শৰীৰতত্ত্ব
৩১ প্ৰবন্ধ
-
তেজ
তেজ বা ৰক্ত (Blood) হৈছে ৰক্তসংবহন তন্ত্ৰৰ লগত জড়িত এবিধ তৰল মাধ্যম। ই ৰক্তবাহিকাইদি খাদ্য, শ্বসন গেছ, ৰেচন দ্ৰব্য, হৰম'ন, এনজাইম আদি দ্ৰব্যবোৰ বিভিন্ন কলাসমূহলৈ প্ৰেৰণ কৰে আৰু কলাকোষসমূহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য বিপাকীয় অলাগতিয়াল দ্ৰব্যসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট স্থানলৈ…
-
মস্তিষ্ক
মস্তিষ্ক বা মগজু (brain) বুলিলে সকলো মেৰুদণ্ডী প্ৰাণী আৰু প্ৰায়বোৰ অমেৰুদণ্ডী প্ৰাণীৰ স্নায়ু তন্ত্ৰৰ কেন্দ্ৰৰূপে কাম কৰা অংগটোক বুজায়। কেৱল কেইবিধমান অমেৰুদণ্ডী প্ৰাণী যেনে স্প'ঞ্জ, জেলীফিছ, টুনিকে'ট আৰু ষ্টাৰফিছৰ মস্তিষ্ক নাথাকে; তাৰ সলনি এখন স্নায়ু জালিকা (nerve net) থাকে।
-
লিংগ (জৈৱিক)
বহু জীৱৰ প্ৰজাতিবোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ বোলে। যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে।
-
শৰীৰতত্ত্ব
শৰীৰতত্ত্ব (Physiology) ) জৈৱিক প্ৰণালীসমূহৰ সাধাৰণ কাম আৰু তাত জড়িত থকা ৰাসায়নিক আৰু অন্যান্য প্ৰক্ৰিয়াসমূৰ বিষয়ে অধ্যয়ন কৰা জীৱ বিজ্ঞানৰ শাখা।। ইয়াত জীৱ, অঙ্গ প্ৰণালী, অঙ্গ, কোষ, জৈৱিক অণু আদিৰ কৰ্মপ্ৰক্ৰিয়া সামৰি লোৱা হয়।
-
মানৱ যৌনতা
মানৱ যৌনতা (ইংৰাজী: Human sexuality) হ’ল মানুহৰ কামউত্তেজনাৰ অভিজ্ঞতা আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ ক্ষমতা। এজন ব্যক্তিৰ যৌন আকৰ্ষণে তেওঁৰ যৌন আগ্ৰহ আৰু আন মানুহৰ প্ৰতি আকৰ্ষণত প্ৰভাৱ পেলাব পাৰে।
-
জৰায়ু
জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। জৰায়ু হৈছে হৰম’ন -প্ৰতিক্ৰিয়াশীল যৌন অংগ যাৰ আৱৰণত গ্ৰন্থি থাকে যিয়ে ভ্ৰূণৰ পুষ্টিৰ বাবে জৰায়ুৰ গাখীৰ (uterine milk) নিঃসৰণ কৰে।
-
পাচন তন্ত্ৰ
পাচন তন্ত্ৰ (Digestive system) হৈছে মানুহ আৰু আন উচ্চস্তৰৰ প্ৰাণীসমূহৰ পাচন প্ৰক্ৰিয়া সমাধা কৰা এক অংগ তন্ত্ৰ। মানুহৰ পাচন তন্ত্ৰ এডাল খাদ্যনলী আৰু কিছুমান পাচক গ্ৰন্থিৰে গঠিত। খাদ্যনলী হ'ল মুখৰপৰা আৰম্ভ কৰি পায়ু পৰ্যন্ত পাকখোৱা ন মিটাৰ মান দৈৰ্ঘ্যৰ এডাল দীঘল নলী।
-
যোনি
যোনি (লেটিন: ভেজিনা) নাৰী শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ যি একেলগে প্ৰজননতন্ত্ৰ আৰু ৰেচনতন্ত্ৰৰ অংশ। যোনি হৈছে নাৰীৰ প্ৰজনন তন্ত্ৰৰ বাহিৰৰ অংশ। যৌন সম্পৰ্কৰ সময়ত পুৰুষে নিজৰ লিংগটো মাইকীজনীৰ যোনিত সুমুৱাই দিয়ে আৰু অংগ সঞ্চালনৰ মাধ্যমেৰে বীৰ্য নিক্ষেপ কৰে।
-
স্ত্ৰীৰোগ বিজ্ঞান
স্ত্ৰীৰোগ বিজ্ঞান (Gynaecology/Gynecology) হৈছে চিকিৎসা বিজ্ঞানৰ এক ক্ষেত্ৰ য'ত স্ত্ৰীৰ প্ৰজনন তন্ত্ৰৰ লগত জড়িত সমস্যা সম্পৰ্কে অধ্যয়ন, আলোচনা তথা ৰোগৰ চিকিৎসা কৰা হয়।
-
স্নায়ু
স্নায়ু (Nerve) হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে। ই হৈছে স্নায়ু তন্ত্ৰৰ এক আবদ্ধ প্ৰণালী। স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ।
-
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ…
-
ডিম্ব কোষ
ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।
-
স্নায়ুকোষ
স্নায়ুকোষ বা নিউৰ'ন ( বা স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। এই জৈৱিক কোষে বৈদ্যুতিক বা ৰাসায়নিক সংকেতৰ মাধ্যমেৰে তথ্য প্ৰেৰণ আৰু আহৰণ কৰে। স্নায়ুকোষবোৰ মাজত ছাইনাপ্স (Synapse) নামৰ বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়।
-
ৰক্তচাপ
ৰক্ত সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকেই ৰক্তচাপ (Blood Pressure) বোলা হয়। শিৰাবোৰে হৃদয়ৰ পৰা পাম্প কৰা বা ঠেলি পঠিওঁৱা তেজবোৰ টিছু আৰু আন অংগলৈ কঢ়িয়াই নিয়ে। হৃদয়ে শিৰাবোৰেৰে তেজ ঠেলি পঠিয়াওঁতে শিৰাবোৰে তেজ প্ৰবহন কৰাৰ প্ৰতিক্ৰিয়াৰ ফলতে ৰক্তচাপৰ সৃষ্টি হয়।
-
পাচন
পাচন হৈছে ৰক্তৰ পাজমালৈ শোষিত হ'ব পৰাকৈ খাদ্যৰ বৃহৎ অনুবোৰ ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ জলদ্ৰাব্য অণুলৈ পৰিণত হোৱা প্ৰক্ৰিয়া। কিছুমান জীৱৰ, ক্ষুদ্ৰান্ত্ৰত এই ক্ষুদ্ৰ অণুবোৰ প্লাজমালৈ শোষিত হয়। পাচন দুই প্ৰকাৰে হব পাৰে: mechanical আৰু ৰাসায়নিকভাৱে।
-
বিপাক ক্ৰিয়া
বিপাক হৈছে কোনো জীৱৰ দেহত সংঘটিত সমষ্ট ৰাসায়নিক বিক্ৰিয়া। বিপাক ২ প্ৰকাৰ। বিশ্লেষণ বা কেটাবলিক, যি বৃহৎ জৈৱ পদাৰ্থক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ বিভক্ত কৰে আৰু সংশ্লেষণ বা এনাবলিক, যি অসংখ্য ক্ষুদ্ৰ অংশ সংযুক্ত কৰি বৃহৎ পদাৰ্থৰ গঠন কৰে, যেনে প্ৰ'টিন আৰু নিউক্লিক এচিড।
-
মানৱ উপস্থ
মানৱ উপস্থ (Human penis) বা গুপ্তাংগ বা লিংগ পুৰুষৰ বাহ্যিক যৌনাংগ। শুক্ৰাণু-নিৰ্গমদ্বাৰ (Intromittent organ), মৈথুনাংগৰ লগতে সাধাৰণভাৱে প্ৰস্ৰাৱ ত্যাগৰ নলী হিচাপে উপস্থ ব্যৱহৃত হয়।
-
উশাহ লোৱা
শ্বাসক্ৰিয়া বা উশাহ লোৱা হৈছে বায়ুমণ্ডলৰ পৰা হাঁওফাঁওলৈ বায়ু বিনিময়ৰ প্ৰক্ৰিয়া, যত মূলত: অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই-অক্সাইড উলিয়াই দিয়া হয়। সকলো বায়ুজীৱি প্ৰাণীকেই কোষীয় শ্বসনৰ বাবে অক্সিজেনৰ প্ৰয়োজন, যি খাদ্যবস্তুক ভাঙি শক্তি উৎপাদনত সহায় কৰে আৰু অপদ্ৰব্য হিচাপে কাৰ্বন ডাই-অক্সাইড…
-
নাৰীৰ শৰীৰৰ আকৃতি
নাৰীৰ শৰীৰৰ আকৃতি বা নাৰীৰ আকৃতি হৈছে নাৰীৰ শৰীৰত হাড়ৰ গঠনৰ ওপৰত পেশী আৰু চৰ্বিৰ বিতৰণৰ ফলত উৎপন্ন হোৱা ৰূপ। মহিলাৰ আকৃতি সাধাৰণতে বক্ষ আৰু নিতম্বতকৈ কঁকালত সংকীৰ্ণ হয়। বক্ষ, কঁকাল আৰু নিতম্বক বিভক্তি বিন্দু বোলা হয় আৰু ইয়াৰ পৰিধিৰ অনুপাতৰ দ্বাৰা শৰীৰৰ মৌলিক আকৃতি নিৰ্ধাৰণ কৰা হয়।
-
পিত্ত পাথৰ
পিত্ত পাথৰ (Gallstone) পিত্তথলীৰ ভিতৰত নিঃসৰণ হোৱা পিত্তৰ উপাদানৰ পৰা গঠিত কঠিন খণ্ড। আৰু কলেড’ক’লিথিয়াচিছে পিত্তনলীৰ ভিতৰত প্ৰব্ৰজিত পিত্তপাথৰৰ উপস্থিতিক বুজায়। পিত্তত পাথৰ হোৱা বেছিভাগ লোকেই (প্ৰায় ৮০%) লক্ষণবিহীন।
-
পিত্তথলী
পিত্তথলী বা যাক ইংৰাজীত আৰু জনপ্ৰিয়ভাৱে গলব্লাডাৰ বুলি কোৱা হয়, মেৰুদণ্ডী প্ৰাণীৰ দেহত থকা দেখা যায়। ইয়াক কলেচিষ্ট বুলিও কোৱা হয়। ই এটা সৰু ফোঁপোলা অংগ, য’ত পিত্ত ক্ষুদ্ৰান্ত্ৰলৈ মুক্ত হোৱাৰ আগতেই জমা কৰি ঘনীভূত কৰা হয়।
-
পুৰুষ প্ৰজনন তন্ত্ৰ
পুৰুষ প্ৰজনন তন্ত্ৰ (Male reproductive system) বহুতো যৌনাংগৰ দ্বাৰা গঠিত যিয়ে মানৱ প্ৰজনন প্ৰক্ৰিয়াত ভূমিকা পালন কৰে। এই যৌনাংগসমূহ শৰীৰৰ বাহিৰত আৰু শ্ৰোণিৰ (Pelvis) ভিতৰত থাকে। পুৰুষৰ মূল যৌনাংগ হ'ল শিশ্ন (Penis) আৰু মুষ্কাৱৰণ (Scrotum) য'ত বীৰ্য্য আৰু শুক্ৰাণু উৎপন্ন কৰা অণ্ডকোষ থাকে।
-
প্ৰস্ৰাৱৰ অস্বাভাৱিক ৰং
সাধাৰণতে মানুহৰ প্ৰস্ৰাৱৰ ৰং খেৰৰ দৰে হালধীয়া হয়। খেৰৰ হালধীয়া ৰঙৰ উপৰি প্ৰস্ৰাৱৰ আন ৰঙে কেতিয়াবা মানুহৰ কোনো অস্বাভাৱিকতা—এটা অন্তৰ্নিহিত ৰোগজনিত অৱস্থা—প্ৰতিফলিত কৰে।
-
বিটুৰিয়া
ৰঙা বা গোলাপী ৰঙৰ প্ৰস্ৰাৱ বাহিৰ হৈ যোৱাটোৱেই হৈছে বিটুৰিয়া। ই বীট বা বীটৰ নিষ্কাশিত ৰস বা বীটৰ বিটালিন ৰঞ্জক পদাৰ্থৰে ৰং কৰা খাদ্য খোৱাৰ পাছত হয়। বিটালিন ৰঞ্জক পদাৰ্থ যেনে বিটানিন নিৰ্গত হোৱাৰ ফলত এই ৰং হয়।
-
মস্তিষ্ক আৱৰণী
মস্তিষ্ক আৱৰণী বা meninges (, একক:'meninx ( বা ), μῆνιγξ, বিশেষণ:'meningeal ) বুলিলে মস্তিষ্ক আৰু স্নায়ুৰজ্জুক আবৃত কৰি ৰখা সংযোজী কলাৰ আৱৰণীসমূহক বুজায়। স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই আৱৰণীৰ তিনিটা স্তৰ থাকে: ডুৰা মেটাৰ, এৰেক্নয়ড্ মেটাৰ আৰু পায়া মেটাৰ।
-
মানৱ মস্তিষ্ক
মানৱ মস্তিষ্ক (human brain) মানুহৰ স্নায়ু তন্ত্ৰৰ প্ৰধান অংগ। ই মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰোটিয়ে আৱৰি থাকে। ইয়াৰ সাধাৰণ গঠন আন স্তন্যপায়ী প্ৰাণীবোৰৰ মগজুৰ দৰে একে, কিন্তু চেৰিব্ৰেল কৰ্টেক্স অধিক বিকশিত।
-
শ্বসন (শৰীৰতত্ত্ব)
শৰীৰতত্বত শ্বসন (Respiration) হৈছে জীৱৰ কলাৰ ভিতৰত কোষলৈ বায়ুমণ্ডলৰ পৰা অক্সিজেন আৰু বিপৰীত দিশত কাৰ্বন ডাই অক্সাইডৰ পৰিবহন প্ৰক্ৰিয়া। শ্বসনৰ শৰীৰতাত্বিক বৰ্ণনা আৰু জৈৱৰাসায়নিক বৰ্ণনা একে নহয়।
-
ষ্ট্ৰ’মা (কলা)
ষ্ট্ৰ’মা (প্ৰাচীন গ্ৰীক ভাষাৰ পৰা στρῶμα (strôma) 'স্তৰ, বিচনা, বিচনাৰ আৱৰণ') হৈছে কোনো কলা বা অংগৰ গাঁথনিগত বা সংযোগী ভূমিকা থকা অংশ। ই অংগটোৰ নিৰ্দিষ্ট কাম-কাজ নথকা সকলো অংশৰে গঠিত - যেনে- সংযোগী কলা, ৰক্তবাহী নলী, নলী আদি। আনটো অংশ পেৰেনকাইমা কলা বা অংগটোৰ কাৰ্য সম্পাদন কৰা কোষেৰে গঠিত।
-
পিনোপড
পিনোপড (পিনোপড আৰু ইউটেৰ'ডম বুলিও জনা যায়) হৈছে জৰায়ুৰ এপিথেলিয়াল কোষৰ এপিকেল কোষীয় পৰ্দাত থকা প্ৰত্ৰুচন বা পিণ্ড। পিনোপডৰ পিনোচাইট'টিক ভূমিকাৰ (সেয়েহে পিনোপড নাম - গ্ৰীক ভাষাত "ভৰি পিয়া"), লগতে নিঃসৰণকাৰী ভূমিকাও আছে।
-
শৰীৰৰ প্ৰতিচ্ছবি
শৰীৰৰ প্ৰতিচ্ছবি (ইংৰাজী: Body image) হৈছে এজন ব্যক্তিৰ নিজৰ শৰীৰৰ সৌন্দৰ্য বা যৌন আকৰ্ষণৰ সন্দৰ্ভত থকা চিন্তা, অনুভৱ আৰু ধাৰণা। শৰীৰৰ প্ৰতিচ্ছবিৰ ধাৰণাটো স্নায়ুবিজ্ঞান, মনোবিজ্ঞান, চিকিৎসা বিজ্ঞান, মনোচিকিৎসা বিজ্ঞান, মনোবিশ্লেষণ, দৰ্শন, সাংস্কৃতিক আৰু নাৰীবাদী অধ্যয়নকে ধৰি কেইবাটাও শাখাত…