২০১২ চনৰ দিল্লী দলবদ্ধ ধৰ্ষণ আৰু হত্যা (2012 Delhi gang rape and murder) ২০১২ চনৰ ১৬ ডিচেম্বৰত দক্ষিণ দিল্লীৰ পাৰ্শ্বৱৰ্তী অঞ্চল মুনিৰ্কাত সংঘটিত এক ধৰ্ষণ আৰু মাৰাত্মক আক্ৰমণৰ ঘটনাক সূচায়। সেইদিনা নিশা জ্যোতি সিঙ নামৰ ২৩ বছৰীয়া মহিলা ফিজিঅ'থেৰাপী ইণ্টাৰ্ন এগৰাকীয়ে তেওঁৰ পুৰুষ বন্ধুৰ সৈতে বাছত গৈ থাকোঁতে বাছৰ ভিতৰতে জ্যোতিক দলবদ্ধ ধৰ্ষণ আৰু অত্যাচাৰ কৰে। বাছখনত চালকসহ আন ছয়জন ব্যক্তি আছিল আছিল, এই সকলোৱে মিলি মহিলাগৰাকীক ধৰ্ষণ কৰে। সিহঁতে তেওঁৰ বন্ধুজনে বাধা প্ৰদান কৰাত সিহঁতে বন্ধুজনকো প্ৰহাৰ কৰে। আক্ৰমণৰ এঘাৰ দিন পিছত তেওঁক জৰুৰীকালীন চিকিৎসাৰ বাবে ছিংগাপুৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল, কিন্তু দুদিন পিছত মৃত্যু হয়।১২
ঘটনাপ্ৰবাহ
ভুক্তভোগী সকল এগৰাকী ২৩ বছৰীয়া মহিলা জ্যোতি সিং আৰু তেওঁৰ পুৰুষ বন্ধু। দক্ষিণ দিল্লীৰ চাকেটত লাইফ অফ পাই চলচ্চিত্ৰখন চাই ২০১২ চনৰ ১৬ ডিচেম্বৰৰ নিশা ঘৰলৈ উভতি আহি আছিল। তেওঁলোকে নিশা প্ৰায় ৯:৩০ বজাত দ্বাৰকালৈ যোৱাৰ বাবে মুনিৰ্কাত বাছ এখনত উঠে। বাছখনত চালকসহ মাত্ৰ ছয়জন আছিল। তাৰে পিছলৈ নাবালক বুলি চিনাক্ত কৰা এজনে তেওঁলোকক কৈছিল যে বাছখন তেওঁলোকৰ গন্তব্যস্থানলৈ গৈ আছে। কিন্তু বাছখনে ইয়াৰ স্বাভাৱিক পথৰে নগৈ অন্য পথেৰে যোৱাত আৰু ইয়াৰ দুৱাৰ বন্ধ কৰি দিয়াৰ সময়ত যোৱাৰ সময়ত তেওঁৰ বন্ধুজনৰ সন্দেহ হয়। যেতিয়া তেওঁ আপত্তি কৰে, চালকসহ ইতিমধ্যে বাছখনত থকা ছয়জনীয়া লোকৰ দলটোৱে তেওঁলোকক তাচ্ছিল্য কৰি কয় যে ইমান দেৰীলৈকে তেওঁলোকেনো অকলে কি কৰি আছিল।৩৪
তেনেকৈ ছয়জনীয়া দলটো আৰু জ্যোতিৰ পুৰুষ বন্ধুজনৰ মাজত তৰ্কাতৰ্কি হয়। বন্ধুজনক সিহঁতে লোহাৰ ৰডেৰে মৰিয়াই অচেতন কৰি দিয়ে। তাৰ পিছত সিহঁতে জ্যোতিক বাছখনৰ পিছফালে টানি নি তেওঁকো ৰডৰে প্ৰহাৰ কৰে আৰু চালকে বাছ চলাই থকা অৱস্থাতে তেওঁক ধৰ্ষণ কৰে। পিছত চিকিৎসকৰ প্ৰতিবেদনত কোৱা হয় যে আক্ৰমণৰ ফলত তেওঁৰ পেট, অন্ত্ৰ আৰু যৌনাংগত গুৰুতৰ আঘাত পাইছিল আৰু এই আঘাত কোনো ভোঁতা বস্তুৰ দ্বাৰাই (লোৰ ৰড বুলি সন্দেহ কৰা হৈছে) কৰা হ'ব পাৰে। [22] আৰক্ষীয়ে জনাইছিল যে সেই ৰডডাল প্ৰকৃততে এটা এল আকৃতিৰ, মামৰে ধৰা, হুইল জেক হেণ্ডেল। ৩
ফটাচিঙা কাপোৰৰে জ্যোতি আৰু তেওঁৰ বন্ধুক নিশা প্ৰায় ১১ বজাত এজন বাটৰুৱাই ৰাস্তাৰ দাঁতিত পৰি থকা দেখা পায়। বাটৰুৱাজনে দিল্লী আৰক্ষীক ফোন কৰে। তেওঁলোকক চফদৰজং হাস্পাতাললৈ লৈ যোৱা হয়। তাত জ্যোতিক জৰুৰী কালীন চিকিৎসা প্ৰদান কৰা হয়। তেওঁৰ আঘাতবোৰৰ ভিতৰত গোটেই শৰীৰত অসংখ্য কামোৰৰ দাগো আছিল। ৫
ৰাজহুৱা প্ৰতিক্ৰিয়া
উক্ত ঘটনাৰ প্ৰবল ৰাজহুৱা প্ৰতিবাদৰ হোৱাত ডিচেম্বৰ ২০১২-ত দ্ৰুত তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায়- আইন সংশোধনৰ বাবে অধ্যয়ন আৰু ৰাজহুৱা পৰামৰ্শ লবলৈ এখন ন্যায়িক সমিতি গঠন কৰা হয়। প্ৰায় ৮০,০০০ পৰামৰ্শ বিবেচনা কৰাৰ পিছত সমিতিখনে এক প্ৰতিবেদন দাখিল কৰে, য’ত প্ৰকাশ পায় যে মহিলাৰ বিৰুদ্ধে অপৰাধৰ মূল কাৰণ হৈছে চৰকাৰ আৰু আৰক্ষীৰ বিফলতা। ২০১৩ চনত ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে ফৌজদাৰী আইন (সংশোধনী) অধ্যাদেশ জাৰী কৰে। কেইবাখনো নতুন আইন গৃহীত আৰু ধৰ্ষণৰ গোচৰৰ শুনানিৰ বাবে ছয়খন নতুন ফাষ্ট ট্ৰেক আদালত সৃষ্টি কৰা হয়। সমালোচকসকলে যুক্তি দিয়ে যে ধৰ্ষণৰ গোচৰৰ শুনানি আৰু বিচাৰ কৰিবলৈ আইনী ব্যৱস্থা যথেষ্ঠ মন্থৰ। কিন্তু এই গোচৰটোৰ ফলত মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৰাজহুৱা আলোচনা যথেষ্ট বৃদ্ধি পাইছে আৰু পৰিসংখ্যাই দেখুৱায় যে অপৰাধৰ প্ৰতিবেদন দাখিল কৰিবলৈ ইচ্ছুক মহিলাৰ সংখ্যাও লক্ষণীয়ভাবে বৃদ্ধি পাইছে। অৱশ্যে, আক্ৰমণৰ দুবছৰ পিছত ২০১৪ চনৰ ডিচেম্বৰত ভুক্তভোগীৰ দেউতাকে সংস্কাৰৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰা বুলি অভিহিত কৰে আৰু তেওঁ জীয়েক আৰু আন মহিলাৰ বাবে ন্যায় পাবলৈ সক্ষম নোহোৱাৰ বাবে দুখ অনুভৱ কৰে।৬
বিচাৰ আৰু শাস্তি
ঘটনাটোৰ সন্দৰ্ভত ছয়জন লোকক গ্ৰেপ্তাৰ কৰা হয়। সিহঁতৰ ভিতৰত আছিল বাছ চালক ৩০ বছৰীয়া ৰাম সিং আৰু তাৰ ২৬ বছৰীয়া ভায়েক মুকেশ সিং; দুয়োকে ৰাজস্থানত গ্ৰেপ্তাৰ কৰা হয়। ৰাম আৰু মুকেশ সিঙে দক্ষিণ দিল্লীৰ বস্তি অঞ্চল ৰবিদাস শিবিৰত বাস কৰিছিল। জিম প্ৰশিক্ষক ২০ বছৰীয়া বিনয় শৰ্মা আৰু ফল বিক্ৰেতা ১৯ বছৰীয়া পৱন গুপ্তা- দুয়োকে উত্তৰ প্ৰদেশ আৰু বিহাৰত গ্ৰেপ্তাৰ কৰা হয়। [65] উত্তৰ প্ৰদেশৰ বাদায়ুনৰ ১৭ বছৰীয়া কিশোৰ মহম্মদ আফ্ৰোজক দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলত গ্ৰেপ্তাৰ কৰা হয়। কিশোৰজনে সেইদিনাহে কেইজন অভিযুক্তক লগ পাইছিল। চাকৰি বিচাৰি দিল্লীলৈ অহা ২৮ বছৰীয়া অক্ষয় ঠাকুৰ বিহাৰৰ ঔৰঙ্গাবাদত গ্ৰেপ্তাৰ হোৱা ষষ্ঠজন অভিযুক্ত আছিল।৭৮
ৰাম সিঙে তিহাৰ কাৰাগাৰত ১১ মাৰ্চ ২০১৩ তাৰিখে বিচাৰ চলি থকা অৱস্থাতে আত্মহত্যা কৰে। মহম্মদ আফ্ৰোজৰ বয়স ঘটনা সংঘটিত হোৱাৰ সময়ত ১৮ বছৰতকৈ কম হোৱা অৰ্থাৎ নাবালক হোৱা বাবে তাক কিশোৰ ন্যায় অধিনিয়মৰ অধীনত বিচাৰ কৰি সংশোধনৰ সুবিধাৰে তিনি বছৰৰ কাৰাদণ্ড বিহা হয়।৯ উচ্চ ন্যায়ালয়ে পিছত বাকী চাৰিজন দোষীক মৃত্যুদণ্ড প্ৰদান কৰে। চাৰিওজন দোষীয়ে তেওঁলোকৰ মৃত্যুদণ্ড খাৰিজ কৰিবলৈ কেইবাবাৰো আবেদন কৰিছিল কিন্তু তেওঁলোকৰ আবেদন বাৰে বাৰে নাকচ কৰা হৈছিল। অক্ষয় ঠাকুৰ, বিনয় শৰ্মা, মুকেশ সিং আৰু পৱন গুপ্তাক ২০ মাৰ্চ, ২০২০ তাৰিখে পুৱা ৫.৩০ বজাত তিহাৰ কাৰাগাৰত ফাচী দিয়ে।১০ এই ঘটনাক আধাৰ হিচাপে লৈ নেটফ্লিক্সে দিল্লীৰ অপৰাধ নামেৰে এটা ৱেব শৃংখলা মুক্তি দিয়ে।১১
তথ্যসূত্ৰ
- ↑ (31 August 2013). Delhi gangrape: Chronology of events. দ্য হিন্দু
- ↑ Nunglekpam Premi Devi. (25 May 2018). Short Essays on Women and Society: Manipuri Women through the Century. FSP Media Publications. পৃ. 16–
- ↑ Sikdar, Shubhomoy. (23 December 2012). Delhi gang-rape: victim narrates the tale of horror. দ্য হিন্দু
- ↑ Perappadan, Bindu Shajan. (28 December 2012). Rape survivor airlift was govt., not medical, decision. দ্য হিন্দু
- ↑ (31 December 2012). She could have been saved, decision to fly her out to Singapore came late, says Delhi gangrape victim's brother. IndiaToday
- ↑ (23 March 2019). Delhi Crime Review: Netflix Show Successfully Presents a Different Point of View on Nirbhaya Case. News18
- ↑ Chaturvedi, Amit. (21 December 2012). Delhi gang-rape case: missing sixth attacker arrested from village in Bihar
- ↑ (23 December 2012). Delhi gangrape: Three cops suspended for duty failure. Times of India
- ↑ Garg, Abhinav. (15 December 2015). Nirbhaya juvenile to walk free on Dec 20, Centre opposes move. The Times of India. TNN
- ↑ (15 March 2014). Delhi gang rape: Death penalty for two men put on hold. BBC News
- ↑ Gupta, Shubhra. (15 March 2019). Delhi Crime review: Crime and Punishment. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা” প্ৰবন্ধৰ সংশোধন ৪২৮৯৩৫ (১৭ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।