ৰোমাণ্টিক অভিমুখিতা বা প্ৰেম অভিমুখিতা ক স্নেহময় অভিমুখিতাও (affectional orientation) বোলা হয়। ইয়াৰ দ্বাৰা যিকোনো লিংগ বা যৌনতাৰ ব্যক্তিৰ প্ৰতি প্ৰেমময় সম্পৰ্ক গঢ়ি উঠিকে বুজোৱা হয়। একে লিংগৰ যৌন অভিমুখিতাৰ বিকল্প হিচাপে এই অভিধা ব্যৱহাৰ কৰা হয় বা সেই দৃষ্টিকোণৰ পৰা ই এক বৃহৎ পৰিসৰৰ অংশ।১ উদাহৰণস্বৰূপে, এজন সৰ্বকামী ব্যক্তি বিবেচনাহীন ভাবে; নাৰী-পুৰুষ উভয়ৰ প্ৰতি যৌন আকৰ্ষণ অনুভৱ কৰিব পাৰে। কিন্তু অন্তৰঙ্গ প্ৰেম কেৱল নাৰীৰ প্ৰতিহে অনুভব কৰে, বা কেৱল পুৰুষৰ প্ৰতিহে অনুভৱ কৰে। অকামি ব্যক্তিৰ ক্ষেত্ৰত যৌন অভিমুখিতাৰ তুলনাত প্ৰেমময় অভিমুখিতা; নিজৰ আকৰ্ষণ প্ৰকাশৰ হেতু উপযুক্ত বুলি বিবেচিত হয়।২৩যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ মাজৰ সম্পৰ্ক এতিয়াও বিতৰ্কৰ অধীনত আৰু ই বৰ্তমানলৈ সম্পূৰ্ণকৈ বোধগম্য হোৱা নাই। ৪৫ যৌন আৰু ৰোমাণ্টিক আকৰ্ষণক প্ৰায়ে একেলগে অধ্যয়ন কৰা হয় যদিও যৌন আৰু ৰোমাণ্টিক বৰ্ণালীৰ অধ্যয়নে এই সংখ্যাগতভাৱে নিম্নগৱেষণাৰ বিষয়টোৰ ওপৰত আলোকপাত কৰিছে, অৱশ্যে বৰ্তমানলৈ বহুখিনি সম্পূৰ্ণৰূপে বুজি পোৱা হোৱা নাই।৬
পৰিচয় সমূহ
মানুহৰ বিশুদ্ধ আৱেগিক সম্পৰ্কৰে জড়িত হ'বও পাৰে, নহ'বও পাৰে। ইয়াৰে সম্পৰ্কিত প্ৰধান পৰিচয় সমূহ হ'ল:২৩৭৮
- অৰোমাণ্টিক: কোনো ব্যক্তিৰ প্ৰতিয়েই কোনোধৰণৰ ৰোমাণ্টিক বা আৱেগিক আকৰ্ষণ নাথাকে (অৰোমাণ্টিকতা)।
- বিপৰীতৰোমাণ্টিক: বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আৱেগিক আকৰ্ষণ (বিপৰীতৰোমাণ্টিকতা)।
- সমৰোমাণ্টিক: একে লিংগৰ ব্যক্তিৰ প্ৰতি অনুভৱ কৰা আৱেগিক বা প্ৰেম মূলক আকৰ্ষণ (সমৰোমাণ্টিকতা)।
- উভৰোমাণ্টিক: সম বা বিপৰীত লিংগ উভয়ৰে প্ৰতি বা অধিক যৌন পৰিচয়ৰ ব্যক্তিৰ প্ৰতি আৱেগিক আকৰ্ষণ বা প্ৰেমৰ আকৰ্ষণ অনুভৱ কৰা (উভৰোমাণ্টিকতা)।
- সৰ্বৰোমাণ্টিক: যিকোনো, প্ৰতি বা সকলো লিংগৰ ব্যক্তিৰ প্ৰতি হোৱা আৱেগিক আকৰ্ষণ (সৰ্বৰোমাণ্টিকতা)।
- ডেমিৰোমাণ্টিক: উপৰোক্ত যিকোনো ধৰণৰ ব্যক্তিৰ সৈতে গঢ়ি উঠা গভীৰ আৱেগিক সম্পৰ্কৰ ফলত সৃষ্টিহোৱা প্ৰেমৰ সম্পৰ্ক (ডেমিৰোমাণ্টিকতা)।
- গ্ৰেৰোমাণ্টিক: দুলৰ্ভ ভাৱে বা কোনো বিশেষ কাৰণ বশত সৃষ্টি হোৱা ৰোমাণ্টিক সম্পৰ্ক (গ্ৰেৰোমাণ্টিকতা)।
যৌন অভিমুখিতা আৰু অকামিতাৰে সম্পৰ্ক
ৰোমাণ্টিক আৰু যৌন অভিমুখীতাৰ মাজৰ পাৰ্থক্যৰ প্ৰভাৱবোৰ সম্পূৰ্ণৰূপে চিনাক্ত কৰা হোৱা নাই, বা সেইবোৰ বৰ্তমানলৈ বিস্তৃতভাৱে অধ্যয়ন কৰা হোৱা নাই। ৯ বিভিন্ন উৎসবোৰে যৌন অভিমুখীতাৰ বৰ্ণনাৰ বাবে সচৰাচৰ যৌন আৰু ৰোমাণ্টিক দুয়োটা আকৰ্ষণৰ উপাদান অন্তৰ্ভুক্ত কৰে। ৫৯ কিন্তু যৌন অভিমুখীতা আৰু ৰোমাণ্টিক অভিমুখীতাৰ মাজৰ সম্পৰ্ক অনুসন্ধান কৰা প্ৰকাশন সীমিত। তথ্য সংগ্ৰহকৰাত দেখাদিয়া প্ৰত্যাহ্বানৰ ফলত জৰীপত অংশগ্ৰহণকাৰী সকলে যৌন আৰু ৰোমাণ্টিক আকৰ্ষণ চিনাক্ত কৰণৰ বাবে দুয়োটাৰ মাজত পাৰ্থক্য বুজি উঠাত অসুবিধাৰ সন্মুখীন হয়। ৫১০১১ অকামী ব্যক্তিসকলে কোনো যৌন আকৰ্ষণ অনুভৱ নকৰে; অৱশ্যে, তেওঁলোকে যে ৰোমাণ্টিক আকৰ্ষণ অনুভৱ কৰিব নোৱাৰে বা নকৰে তেনে নহয়। ১২১৩ লিছা এম ডায়মণ্ডে কয় যে ব্যক্তিএজনৰ ৰোমাণ্টিক অভিমুখীতা ব্যক্তিজন যৌনভাৱে আকৰ্ষিত হোৱাৰ ব্যক্তিৰ সৈতে সম্পৰ্কিত নহবও পাৰে।৪ যদিও ব্যক্তিসকলৰ যৌন আকৰ্ষণ আৰু ৰোমাণ্টিক আকৰ্ষণৰ মাজৰ বিভেদ বা ক্ৰছ অৰিয়েণ্টেচনৰ ওপৰত গৱেষণাৰ অভাৱ, অৱশ্যে যৌন বা ৰোমাণ্টিক আকৰ্ষণবোৰৰ তৰলতা আৰু বৈচিত্ৰ্যৰ সম্ভাৱনা ক্ৰমান্বয়ে স্বীকৃত হৈছে।১৪১৫ গৱেষক বুলমাৰ আৰু ইজুমাই কৰা অধ্যয়ন অনুসৰি যিসকল লোকে এৰোমাণ্টিক বুলি পৰিচয় দিয়ে তেওঁলোকৰ প্ৰায়ে ৰোমাঞ্চৰ সম্পৰ্কত অধিক নেতিবাচক মনোভাৱ থাকে। য'ত গৱেষণাৰ নমুনটোত প্ৰায় ১% লোকে নিজক অযৌন বুলি চিনাক্ত কৰে, সেই লোকসকলৰ ৭৪% লোকৰ কোনো প্ৰকাৰৰ ৰোমাণ্টিক আকৰ্ষণ থকাবুলি জনায়। ১৬ জাপানী এলজিবিটি আৰু অকামী সংগঠন এছআৰজিএম ফেডাৰেচনে ঘোষণা কৰিছে যে, "যৌন অভিমুখীতা আৰু ৰোমাঞ্চঅভিমুখীতাৰ মাজৰ বিভ্ৰান্তি একপ্ৰকাৰ মানৱ অধিকাৰৰ উলংঘন।" ১৭১৮
প্ৰেমহীনতা
এৰোমাণ্টিক লোকসকলৰ এটা গুণ হৈছে যে, কোনো ৰোমাণ্টিক আকৰ্ষণ অনুভৱ নকৰা স্বত্বেও, তেওঁলোকে যৌন সম্পৰ্ক একোটা উপভোগ কৰিব পাৰে।১৯ এৰোমাণ্টিক লোকসকলে প্ৰেম অনুভৱ কৰিবলৈ অক্ষম নহয়; উদাহৰণ স্বৰূপে, তেওঁলোকে পাৰিবাৰিক প্ৰেম, বা বন্ধুবৰ্গৰ মাজত প্লেট'নিক প্ৰেমৰ অনুভৱ কৰিব পাৰে। ২০ যিসকল ব্যক্তিয়ে এৰোমাণ্টিক বুলি পৰিচয় দিয়ে তেওঁলোকে সম্ভৱ পৰিয়াল আৰু বন্ধুবৰ্গৰ মৰমক ৰোমাণ্টিক সঙ্গীৰ সৈতে হোৱা ৰোমাণ্টিকতাৰ মাজত পাৰ্থক্য বুজিবলৈ অক্ষম। ২১২২২৩
বহুতো এৰোমাণ্টিক লোক অকামী,২৪ কিন্তু এৰোমাণ্টিক শব্দটো বিভিন্ন যৌন পৰিচয়ৰ সম্পৰ্কত ব্যৱহাৰ কৰিব পাৰি, যেনে এৰোমাণ্টিক উভকামী, এৰোমাণ্টিক বিপৰীতকামী, এৰোমাণ্টিক সমকামী, বা এৰোমাণ্টিক অকামী। ২৫ ইয়াৰ কাৰণ হৈছে এৰোমাণ্টিকতা মূলতঃ যৌনতা বা কামশক্তিৰ বাদেও ৰোমাণ্টিক আকৰ্ষণৰ সৈতে সম্পৰ্কিত। ২৬
কিছুমান প্ৰকাশনে যুক্তি দিছে যে সংবাদ মাধ্যমত আৰু গৱেষণাত অকামী আৰু এৰোমাণ্টিক লোকৰ প্ৰতিনিধিত্ব কমকৈ দেখা যায়,২৭ and in research,২৮ আৰু তেওঁলোকক প্ৰায়ে ভুল বুজা হয়।২৯ এৰোমাণ্টিক লোকসকলে প্ৰায়ে কলঙ্কৰ সন্মুখীন হয় আৰু অন্তৰংগতাক ভয় কৰা, হৃদয়হীন বা বিভ্ৰান্ত হোৱাৰ দৰে পৰিচয়ৰ সৈতে কিছুমান দৃঢ়বদ্ধতাৰে সীমাবদ্ধ কৰা হয়। ২৪৩০
এৰোমাণ্টিকতাৰ বিপৰীত শব্দ হৈছে এলোৰোমাণ্টিকতা, আনৰ প্ৰতি ৰোমাণ্টিক প্ৰেম বা ৰোমাণ্টিক আকৰ্ষণঅনুভৱ কৰাৰ অৱস্থা, আনহাতে এনে ব্যক্তিক এলোৰোমাণ্টিক বুলি কোৱা হয়।৩১ এজন ৰোমাণ্টিক ব্যক্তিৰ বাবে এটা অনানুষ্ঠানিক শব্দ হৈছে এৰো। ২৪ সম্প্ৰসাৰিত এলজিবিটি প্ৰাৰম্ভিকতা এলজিবিটিকিউআইএ+ ত, এ আখৰটোৰ অৰ্থ হৈছে অকামী, এৰোমাণ্টিক আৰু এজেণ্ডাৰ। ৩২৩৩৩৪
তথ্যসূত্ৰ
- ↑ Crethar, H. C. & Vargas, L. A. (2007). Multicultural intricacies in professional counseling. In J. Gregoire & C. Jungers (Eds.), The counselor’s companion: What every beginning counselor needs to know. Mahwah, NJ: Lawrence Erlbaum. . p.61
- ↑ Richards, Christina; Barker, Meg. (2013). Sexuality and Gender for Mental Health Professionals: A Practical Guide. SAGE. পৃ. 124–127. ISBN 978-1-4462-9313-3
- ↑ Cerankowski, Karli June; Milks, Megan. (2014). Asexualities: Feminist and Queer Perspectives. Routledge. পৃ. 89–93. ISBN 978-1-134-69253-8
- ↑ Diamond, Lisa M. (2003). What does sexual orientation orient? A biobehavioral model distinguishing romantic love and sexual desire.. Psychological Review. পৃ. 173–192
- ↑ Houdenhove, Ellen Van; Gijs, Luk; T'Sjoen, Guy. (April 21, 2014). Asexuality: A Multidimensional Approach. The Journal of Sex Research. পৃ. 669–678
- ↑ Hammack, P. L., Frost, D. M., & Hughes, S. D. (2019). Queer Intimacies: A New Paradigm for the Study of Relationship Diversity. Journal of Sex Research, 56(4/5), 556–592. doi-org.proxyau.wrlc.org/10.1080/00224499.2018.1 link|date=June 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ LGBTQIA Resource Center Glossary · LGBTQIA Resource Center. lgbtqia.ucdavis.edu
- ↑ Is Being Panromantic The Same Thing As Being Pansexual?. Healthline
- ↑ Bogaert, Anthony F. (2012). Understanding Asexuality. Rowman & Littlefield Publishers, Inc. পৃ. 14. ISBN 978-1442200999
- ↑ Savin-Williams, Ritch C.; Vrangalova, Zhana. (2013). Mostly heterosexual as a distinct sexual orientation group: A systematic review of the empirical evidence. Developmental Review. পৃ. 58–88
- ↑ Priebe, Gisela; Svedin, Carl Göran. (2013). Operationalization of Three Dimensions of Sexual Orientation in a National Survey of Late Adolescents. The Journal of Sex Research. পৃ. 727–738
- ↑ (2015). Hooking Up: The Psychology of Sex and Dating. ABC-CLIO. পৃ. 32. ISBN 978-1610699518
- ↑ (2016). Introducing the New Sexuality Studies. Routledge. পৃ. 183. ISBN 978-1317449188
- ↑ Lund, Emily M.; Thomas, Katie B.; Sias, Christina M. (2016-10-01). Examining Concordant and Discordant Sexual and Romantic Attraction in American Adults: Implications for Counselors. Journal of LGBT Issues in Counseling. পৃ. 211–226
- ↑ Weinrich, James D.; Klein, Fritz; McCutchan, J. Allen. (2014-07-03). Cluster Analysis of the Klein Sexual Orientation Grid in Clinical and Nonclinical Samples: When Bisexuality Is Not Bisexuality. Journal of Bisexuality. পৃ. 349–372
- ↑ Antonsen, A. N., Zdaniuk, B., Yule, M., & Brotto, L. A. (2020). Ace and Aro: Understanding Differences in Romantic Attractions Among Persons Identifying as Asexual. Archives of Sexual Behavior, 49(5), 1615–1630. doi-org.proxyau.wrlc.org/10.1007/s10508-019-0160 link|date=June 2024 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ 【声明】性的指向と恋愛指向の混同は人権侵害である. 日本SRGM連盟
- ↑ 「性的指向と恋愛指向の混同は人権侵害」性的少数者団体が声明. 選報日本
- ↑ Antonsen, Amy; Zdaniuk, Bozena; Yule, Morag. (24 February 2020). Understanding Differences in Romantic Attractions Among Persons Identifying as Asexual.. Archives of Sexual Behavior. পৃ. 1615–1630
- ↑ Plonski, Logan. 7 Facts You Should Know About Aromantic People. them.
- ↑ Janet W. Hardy; Dossie Easton. (2017). The Ethical Slut: A Practical Guide to Polyamory, Open Relationships and Other Freedoms in Sex and Love. Ten Speed Press. পৃ. 98–. ISBN 978-0-399-57966-0
- ↑ Julie Sondra Decker. (13 October 2015). The Invisible Orientation: An Introduction to Asexuality Next Generation Indie Book Awards Winner in LGBT. Skyhorse Publishing. পৃ. 44–. ISBN 978-1-5107-0064-2
- ↑ Dedeker Winston. (7 February 2017). The Smart Girl's Guide to Polyamory: Everything You Need to Know About Open Relationships, Non-Monogamy, and Alternative Love. Skyhorse Publishing. পৃ. 113–. ISBN 978-1-5107-1209-6
- ↑ Josh Salisbury. Meet the aromantics: 'I'm not cold – I just don't have any romantic feelings' | Life and style. The Guardian
- ↑ Miller SJ. (2016). Teaching, Affirming, and Recognizing Trans and Gender Creative Youth. Palgrave Macmillan. পৃ. 299–309. ISBN 978-1-137-56766-6
- ↑ Pinto, Stacy Anne. (2014). ASEXUally: On being an ally to the asexual community. Journal of LGBT Issues in Counseling. পৃ. 331–343
- ↑ (2016-02-19). How Pop Culture Denies Aromantic Asexual Existence. The Mary Sue
- ↑ Nicola Pardy. What Is Asexual - People Share Asexuality Experiences. Refinery29.uk
- ↑ Yeow Kai Chai. (2017-10-04). Singer-songwriter Moses Sumney does not mind flying the freak flag, Entertainment News & Top Stories. The Straits Times
- ↑ Nivea Serrao. (2017-07-10). Tash Hearts Tolstoy author on depicting asexuality in YA fiction. EW.com
- ↑ Micomonaco, Mikayla. (June 28, 2017). I'm Tired Of My Queer Identity Being Ignored & Erased On TV. Bustle
- ↑ Mercado, Mia. (June 8, 2017). Equinox Gym's Pride Video 'The LGBTQ Alphabet' Leaves Out An Important Letter. Bustle
- ↑ Dastagir, Alia E. (June 15, 2017). LGBTQ definitions every good ally should know. USA Today
- ↑ Finamore, Emma. (2018-04-16). What does LGBTQIA stand for? The inclusive term which includes questioning, intersex and asexual and allied people. PinkNews
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰোমাণ্টিক অভিমুখিতা” প্ৰবন্ধৰ সংশোধন ৬২৪২৯৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।