ৰজোনিবৃত্তি বা মেনোপজ (Menopause) হৈছে মহিলাৰ জীৱনত এটা সময় যেতিয়া তেওঁলোকৰ মাহেকীয়া ঋতুস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় যাৰ ফলত তেওঁলোকে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়।১ ৰজোনিবৃত্তি সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সত হয়।২ যেতিয়া এগৰাকী মহিলাৰ এবছৰলৈকে মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হৈ যায়, চিকিৎসকে ইয়াক ৰজোনিবৃত্তি বা মেনোপজ বুলি চিহ্নিত কৰে। ইয়াক ডিম্বাশয়ৰ দ্বাৰা হৰম'ন উৎপাদন হ্ৰাস পোৱা বুলিও সংজ্ঞায়িত কৰা হয়।৩ কিছুমান চিকিৎসাৰ কাৰণত অস্ত্ৰোপচাৰ কৰি জৰায়ু আঁতৰাবলগীয়া হʼলে ৰজোনিবৃত্তিৰ লক্ষণবোৰে সোনকালে দেখা দিব পাৰে (গড় ৪৫ বছৰ বয়সত)।৪
লক্ষণ আৰু পূৰ্বাভাস
ৰজোনিবৃত্তি হোৱাৰ কেইবছৰমান আগৰ পৰা ঋতুস্ৰাৱ সাধাৰণতে অনিয়মীয়া হৈ পৰে;৫৬ এই সময়চোৱা কিছুমানৰ দীঘল আৰু কিছুমানৰ কম হ'ব পাৰে। ৰজোনিবৃত্তি ওচৰ ছাপি আহিলে প্ৰবাহৰ পৰিমাণ পাতল বা গধুৰ হ'ব পাৰে।৫ এই সময়ত, মহিলাসকলে প্ৰায়ে হট ফ্লাস বা হঠাৎ গৰম লাগি ঘামি যোৱাৰ দৰে লক্ষণ অনুভৱ কৰে। অৱশ্যে এনে লক্ষণ সাধাৰণতে ৩০ ছেকেণ্ডৰ পৰা দহ মিনিটলৈ থাকে।৫ এই লক্ষণ প্ৰায়ে এক বা দুই বছৰৰ পিছত নাইকিয়া হৈ যায়।১ অন্যান্য লক্ষণবোৰৰ ভিতৰত যোনিৰ শুষ্কতা, শোৱাত সমস্যা আৰু মনমেজাজৰ পৰিৱৰ্তন অন্তৰ্ভুক্ত থাকিব পাৰে। লক্ষণবোৰৰ তীব্ৰতা মহিলাসকলৰ মাজত বেলেগ হʼব পাৰে। যদিও ৰজোনিবৃত্তি প্ৰায়ে হৃদৰোগ বৃদ্ধিৰ সৈতে সম্পৰ্কিয় বুলি ভবা হয়, এইটো মুখ্যতঃ বৰ্ধিত বয়সৰ বাবেহে হয়। মেনোপজৰ সৈতে ইয়াৰ পোনপটীয়া সম্পৰ্ক নাই।১ আচলতে কিছুমান মহিলাৰ ক্ষেত্ৰত, এণ্ডোমেট্ৰোচিছ বা বেদনাদায়ক ঋতুস্ৰাৱৰ দৰে সমস্যাবোৰ ৰজোনিবৃত্তিৰ পিছত কমি যায়।১
ৰজোনিবৃত্তি সময়ত বা পিছত দেখা দিব পৰা লক্ষণবোৰৰ ভিতৰত আছে:
- বেদনাদায়ক সহবাস৭
- যোনিশুষ্কতা৭
- এট্ৰফিক ভেজিনিটিছ – ভালভা, যোনি, গ্ৰীৱা, আৰু বাহ্যিক মূত্ৰনলী পাতল হোৱা
- সকলো বাহ্যিক আৰু অভ্যন্তৰীণ যৌনাঙ্গ সংকুচিত হোৱা আৰু স্থিতিস্থাপকতা হ্ৰাস পোৱা
অন্যান্য শাৰীৰিক লক্ষণ

ৰজোনিবৃত্তিৰ ফলত হাড়ৰ খনিজ ঘনত্ব হ্ৰাস হয়। অন্যান্য শাৰীৰিক লক্ষণবোৰৰ ভিতৰত আছে শক্তিৰ অভাৱ, গাঁঠিৰ বিষ, জঠৰতা,৭ পিঠিৰ বিষ,৭ স্তন বৃদ্ধি,৭ স্তনৰ বিষ, হৃদযন্ত্ৰৰ ধপধপ, মুৰৰ বিষ, মূৰ ঘূৰনি, শুকান আৰু খজুৱতি হোৱা ছাল, ওজন বৃদ্ধি, মূত্ৰাশয়ৰ অসংযম,৭ মূত্ৰৰ অভাৱ, টোপনিত বাধা৮৯, মাজনিশা ঘামী উঠা।৭
মানসিক আৰু স্মৃতিৰ প্ৰভাৱ মানসিক লক্ষণবোৰৰ ভিতৰত আছে উদ্বেগ, দুৰ্বল স্মৃতিশক্তি, মনোনিবেশ কৰিবলৈ অক্ষমতা, হতাশা, মেজাজ সলনি কৰা, আৰু যৌন কাৰ্যকলাপৰ প্ৰতি কম আগ্ৰহ।৭১০ মেনোপজ সম্পৰ্কীয় স্মৃতিশক্তি কমি যোৱাৰ ডিমেনচিয়াৰ লগতে বিভ্ৰান্ত হৈ পৰাৰ সম্ভাৱনা।১১ কিছুমান অধ্যয়নৰ পৰা প্ৰমাণ পোৱা গৈছে যে পাহৰি যোৱাটোৱে প্ৰায় ৫০% ৰজোনিবৃত্তি মহিলাক প্ৰভাৱিত কৰে।১২ সম্ভৱতঃ মস্তিষ্কত ইষ্ট্ৰোজেনৰ স্তৰ হ্ৰাস হোৱাৰ প্ৰভাৱৰ ফলত হয়,১২ বা সম্ভৱতঃ গৰম ফ্লাছৰ সময়ত মস্তিষ্কলৈ তেজৰ প্ৰবাহ হ্ৰাস হোৱাৰ ফলত হয়।১৩
কাৰণ
মেনোপজ সাধাৰণতে মহিলাৰ শৰীৰ এক প্ৰাকৃতিক পৰিৱৰ্তন। ধপাত বা ধূমপান কৰা সকলৰ ক্ষেত্ৰত ই সময়তকৈ হ'ব পাৰে।১৪ অন্যান্য কাৰণত অস্ত্ৰোপচাৰ কৰি ডিম্বাশয় আতৰালে বা কিছু প্ৰকাৰৰ কেমোথেৰাপীৰ ফলতো ৰজোনিবৃত্তি সোনকালে হʼব পাৰে। শাৰীৰিক স্তৰত,ডিম্বাশয়ত ইষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰোন হৰমʼনৰ উৎপাদন হ্ৰাস হোৱাৰ ফলতো ৰজোনিবৃত্তি হয়। তেজ বা প্ৰস্ৰাৱত হৰম'নৰ স্তৰ জোখি ৰজোনিবৃত্তিৰ আগমন নিৰ্ণয় আৰু নিশ্চিত কৰিব পাৰি।১৫
ব্যৱস্থাপনা
ৰজোনিবৃত্তি হৈছে জীৱনৰ এক প্ৰাকৃতিক পৰ্যায়। এইটো এটা ৰোগ বা বিকাৰ নহয়। সেয়েহে, ইয়াৰ বাবে স্বয়ংক্ৰিয়ভাৱে কোনো ধৰণৰ চিকিৎসাৰ প্ৰয়োজন নহয়। শাৰীৰিক ব্যায়ামে শোৱা সমস্যাত সহায় কৰিব পাৰে। ধূমপান, কেফেইন আৰু সুৰা পৰিহাৰ কৰাৰ বাবেও প্ৰায়ে পৰামৰ্শ দিয়া হয়।১৬ শীতল কোঠাত শুৱা আদিয়েও টোপনিত সহায় কৰিব পাৰে। অৱশ্যে, কিছুমান মহিলাৰ ক্ষেত্ৰত ইয়াৰ শাৰীৰিক, মানসিক আৰু আৱেগিক প্ৰভাৱ যথেষ্ট শক্তিশালী হʼব পাৰে। তেনে ক্ষেত্ৰত মহিলাগৰাকীৰ সাভাৱিক জীৱনত ব্যাঘাত সৃষ্টি হʼব পাৰে। সেইকাৰণে উপশমকাৰী চিকিৎসা কেতিয়াবা উপযুক্ত হ'ব পাৰে।
হৰম'ন প্ৰতিষ্ঠাপন চিকিৎসা মেনোপজৰ পৰিপ্ৰেক্ষিতত, হৰম'ন প্ৰতিষ্ঠাপন থেৰাপী (Hormone replacement therapy) হৈছে জৰায়ু নথকা মহিলাৰ ক্ষেত্ৰত ইষ্ট্ৰোজেন আৰু অক্ষত জৰায়ু থকা মহিলাসকলৰ ক্ষেত্ৰত ইষ্ট্ৰোজেন আৰু প্ৰজেষ্ট্ৰোনৰ ব্যৱহাৰ।১৭ অৱশ্যে ইয়াৰ ব্যৱহাৰে ষ্ট্ৰ'ক আৰু তেজৰ গোট মৰাৰ আশংকা বৃদ্ধি কৰা দেখা যায়।১৮ ৰজোনিবৃত্তিৰ লক্ষণৰ নিবাৰনৰ বাবে এনে চিকিৎসা ব্যৱহাৰ কৰিলেও, কম সময়ৰ বাবে আৰু সম্ভৱ সৰ্বনিম্ন পৰিমাণত আৰু সৰ্বনিম্ন মাত্ৰাত ব্যবহাৰৰ পৰামৰ্শ দিয়া হয়। দীৰ্ঘম্যাদী ব্যৱহাৰ সমৰ্থনৰ প্ৰমাণ কম।১৯ হাড়ৰ ক্ষতি আৰু অষ্টিওপোৰোটিক ফ্ৰেকচাৰ প্ৰতিহত কৰাৰ বাবেও ই কাৰ্যকৰী হোৱা দেখা যায়।২০ কিন্তু ইয়াক সাধাৰণতে কেৱল গুৰুত্বপূৰ্ণ বিপদাশংকা থকা মহিলাসকলৰ বাবে হে পৰামৰ্শ দিয়া হয় যাৰ বাবে অন্যান্য চিকিৎসাবোৰ অনোপযোগী।২১ কিছুমান মহিলাৰ বাবে এই চিকিৎসা উপযুক্ত নহ'ব পাৰে। যাৰ কাৰ্ডিওভাস্কুলাৰ ৰোগৰ আশংকা বেছি, থ্ৰম্বোম্বলিক ৰোগৰ সম্ভাৱনা বেছি (যেনে মেদবহুলতা বা শিৰাৰ থ্ৰম্বোচিছৰ ইতিহাস) বা কিছু প্ৰকাৰৰ কৰ্কট ৰোগৰ আশংকা বেছি, তেওঁলোকক এই চিকিৎসাৰ পৰামৰ্শ দিয়া নহয়।২১ এই চিকিৎসাই স্তনৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে বুলি পোৱা গৈছে।২২
তথ্যসূত্ৰ
- ↑ (29 August 2013). Menopause: Overview. PubMedHealth
- ↑ (May 2015). Menopause. The Medical Clinics of North America. পৃ. 521–34
- ↑ Sievert, Lynnette Leidy. (2006). Menopause: a biocultural perspective. Rutgers University Press. পৃ. 81. ISBN 9780813538563
- ↑ (2002). International position paper on women's health and menopause: a comprehensive approach. DIANE Publishing. পৃ. 36. ISBN 9781428905214
- ↑ Eunice Kennedy Shriver National Institute of Child Health and Human Development. 6 May 2013. Archived from the original on 20 March 2015. Retrieved 8 March web.archive.org/web/20150320015025/http://www.ni
- ↑ What Is Menopause?. National Institute on Aging
- ↑ Hoffman, Barbara (2012). Williams Gynecology. New York: McGraw-Hill Medical. pp. 555–56. ISBN 9780071716727
- ↑ (June 2011). Factors relating to insomnia during the menopausal transition as evaluated by the Insomnia Severity Index. Maturitas. পৃ. 157–61
- ↑ (April 2013). Prevalence of insomnia and related factors in a large mid-aged female Colombian sample. Maturitas. পৃ. 346–51
- ↑ (February 2012). Depressive disorders and the menopause transition. Maturitas. পৃ. 120–30
- ↑ Panay, Nick; Briggs, Paula; Kovacs, Gab. (2015-08-20). Managing the Menopause: 21st Century Solutions. Cambridge University Press. ISBN 9781316352717
- ↑ Birkhaeuser, Martin; Genazzani, Andrea R. (2018-01-30). Pre-Menopause, Menopause and Beyond: Volume 5: Frontiers in Gynecological Endocrinology. Springer. পৃ. 38–39. ISBN 9783319635408
- ↑ Papadakis, Maxine A.; McPhee, Stephen J.; Rabow, Michael W. (2017-09-11). Current Medical Diagnosis and Treatment 2018, 57th Edition. McGraw Hill Professional. পৃ. 1212. ISBN 9781259861499
- ↑ (2009). The menopausal transition: interface between gynecology and psychiatry. Karger. পৃ. 73. ISBN 978-3805591010
- ↑ (6 May 2013). How do health care providers diagnose menopause?. Eunice Kennedy Shriver National Institute of Child Health and Human Development
- ↑ What are the treatments for other symptoms of menopause?". Eunice Kennedy Shriver National Institute of Child Health and Human Development. 28 June 2013. Archived from the original on 20 March 2015. Retrieved 8 March 2015
- ↑ The Woman's Health Program Monash University, Oestrogen and Progestin as Hormone Therapy
- ↑ (March 2015). Hormone therapy for preventing cardiovascular disease in post-menopausal women. The Cochrane Database of Systematic Reviews. পৃ. CD002229
- ↑ North American Menopause Society. (March 2012). The 2012 hormone therapy position statement of: The North American Menopause Society. Menopause. পৃ. 257–71
- ↑ (June 2012). The WHI: the effect of hormone replacement therapy on fracture prevention. Climacteric. পৃ. 263–6
- ↑ (January 2017). Long-term hormone therapy for perimenopausal and postmenopausal women. The Cochrane Database of Systematic Reviews. পৃ. CD004143
- ↑ (April 2015). Menopausal hormone therapy and breast cancer mortality: clinical implications. Therapeutic Advances in Drug Safety. পৃ. 45–56
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজোনিবৃত্তি” প্ৰবন্ধৰ সংশোধন ৬৩০৯২১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।