অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ

বিজ্ঞান

গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ

বিজ্ঞান

বৃক্ষ

বৃক্ষ হৈছে মূল, কাণ্ড, ঠাল-ঠেঙুলি আৰু পাত বিশিষ্ট বহুবৰ্ষজীৱী উদ্ভিদৰ এক সাধাৰণ ৰূপ, যি সাধাৰণতে কাঠযুক্ত কাণ্ডৰ জৰিয়তে ওখকৈ বৃদ্ধি পায়। ই কোনো একক জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন নহয়; ভিন্ন ভিন্ন উদ্ভিদ-গোটত স্বতন্ত্ৰভাৱে বিকশিত হোৱা এক ধৰণৰ বৃদ্ধি-আকৃতি।

সম্পাদকীয় প্ৰবন্ধ৪ মিনিট পঢ়া
বিজ্ঞান

পৃথিৱী

পৃথিৱী (Earth) হৈছে মানুহসহ কোটি কোটি প্ৰজাতি জীৱৰ আবাসস্থল। ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ। লেটিন ভাষাত এই গ্ৰহৰ নাম টেৰা (Terra)।

৯ মিনিট পঢ়া
বিজ্ঞান

পদাৰ্থ বিজ্ঞান

পদাৰ্থ বিজ্ঞান (ইংৰাজী: Physics) হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা য'ত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ; যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়।

১ মিনিট পঢ়া
বিজ্ঞান

গণিত

পৰিমাণ (quantity), গঠন (structure), পৰিবৰ্তন (change) আৰু স্থান (space)-বিষয়ক গৱেষণাকে সাধাৰণতে গণিত বোলা হয়। অন্য কিছুমানৰ মতে গণিত হ'ল "চিত্ৰ (figure) আৰু সংখ্যাৰ (number) গৱেষণা", কিন্তু এইটো হৈছে গণিতৰ অতি সৰল সংজ্ঞা। গণিতৰ দৰ্শনৰ ভিন্ন ভিন্ন দৃষ্টিভঙ্গিৰ মতে গণিতৰ ভিন ভিন সংজ্ঞা দেখা যায়।

৩ মিনিট পঢ়া
বিজ্ঞান

প্ৰজাতি (জীৱবিদ্যা)

প্ৰজাতি (Species) হ'ল জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনৰ এটা ভিত্তি গোট আৰু প্ৰধান বৰ্গীয় স্থান। সাধাৰণতে, প্ৰজাতি শব্দই নিজৰ মাজতেই প্ৰজনন কৰিব পৰা আৰু প্ৰজনন ক্ষম সন্ততি জন্ম দিয়া এটা বৃহৎ গোটক বুজায়।

১ মিনিট পঢ়া
বিজ্ঞান

বিজ্ঞান

বিজ্ঞান (Science, লেটিন শব্দ scientiaৰ পৰা যাৰ অৰ্থ "জ্ঞান") হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন য'ত বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি ৰখা হয়।

১ মিনিট পঢ়া
বিজ্ঞান

চিকিৎসা-বিজ্ঞান

চিকিৎসা-বিজ্ঞান ৰোগ উপশমৰ বিজ্ঞান আৰু কলা। মানৱ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যেৰে ৰোগ নিৰাময় আৰু ৰোগ প্ৰতিষেধৰ বিষয়ে চিকিৎসা-বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়।

১৪ মিনিট পঢ়া
বিজ্ঞান

ৰসায়ন বিজ্ঞান

ৰসায়ন বিজ্ঞান হৈছে ভৌতিক বিজ্ঞানৰ এটা শাখা য’ত পদাৰ্থৰ গুণাগুণ, ক্ৰিয়া-বিক্ৰিয়া, সংযুক্তি, পৰিৱৰ্তন, প্ৰস্তুতি পদ্ধতি আৰু পদাৰ্থবোৰৰ মাজত ঘটা মিলনৰ নিয়ম, প্ৰক্ৰিয়া আদি আলোচনা কৰা হয়। বহলকৈ ইয়াক জৈৱ ৰসায়ন, অজৈৱ ৰসায়ন আৰু ভৌত ৰসায়ন এই তিনি ভাগত ভগাব পাৰি।

১ মিনিট পঢ়া

সকলো প্ৰবন্ধ