অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

হিজিৰা

হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়। হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে 'হিজিৰা' নাম লাভ কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ৪৯৫ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়।১২ হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে 'হিজিৰা' নাম লাভ কৰে। তেওঁলোকক ঠাই ভেদে 'আৰাৱনী', 'আৰুভনী', 'যোগপ্পা' আৰু তুস্বাৰ্থত 'চাক্কা' বুলি জনা যায় যদিও৩ ভাৰতৰ হিজিৰা সমাজে নিজকে 'কিন্নৰ' বুলি অভিহিত কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি কিন্নৰ কুৱেৰৰ পৰিষদৰ সভাসদ আছিল আৰু নৃত্য-গীত আদিত পাৰ্গত আছিল। পাকিস্তানত হিজিৰা সকলক 'খাজ্যা চিৰা' বুলি বুলি জনা যায়। খাজ্যা চিৰা উৰ্দু ভাষাত ট্ৰান্সজেণ্ডাৰৰ সমকক্ষ।৪

ৰ মেলবৰ্ণত অনুষ্ঠিত মেলবৰ্ণ লেখক উৎসৱত হিজিৰা সমাজকৰ্মী লক্ষ্মী নাৰায়ণ ত্ৰিপাঠী]]

ভাৰতীয় উপমহাদেশৰ দেশসমূহত হিজিৰাক তৃতীয় লিংগৰ মৰ্য্যদা প্ৰদান কৰা হৈছে।৫৬ হিজিৰা সকলক সম্পূৰ্ণকৈ পুৰুষ বা মহিলা হিচাপে গণ্য কৰা নহয়। ভাৰতীয় সংস্কৃতিত হিজিৰা সকল অবিচ্ছেদ্য অংগ। বহু ধৰ্মীয় আৰু ঐতিহাসিক গ্ৰন্থৰ লগতে বাৎসায়নৰ কামসূত্ৰতো হিজিৰা সকলৰ বিষয়ে উল্লেখ আছে।

হিজিৰা সকলে সামাজিক বিশেষ গঠনৰ দ্বাৰা গঠিত সমাজত একেলগে বাস কৰে। এই সমাজৰ মুৰব্বী জনক গুৰু বোলে। ইয়াৰ লগতে গুৰু মা, গুৰু ভাই আৰু শিষ্য সকলৰ সৈতে হিজিৰা সমাজ গঠিত।৭ পৰিয়ালে গ্ৰহণ নকৰা, দৰিদ্ৰতাৰ বাবে, সমাজৰ বৈষম্যৰ বাবে ইত্যাদি অন্যান্য কাৰণত পলাই অহা বা স্বইচ্ছাৰে হিজিৰা সমাজত যোগ দিবলৈ বিচৰা ব্যক্তিসকলৰ বাবে এই সমাজ বহু প্ৰজন্ম ধৰি আশ্ৰয়স্থলী হিচাপে পৰিগণিত হৈছে। ৮ তেওঁলোকৰ বেছি ভাগে জীৱন-ধাৰণৰ বাবে নাচ-গান, ভিক্ষা বৃত্তি আনকি বেশ্যা বৃত্তিৰ ওপৰত নিৰ্ভৰশীল।

হিজিৰা হিন্দুস্তানী শব্দ।৯ পাৰম্পৰিক ভাবে সমাজত ইয়াক নপুংসক, উভয়লিংগ আৰু পুৰুষ জনন অংগৰ অসম্পূৰ্ণ গঠনৰ অধিকাৰী ব্যক্তিৰ সমৰ্থক হিচাপে ব্যৱহাৰ কৰা হয়। ১০ যদিও সাধাৰণতে বেছিভাগ হিজিৰা জন্মতে পুৰুষ হিচাপে জন্মলাভ কৰে আৰু উভয় লিংগৰ অনুপাত তুলনামূলক ভাৱে কম। ১১ কিছুমান হিজিৰা সম্প্ৰদায়ত অন্তৰ্ভুক্তিৰ বাবে নিৰ্বাণ নামৰ ৰীতি পালন কৰা হয়। নিৰ্বাণ ৰীতি অনুসৰি পুৰুষে নিজৰ জনন অংগ যেনে লিংগ আৰু শুক্ৰাশয় শৰীৰৰ পৰা বিচ্ছিন্ন কৰে।

বিংশ শতিকাৰ শেষৰফালে কিছু হিজিৰা সামাজিক কৰ্মী আৰু বেচৰকাৰী সংগঠনে হিজিৰা সকলকৰ চৰকাৰীভাবে তৃতীয় লিংগ হিচাপে স্বীকৃতি বিচাৰি আহিছিল। ১২ হিজিৰা সকলে প্ৰথমে বাংলাদেশত চৰকাৰীভাবে তৃতীয় লিংগ হিচাপে স্বীকৃতি লাভ কৰিছিল আৰু শিক্ষা আৰু কিছুমান কম মজুৰিৰ চাকৰিৰ বাবে সংৰক্ষণ লাভ কৰিছিল।১৩ ২০১৪ চনৰ এপ্ৰিল মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে হিজিৰা, ট্ৰান্সজেণ্ডাৰ, নপুংসক, উভয়লিংগ আদি সকলোকে তৃতীয় লিংগৰ স্বীকৃতি প্ৰদান কৰিলে।১১৪১৫ নেপাল, পাকিস্তান, ভাৰত আৰু বাংলাদেশৰ চৰকাৰে আইনীভাবে তৃতীয় লিংগৰ অস্তিত্ব গ্ৰহণ কৰিছে। ভাৰত আৰু নেপালে চৰকাৰী নথি পত্ৰ যেনে পাছপোৰ্ট আদিত তৃতীয় লিংগক অন্তৰ্ভুক্ত কৰিছে।১৬

অতীতত হিজিৰা সকলে সমাজত উচ্চ স্থান লাভ কৰিছিল। ঐতিহাসিক সমল সমূহত হিজিৰা সমাজৰ উল্লেখৰ লগতে বহু হিজিৰা ব্যক্তিয়ে বহু ক্ষমতাশালী পদবীত অধিষ্ঠিত আছিল বুলি পোৱা গৈছে। কিন্তু ব্ৰিটিছ সকলৰ আগমনৰ পিছত তেওঁলোকৰ সামাজিক স্থিতিৰ অৱনতি ঘটিবলৈ ধৰিলে। তেওঁলোক সমাজৰ পৰা আঁতৰত সমাজ পাতি থাকিবলৈ বাধ্য হ'ল। তেওঁলোক সততে বৈষম্যৰ চিকাৰ হয় আৰু জীৱন ধাৰণৰ বাবে ভিক্ষা আৰু বেশ্যা বৃত্তিৰ ওপৰত নিৰ্ভৰশীল। বৰ্তমান তেওঁলোক আইনী স্বীকৃতি লাভ কৰিছে যদিও বৈষম্যৰ সমাপ্তি ঘটা নাই। শেহতীয়াকৈ ভাৰত চৰকাৰে হিজিৰা সমাজত প্ৰচলিত 'কিন্নৰ গীত' "ভাৰতীয় ঐতিহ্যৰ বিমূৰ্ত প্ৰতীকৰ ৰাষ্ট্ৰীয় তালিকা"ত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ লগতে তেওঁলোকৰ আইনী ৰক্ষাকৱচ হিচাপে ট্ৰান্সজেণ্ডাৰ সুৰক্ষা বিধেয়ক আইন প্ৰণয়ন কৰিছে।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (15 April 2014). India recognises transgender people as third gender. The Guardian
  2. ↑ Shaw Barbour Duncan, Köllen 2016, পৃ. 171, Seow 2017, পৃ. 132, Ginicola Smith Filmore, পৃ. 189
  3. ↑ Ratra 2006, পৃ. 61
  4. ↑ (19 July 2017). Engendering rights
  5. ↑ Shaw Barbour Duncan, Bevan 2016, পৃ. 70
  6. ↑ 7 Countries Giving Transgender People Fundamental Rights the U.S. Still Won't. mic.com (2 December 2013). Hijras and Bangladesh: The creation of a third gender. pandeia.eu
  7. ↑ Nanda 1985 Cohen 1995
  8. ↑ Towle Morgan 2002
  9. ↑ Reddy 2010 Chettiar 2015
  10. ↑ Nanda 1999
  11. ↑ Nanda 1991
  12. ↑ Agrawal 1997, পৃ. 273–97
  13. ↑ (9 March 2012). Gurus of eunuchs can not recommend castration: Govt Karim, Mohosinul. (11 November 2013). Hijras now a separate gender. Dhaka Tribune
  14. ↑ McCoy, Terrence. (15 April 2014). India now recognizes transgender citizens as 'third gender'. Washington Post
  15. ↑ (15 April 2014). Supreme Court recognizes transgenders as 'third gender'. Times of India
  16. ↑ Julfikar Ali Manik and Ellen Barry, "A Transgender Bangladeshi Changes Perceptions After Catching Murder Suspects", New York Times, 3 April 2015

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিজিৰা” প্ৰবন্ধৰ সংশোধন ৩৮৩২৮২ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।