অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পুৰুষ

পুৰুষ হৈছে এজন প্ৰাপ্তবয়স্ক পুং মানৱ। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, পুৰুষক ল'ৰা (পুং শিশু বা কিশোৰ) বুলি কোৱা হয়। বেছিভাগ পুৰুষ স্তন্যপায়ী প্ৰাণীৰ দৰে, এজন পুৰুষৰ জিন'মে সাধাৰণতে মাতৃৰ পৰা এক্স ক্ৰম'জম আৰু দেউতাকৰ পৰা ৱাই ক্ৰম'জম প্ৰাপ্ত কৰে।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৪ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

পুৰুষ হৈছে এজন প্ৰাপ্তবয়স্ক পুং মানুহ। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, পুৰুষক ল'ৰা (পুং শিশু বা কিশোৰ) বুলি কোৱা হয়। বেছিভাগ পুৰুষ স্তন্যপায়ী প্ৰাণীৰ দৰে, এজন পুৰুষৰ জিন'মে সাধাৰণতে মাতৃৰ পৰা এক্স ক্ৰম'জম আৰু দেউতাকৰ পৰা ৱাই ক্ৰম'জম প্ৰাপ্ত কৰে। পুৰুষ ভ্ৰূণটোৱে নাৰীৰ ভ্ৰূণতকৈ অধিক পৰিমাণৰ এণ্ড্ৰোজেন আৰু কম পৰিমাণৰ এষ্ট্ৰোজেন প্ৰস্তুত কৰে। এই লিংগ ষ্টেৰইডৰ আপেক্ষিক পৰিমাণৰ পাৰ্থক্য শাৰীৰিক পাৰ্থক্যৰ বাবে দায়বদ্ধ যি পুৰুষসকলক মহিলাৰ পৰা পৃথক কৰে। যৌৱনপ্ৰাপ্তিৰ সময়ত, এণ্ড্ৰোজেন উৎপাদন তৈয়াৰ কৰা হৰম'নৰ ফলত গৌণ যৌন বৈশিষ্ট্য বিকশিত হয়, এনেদৰে লিংগৰ মাজত অধিক পাৰ্থক্য প্ৰকাশিত হয়। অৱশ্যে, কিছুমান ট্ৰান্সজেণ্ডাৰ আৰু আন্তঃযৌন পুৰুষৰ বাবে ওপৰোক্ত বৈশিষ্ট্যবোৰৰ ব্যতিক্ৰম পৰিলক্ষিত হয়।

জীৱবিজ্ঞান

মানুহৰ ক্ষেত্ৰত, শুক্ৰাণু কোষে কঢ়িয়াই অনা আনুবংশিক সামগ্ৰীৰ দ্বাৰা নিষিক্তকৰণৰ সময়ত ব্যক্তি এজনৰ লিংগ নিৰ্ধাৰিত হয়। যদি এক্স ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে মহিলা (এক্সএক্স, XX) হ'ব। আনহাতে, যদি ৱাই ক্ৰম'জম কঢ়িয়াই অনা শুক্ৰাণু কোষে ডিম্বটো নিষিক্ত কৰে, সন্তান সাধাৰণতে পুৰুষ (এক্সৱাই, XY) হ'ব। লিংগ নিৰ্ধাৰণৰ প্ৰকৃত কাৰক হৈছে এছ.আৰ.ৱাই. (SRY) জিন, যি সাধাৰণতে ৱাই ক্ৰম'জমত পোৱা যায়। অস্পষ্ট আনুবংশিক বা শাৰীৰিক গঠনৰ লোকসকলক আন্তঃলিঙ্গ বুলি কোৱা হয়। কেতিয়াবা যৌন ক্ৰম'জম এক্সৱাইৱাই (XYY)ও হ'ব পাৰে।

প্ৰাথমিক যৌন বৈশিষ্ট্য (বা যৌন অঙ্গ) হৈছে এনে বিশেষত্ব যি প্ৰজনন প্ৰক্ৰিয়াৰ সৈতে জড়িত আৰু জন্মৰ সময়ৰে পৰা বিদ্যমান। পুৰুষৰ বাবে, প্ৰাথমিক যৌন বৈশিষ্ট্যবোৰ হৈছে লিংগ (জৈৱিক) আৰু অণ্ডকোষ। গৌণ যৌন বৈশিষ্ট্য হৈছে মানুহৰ যৌৱনপ্ৰাপ্তিৰ যোগেদি দেখা দিয়া কিছুমান বিশেষত্ব।১২ লিংগৰ মাজৰ পাৰ্থক্য স্পষ্ট কৰা এনে বৈশিষ্ট্যবোৰ যৌন দ্বিৰূপী ফেনোটাইপিকৰ বিশেষ সাক্ষী হিচাপে গণ্য কৰা হয়, কিন্তু প্ৰাথমিক যৌন বৈশিষ্ট্যৰ বিপৰীতে এইবোৰ প্ৰজনন তন্ত্ৰৰ সৈতে পোনপটীয়াকৈ জড়িত নহয়।৩৪৫ পুৰুষৰ কিছুমান নিৰ্দিষ্ট গৌণ যৌন বৈশিষ্ট্য হৈছে:

  • মুখমণ্ডলৰ নোম (দাড়ি আৰু মোচ);৪
  • বুকুৰ নোম;৬
  • বহল কান্ধ;৭
  • এটা ডাঙৰ কণ্ঠনলী (আদমৰ আপেল (ঘটি) বুলিও জনা যায়);৭ আৰু
  • শিশু বা মহিলাৰ কণ্ঠস্বৰতকৈ যথেষ্ট গভীৰ কণ্ঠস্বৰ।৪

স্বাস্থ্য

সাধাৰণতে পুৰুষ আৰু মহিলা একেবোৰ ৰোগত ভোগা দেখা যায় আৰু মহিলাৰ তুলনাত পুৰুষসকল অলপ বেছি ৰোগত ভুগে। মহিলাৰ তুলনাত পুৰুষৰ আয়ুস কম৮ আৰু আত্মহত্যাৰ হাৰ অধিক।৯

পুৰুষত্ব

মূল প্ৰবন্ধ: পুৰুষত্ব

মাইকেলএঞ্জেলোৰ ''ডেভিদ'' হৈছে পাশ্চাত্য কলাৰ তৰুণ পুৰুষ সৌন্দৰ্যৰ এক ধ্ৰুপদী প্ৰতিচ্ছবি
মাইকেলএঞ্জেলোৰ ডেভিদ হৈছে পাশ্চাত্য কলাৰ তৰুণ পুৰুষ সৌন্দৰ্যৰ এক ধ্ৰুপদী প্ৰতিচ্ছবিছবি: Commonists · CC BY-SA 4.0

পুৰুষত্ব হৈছে ল'ৰা বা পুৰুষৰ ক্ষেত্ৰত প্ৰকাশ হোৱা বৈশিষ্ট্য, চৰিত্ৰ আৰু প্ৰৱণতাৰ এক সংহতি। পুৰুষত্ব সামাজিকভাৱে প্ৰকাশিত, কিন্তু সামাজিক আৰু জৈৱিক প্ৰভাৱৰ দ্বাৰা গঠিত হয়,১০১১১২ যদিও ই জীৱবিজ্ঞানৰ পুৰুষ লিংগতকৈ পৃথক।১৩১৪ পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পুৰুষত্বৰ লক্ষণ আৰু আচৰণ দেখা যায়। পুৰুষ আৰু নাৰী দুয়োটা চৰিত্ৰৰ প্ৰভাৱ থকাসকলক এণ্ড্ৰোজিনিয়াছ বুলি কোৱা হয়। নাৰীবাদী দাৰ্শনিকসকলে ভাবে যে লিংগৰ অস্পষ্টতাই লিংগৰ পাৰ্থক্য জটিল কৰিব পাৰে।১৫১৬

সাহস, স্বাধীনতা, সংকল্প আদি হৈছে পুৰুষত্বৰ গুণ।১৭১৮১৯ এই গুণবোৰ ঠাই ভেদে আৰু পৰিৱেশৰ পৰা পৃথক হ'ব পাৰে আৰু সামাজিক আৰু সাংস্কৃতিক সমস্যাৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।২০

তথ্যসূত্ৰ

  1. ↑ (2011). Williams Textbook of Endocrinology E-Book. Elsevier Health Sciences. পৃ. 1054. ISBN 978-1437736007
  2. ↑ (2016). CliffsNotes AP Biology, 5th Edition. Houghton Mifflin Harcourt. পৃ. 219. ISBN 978-0544784178
  3. ↑ (2011). Child and Adolescent Development: An Integrated Approach. Cengage Learning. পৃ. 152–153. ISBN 978-1133168379
  4. ↑ (30 April 2018). Primary & Secondary Sexual Characteristics. Sciencing.com
  5. ↑ (2018). Encyclopedia of Reproduction. Elsevier Science. পৃ. 103. ISBN 978-0-12-815145-7
  6. ↑ Secondary sexual characteristics. TheFreeDictionary.com
  7. ↑ Berger, Kathleen Stassen. (2005). The Developing Person Through the Life Span. Worth Publishers. পৃ. 349. ISBN 978-0-7167-5706-1
  8. ↑ Why is life expectancy longer for women than it is for men?. Scientific American
  9. ↑ Walton, Alice G. The Gender Inequality of Suicide: Why Are Men at Such High Risk?. Forbes
  10. ↑ Marianne van den Wijngaard. (June 3, 2011). Reinventing the sexes: the biomedical construction of femininity and masculinity. Race, gender, and science. Indiana University Press. পৃ. 171 pages. ISBN 0-253-21087-9
  11. ↑ Hale Martin, Stephen Edward Finn. (June 3, 2011). Masculinity and Femininity in the MMPI-2 and MMPI-A. U of Minnesota Press. পৃ. 310 pages. ISBN 0-8166-2445-3
  12. ↑ Richard Dunphy. (June 3, 2011). Sexual politics: an introduction. Edinburgh University Press. পৃ. 240 pages. ISBN 0-7486-1247-5
  13. ↑ Ferrante, Joan. Sociology: A Global Perspective. Thomson Wadsworth. পৃ. 269–272. ISBN 0-8400-3204-8
  14. ↑ Gender, Women and Health: What do we mean by "sex" and "gender?"', The World Health Organization
  15. ↑ Butler, Judith (1999 [1990]), Gender Trouble: Feminism and the Subversion of Identity (New York and London: Routledge)
  16. ↑ Laurie, Timothy (2014), 'The Ethics of Nobody I Know: Gender and the Politics of Description', Qualitative Research Journal, 14 (1), pp. 64-78.URL: www.academia.edu/6262250/The_Ethics_of_Nobody_I_
  17. ↑ Vetterling-Braggin, Mary "Femininity," "masculinity," and "androgyny": a modern philosophical discussion
  18. ↑ Worell, Judith, Encyclopedia of women and gender: sex similarities and differences and the impact of society on gender, Volume 1 Elsevier, 2001
  19. ↑ Thomas, R. Murray. (2000). Recent Theories of Human Development. Sage Publications. পৃ. 248. ISBN 0761922474
  20. ↑ Witt, edited by Charlotte. (2010). Feminist Metaphysics: Explorations in the Ontology of Sex, Gender and Identity. Springer. পৃ. 77. ISBN 90-481-3782-9

সম্পৰ্কিত শ্ৰেণী

পুৰুষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰুষ” প্ৰবন্ধৰ সংশোধন ৪০৪৭১৭ (৭ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।