অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

কুইয়াৰ অধ্যয়ন

কুইয়াৰ অধ্যয়ন, যৌন বৈচিত্ৰ্য অধ্যয়ন, বা এলজিবিটি অধ্যয়ন (Queer Studies) হৈছে যৌন অভিমুখীতা আৰু লিংগ পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ অধ্যয়ন, যি সাধাৰণতে লেছবিয়ান (Lesbian), গে' (Gay), বাইচেক্সুৱেল (Bisexual), ট্ৰান্সজেণ্ডাৰ (Transgender), লিংগ ডিচফোৰিয়া, অকামি (Asexual), কুইয়াৰ…

হালনাগাদ: ১৭ জুলাই ২০২৫ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ

কুইয়াৰ অধ্যয়ন, যৌন বৈচিত্ৰ্য অধ্যয়ন, বা এলজিবিটি অধ্যয়ন (Queer Studies) হৈছে যৌন অভিমুখীতা আৰু লিংগ পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ অধ্যয়ন, যি সাধাৰণতে লেছবিয়ান (Lesbian), গে' (Gay), উভকামিতা (Bisexual), ট্ৰান্সজেণ্ডাৰ (Transgender), লিংগ ডিচফোৰিয়া, অকামি (Asexual), কুইয়াৰ (Queer),কুৱেশ্যনিং (Questioning), আন্তঃযৌন (Intersex) লোক আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ১

মূলতঃ এলজিবিটি ইতিহাস আৰু সাহিত্য তত্ত্বক কেন্দ্ৰ কৰি, ক্ষেত্ৰখনে জীৱবিজ্ঞান, সমাজবিজ্ঞান, মানসিক ৰোগ, নৃতত্ত্ব, বিজ্ঞানৰ ইতিহাস, ২ দৰ্শন, মনোবিজ্ঞান, যৌনবিজ্ঞান, ৰাজনীতি বিজ্ঞান, নৈতিকতা, আৰু অন্যান্য ক্ষেত্ৰত কুইয়াৰ মানুহৰ পৰিচয়, জীৱন, ইতিহাস আৰু ধাৰণা পৰীক্ষা কৰি উত্থাপিত বিষয়বোৰৰ শৈক্ষিক অধ্যয়ন অন্তৰ্ভুক্ত কৰিবলৈ সম্প্ৰসাৰিত হৈছে। ইয়েল বিশ্ববিদ্যালয়ৰ লেৰী ক্ৰেমাৰ ইনিচিয়েটিভ ফৰ লেছবিয়ান এণ্ড গে' ষ্টাডিজৰ প্ৰাক্তন অধ্যক্ষ মাৰিয়েন লাফ্ৰান্সে কয়,৩ "এতিয়া আমি কেৱল 'সমকামিতাৰ কাৰণ কি?' বুলি নোসোধো, 'কিহৰ ফলত বিষমকামী হয়' সেই কথাও সুধিম আৰু 'কিছুমান লোকৰ দৃষ্টিকোণত যৌনতা কিয় ইমান কেন্দ্ৰীয় বিষয়? সেই বিষয়েও প্ৰশ্ন উত্থাপিত হ'ব"২

কুইয়াৰ অধ্যয়ন কুইয়াৰ থিয়ৰিৰ দৰে একে নহয়, ই হৈছে কুইয়াৰ অধ্যয়নৰ ভিতৰত এক বিশ্লেষণাত্মক দৃষ্টিভংগী যি যৌন পৰিচয়ৰ "সামাজিকভাৱে নিৰ্মিত" শ্ৰেণীবোৰক প্ৰত্যাহ্বান জনায়। ২

প্ৰেক্ষাপট

এক নতুন অনুশাসন পদ্ধতিত, বৰ্ধিত সংখ্যক মহাবিদ্যালয়ে যৌন, যৌনতা আৰু যৌন অভিমুখীতাৰ সৈতে সম্পৰ্কিত শৈক্ষিক কাৰ্যসূচী আগবঢ়াইছে। বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত কমেও পাঁচখন প্ৰতিষ্ঠানত চল্লিছটাতকৈ অধিক প্ৰমাণপত্ৰ আৰু ডিগ্ৰী প্ৰদান কাৰ্যসূচী আছে যিয়ে স্নাতক পৰ্যায়ত ইয়াক প্ৰধান বিষয় হিচাপে অধ্যয়নৰ সুবিধা আগবঢ়ায়; আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰেও আন আন দেশে একে ধৰণৰ বৰ্ধিত সংখ্যক পাঠ্যক্ৰম আগবঢ়াবলৈ আৰম্ভ কৰিছে।

কুইয়াৰ অধ্যয়ন বিশ্ববিদ্যালয়

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Archived copy lists these names and similar acronyms at various academic departments
  2. ↑ Branch, Mark Alden. (April 2003). Back in the Fold. Yale Alumni Magazine. YaleAlumniMagazine.com
  3. ↑ (March 13, 2007). Larry Kramer Initiative for Lesbian and Gay Studies at Yale. Yale.edu (ইণ্টাৰনেট আৰ্কাইভ)

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিশিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইয়াৰ অধ্যয়ন” প্ৰবন্ধৰ সংশোধন ৫২৪৬১৫ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।