সৰ্বকামিতা, হ'ল যিকোনো দৈহিক যৌনতা বা লিংগ পৰিচয়-বিশিষ্ট মানুহৰ প্ৰতি এক প্ৰকাৰৰ যৌন আকৰ্ষণ, ৰোমাণ্টিক প্ৰেম বা আৱেগিক আকৰ্ষণ।১২ সৰ্বকামী ব্যক্তিসকলে নিজকে লিংগ-অন্ধ হিচাপে নিৰ্দেশ কৰে, যাৰ দ্বাৰা বুজোৱা হয় যে, তেওঁলোকে আনৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰে কিন্তু সেয়া নিৰ্ধাৰণৰ হেতু লিংগ আৰু জৈৱিক যৌন পৰিচয় গুৰুত্বহীন বা অপ্ৰাসংগিক।৩৪
এক বিকল্প যৌন পৰিচয় হিচাপে নিৰ্দেশ কৰাৰ লক্ষেৰে সৰ্বকামিতাক নিজ অধিকাৰৰে পৰিচালিত এটি যৌন অভিমুখীতা বা উভকামিতাৰ এক উপ সংহতি হিচাপে বিবেচনা কৰা হয়।২৫৬ সৰ্বকামী ব্যক্তিসকল সুস্পষ্টভাৱে নাৰী বা পুৰুষ হিচাপে চিহ্নিত নহয়।২৭ তেওঁলোক একেই লিংগৰ ব্যক্তিৰ সৈতেই সম্পৰ্ক স্থাপনৰ বাবে উন্মুক্ত থাকে, তথা সৰ্বকামিতায় লিঙ্গ দ্বিবিভাজন নামৰ "নিৰ্দিষ্ট যৌন অভিমুখীতাসম্পন্ন দুটি লিংগৰ মতবাদ"ক প্ৰত্যাখ্যান কৰে। সেইহেতু উভকামিতাতকৈয়ো ই অধিক অন্তৰ্ভুক্তিপ্ৰৱণ পৰিভাষা হিচাপে অৰ্থ ব্যক্ত কৰিব পাৰে।৮ সৰ্বকামিতাৰ সৈতে তুলনা কৰাৰ সময়ত কিহৰ দ্বাৰা উভকামী পৰিভাষাটি বিস্তৃত বা অন্তৰ্ভুক্ত হয় সেই বিষয়টি এলজিবিটি সম্প্ৰদায়ৰ মাজত এক বিতৰ্কৰ বিষয়, বিশেষকৈ উভকামী সম্প্ৰদায়ৰ মাজত।৮
ব্যুৎপত্তি
পেনচেক্সুৱেলিটিক কেতিয়াবা অমনিচেক্সুৱেলিটি বুলিও কোৱা হয়। ৯৮১০ উপসৰ্গ পেন- এক প্ৰাচীন গ্ৰীক শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে সকলো, প্ৰতিটো, πᾶν; আনহাতে অমনি- এক লেটিন শব্দ, ইয়াৰো অৰ্থ হৈছে সকলো বা প্ৰতিজন। "লিংগ বৰ্ণালীৰ সকলো লিংগৰ লোকৰ প্ৰতি আকৰ্ষিত" লোকসকলক বৰ্ণনা কৰিবলৈ অমনিচেক্সুৱেলিটি অভিধাটোৰ ব্যৱহাৰ কৰাৰ বিপৰীতে একেখিনি মানুহ বা "লিংগ নিৰ্বিশেষে" মানুহৰ প্ৰতি আকৰ্ষিত লোকসকলক বৰ্ণনা কৰিবলৈ পেনচেক্সুৱেলিটি শব্দৰ ব্যৱহাৰ কৰা হ'ব পাৰে। ১১
হাইব্ৰিড শব্দ পেনচেক্সুৱেলিটি আৰু পেনচেক্সুৱেলিজম প্ৰথমবাৰৰ বাবে ১৯১৪ চনত নথিভুক্ত কৰা হৈছিল। "সমগ্ৰ যৌনতাবাদ" বুলি লিখা এই শব্দটো চিগমাণ্ড ফ্ৰয়েডৰ বিৰোধীসকলে সৃষ্টি কৰিছিল১২ শব্দটোৱে "যৌন প্ৰবৃত্তিয়ে সকলো মানৱীয় কাৰ্যকলাপ, মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত প্ৰাথমিক ভূমিকা পালন কৰে" বুলি অৰ্থ প্ৰকাশ কৰিছিল। ১৩ ১৪১৫ সামাজিক মনোবিজ্ঞানী নিক্কি হেফিল্ডৰ মতে "১৯৯০-ৰ দশকত প্ৰথমবাৰৰ বাবে পেনচেক্সুৱেলিটি শব্দটো ব্যৱহাৰ কৰা হৈছিল, "কমকৈ স্বীকৃত পমোচেক্সুৱেলিটি (উত্তৰ-আধুনিক যৌনতা)ৰ বিডিএছএম সম্প্ৰদায়ৰ ভিতৰতে প্ৰাৰম্ভিক ব্যৱহাৰ দেখা গৈছিল।" ১১
সংজ্ঞা
উভকামিতাৰ এক আক্ষৰিক অভিধানীক সংজ্ঞা অনুসৰি, উপসৰ্গ 'দ্বি'- হৈছে দুটা লিংগ (পুং আৰু স্ত্ৰী) বা (পুৰুষ আৰু মহিলা)ৰ প্ৰতি যৌন বা ৰোমাণ্টিক আকৰ্ষণ।৮১৬ অৱশ্যে উপসৰ্গ 'পেন'-ৰে গঠিত পেনচেক্সুৱেলিটি হৈছে যিকোনো লিংগ বা লিংগৰ ব্যক্তিৰ প্ৰতি যৌন আকৰ্ষণ। এই সংজ্ঞাবোৰ ব্যৱহাৰ কৰি, আন্তঃলিঙ্গ, ট্ৰান্সজেণ্ডাৰ, বা লিংগ বাইনেৰীৰ বাহিৰত থকা লোকসকলক স্পষ্টভাৱে অন্তৰ্ভুক্ত কৰি পেনচেক্সুৱেলিটিক পৃথকভাৱে সংজ্ঞায়িত কৰা হয়।২৮
কেভেণ্ডিছৰ চেক্স এণ্ড চছাইটিৰ খণ্ড ২-ত কোৱা হৈছে যে "যদিও শব্দটোৰ আক্ষৰিক অৰ্থক 'সকলোৰে প্ৰতি আকৰ্ষিত' বুলি ব্যাখ্যা কৰিব পাৰি, কিন্তু যিসকলে পেনচেক্সুৱেল বুলি চিনাকি দিয়ে তেওঁলোকে সাধাৰণতে পেৰাফিলিয়া, যেনেঃ বেষ্টিয়েলিটি, পেডোফিলিয়া আৰু নেক্ৰোফিলিয়াক তেওঁলোকৰ সংজ্ঞাত অন্তৰ্ভুক্ত নকৰে" আৰু তেওঁলোকে এইকথাত জোৰ দিয়ে যে- "পেনচেক্সুৱেলিটি শব্দটোৱে কেৱল সন্মতিপূৰ্ণ প্ৰাপ্তবয়স্ক যৌন আচৰণক বৰ্ণনা কৰে।" ২
পেনচেক্সুৱেলিটিৰ সংজ্ঞাই এই বিশ্বাসক উৎসাহিত কৰিব পাৰে যে- ই হৈছে একমাত্ৰ যৌন পৰিচয় যি পুং বা পুৰুষ, আৰু স্ত্ৰী বা মহিলাৰ শ্ৰেণীত পৰিষ্কাৰভাৱে খাপ নোখোৱা ব্যক্তিসকলক সামৰি লয়। ১৭৮
আমেৰিকান ইনষ্টিটিউট অফ বাইচেক্সুৱেল-এ মত পোষণ কৰে যে, "পলিচেক্সুৱেল, অমনিচেক্সুৱেল, আৰু এম্বাইচেক্সুৱেল ৰ দৰে শব্দবোৰে সমকামি আৰু বিষমকামি বা বিপৰীতকামি আকৰ্ষণথকা ব্যক্তি এজনক বৰ্ণনা কৰে, আৰু সেয়েহে সেই পৰিচয় থকা লোকসকলো উভকামী" আৰু যিসকলে "উপসৰ্গ বাই - (দুই, দুয়োটা) পেন-(সকলো), পলি-(বহুত), অমনি-(সকলো), এম্বি- (দুয়োটা, আৰু এই ক্ষেত্ৰত অস্পষ্টতা বুজায়) আদি, পৰিচয়বোৰ গ্ৰহণ কৰে তেওঁলোকে স্পষ্টভাৱে এই সত্যটো প্ৰকাশ কৰিব বিচাৰে যে লিংগ তেওঁলোকৰ নিজৰ যৌনতাৰ কাৰক নহয়", কিন্তু "ইয়াৰ অৰ্থ এইটো নহয় যে যিসকলে উভকামী বুলি পৰিচয় দিয়ে তেওঁলোক লিংগৰ ওপৰত নিৰ্ভৰশীল।" ১৭
সৰ্বকামিতাৰ সজাগতা দিৱস
আন্তৰ্জাতিক ভাৱে স্বীকৃত পেনচেক্সুৱেল বা সৰ্বকামিতা আৰু পেনৰোমাণ্টিক সজাগতা দিৱসৰ এলজিবিটি সজাগতা কাল হৈছে এক বাৰ্ষিক দিন (২৪ মে')১৮, ২০১৫ চনত প্ৰথমবাৰৰ বাবে এই দিৱসটোৰ উদযাপন কৰা হয়, যাতে সৰ্বকামিতা আৰু পেনৰোমাণ্টিক পৰিচয়ৰ বিষয়ে সজাগতা বৃদ্ধি তথা নিজৰ যৌন পৰিচয়ক উদযাপন কৰিব পাৰি।
লগতে চাওক
বাহ্যিক সংযোগ
- Barkved, Kayti. (November 3, 2014). Bisexuality and pansexuality are two different identities. The Phoenix. University of British Columbia Okanagan
- Bowerman, Mary. (October 14, 2016). Pansexual: Where does it fall on the LGBTQ spectrum?. USA Today
- Brown, Gabriel. (December 8, 2018). 6 college students explain what being pansexual means to them. GLAAD
- Gender and Sexuality Center. (March 2016). Bisexuality, Pansexuality, Fluid Sexuality: Non-Monosexual Terms & Concepts. The University of Texas at Austin
- Grinberg, Emanuella. (April 12, 2017). What it means to be pansexual. CNN
- O'Riordan, Aoife. (November 14, 2014). The Case Of Pansexuality 101 And The Sea Of Biphobia And Gender Erasure. The Orbit
- Savin-Williams Ph.D., Ritch C. (November 6, 2017). The Truth About Pansexuality. Psychology Today
- Wong, Brittany. (June 27, 2018). 9 Things Pansexual People Want You To Know. HuffPost
- Zane, Zachary. (June 29, 2018). What's the Real Difference between Bi- and Pansexual?. Rolling Stone
তথ্যসূত্ৰ
- ↑ Hill, Marjorie J.; Jones, Billy E. (2002). Mental health issues in lesbian, gay, bisexual, and transgender communities. American Psychiatric Association. পৃ. 95. ISBN 978-1-58562-069-2
- ↑ (2010). Sex and Society. Marshall Cavendish. পৃ. 593. ISBN 978-0-7614-7907-9
- ↑ Diamond, Lisa M.; Butterworth, Molly. (September 2008). Questioning gender and sexual identity: dynamic links over time. Sex Roles. Springer. পৃ. 365– 376 Pdf.
- ↑ The Oxford Dictionary of English defines pansexual as: "Not limited in sexual choice with regard to biological sex, gender, or gender identity".definition of pansexual from Oxford Dictionaries Online. Oxford Dictionaries. Oxford University Press
- ↑ Firestein, Beth A. (2007). Becoming Visible: Counseling Bisexuals Across the Lifespan. Columbia University Press. পৃ. 9. ISBN 978-0-231-13724-9
- ↑ Sherwood Thompson. (2014). Encyclopedia of Diversity and Social Justice. Rowman & Littlefield. পৃ. 98. ISBN 978-1442216068
- ↑ Soble, Alan. (2006). Sex from Plato to Paglia: a philosophical encyclopedia. Greenwood Publishing Group. পৃ. 115. ISBN 978-0-313-32686-8
- ↑ Eisner, Shiri. (2013). Bi: Notes for a Bisexual Revolution. Seal Press. পৃ. 27–31. ISBN 978-1580054751
- ↑ The American Heritage Dictionary of the English Language – Fourth Edition. Retrieved February 9, 2007, from Dictionary.com website
- ↑ McAllum, Mary-Anne. (2017). Young Bisexual Women's Experiences in Secondary Schools. Routledge. পৃ. 2034. ISBN 978-1-351-79682-8
- ↑ Hayfield, Nikki. (2020). Bisexual and Pansexual Identities: Exploring and Challenging Invisibility and Invalidation. Routledge. পৃ. 1–17. ISBN 9780429875410
- ↑ "pansexual, adj." OED Online, Oxford University Press, March 2021, www.oed.com/view/Entry/136944. Accessed 3 May 2021
- ↑ Dot, Wordsworth. (January 18, 2020). Pansexuality has been around longer than you think. The Spectator
- ↑ Online Etymology Dictionary
- ↑ Another early definition was "the pervasion of all conduct and experience with sexual emotions"; as in The Free Dictionary
- ↑ GLAAD Media Reference Guide. Gay & Lesbian Alliance Against Defamation
- ↑ (2014). What is the difference between bisexual and terms like pansexual, polysexual, omnisexual, ambisexual, and fluid?. American Institute of Bisexuality
- ↑ Pansexual and Panromantic Awareness & Visibility Day 2020. Gendered Intellengence
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বকামিতা” প্ৰবন্ধৰ সংশোধন ৬২৫০১৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।