গৰ্ভধাৰণ (Pregnancy, gravidity বা gestation বুলিও কোৱা হয়) হৈছে কোনো মহিলাৰ দেহত এটা বা একাধিক অপত্য বিকশিত হোৱা সময়খিনি।১ বহু গৰ্ভধাৰণত একাধিক অপত্যৰ বিকাশ হয়, যেনে- যমজ সন্তান।২ যৌন ক্ৰিয়া অথবা সহকাৰী প্ৰজনন প্ৰযুক্তিৰ দ্বাৰা গৰ্ভধাৰণ হয়। অন্তিম ঋতুকালৰ পাছৰ পৰা প্ৰায় ৪০ সপ্তাহলৈকে গৰ্ভধাৰণ হয় আৰু সন্তান প্ৰসৱেৰে ইয়াৰ অন্ত পৰে।১৩ ই হৈছে ৯ টা চন্দ্ৰ মাহ, প্ৰতিটো মাহত ২৯ দিনকৈ থাকে।১৩ নিষেচনৰ পৰা হিচাপ কৰিলে ইয়াৰ দৈৰ্ঘ্যতা হ’ব ৩৮ সপ্তাহ। প্ৰথম ৮ সপ্তাহলৈকে বিকাশশীল অপত্যক ভ্ৰূণ বুলি কোৱা হয় আৰু তাৰ পিছৰে পৰা জন্ম হোৱালৈকে ইয়াক সন্তান বোলে।৩ গৰ্ভধাৰণৰ লক্ষণবোৰ হৈছে ঋতুচক্ৰত যতি পৰা, স্তনৰ বিষ, অৰুচি আৰু বমি, ভোক লগা, সঘনাই প্ৰস্ৰাৱ কৰিব লগা আদি।৪ গৰ্ভধাৰণ পৰীক্ষাৰ দ্বাৰাও গৰ্ভধাৰণ নিশ্চিত কৰিব পৰা যায়।৫
তথ্যসূত্ৰ
- ↑ (December 19, 2013). Pregnancy: Condition Information. http://www.nichd.nih.gov/
- ↑ Wylie, Linda. (2005). Essential anatomy and physiology in maternity care. Churchill Livingstone. পৃ. 172. ISBN 9780443100413
- ↑ Abman, Steven H. (2011). Fetal and neonatal physiology. Elsevier/Saunders. পৃ. 46–47. ISBN 9781416034797
- ↑ (July 12, 2013). What are some common signs of pregnancy?. http://www.nichd.nih.gov/
- ↑ (November 30, 2012). How do I know if I’m pregnant?. http://www.nichd.nih.gov/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গৰ্ভধাৰণ” প্ৰবন্ধৰ সংশোধন ৪৪৮১৭৮ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।