অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

লিংগ (জৈৱিক)

বহু জীৱৰ প্ৰজাতিবোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ বোলে। যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বহু জীৱৰ প্ৰজাতি (জীৱবিদ্যা)বোৰৰ মাজত পুং আৰু স্ত্ৰী নামৰ দুটা প্ৰকাৰ থাকে, ইয়াকেই লিংগ বোলে।১ যৌন প্ৰজননৰ ফলত জিনীয় লক্ষণসমূহৰ মিশ্ৰণ আৰু যোজন হয়: অপত্য সৃষ্টি কৰিবৰ বাবে বিশেষভাৱে বিভাজিত জননকোষে পিতৃ-মাতৃৰ জিনীয় লক্ষণবোৰ অপত্যলৈ পৰিবহণ কৰে। কিছুমান জননকোষ গঠন আৰু কাৰ্যত একে হোৱা দেখা যায় (Isogamy বোলে), কিন্তু বহু ক্ষেত্ৰত জীৱৰ লিংগভেদে জননকোষৰ গঠন আৰু কাৰ্য একে নহয় (Anisogamy)। পুং জননকোষবোৰ সৰু, চলনক্ষম, আৰু জিনীয় তথ্যবোৰ বহু দূৰলৈ কঢ়িয়াই নিব পাৰে, আনহাতে স্ত্ৰী জননকোষবোৰ ডাঙৰ, চলনক্ষম নহয় আৰু আৰু নতুনকৈ সৃষ্টি হবলহা জীৱটোৰ প্ৰাৰম্ভিক বিকাশৰ বাবে প্ৰযোজনীয় পুষ্টিৰ যোগান ধৰে। মানুহ আৰু অন্য স্তন্যপায়ী প্ৰাণীৰ, পুং লিংগই XY লিংগ-নিৰ্ধাৰণ পদ্ধতিৰ XY ক্ৰম'জম, আনহাতে স্ত্ৰী লিংগই XX ক্ৰম'জম বহন কৰে।

জীৱই উৎপাদন কৰা বীজকোষে ইয়াৰ লিংগ নিৰ্ধাৰণ কৰে: পুং জীৱই পুং জননকোষ (spermatozoa, বা স্তন্যপায়ীৰ শুক্ৰাণু; উদ্ভিদৰ পঃৰাগ) আনহাতে স্ত্ৰীয়ে স্ত্ৰী জনন কোষ সৃষ্টি কৰে (ডিম্ব কোষ, বা কণী); কিছুমান জীৱই পুং আৰু স্ত্ৰী উভয় জননকোষৰ উৎপাদন কৰে (hermaphroditic)। সাধাৰণতে, জীৱৰ লিংগভেদে শাৰীৰিক ভিন্নতা পৰিলক্ষিত হয়।

তথ্যসূত্ৰ

  1. ↑ sex. CollinsDictionary.com. Collins English Dictionary—Complete & Unabridged 11th Edition. Retrieved 3 December 2012

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানশৰীৰতত্ত্বমানৱ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংগ (জৈৱিক)” প্ৰবন্ধৰ সংশোধন ৪৪৮১৬৪ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।