাৰ লোকসকলক পৰামৰ্শ প্ৰদান কৰে। ৭ ২০১৪ চনত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ত ট্ৰান্সজেণ্ডাৰ লোকসকলৰ দত্তক সন্তান গ্ৰহণৰ অধিকাৰৰ বাবে আবেদন দাখিল কৰা প্ৰথম ট্ৰান্সজেণ্ডাৰ ব্যক্তি হিচাপে পৰিগণিত হয়।৮ তেওঁ ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণ (এনএএলএছএ) গোচৰৰ আবেদনকাৰী আছিল আৰু এই গোচৰত উচ্চতম ন্যায়ালয়ে ট্ৰান্সজেণ্ডাৰক তৃতীয় লিংগ হিচাপে স্বীকৃতি দিছিল।১ গৌৰীয়ে ২০০৮ চনত গায়ত্ৰীৰ মাতৃৰ এইডছত মৃত্যু হোৱাৰ পিছত গায়ত্ৰী নামৰ এজনী ছোৱালী তুলি লৈছিল।৮৯৭১০

২০১৭ চনৰ আগষ্ট মাহত তেওঁ 'সাই চাভলি' নামৰ বেচৰকাৰী সংগঠন গঠন কৰিছিল। এই সংগঠনে সমাজৰ অভাৱগ্ৰস্ত লোক যেনে ট্ৰান্সজেণ্ডাৰ, অনাথ শিশু, পৰিত্যক্ত মহিলা আৰু বৃদ্ধ বয়সৰ লোকসকলক সহায় কৰে।

ব্যক্তিগত জীৱন আৰু পৰিয়াল

গৌৰীৰ এজনী দত্তক কন্যা আছে। তেওঁৰ কন্যা গায়ত্ৰীক তেওঁ ৪ বছৰ বয়সত তুলি লৈছিল। গৌৰীয়ে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ তেওঁৰ জৈৱিক মাতৃ এগৰাকী যৌন কৰ্মী আছিল। তেওঁৰ মাতৃৰ এইডছৰ ফলত মৃত্যুবৰণ কৰিছিল যৌন সৰবৰাহ উদ্যোগত বিক্ৰী কৰাৰ পৰা বচাবলৈ গৌৰীয়ে গায়ত্ৰীক তুলি লৈছিল।১১

বঁটা আৰু সন্মান

গৌৰী সাৱন্তে ২০২১ চনত ডঃ এ পি জে আব্দুল কালাম ভাৰত পুৰস্কাৰ লাভ কৰিছিল। ২০১৭ চনত তেওঁ আই এম ৱমেন বঁটা লাভ কৰিছিল।

জনপ্ৰিয় সংস্কৃতিত

২০১৭ চনত গৌৰীক ভিক্সৰ এটা বিজ্ঞাপনত তেওঁক প্ৰদৰ্শিত কৰা হৈছিল। বিজ্ঞাপনটো ভিক্সৰ 'টাচ অফ কেয়াৰ' অভিযানৰ অংশ আছিল আৰু ইয়াত গৌৰী আৰু তেওঁৰ দত্তক কন্যাৰ কাহিনী দেখুৱাইছিল।৩

তথ্যসূত্ৰ

  1. ↑ Gauri Sawant- How I became a Mother - Mumbai Mirror -. Mumbai Mirror
  2. ↑ (2017-04-01). Here Is The Real Life Story Of Transgender Activist Gauri Sawant Of Groundbreaking Vicks Ad. The Indian Feed
  3. ↑ How Activism, Adoption and an Ad Changed a Trans Woman's Life - The Wire. The Wire
  4. ↑ The story of Gauri Sawant - A transgender mother. www.timesnownews.com
  5. ↑ (9 April 2017). If something happens to me, I don't want her to return to the streets: Gauri Sawant
  6. ↑ (2019-03-20). Maharashtra Transgender Activist Becomes Poll Panel's Goodwill Ambassador. NDTV.com
  7. ↑ (2017-05-30). Against All Odds: Activist Gauri Sawant Has Been Fighting For Transgender Rights All Her Life. The Logical Indian
  8. ↑ (2017-05-14). How two mothers came to embrace and accept LGBTQI. The Indian Express
  9. ↑ The mother who has won India's heart. Rediff
  10. ↑ Social activist Gauri Sawant to build a foster home for sex workers' children. Mumbai Live
  11. ↑ YouTube- Gauri Suresh Sawant interview, TedX

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিসমাজকৰ্মীভাৰতীয় ট্ৰান্সজেণ্ডাৰ মহিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৌৰী সাৱন্ত” প্ৰবন্ধৰ সংশোধন ৪৮৮২৩০ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।