অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফ্ৰেংক কামেনি

ফ্ৰেংকলিন এডৱাৰ্ড কামেনি (Franklin Edward Kameny, ২১ মে' ১৯২৫ – ১১ অক্টোবৰ ২০১১), চমুকৈ ফ্ৰেংক কামেনি, এগৰাকী আমেৰিকান গে অধিকাৰ কৰ্মী আছিল। আমেৰিকাৰ সমকামী অধিকাৰ আন্দোলনত তেওঁক "আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি" বুলি অভিহিত কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২,৩৫১ শব্দ · ১৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ফ্ৰেংকলিন এডৱাৰ্ড কামেনি (Franklin Edward Kameny, ২১ মে' ১৯২৫ – ১১ অক্টোবৰ ২০১১),১ চমুকৈ ফ্ৰেংক কামেনি, এগৰাকী আমেৰিকান গে' অধিকাৰ কৰ্মী আছিল। আমেৰিকাৰ সমকামী অধিকাৰ আন্দোলনত তেওঁক "আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি" বুলি অভিহিত কৰা হয়।২ ১৯৫৭ চনত কামেনিক তেওঁৰ সমকামিতাৰ বাবে ৱাশ্বিংটন ডি.চি.ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ আৰ্মি মেপ চাৰ্ভিচত জ্যোতিৰ্বিজ্ঞানী হিচাপে কৰ্মৰত তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰা হয়।৩ ইয়াৰ ফলত তেওঁ "আমেৰিকান প্ৰতিষ্ঠানৰ সৈতে এক হাৰকিউলিয়ান সংগ্ৰাম" আৰম্ভ কৰে আৰু এই আন্দোলনে "১৯৬০ৰ দশকৰ আৰম্ভণিৰ সমকামী অধিকাৰ আন্দোলনত এক নতুন সময়ৰ উগ্ৰবাদৰ নেতৃত্ব দিয়ে।" ৪

কামেনিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক সেৱা আয়োগৰ দ্বাৰা তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ বাবে আনুষ্ঠানিকভাৱে আপীল কৰিছিল।৩ যদিও তেওঁ এই প্ৰক্ৰিয়াত অসফল হৈছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত অনুসৰণ কৰা যৌন অভিমুখীতাৰ ওপৰত আধাৰিত প্ৰথম জ্ঞাত নাগৰিক অধিকাৰ দাবী হিচাপে এই প্ৰক্ৰিয়াটো উল্লেখযোগ্য আছিল।৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯২৫ চনৰ ২১ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মহানগৰৰ আস্কেনাজী ইহুদী পৰিয়ালত ফ্ৰেংক কামেনিৰ হৈছিল। তেওঁ ৰিচমণ্ড হিল হাই স্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৯৪১ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৪১ চনত ১৬ বছৰ বয়সত কামেনিয়ে পদাৰ্থ বিজ্ঞান অধ্যয়ন কৰিবলৈ নিউয়ৰ্কৰ চিটি বিশ্ববিদ্যালয়ৰ কুইন্স কলেজলৈ যায় আৰু ১৭ বছৰ বয়সত তেওঁ মাক-দেউতাকক কয় যে তেওঁ নাস্তিক।৬৭ শিক্ষা সম্পূৰ্ণ হোৱাৰ আগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীত যোগদান কৰিছিল। তেওঁ ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত সেনাবাহিনীত সেৱা আগবঢ়াইছিল আৰু পিছত নিৰ্বাচিত সেৱা বোৰ্ডত ২০ বছৰ সেৱা আগবঢ়াইছিল।৮ সেনা বাহিনী এৰি তেওঁ কুইন্স কলেজলৈ উভতি আহে আৰু ১৯৪৮ চনত পদাৰ্থ বিজ্ঞানত বেকলৰিয়েট ডিগ্ৰী লাভ কৰে। কামেনিয়ে তাৰপিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিল। হাৰ্ভাৰ্ডত এজন শিক্ষক হোৱাৰ সময়ত তেওঁ যোগ্যতা অৰ্জন কৰা দস্তাবেজ সংলগ্ন নকৰাকৈ আনুগত্যৰ শপতত স্বাক্ষৰ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু স্বীকৃত গোঁড়ামিৰ বিৰুদ্ধে সন্দেহ প্ৰদৰ্শন কৰিছিল।৬ তেওঁ জ্যোতিৰ্বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী (১৯৪৯) আৰু ডক্টৰেট (১৯৫৬) ডিগ্ৰী লাভ কৰে। তেওঁৰ ডক্টৰেট গৱেষণা পত্ৰৰ শিৰোনাম আছিল 'এ ফটোইলেক্ট্ৰিক ষ্টাডি অৱ চম আৰভি টাউৰী এণ্ড ইয়েল্ল চেমিৰেগুলাৰ ভেৰিয়েবলছ'৯ আৰু চিচিলিয়া পেইন-গাপোস্কিনৰ তত্ত্বাৱধানত তেওঁ গৱেষণা কৰিছিল।

টাক্সনৰ পৰা তেওঁৰ পিএইচডি থিচিছৰ বাবে গৱেষণা সম্পূৰ্ণ কৰি উভতি আহোঁতে এজন অচিনাকি ব্যক্তিয়ে তেওঁক ওচৰলৈ গৈ হাতত ধৰি যোৱাৰ পিছত ছান ফ্ৰাঞ্চিস্কো বাছ টাৰ্মিনেলত সাধাৰণ পোছাক পৰিহিত আৰক্ষী বিষয়াসকলে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। তেওঁক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে তিনি বছৰৰ পৰীক্ষাৰ বাবে সেৱা আগবঢ়োৱাৰ পিছত তেওঁৰ অপৰাধমূলক ৰেকৰ্ড আঁতৰ কৰা হ'ব যাৰ ফলত তেওঁ তেওঁৰ নিযুক্তিৰ সম্ভাৱনা আৰু অভিযোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ যিকোনো প্ৰচেষ্টাৰ বিষয়ে চিন্তা কৰাৰ পৰা অব্যাহতি পাব।১০

চাকৰিৰ পৰা বৰ্খাস্ত

চাৰ্টিওৰাৰিৰ ৰিটৰ বাবে আৱেদনৰ পৃষ্ঠা – নম্বৰ ৬৭৬ – কামেনি বনাম ব্ৰুকাৰ, ৰাষ্ট্ৰীয় আৰ্কাইভ
চাৰ্টিওৰাৰিৰ ৰিটৰ বাবে আৱেদনৰ পৃষ্ঠা – নম্বৰ ৬৭৬ – কামেনি বনাম ব্ৰুকাৰ, ৰাষ্ট্ৰীয় আৰ্কাইভছবি: Supreme Court of the United States · Public domain

ৱাশ্বিংটন ডি.চিলৈ স্থানান্তৰিত হৈ কামেনিয়ে জৰ্জটাউন বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান বিভাগত এবছৰৰ বাবে অধ্যাপনা কৰিছিল আৰু ১৯৫৭ চনৰ জুলাই মাহত তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা মানচিত্ৰ সেৱাৰ দ্বাৰা নিযুক্ত কৰা হৈছিল। যেতিয়া তেওঁলোকে কামেনিৰ চান ফ্ৰান্সিস্কোত গ্ৰেপ্তাৰ হোৱাৰ বিষয়ে জানিছিল তেওঁৰ উৰ্ধতন বিষয়াসকলে তেওঁক প্ৰশ্ন কৰিছিল। কিন্তু তেওঁ তেওঁৰ যৌন অভিমুখীতা সম্পৰ্কে তথ্য প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিছিল। কামেনিক আয়োগে সোনকালেই বৰ্খাস্ত কৰিছিল। ১৯৫৮ চনৰ জানুৱাৰী মাহত ফেডাৰেল চৰকাৰে তেওঁক ভৱিষ্যতৰ নিযুক্তিৰ পৰা বাধা দিছিল। লেখক ডগলাছ শ্বেণ্ড-টুচিয়ে পিছত লিখিছিল,

কামেনি পুৰুষসকলৰ ভিতৰত আটাইতকৈ পৰম্পৰাগত আছিল, তেওঁৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিছিল, হাৰ্ভাৰ্ড আৰু জৰ্জটাউনত... এনেদৰে তেওঁ অধিক অভদ্ৰভাৱে হতবাক হৈছিল যেতিয়া একেই পৰিস্থিতি তেওঁৰ ওপৰত পৰিছিল যিদৰে আমি ১৯১৮ চনৰ শ্ৰেণী প্ৰেস্কট টাউনচেণ্ডৰ ওপৰত দেখিছোঁ, দশকৰ আগতে... তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। পিছত তেওঁক বৰ্খাস্ত কৰা হ'ল। আৰু, টাউনচেণ্ডৰ দৰে, কামেনিও কট্টৰপন্থী আছিল।১১

কামেনীয়ে ন্যায়িক ব্যৱস্থাৰ জৰিয়তে তেওঁৰ চাকৰিৰ পৰা অপসাৰণ কৰাৰ বিৰুদ্ধে আপীল কৰিছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ৰ পৰা পুনৰীক্ষণ বিচৰাৰ আগতে দুবাৰ হাৰিছিল আৰু চাৰ্টিওৰাৰীৰ বাবে তেওঁৰ আৱেদন প্ৰত্যাখ্যান কৰিছিল।৩ নিজকে সক্ৰিয়তাৰ বাবে নিয়োজিত কৰাৰ পিছত কামেনিয়ে পুনৰ কেতিয়াও বেতন লাভ কৰা চাকৰি কৰা নাছিল আৰু গোটেই জীৱন বন্ধু আৰু পৰিয়ালৰ দ্বাৰা সমৰ্থিত হৈছিল। তেওঁৰ স্পষ্ট সক্ৰিয়তা স্বত্বেও তেওঁ কেতিয়াবাহে তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে আলোচনা কৰিছিল আৰু আন পুৰুষৰ সৈতে কেতিয়াও কোনো দীৰ্ঘম্যাদী সম্পৰ্ক ৰখা নাছিল। তেওঁ কেৱল তেওঁলোকৰ বাবে তেওঁৰ সময় নাই বুলি কৈছিল। তেওঁ কৈছিল, "যদি মই কাৰোবাৰ সৈতে অসন্মত হওঁ, মই তেওঁলোকক মোক বুজাবলৈ সুযোগ দিওঁ যে তেওঁলোক শুদ্ধ। আৰু যদি তেওঁলোক বিফল হয়, তেন্তে মই শুদ্ধ আৰু তেওঁলোক ভুল আৰু তেওঁলোক সলনি নোহোৱালৈকে মই তেওঁলোকৰ সৈতে যুঁজিব লাগিব।" ১২

কামেনিয়ে পৰম্পৰাগত জাতিগত উপাধি পৰিহাৰ কৰিছিল আৰু গোটেই জীৱনজুৰি তেওঁ নিজৰ জাতিক "মানুহ" বুলি উল্লেখ কৰিছিল।১৩

সমকামী অধিকাৰ সক্ৰিয়তা

ৰাষ্ট্ৰপতি কেনেডিলৈ কামেনিৰ পত্ৰ, জেএফকে লাইব্ৰেৰী
ৰাষ্ট্ৰপতি কেনেডিলৈ কামেনিৰ পত্ৰ, জেএফকে লাইব্ৰেৰীছবি: Franklin E. Kameny · Public domain

১৯৬১ চনত মাটাচিন চছাইটিৰ শাখা ৱাশ্বিংটন ডি.চি.ৰ সহযোগী সহ-প্ৰতিষ্ঠাপক কামেনি আৰু জেক নিকোলছে ১৯৬৫ চনৰ ১৭ এপ্ৰিলত হোৱাইট হাউচত পিকেট লাইনৰ সৈতে গে' আৰু লেছবিয়ানসকলৰ সৈতে বিশ্বৰ সৰ্বপ্ৰথম ৰাজহুৱা প্ৰতিবাদ আৰম্ভ কৰিছিল। ১৪১৫ নিউয়ৰ্কৰ মেটাচাইন চছাইটি আৰু বিলিটিছৰ কন্যাসকলৰ সৈতে যুটীয়াভাৱে সমকামী অধিকাৰৰ বাবে বাৰ্ষিক স্মাৰক ৰাষ্ট্ৰসংঘ, পেণ্টাগন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসামৰিক সেৱা আয়োগ আৰু ফিলাডেলফিয়াৰ স্বাধীনতা হলক লক্ষ্য কৰি পিকেটিং সম্প্ৰসাৰিত কৰা হৈছিল। কামেনিয়ে সমকামীসকলক চৰকাৰৰ পৰা আঁতৰাই দিয়াৰ নিয়ম সলনি কৰিবলৈ ৰাষ্ট্ৰপতি কেনেডিলৈ চিঠি লিখিছিল।১৬

১৯৬৩ চনত কামেনি আৰু মেটাচিনে ডি.চি. চোডমি আইন বোৰ সলনি কৰিবলৈ এক অভিযান আৰম্ভ কৰিছিল। তেওঁ ব্যক্তিগতভাৱে এখন বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছিল যিটো অৱশেষত ১৯৯৩ চনত গৃহীত হৈছিল। তেওঁ আমেৰিকান চাইকিয়াট্ৰিক এছ'চিয়েশ্যনৰ মানসিক বিকাৰৰ ডায়গনষ্টিক এণ্ড ষ্টেটিষ্টিকেল মেনুৱেলৰ পৰা মানসিক বিকাৰ হিচাপে সমকামিতাৰ শ্ৰেণীবিভাজন আঁতৰ কৰাৰ বাবেও কাম কৰিছিল।

১৯৬৪ চনত কামেনিয়ে যুক্তি দিছিল যে সমকামীসকলে কৃষ্ণাঙ্গতকৈ অধিক তীব্ৰ বৈষম্যৰ সন্মুখীন হৈছিল। কিয়নো ফেডাৰেল চৰকাৰে তেওঁলোকক সহায় কৰা নাছিল আৰু তেওঁলোকৰ বিৰুদ্ধে সক্ৰিয়ভাৱে বৈষম্যমূলক আচৰণ কৰিছিল। তেওঁ কৈছিল যে সমকামীসকলে নাগৰিক অধিকাৰ আন্দোলনৰ সফলতাৰ পৰা অধিক বেয়া হ'ব: "এতিয়া যেতিয়া নিগ্ৰোসকলৰ বিৰুদ্ধে বৈষম্য মূলক আচৰণ কৰাটো ফেশ্বনেবল হৈ পৰিছে, সমকামীসকলৰ বিৰুদ্ধে বৈষম্য বৃদ্ধি পাব... সমকামিতাই অন্তিম মুখ্য ক্ষেত্ৰটোক প্ৰতিনিধিত্ব কৰে য'ত এই দেশত কুসংস্কাৰ আৰু বৈষম্য প্ৰচলিত।" ১৭

সেই সময়ৰ আন সমকামী কৰ্মীসকলৰ বিপৰীতে, কামেনিয়ে সমকামিতা বিষমকামিতাতকৈ নিম্নমানৰ বুলি ধাৰণাটো অস্বীকাৰ কৰিছিল:

কোনটো ক্ৰম'জম আৰু জিনে ক'লা ছাল উৎপন্ন কৰিছিল, বা নিগ্ৰোক ব্লিচ কৰাৰ সম্ভাৱনাৰ বিষয়ে মই এন.এ.এ.চি.পি. আৰু কোৰক চিন্তিত হোৱা দেখা নাই। ইহুদীসকলক খ্ৰীষ্টানলৈ ৰূপান্তৰ কৰি ইহুদী বিৰোধী সমস্যাসমাধানৰ সম্ভাৱনাৰ ওপৰত বি'নাই বি'ৰিথ মানহানি বিৰোধী লীগৰ ফালৰ পৰা মই কোনো ডাঙৰ আগ্ৰহ দেখা নাপাওঁ. . . আমি আমাৰ নিজ নিজ সংখ্যালঘুসকলৰ বাবে নিগ্ৰো, ইহুদী আৰু সমকামী হিচাপে অধিকাৰ প্ৰাপ্ত কৰিবলৈ আগ্ৰহী। আমি কিয় নিগ্ৰো, ইহুদী বা সমকামী, সেয়া সম্পূৰ্ণৰূপে অপ্ৰাসংগিক আৰু আমাক শ্বেতাংগ, খ্ৰীষ্টান বা বিষমকামী লৈ পৰিৱৰ্তন কৰিব পাৰিনে নহয় সেয়াও সমানে অপ্ৰাসংগিক।

কামেনিযয়ে যুক্তি দিছিল যে সমকামিতা এক সামাজিক হিত হ'ব পাৰে: "মই এই স্থিতি গ্ৰহণ কৰোঁ যে সমকামিতা কেৱল প্ৰবৃত্তিৰ দ্বাৰা হওক বা অনৈতিক নহয়, কিন্তু প্ৰাপ্তবয়স্কসকলক সন্মতি দিয়াৰ দ্বাৰা কৰা সমকামী কাৰ্য্য নৈতিক, ইতিবাচক আৰু প্ৰকৃত অৰ্থত, আৰু ব্যক্তিগত অংশগ্ৰহণকাৰী আৰু তেওঁলোকে বাস কৰা সমাজৰ বাবে সঠিক, ভাল আৰু আকাংক্ষিত।" অৱশেষত তেওঁ ১৯৬৮ চনত ষ্টাকলি কাৰমাইকেলৰ "ব্লেক ইজ বিউটিফুল" শ্লোগান শুনি "গে ইজ গুড" শ্লোগানটো প্ৰস্তুত কৰিছিল।

১৯৭০-২০০০

১৯৭১ চনত কামেনি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ বাবে প্ৰথম মুকলিকৈ সমকামী প্ৰাৰ্থী হিচাপে পৰিগণিত হয়১৮ তেওঁ ভোট দান নকৰা কংগ্ৰেছৰ প্ৰতিনিধিৰ বাবে ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াৰ প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।১৪ ডেমক্ৰেট দলৰ প্ৰাৰ্থী ৱাল্টাৰ ই. ফাউনট্ৰয়ৰ হাতত পৰাজয়ৰ পিছত কামেনি আৰু তেওঁৰ প্ৰচাৰ সংগঠনে ৱাশ্বিংটন ডি.চি. গে এণ্ড লেছবিয়ান এলায়েন্স গঠন কৰে। এই সংগঠনে চৰকাৰক লবি কৰি সকলোৰে বাবে সমান অধিকাৰৰ বাবে মাত মাতি আহিছে।১৯

১৯৭২ চনত কামেনি আৰু বাৰবাৰা গিটিংছে আমেৰিকান চাইকিয়াট্ৰিক এছ'চিয়েচনৰ ডালাছত তেওঁলোকৰ বাৰ্ষিক সভাত "মনোৰোগ বিজ্ঞান: সমকামীৰ প্ৰতি বন্ধু নে শত্ৰু?" বিষয়ক এলানি বিতৰ্কৰ আয়োজন কৰিছিল। এই বিতৰ্কৰ বাবেই "ড° হেনৰী এনোনিমাছ"ৰ ছদ্মবেশত সমকামী মনোৰোগ বিশেষজ্ঞ ড.জন ই. ফ্ৰাইৰে এ.পি.এ.-ৰ ডায়গনষ্টিক এণ্ড ষ্টেটিষ্টিকেল মেনুৱেল অফ মেণ্টাল ডিচঅৰ্ডাৰচ (ডি.এছ.এম.)ত সমকামিতাক মানসিক ৰোগ হিচাপে তালিকাভুক্ত কৰাৰ বিষয়ে সাক্ষ্য দিছিল। কামেনিয়ে অসংখ্য সমকামী মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিছিল, কিন্তু ফ্ৰাইৰে একমাত্ৰ সাক্ষ্য দিবলৈ সন্মত হৈছিল। আনকি তেওঁ কেৱল টেম্পল বিশ্ববিদ্যালয়ত তেওঁৰ পদ হেৰুওৱাৰ ভয়ত ছদ্মবেশত এনে কৰিবলৈ মান্তি হৈছিল।২০ পৰৱৰ্তী বছৰত এপিএ-য়ে ডিএছএমৰ পৰা সমকামিতাক ৰোগ হিচাপে উল্লেখ কৰা অংশ আঁতৰাই পেলায়। কামেনিয়ে সেই দিনটোক ১৯৭৩ চনৰ ১৫ ডিচেম্বৰ তাৰিখে "মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা আৰোগ্য হোৱা" দিনটো বুলি বৰ্ণনা কৰিছিল।২১

'অশোভনীয় আচৰণ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীত গে আৰু লেছবিয়ানসকল' গ্ৰন্থৰ লেখক ৰেণ্ডি শ্বিল্টছে সমকামী বুলি আৱিষ্কাৰ হোৱাৰ পিছত সামৰিক সেৱাৰ পৰা সন্মানীয় ডিচচাৰ্জ প্ৰাপ্ত কৰাৰ প্ৰচেষ্টাত কেইবাজনো সদস্যক পৰামৰ্শ দিবলৈ কামেনিৰ কাম নথিভুক্ত কৰিছিল। ১৮ বছৰীয়া মেৰিন জেফ্ৰি ডানবাৰৰ বাবে:

কামেনিয়ে যুৱকজনৰ শুনানিত সাক্ষ্য দিবলৈ সমকামী প্ৰাক্তন মেৰিনসকলক যোগাযোগ কৰিছিল। ৱাশ্বিংটন পোষ্টে এটা সম্পাদকীয় তৈয়াৰ কৰি এক উন্নীত ডিচচাৰ্জৰ সমৰ্থন কৰিছিল, য'ত উল্লেখ কৰা হৈছিল যে ডানবাৰ "কোনো কেলেংকাৰীত জড়িত নাছিল আৰু মেৰিন কৰ্পছৰ বাবে কোনো লাজ কঢ়িয়াই অনা নাছিল", আৰু অবাঞ্ছিত ডিচচাৰ্জক "অদ্ভুত আৰু, আমি ভাবো, সামৰিক 'ন্যায়' অনুসৰণ কৰাৰ অৰ্থহীন উপায়" বুলি অভিহিত কৰিছিল।

১৯৭৫ চনত সমকামী সকলৰ ওপৰত সামৰিক বাহিনীৰ নিষেধাজ্ঞাৰ প্ৰতি প্ৰত্যাহ্বান আৰম্ভ কৰাৰ বাবে এক অনবদ্য অভিলেখ থকা সমকামী সেৱাৰ সদস্যৰ সন্ধানত ১১ বছৰৰ নিষ্কলঙ্ক সেৱা আৰু পাৰপেল হাৰ্ট আৰু ব্ৰঞ্জ ষ্টাৰৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ এজন কাৰিকৰী চাৰ্জেণ্ট লিঅনাৰ্ড মাটলোভিচক উদ্দেশ্য প্ৰণোদিতভাৱে ৬ মাৰ্চত তেওঁৰ কমাণ্ডিং বিষয়াৰ ওচৰত নিজৰ যৌন অভিমুখীতাৰ কথা প্ৰকাশ কৰা হৈছিলোঁ। ১৯৭৫ চনত মাটলোভিচে প্ৰথমে এয়াৰ ফৰ্চ টাইমছত এটা সাক্ষাৎকাৰত কামেনিৰ লক্ষ্যৰ বিষয়ে পঢ়িছিল। প্ৰথমে টেলিফোনযোগে কথা পাতি তেওঁলোকে অৱশেষত লগ পাইছিল আৰু এচিএলইউৰ এটৰ্ণী ডেভিদ এডলষ্টোনৰ সৈতে আইনী প্ৰত্যাহ্বানৰ পৰিকল্পনা কৰিছিল। নিউয়ৰ্ক টাইমছ আলোচনীৰ সৈতে মাটলোভিচৰ সাক্ষাৎকাৰৰ পিছত তেওঁলোকৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল। কিয়নো কামেনিয়ে অনুভৱ কৰিছিল যে মাটলোভিচে সমকামী সম্প্ৰদায়ক নেতিবাচকভাৱে চিত্ৰিত কৰি কৈছিল যে তেওঁ বিষমকামী হবলৈ পছন্দ কৰিলেহেঁতেন।২২

১৯৭৫ চনৰ অক্টোবৰ মাহত চাকৰিৰ পৰা ডিচচাৰ্জ লাভ কৰা মাটলোভিচক ১৯৮০ চনত ফেডাৰেল জিলা আদালতে এক ৰায়দানত পুনৰ চাকৰিত যোগদান কৰাৰ নিৰ্দেশ দিছিল যিটো কাৰিকৰীভাৱে কেৱল তেওঁৰ ওপৰত প্ৰযোজ্য আছিল। বায়ু সেনাই তেওঁক পুনৰ অব্যাহতি দিয়াৰ বাবে আন এটা অজুহাত সৃষ্টি কৰিব বুলি নিশ্চিত হৈ মাটলোভিচে ইয়াৰ পৰিৱৰ্তে এক বিত্তীয় মীমাংসা স্বীকাৰ কৰে। ১৯৮৮ চনৰ জুনত এইচ.আই.ভি/এইড্‌ছৰ জটিলতাৰ ফলত তেওঁৰ মৃত্যুলৈকে তেওঁৰ সমকামী সক্ৰিয়তাৰ কাম অব্যাহত ৰাখে। কামেনি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত এজন সন্মানীয় পেলবেয়াৰ আছিল আৰু ৱাশ্বিংটন ডি.চি. কংগ্ৰেছনেল চিমেট্ৰিত গ্ৰেভচাইড সেৱাত ভাষণ দিছিল।

১৯৭৭ চনৰ ২৬ মাৰ্চ তাৰিখে কামেনি আৰু গে আৰু লেছবিয়ান সম্প্ৰদায়ৰ আন এক ডজন সদস্যই তেতিয়াৰ ৰাষ্ট্ৰীয় সমকামী টাস্ক ফ'ৰ্চৰ নেতৃত্বত ফেডাৰেল আইন আৰু নীতিৰ অতি প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে তেতিয়াৰ ৰাজহুৱা যোগাযোগ মিজ কষ্টাঞ্জাক অৱগত কৰে। ইয়াৰ ফলত প্ৰথম বাৰৰ বাবে সমকামী অধিকাৰৰ বিষয়ে হোৱাইট হাউচত আনুষ্ঠানিকভাৱে আলোচনা কৰা হৈছিল।২৩২৪

কামেনিক ১৯৭০ৰ দশকত ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াৰ মানৱ অধিকাৰ আয়োগৰ প্ৰথম মুকলিকৈ সমকামী সদস্য হিচাপে নিযুক্ত কৰিছিল।৮

২০০৯ চনৰ জুন মাহত প্ৰতিবাদৰ সময়ত ব্যৱহৃত চিহ্নৰ সন্মুখত কামেনি
২০০৯ চনৰ জুন মাহত প্ৰতিবাদৰ সময়ত ব্যৱহৃত চিহ্নৰ সন্মুখত কামেনিছবি: DCVirago · CC BY-SA 2.0

২০০০-২০১১

২০০৭ চনত কামেনিৰ মৃত্যুৰ বিষয়ে দা এডভোকেট কাকতত ভুলবশতঃ ইয়াৰ ২২ মে'ৰ "প্ৰাইড ইছ্যু"ত হ'ব জনোৱা হৈছিল। লগতে তেওঁৰ এইচ.আই.ভি/এইড্‌ছ থকা বুলি ভুল প্ৰতিবেদন দিয়া হৈছিল। প্ৰতিবেদনখন ক্ষমা বিচাৰি প্ৰত্যাহাৰ কৰা হৈছিল আৰু কামেনিয়ে দা এডভোকেট কাকতখনক সুধিছিল, "আপুনি মৃত্যুৰ তাৰিখ দিছিলনে?"২৫

২০০৭ চনত কামেনিয়ে আইডাহো ৰিপাব্লিকান চিনেটৰ লেৰী ক্ৰেগৰ পক্ষত ৰক্ষণশীল, সমকামী বিৰোধী প্ৰকাশন ৱৰ্ল্ডনেটডেইলীলৈ মিনিয়াপলিছ বিমানবন্দৰৰ বাথৰুমত যৌন সম্পৰ্কৰ অনুৰোধৰ বাবে ক্ৰেগক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত এখন পত্ৰ লিখিছিল। তেওঁ এইদৰে শেষ কৰিছিল: "মই লেৰী ক্ৰেগৰ কোনো প্ৰশংসক নহয় আৰু তেওঁৰ বাবে কোনো চমু কথা নকওঁ। তেওঁ এজন ভণ্ড হোমোফোবিক গোঁড়া। কিন্তু যি ন্যায্য সেয়া হোৱা উচিত। তেওঁ মিনিয়াপলিছত কোনো অপৰাধ কৰা নাছিল আৰু তেওঁ যিদৰে ভুগিছিল তেনেকৈ ভুগিব নালাগিছিল।" নিউয়ৰ্ক টাইমছৰ ফ্ৰেংক ৰিচে কামেনিৰ সৈতে ক্ৰেগৰ ক্ষমাৰ আহ্বান জনাইছিল।২৬

২০০৭ চনৰ নৱেম্বৰ মাহত কামেনিয়ে এনবিচিৰ সাংবাদিক টম ব্ৰোকাও আৰু তেওঁৰ প্ৰকাশক ৰেণ্ডম হাউচলৈ প্ৰতিবাদৰ এখন মুকলি পত্ৰ লিখিছিল। ব্ৰোকাৱে ১৯৬০ৰ দশকত গে আৰু লেছবিয়ান অধিকাৰৰ সক্ৰিয়তাৰ সম্পূৰ্ণ অভাৱ আৰু "সমকামিতা নিৰ্মূল কৰা' উল্লেখ কৰিছিল।২৭ এই পত্ৰখনত ৱাশ্বিংটন পোষ্টৰ প্ৰাক্তন সম্পাদক হাৱাৰ্ড কুৰ্টজ, হেৰী ৰুবিনষ্টাইন (কিউৰেটৰ, নেচনেল মিউজিয়াম অৱ আমেৰিকান হিষ্ট্ৰি),জন আৰ্ল হেইনছ, ডুডলি ক্লেণ্ডিনেন আৰু ষ্টিফেন বট্টমে সহ-স্বাক্ষৰ কৰে। ব্ৰোকাৱে কুৰ্টজৰ চিএনএন অনুষ্ঠান নিৰ্ভৰযোগ্য উৎসত বৰ্জনৰ প্ৰতিৰক্ষাৰ বাবে উপস্থিত হৈ কৈছিল যে "সমকামী অধিকাৰ আন্দোলন অলপ পিছত আহিছিল। এইটো সেই সময়ছোৱাত উঠাই লৈছিলোঁ আৰু মই কিহৰ ওপৰত মনোযোগ দিবলৈ গৈ আছিলো সেই বিষয়ে মই কিছু বাছনি কৰিব লগা হৈছিল। ডাঙৰ বিষয়বোৰ আছিল যুদ্ধ বিৰোধী আন্দোলন, প্ৰতিসংস্কৃতি।" ২৮

ৱাছিংটন ডি.চি.ৰ ৰাজ্যত্বৰ দাবী

২০১১ চনত ডিচি ষ্টেটৱে পালিচাডেছ চুবুৰীয়াৰ বাৰ্ষিক ৪ জুলাই পেৰেডত হেক্টৰ ৰড্ৰিগেজ আৰু ফ্ৰেংক কামেনিৰ সমৰ্থন কৰা মুহূৰ্ত
২০১১ চনত ডিচি ষ্টেটৱে পালিচাডেছ চুবুৰীয়াৰ বাৰ্ষিক ৪ জুলাই পেৰেডত হেক্টৰ ৰড্ৰিগেজ আৰু ফ্ৰেংক কামেনিৰ সমৰ্থন কৰা মুহূৰ্তছবি: Ann Loikow · CC BY-SA 4.0

১৯৮১ চনত কামেনি ডিষ্ট্ৰিক্ট অৱ কলম্বিয়া ৰাজ্যিক সাংবিধানিক সন্মিলনৰ নিৰ্বাচিত প্ৰতিনিধি হয়।২৯ এয়া ৱাছিংটন ডিচি ৰাজ্যলৈ ৰূপান্তৰণৰ দিশত এক পদক্ষেপ আছিল।৩০ জীৱনৰ শেষৰ ফালে তেওঁ ডিচি ৰাজ্যৰ হৈ অধিবক্তা আছিল।৩১ পালিচাডেছৰ এজন বাসিন্দা হিচাপে কামেনিয়ে তেওঁৰ চুবুৰীয়াৰ বাৰ্ষিক ৪ জুলাইৰ পেৰেডত প্ৰতিবছৰে অংশগ্ৰহণ কৰিছিল।

মৃত্যু

ফ্ৰেংক কামেনি তেওঁৰ জীৱনৰ অন্তিম কালছোৱাত হৃদৰোগত আক্ৰান্ত হৈছিল। কিন্তু তেওঁ ৰাজহুৱা জীৱন সম্পূৰ্ণ সময়সূচী বজাই ৰাখিছিল। ২০১১ চনৰ ৩০ ছেপ্টেম্বৰ তাৰিখে ৱাশ্বিংটন ডি.চি.ত এক এলজিবিটি গোটত তেওঁ নিজৰ অন্তিম ভাষণ দিছিল।

কামেনিক ২০১১ চনৰ ১১ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় কামিং আউট দিৱসৰ দিনা তেওঁৰ ৱাশ্বিংটনৰ ঘৰত মৃত অৱস্থাত পোৱা গৈছিল।৩২ চিকিৎসকে তেওঁৰ মৃত্যুৰ কাৰণ এথেৰোস্কল্‌ৰোছিছ নামৰ হৃদযন্ত্ৰৰ অসুখৰ বাবে হোৱা প্ৰাকৃতিক কাৰণ বুলি নিৰ্ধাৰণ কৰিছিল।৩৩

বঁটা আৰু সন্মান

২০০৬ চনত কামেনি আৰু বাৰবাৰা গিটিংছে আমেৰিকান চাইকিয়াট্ৰিক এছ'চিয়েচনৰ পৰা প্ৰথমজন ই ফ্ৰাইৰ এমডি বঁটা লাভ কৰিছিল।৩৪ ২০০৭ চনত স্মিথচোনিয়ান ইনষ্টিটিউচনৰ নেচনেল মিউজিয়াম অফ আমেৰিকান হিষ্ট্ৰীত ১৯৬৫ চনত হোৱাইট হাউচৰ সন্মুখত কঢ়িয়াই অনা কামেনিৰ পিকেট চিহ্নবোৰ "আমেৰিকান ইতিহাসৰ অমূল্য ৰত্ন" প্ৰদৰ্শনীত অন্তৰ্ভুক্ত কৰা হৈছিল। হোৱাইট হাউচৰ সন্মুখত অনুষ্ঠিত সমকামী অধিকাৰৰ বাবে প্ৰথম প্ৰদৰ্শনত গে' আৰু লেছবিয়ান আমেৰিকানসকলে কঢ়িয়াই অনা মূল পিকেট চিহ্নবোৰৰ ভিতৰত স্মিথচোনিয়ানৰ ওচৰত এতিয়া ১২টা মূল পিকেট চিহ্ন আছে।৩৫ লাইব্ৰেৰী অৱ কংগ্ৰেছে ২০০৬ চনত কামেনিৰ কাকত সমূহ অধিগ্ৰহণ কৰে আৰু তেওঁৰ জীৱন আৰু নেতৃত্বৰ কাহিনী নথিভুক্ত কৰে।৩৬

২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত ডিষ্ট্ৰিক্ট অৱ কলম্বিয়াৰ ঐতিহাসিক সংৰক্ষণ পৰ্যালোচনা ব'ৰ্ডৰ দ্বাৰা ৱাশ্বিংটন ডি.চি.ৰ ঐতিহাসিক স্থান হিচাপে কামেনিৰ ঘৰক মনোনীত কৰা হয়।৩৭ ২০০৯ চনৰ ২৯ জুন মাহতজন বেৰীয়ে (কৰ্মচাৰী ব্যৱস্থাপনা কাৰ্যালয়ৰ সঞ্চালক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ হৈ কামেনিৰ ওচৰত আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিছিল।১৪৩৮ মুকলিকৈ সমকামী বেৰীয়ে কামেনিক অ'পিএমৰ আটাইতকৈ সন্মানীয় বঁটা থিঅ'ডৰ ৰুজভেল্ট বঁটা প্ৰদান কৰে।৩৯

ফ্ৰেংক কামেনি ৱে, ৱাছিংটন ডি.চি.
ফ্ৰেংক কামেনি ৱে, ৱাছিংটন ডি.চি.ছবি: Kyle Flood Kcflood (talk) · Public domain

২০১০ চনৰ ১০ জুন তাৰিখে ডুপণ্ট চাৰ্কল এডভাইজৰী নেবাৰহুড কমিছনৰ ভোটেৰে ৱাশ্বিংটন ডি.চি.ৰ মেয়ৰ এড্ৰিয়ান ফেণ্টিয়ে কামেনিৰ সন্মানত পি আৰু আৰ ষ্ট্ৰীট, এন.ডব্লিউ.ৰ মাজত ১৭তম পথক "ফ্ৰেংক কামেনি ৱে" হিচাপে নিৰ্ধাৰণ কৰা নতুন পথচিহ্ন উন্মোচন কৰিছিল।৪০ ২০১০ চনৰ ১০ ডিচেম্বৰ তাৰিখে কেনন হাউচ অফিচ বিল্ডিংৰ ককাচ কোঠাত এক মধ্যাহ্নভোজনত কামেনিক ২০১০ কৰ্ণেলিয়াছ আৰ. "নীল" আলেকজেণ্ডাৰ মানৱতাবাদী বঁটাৰে সন্মানিত কৰা হৈছিল।৪১ তেওঁক একেবছৰৰ ২২ ডিচেম্বৰ তাৰিখে অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল য'ত ৰাষ্ট্ৰপতি বাৰাক অ'বামাই ২০১০ চনৰ ডণ্ট আস্ক, ডণ্ট টেল ৰিপেইল এক্টত স্বাক্ষৰ কৰিছিল। কামেনি ট্ৰাইএংগেল ফাউণ্ডেচনৰ উপদেষ্টা মণ্ডলীৰ সদস্য আছিল।৪২

কামেনিৰ মৃত্যুৰ পিছত চান ফ্ৰাঞ্চিস্কোৰ কাষ্ট্ৰ চুবুৰীয়াৰ মাৰ্কেট ষ্ট্ৰীট আৰু কাষ্ট্ৰ ষ্ট্ৰীটৰ কোণত থকা ফ্লেগ পোলত থকা বিশাল ৰামধেনু পতাকাখন ৰামধেনু পতাকাৰ সৃষ্টিকৰ্তা গিলবাৰ্ট বেকাৰৰ অনুৰোধত ২০১১ চনৰ ১২ তাৰিখৰ আবেলিৰ পৰা ২৪ ঘণ্টাৰ বাবে অৰ্ধনমিত কৰা হৈছিল। ২০১১ চনৰ ২ নৱেম্বৰ তাৰিখে কামেনিৰ ঘৰটো ঐতিহাসিক স্থানৰ ৰাষ্ট্ৰীয় পঞ্জীত তালিকাভুক্ত কৰা হৈছিল।৪৩৪৪৪৫

২০১২ চনৰ জানুৱাৰী মাহত আমেৰিকান এষ্ট্ৰোনমিকেল চছাইটিয়ে কামেনিলৈ উছৰ্গিত বঁটা প্ৰদান কৰিবলৈ এক ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰে, "সমকামী পুৰুষ আৰু মহিলাৰ বাবে সমান অধিকাৰ ৰক্ষাৰ বাবে তেওঁৰ আজীৱন প্ৰতিশ্ৰুতি" আৰু তেওঁৰ "সক্ৰিয়তাই কেনেকৈ বহুতো কেৰিয়াৰ কমাই দিয়া বৈষম্যমূলক বাধাবোৰ আঁতৰাই পেলাইছিল।" তেওঁৰ মৃত্যুৰ কেইবামাহ আগতে এই স্বীকৃতিৰ পৰিকল্পনা কৰা হৈছিল কিন্তু সভা অনুষ্ঠিত হোৱাৰ আগতে কামেনিৰ মৃত্যু হৈছিল। কামেনিৰ হৈ তেওঁৰ ঘনিষ্ঠ ব্যক্তিগত বন্ধু চাৰ্লছ ফ্ৰান্সিছ, কামেনি পেপাৰছ প্ৰকল্পৰ সহ-প্ৰতিষ্ঠাপক আৰু কেৰিয়াৰৰ বিভিন্ন পৰ্যায়ত তিনিজন এলজিবিটিকিউ জ্যোতিৰ্বিজ্ঞানীয়ে এই বঁটা গ্ৰহণ কৰে।৪৬

২০১২ চনৰ ৩ জুলাই তাৰিখে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংঘ আৰু মাইনৰ প্লেনেট চেণ্টাৰৰ দ্বাৰা কামেনিৰ সন্মানত গ্ৰহাণু (৪০৪৬৩) ফ্ৰেংককামেনি নাম ৰখা হয়।৪৭৪৮৪৯৫০৫১৫২ ২০১৩ চনত কামেনিক লিগেচী ৱাকত অন্তৰ্ভুক্ত কৰা হৈছিল যি হৈছে চিকাগোৰ ৰাজহুৱা স্থানত এলজিবিটি ইতিহাস আৰু লোকসকলক উদযাপন কৰা প্ৰদৰ্শন।৫৩ ২০১৫ চনত কামেনিয়ে তেওঁৰ স্মাৰক স্থানত ৱাশ্বিংটন ডি.চি.ৰ কংগ্ৰেছেল চিমেট্ৰিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভেটেৰেন্স এডমিনিষ্ট্ৰেচন স্মাৰক ৰখা হৈছিল। একেবছৰৰ ১১ নৱেম্বৰ তাৰিখে ভেটেৰেন্স দিৱসৰ দিনা এক অনুষ্ঠানৰ সময়ত এই স্মাৰক শিলা উৎসৰ্গা কৰা হৈছিল। হেডষ্টোনৰ সন্মুখত "গে ইজ গুড" শ্লোগানেৰে খোদিত এটা আছে। কামেনিয়ে সেই শ্ল'গানটো প্ৰস্তুত কৰিছিল আৰু ২০০৯ চনৰ এপি সাক্ষাৎকাৰত ইয়াক প্ৰস্তুত কৰাৰ বিষয়ে কৈছিল, "যদি মোক যিকোনো বস্তুৰ বাবে মনত ৰখা হয় তেন্তে মই আশা কৰোঁ সেয়া এই শ্লোগান হ'ব।" ৫৪

২০১৯ চনৰ জুন মাহত কামেনি নিউয়ৰ্ক মহানগৰ চহৰৰ ষ্টোনৱাল ইনৰ ষ্টোনৱাল নেচনেল মনুমেণ্টৰ (এছএনএম) ভিতৰত নেচনেল এলজিবিটিকিউ ৱাল অফ অনাৰত অন্তৰ্ভুক্ত হোৱা উদ্বোধনী পঞ্চাশজন আমেৰিকান "অগ্ৰগামী, ট্ৰেলব্লেজাৰ আৰু নায়ক"ৰ ভিতৰত এজন আছিল।৫৫৫৬ এছএনএম হৈছে এলজিবিটিকিউ অধিকাৰ আৰু ইতিহাসৰ প্ৰতি সমৰ্পিত প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্মাৰক৫৭ আৰু ষ্টোনৱাল ঘটনাৰ ৫০তম বাৰ্ষিকীত ইয়াক উন্মোচন কৰা হৈছিল।৫৮

২০২১ চনৰ ২ জুন তাৰিখে ফ্ৰেংক কামেনিক সেইদিনাৰ গুগল ডুডলত গৌৰৱ মাহ উদযাপনত প্ৰদৰ্শিত কৰা হৈছিল।৫৯

বাহ্যিক সংযোগ

জীৱনীমূলক

কংগ্ৰেছৰ সাক্ষ্য

সাক্ষাৎকাৰ

বাতৰি

তথ্যসূত্ৰ

  1. ↑ Dunlap, David W. (October 12, 2011). Franklin Kameny, Gay Rights Pioneer, Dies at 86. The New York Times
  2. ↑ Bullough, Vern L. (2002). Before Stonewall: Activists for Gay and Lesbian Rights in Historical Context. The Haworth Press. পৃ. 207. ISBN 1-56023-193-9
  3. ↑ (February 27, 2009). Gay rights epicenter named landmark. USA Today
  4. ↑ Johnson, David K. (2002). Before Stonewall: Activists for Gay and Lesbian Rights in Historical Context. The Haworth Press. পৃ. 209–218. ISBN 1-56023-193-9
  5. ↑ Gaynair, Gillian. (June 8, 2009). DC pride festival honors gay rights pioneer Kameny. Associated Press
  6. ↑ De Leon, David. Leaders from the 1960s: A Biographical Sourcebook of American Activism. Greenwood Press (June 30, 1994). p. 253
  7. ↑ Jon Rowe. (February 14, 2008). Frank Kameny on Atheism, Theism, & Gays
  8. ↑ HRC, 'Franklin E. Kameny'. Hrc.org
  9. ↑ (May 1956). A Photoelectric Study of Some RV Tauri and Yellow Semiregular Variables. Harvard University
  10. ↑ Carter, David. Stonewall: The Riots That Sparked the Gay Revolution. St. Martin's Press; 1st edition (June 1, 2004)
  11. ↑ Shand-Tucci, Douglas. The Crimson Letter: Harvard, Homosexuality, and the Shaping of American Culture. St. Martin's Press; 1st edition (May 19, 2003). p. 268
  12. ↑ Hirshman, Linda. "OBIT: Present at the Creation: Frank Kameny, the modest, stubborn man who helped start the gay rights movement." Slate.com October 12, 2011
  13. ↑ Cecil Adams. (November 22, 1991). What percentage of black parentage do you need to be considered black?. The Straight Dope
  14. ↑ Kameny, Frank (b. 1925). glbtq, Inc
  15. ↑ The Gay Civil Rights Movement Turns to Public Picketing. The Rainbow History Project
  16. ↑ Kameny, Franklin E.. www.jfklibrary.org – John F. Kennedy Presidential Library & Museum
  17. ↑ Long, Michael G. (2012). Martin Luther King Jr., Homosexuality, and the Early Gay Rights Movement: Keeping the Dream Straight?. Palgrave Macmillan. পৃ. 124–26. ISBN 978-1-137-27551-6
  18. ↑ Boldt, David R. (February 23, 1971). Homosexual Files Delegate Papers: Number of Contestants Is Now Eight. The Washington Post. পৃ. A17
  19. ↑ Slavin, Sarah. (1995). U.S. women's interest groups: Institutional Profiles. Greenwood Publishing Group. পৃ. 645. ISBN 0-313-25073-1
  20. ↑ Scasta, David L. (2003) "John E. Fryer, MD, and the Dr. H. Anonymous Episode" in Drescher, Jack and Merlino, Joseph P. (eds.) (2012) American Psychiatry and Homosexuality: An Oral History Routledge. pp. 15–28; originally published in the Journal of Gay & Lesbian Psychotherapy 6(4):73–84
  21. ↑ Philip Kennicott. (September 8, 2007). At Smithsonian, Gay Rights Is Out of the Closet, Into the Attic. Washington Post
  22. ↑ Kameny, Franklin; Long, Michael G. (October 15, 2014). Gay Is Good: The Letters of Franklin Kameny
  23. ↑ (October 11, 2011). Task Force mourns the death of pioneering gay activist and founding board member Frank Kameny. National Gay and Lesbian Task Force
  24. ↑ (March 24, 2010). LGBT Advocate White House Aide Costanza Dies. Advocate.com
  25. ↑ (May 16, 2007). Frank Kameny: Alive and laughing. The Advocate
  26. ↑ Frank Rich. (September 23, 2007). Pardon Poor Larry Craig. The New York Times
  27. ↑ (November 26, 2007). Frank Kameny Writes Tom Brokaw. Kamenypapers.org
  28. ↑ (November 25, 2007). Interview With Tom Brokaw; Clinton, Obama Make Headlines With Reaction to Robert Novak's Column. CNN
  29. ↑ Frank Kameny Papers: A Finding Aid to the Collection in the Library of Congress, Biographical Note, Library of Congress, retrieved May 15, 2021
  30. ↑ Statehood Preamble Stresses D.C. Diversity by Paul W. Valentine, Washington Post, March 19. 1982, accessed May 15, 2021
  31. ↑ Frank Kameny, D.C. Statehood Hero, DC Statehood Yes We Can, accessed May 15, 2021
  32. ↑ Chibbaro, Lou. (October 11, 2011). Longtime gay activist Frank Kameny passes on. Washingtonblade.com
  33. ↑ Chibbaro, Lou. (October 26, 2011). Medical Examiner says Kameny died of heart disease. Washingtonblade.com
  34. ↑ AGLPNewsletterAug06
  35. ↑ Bianco, p. 167
  36. ↑ (October 6, 2006). Gay Civil Rights Pioneer Frank Kameny Presents Lifetime Papers and Historic Artifacts to the Nation. Smithsonian National Museum of American History
  37. ↑ Petula Dvorak. (February 27, 2009). NW Home of Activist Made Historic Site. Washington Post
  38. ↑ Noel Brinkerhoff. (June 30, 2009). U.S. Government Formally Apologizes for 1957 Firing of Gay Astronomer. AllGov.com
  39. ↑ Kevin Naff. (June 29, 2009). Gov't apologizes to Kameny. Washington Blade
  40. ↑ Chibarro, Jr., Lou. (June 8, 2010). 'Kameny Way' ceremony highlights Capital Pride events. The Washington Blade
  41. ↑ Peter Rosenstein. (December 10, 2010). Kameny honored on Capitol Hill
  42. ↑ Triangle Foundation. Tri.org
  43. ↑ Roehr, Bob. (October 13, 2011). Gay Pioneer Frank Kameny Dies. Ebar.com – Bay Area Reporter
  44. ↑ (October 31, 2011). National Register to Accept Kameny House. Metroweekly.com
  45. ↑ Mark Meinke. (July 22, 2006). National Register of Historic Places Registration: Dr. Franklin E. Kameny Residence. National Park Service (__ pages, with __ figures and __ photos)
  46. ↑ AAS Celebrates the Late Dr. Frank Kameny's Lifetime Efforts for Equal Employment Rights · American Astronomical Society. aas.org
  47. ↑ (July 3, 2012). Minor Planets Circular 79711. Minor Planet Center
  48. ↑ US: Gay rights campaigner Frank Kameny has asteroid named for him, Pink News, July 10, 2012
  49. ↑ Asteroid between Mars, Jupiter named for US gay rights pioneer Frank Kameny, The Washington Post, July 10, 2012
  50. ↑ Brett Zongker, Asteroid named for gay rights pioneer Frank Kameny, Business Week, July 10, 2012
  51. ↑ Andrew Davis, Canadian names asteroid for Kameny; Anderson Cooper inspires Chinese, Windy City Times, July 10, 2012
  52. ↑ Freya Petersen, Canadian astronomer names asteroid after gay rights activist, Alaska Dispatch, July 11, 2012
  53. ↑ Dane Tidwell. Chicagophoenix.com
  54. ↑ (October 12, 2011). Pioneer Who Coined Phrase 'Gay Is Good' Dead at 86. Newser.com
  55. ↑ Glasses-Baker, Becca. (June 27, 2019). National LGBTQ Wall of Honor unveiled at Stonewall Inn. www.metro.us
  56. ↑ SDGLN, Timothy Rawles-Community Editor for. (June 19, 2019). National LGBTQ Wall of Honor to be unveiled at historic Stonewall Inn. San Diego Gay and Lesbian News
  57. ↑ Groups seek names for Stonewall 50 honor wall. The Bay Area Reporter / B.A.R. Inc.
  58. ↑ (April 3, 2019). Stonewall 50. San Francisco Bay Times
  59. ↑ Massie, Graeme. (June 2, 2021). Frank Kameny: Google Doodle marks Pride Month by honouring gay rights activist and astronomer. The Independent

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিসমাজকৰ্মীএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰেংক কামেনি” প্ৰবন্ধৰ সংশোধন ৬৩৭৪১৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।