অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

পায়ু সংগম

পায়ু সংগম বা পায়ুকাম হৈছে সাধাৰণতে যৌন আনন্দৰ বাবে কোনো ব্যক্তিৰ শিশ্ন বা লিংগ আন কোনো ব্যক্তিৰ পায়ু বা মলদ্বাৰত সুমুৱাই দিয়া আৰু সঞ্চালন কৰা। পায়ুপথৰ যৌন সম্পৰ্কৰ অন্যান্য কাৰ্য্যকলাপসমূহ হ'ল পায়ুপথত আঙুলিৰ সঞ্চালন কৰা, মলদ্বাৰত কৃত্ৰিম লিংগ সুমুৱাই দিয়া আৰু পেগিং কৰা।

হালনাগাদ: ১৫ মাৰ্চ ২০২৬ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পায়ু সংগম বা পায়ুকাম হৈছে সাধাৰণতে যৌন আনন্দৰ বাবে কোনো ব্যক্তিৰ শিশ্ন বা লিংগ (জৈৱিক) আন কোনো ব্যক্তিৰ পায়ু বা মলদ্বাৰত সুমুৱাই দিয়া আৰু সঞ্চালন কৰা। ১ ২ পায়ুপথৰ যৌন সম্পৰ্কৰ অন্যান্য কাৰ্য্যকলাপসমূহ হ'ল পায়ুপথত আঙুলিৰ সঞ্চালন কৰা, মলদ্বাৰত কৃত্ৰিম লিংগ সুমুৱাই দিয়া আৰু পেগিং কৰা। ৩ ৪

পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে পুৰুষ-পুৰুষৰ যৌন সম্পৰ্কৰ বাবে বেছিকৈ জনা যায় যদিও বিপৰীতকামিতা বা বিষমযৌনতাতো পায়ুপথৰ যৌন সম্পৰ্ক সাধাৰণতে দেখা যায়। ৫ ৬ মহিলা-মহিলাৰ যৌন সম্পৰ্কতো বান্ধ খাই থকা কৃত্ৰিম লিংগৰ সৈতে পায়ুপথৰ যৌন সম্পৰ্ক জড়িত হৈ থাকে। ৭ কণ্ডম অবিহনে ভেদ কৰাটো ভেদকাৰীৰ বাবে বিপদজনক বুলি গণ্য কৰা হয়, ৮ ৯ আৰু সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে স্বাস্থ্য সংস্থাই পায়ুপথৰ যৌন সম্পৰ্কৰ বাবে সুৰক্ষিত যৌন সম্পৰ্কৰ পৰামৰ্শ দিয়ে। ১০ যদিও যিজন ব্যক্তিৰ মলদ্বাৰত লিংগ সোমোৱাই দিয়া হয়, তেওঁৰ মলদ্বাৰৰ ক্ষতিৰ পৰা হাত সাৰিব নোৱাৰি; পায়ুপথৰ সংগমৰ ফলত মলদ্বাৰত অৰ্শ ৰোগ হয় আৰু পায়ুপথৰ সংগমৰ সময়ত লিংগটো মলদ্বাৰত প্ৰৱেশ কৰাৰ পিছত ৰক্ত সঞ্চালনৰ ফলত পায়ুপথৰ নলীত দাগ পৰে আৰু মলদ্বাৰৰ ভিতৰত আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।ইয়াৰ উপৰিও হিউমেন পেপিলোমা ভাইৰাছ (চমুকৈ এইচ পি ভি) ) লিংগৰ মলদ্বাৰত প্ৰৱেশৰ জৰিয়তে মলদ্বাৰত সোমাই পৰিলে কৰ্কট ৰোগ হয়। ১১ তাৰোপৰি বিভিন্ন সংস্কৃতি বিশেষকৈ ধৰ্মীয় আইনত ই বিতৰ্কিত।

পুৰুষৰ পৰা নাৰীলৈ

আচৰণ আৰু মতবাদসমূহ

মলদ্বাৰৰ আন্তঃ ভাগৰ পেশীবোৰ যোনিৰ পেশীৰ সৈতে একে নহয়, এয়া অধিক সংকুচিত আৰু এইকাৰকে যৌন সংগমত অধিক সন্তুষ্টি প্ৰদান কৰিব পাৰে। ২

পুৰুষৰ পৰা পুৰুষলৈ

আচৰণ আৰু প্ৰচলন

ঐতিহাসিকভাৱে পায়ুসংগমক সাধাৰণভাৱে পুৰুষ সমকামিতাৰ সৈতে জড়িত বুলি ধাৰণা কৰা হয় যদিও সাধাৰণতে পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা বহু সমকামী পুৰুষে পায়ুপথৰ যৌন সম্পৰ্কত লিপ্ত নহয়।৫ ৬ ১২ ১৩ লিংগ সুমুৱাই দিয়া মানুহজনক ইংৰাজীত ‘টপ্’ আৰু নিজৰ পায়ুতপথত শিন্ন গ্ৰহণ কৰা জনক ‘বটম’ বুলি কোৱা হয়। আনহাতেদি এই দুয়োধৰণৰ অভিজ্ঞতা উপভোগকৰা জনক ভাৰ্চেটাইল বুলি কোৱা হয়। ১৪

যিসকল পুৰুষে নিজৰ লিংগ আন পুৰুষৰ মলদ্বাৰত সুমুৱাব বিচাৰে তেওঁলোকে সাধাৰণতে মহিলাৰ বিকল্প হিচাপে তেনে কৰাৰ সম্ভাৱনা অধিক। ১২ ১৫

নাৰীৰ পৰা পুৰুষলৈ

যদি কোনো মহিলাই ষ্ট্ৰেপযুক্ত কৃত্ৰিম অংগ পিন্ধি পুৰুষৰ মলদ্বাৰত সুমুৱাই দিয়ে, তেন্তে ইয়াক পেগিং বুলি গণ্য কৰা হয়। ৪ ১৬

২০১০ চনৰ পৰিসংখ্যা অনুসৰি ৭ শতাংশ পুৰুষে এই ধৰণৰ পায়ুপথৰ সংগমৰ প্ৰতি আগ্ৰহী। ১৭

নাৰীৰ পৰা নাৰীলৈ

মহিলা সমকামিতাত মহিলাসকলে ষ্ট্ৰেপ অন ডিলডো পিন্ধে আৰু মহিলাৰ মলদ্বাৰৰ ভিতৰত কাম কৰে। ৭ ১৮

তথ্যসূত্ৰ

  1. ↑ Wayne Weiten; Margaret A. Lloyd. (2016). Psychology Applied to Modern Life: Adjustment in the 21st century. Cengage Learning. পৃ. 349. ISBN 1305968476
  2. ↑ Anal Sex Safety and Health Concerns. WebMD
  3. ↑ Barry R. Komisaruk; Beverly Whipple. (2009). The Orgasm Answer Guide. JHU Press. পৃ. 108–109. ISBN 978-0-8018-9396-4
  4. ↑ Vern LeRoy Bullough; Bonnie Bullough. (1994). Human Sexuality: An Encyclopedia. Taylor & Francis. পৃ. 27–28. ISBN 0824079728
  5. ↑ (June 13, 2008). Not all gay men have anal sex. Go Ask Alice!
  6. ↑ Kaye Wellings; Kirstin Mitchell. (2012). Sexual Health: A Public Health Perspective. McGraw-Hill International. পৃ. 91. ISBN 0335244815
  7. ↑ Felice Newman. (2004). The Whole Lesbian Sex Book: A Passionate Guide For All Of Us. Cleis Press. পৃ. 205–224. ISBN 978-1-57344-199-5
  8. ↑ Dianne Hales. (2008). An Invitation to Health Brief 2010-2011. Cengage Learning. পৃ. 269–271. ISBN 0495391921
  9. ↑ Werner W. K. Hoeger; Sharon A. Hoeger. (2010). Lifetime Fitness and Wellness: A Personalized Program. Cengage Learning. পৃ. 455. ISBN 1133008585
  10. ↑ World Health Organization, Department of Reproductive Health and Research Global strategy for the prevention and control of sexually transmitted infections: 2006–2015. Breaking the chain of transmission, 2007
  11. ↑ Risk Factors for Anal Cancer. cancer.org
  12. ↑ Edwin Clark Johnson; Toby Johnson. (2008). Gay Perspective: Things Our Homosexuality Tells Us about the Nature of God & the Universe. Lethe Press. পৃ. 139. ISBN 978-1-59021-015-4
  13. ↑ Goldstone, Stephen E.; Welton, Mark L. (2004). Sexually Transmitted Diseases of the Colon, Rectum, and Anus. পৃ. 235–239
  14. ↑ Steven Gregory Underwood. (2003). Gay Men and Anal Eroticism: Tops, Bottoms, and Versatiles. Harrington Park Press. পৃ. 4–225. ISBN 978-1-56023-375-6
  15. ↑ Raymond A. Smith. (1998). Encyclopedia of AIDS: A Social, Political, Cultural and Scientific Record of the HIV Epidemic. Taylor & Francis. পৃ. 73–76. ISBN 0203305493
  16. ↑ Keesling, Barbara. (2005). Sexual Pleasure: Reaching New Heights of Sexual Arousal and Intimacy. Hunter House. পৃ. 221. ISBN 9780897934350
  17. ↑ Janell L. Carroll. (2012). Discovery Series: Human Sexuality. Cengage Learning. পৃ. 285. ISBN 1111841896
  18. ↑ JoAnn Loulan. (1984). Lesbian Sex. The University of California. পৃ. 53. ISBN 0-933216-13-0

সম্পৰ্কিত শ্ৰেণী

মানৱ যৌনতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পায়ু সংগম” প্ৰবন্ধৰ সংশোধন ৫৮৮৬৩১ (১৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।