অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছানী লিয়নি

কৰেনজিৎ কৌৰ ভোহৰা (Karenjit Kaur Vohra জন্ম: ১৩ মে', ১৯৮১), জনপ্ৰিয় নাম ছানী লিয়নি (Sunny Leone), এগৰাকী মডেল তথা আমেৰিকান আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁ এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকা। কানাডাৰ এটা ভাৰতীয় শিখ পৰিয়ালত লিয়নিয়ে জন্মগ্ৰহণ কৰিছিল।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ৭৪৮ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কৰেনজিৎ কৌৰ ভোহৰা (Karenjit Kaur Vohra জন্ম: ১৩ মে', ১৯৮১), জনপ্ৰিয় নাম ছানী লিয়নি (Sunny Leone), এগৰাকী মডেল তথা আমেৰিকান আৰু ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এগৰাকী অভিনেত্ৰী। তেওঁ এগৰাকী প্ৰাক্তন পৰ্ণ তাৰকা।১২ কানাডাৰ এটা ভাৰতীয় শিখ পৰিয়ালত লিয়নিয়ে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ কানাডীয়-আমেৰিকান নাগৰিকত্ব আছে। লিয়নিৰ ঘৰুৱা নাম কাৰেন।৩৪ ২০০৩ চনত তেওঁক পেণ্টহাউচ পেট অফ দা ইয়েৰ হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ভিভিড এণ্টাৰটেইনমেণ্টৰ চুক্তিবদ্ধ প্ৰদৰ্শক আছিল, আৰু ২০১০ চনত মেক্সিমে তেওঁক ১২জন শীৰ্ষ পৰ্ণ তাৰকাৰ ভিতৰত এজন হিচাপে নামকৰণ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

কৰেনজিৎ কৌৰ ভোহৰাৰ জন্ম হয় ১৯৮১ চনৰ ১৩ মে তাৰিখে অণ্টাৰিঅ'ৰ চাৰ্নিয়াৰ এটি শিখ ভাৰতীয় পঞ্জাবী পৰিয়ালত।৫৬৭ সৰু ছোৱালী হিচাপে, তেওঁ এগৰাকী স্ব-বৰ্ণিত টমবয়,৮ তথা খেলৰ প্ৰতি অধিক আগ্ৰহী আছিল আৰু ল'ৰাবোৰৰ সৈতে পদপথত হকী খেলিছিল।৯

যদিও পৰিয়ালটো শিখ আছিল,৭ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ সুৰক্ষাৰ কথা চিন্তা কৰি কেথলিক বিদ্যালয়ত নামভৰ্তি কৰাই দিছিল।৭১০১১ ১৩ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো মিচিগানৰ ফৰ্ট গ্ৰাটিঅটলৈ, আৰু এবছৰ পিছতে কেলিফৰ্ণিয়াৰ লেক ফৰেষ্টলৈ স্থানান্তৰিত হৈছিল।১০১২ এজন বাস্কেটবল খেলুৱৈৰ সৈতে ১৬ বছৰ বয়সত ছানীয়ে নিজৰ কুমাৰীত্ব হেৰুৱাই১৩ আৰু ১৮ বছৰ বয়সত তেওঁ নিজকে উভকামী বুলি আৱিষ্কাৰ কৰে।১৪১৩

প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ জীৱন

পৰ্ণ উদ্যোগত কাম কৰাৰ আগতে, তেওঁ এখন জাৰ্মান বেকাৰীত কাম কৰিছিল,১৫ এটা জিফি লুবে,১০ আৰু পিছত এটা কৰ আৰু অৱসৰ প্ৰতিষ্ঠানত কাম কৰা আৰম্ভ কৰে।১৬ ছানীয়ে নাৰ্ছ হ'বলৈও পঢ়া-শুনা কৰিছিল। ৮ এডাল্ট কেৰিয়াৰৰ বাবে নাম এটা বাছনি কৰোঁতে, তেওঁ কৈছিল যে ছানী তেওঁৰ প্ৰকৃত নাম আৰু 'লিয়নী' অংশ পেণ্টহাউচ আলোচনীখনৰ প্ৰাক্তন গৰাকী বব গুচিওনে বাছনি কৰিছিল। তেওঁ পেণ্টহাউচ আলোচনীৰ বাবে পজ দিছিল, আৰু মাৰ্চ ২০০১ সংখ্যাৰ বাবে পেণ্টহাউচ পেট অফ দা মান্থ হিচাপে মনোনীত হৈছিল,১৭। তেওঁ চেৰী,১৮ মিষ্টিক আলোচনী,১৯ হাই চছাইটি, সোয়াংক, এভিএন অনলাইন, লেগ ৱৰ্ল্ড, ক্লাব ইণ্টাৰনেচনেল আৰু লোৰাইডাৰকে ধৰি অন্যান্য আলোচনীতো প্ৰকাশিত হৈছে,২০২১ আনহাতে তেওঁৰ অনলাইন ক্ৰেডিটৰ ভিতৰত আছে মডএফএক্স মডেল,২২ চুজে ৰাণ্ডাল,২৩ কেন মাৰ্কাছ২৪ আৰু মেক এণ্ড বাম্বল। ২৫ ২০০৩ চনত, তেওঁক "পেণ্টহাউচ পেট অফ দা ইয়েৰ" হিচাপে মনোনীত কৰা হৈছিল আৰু টেৰা পেট্ৰিক আৰু কাইলা কোলৰ সৈতে পেণ্টহাউচ পেটছ ইন পেৰাডাইজ শীৰ্ষক ভিডিঅ'ত অভিনয় কৰিছিল। ২০০৫ চনত এডাম এণ্ড ইভে তেওঁক তেওঁলোকৰ ৱেষ্ট কোষ্ট ইণ্টাৰনেট বিক্ৰী প্ৰতিনিধি হিচাপে নিযুক্ত কৰিছিল।২৬

২০০৬ চনৰ এভিএন বঁটা বিতৰণ অনুষ্ঠানত ছানী
২০০৬ চনৰ এভিএন বঁটা বিতৰণ অনুষ্ঠানত ছানীছবি: jerone2 · CC BY-SA 2.0

২০০৫ চনত লিয়নে ভিভিড এণ্টাৰটেইনমেণ্টৰ সৈতে তিনি বছৰীয়া চুক্তি স্বাক্ষৰ কৰে যাৰ সৈতে তেওঁ হাৰ্ডক'ৰ পৰ্ণগ্ৰাফীৰ পৃথিৱীৰে জড়িত হয় আৰু কেৱল সমকামী দৃশ্যতহে অংশগ্ৰহণৰ চুক্তি চাক্ষৰ কৰে।৯ ইয়াৰ পিছত মুক্তি পোৱা তেওঁৰ প্ৰথমখন চলচ্চিত্ৰৰ শিৰোনাম আছিল ছানী।২৭

২০০৭ চনৰ মে মাহত ভিভিডৰ সৈতে আন ছয়খন চলচ্চিত্ৰৰ বাবে তেওঁ চুক্তিত পুনৰ স্বাক্ষৰ কৰাৰ পিছত লিয়নে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সমুখত পুৰুষৰ সৈতে প্ৰদৰ্শন কৰিবলৈ সন্মত হয়, কিন্তু কেৱল তেওঁৰ ফিয়াঞ্চে মেট এৰিকছনৰ সৈতে।২৮

২০০৯ চনৰ আগষ্টমাহত, তেওঁ ডেনিয়েল ৱেবৰক তেওঁৰ সংগী হিচাপে লৈ নিজৰ ষ্টুডিঅ' চানলাষ্ট পিকচাৰ্ছ মুকলি কৰাৰ কথা ঘোষণা কৰে।২৯ তেওঁৰ নতুন উদ্যোগৰ সৈতে লিয়নে ভিভিড এণ্টাৰটেইনমেণ্টক তেওঁৰ বিতৰক হিচাপে লৈ নিজৰ প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ লিখিবলৈ, পৰিচালনা কৰিবলৈ আৰু সৃষ্টি কৰাৰ পৰিকল্পনা ঘোষণা কৰে। তেওঁৰ প্ৰথম স্বতন্ত্ৰ প্ৰযোজনা দ্য ডাৰ্ক চাইড অফ দ্য চান ২০০৯ চনৰ মাৰ্চ মাহত মুক্তি পায় আৰু লাছ ভেগাছৰ ইৰোটিক হেৰিটেজ মিউজিয়ামত আত্মপ্ৰকাশ কৰে।৩০ ২০০৯ চনৰ জুন মাহত তেওঁ ছানি স্লাম্বাৰ পাৰ্টি২৯ (ছেপ্টেম্বৰ 2009 ত মুক্তি প্ৰাপ্ত) শীৰ্ষক তেওঁৰ দ্বিতীয় স্বতন্ত্ৰ প্ৰযোজনাৰ বাবে লাছ ভেগাছত কাষ্টিং কৰিছিল। তেওঁৰ আন তিনিটা স্ব-নিৰ্মিত গিয়া পোট্ৰেইট অফ এ পৰ্ণ ষ্টাৰ (২০১০) এভিএন পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছিল,২৯

জেনেচিছ আলোচনীৰ "শীৰ্ষ ১০০ পৰ্ণ তাৰকা" তালিকাত লিয়নীক ১৩ নম্বৰ স্থানত আছিল। ২০১০ চনত মেক্সিমে তেওঁক পৰ্ণৰ ১২ গৰাকী শীৰ্ষ মহিলা তাৰকাৰ ভিতৰত এগৰাকী হিচাপে নামকৰণ কৰে। আস্কমেনৰ তালিকাত তেওঁ ২০১২ চনৰ শীৰ্ষ ৯৯ গৰাকী মহিলাৰ ভিতৰত ৮২তম স্থানত আছিল। ২০১৩ চনত, তেওঁ প্ৰাপ্তবয়স্ক উদ্যোগৰ পৰা অৱসৰ ঘোষণা কৰি কয় যে "মই ভাগ্যৱান যে দৰ্শকে মোক গ্ৰহণ কৰিছে। মই তাৰ পৰা (পৰ্ণ উদ্যোগ) মোৰ পথলৈ আহিছোঁ। এতিয়ালৈকে তালৈ উভতি যোৱাৰ মোৰ কোনো পৰিকল্পনা নাই।" ৩১ ২০১৬ চনত, তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ এগৰাকী হিচাপে বাছনি কৰা হৈছিল।৩২ 'দা টেক' আলোচনীৰ অক্টোবৰ ২০১৬ সংখ্যাৰ তেওঁলোকৰ কভাৰ গাৰ্লৰ বাবে লিয়নীক বাছনি কৰিছিল। ৩৩

পৰিয়াল

এটা বঁটা বিতৰণ অনুষ্ঠানত স্বামী ৱেবৰৰ সৈতে ছানী, ২০১৭
এটা বঁটা বিতৰণ অনুষ্ঠানত স্বামী ৱেবৰৰ সৈতে ছানী, ২০১৭ছবি: Bollywood Hungama · CC BY 3.0

জুলাই ২০১৭ত, লিয়নী আৰু তেওঁৰ স্বামী ডেনিয়েল ৱেবৰে মহাৰাষ্ট্ৰৰ এখন গাওঁ লাতুৰৰ পৰা তেওঁলোকৰ প্ৰথম সন্তান হিচাপে এগৰাকী কণমাণিক তুলি লৈছিল আৰু নাম থৈছিল নিশা কৌৰ ৱেবৰ। তুলি লোৱাৰ সময়ত নিশাৰ বয়স আছিল ২১ মাহ। এই সম্পৰ্কে ডেনিয়েল ৱেবাৰে হিন্দুস্তান টাইমছক কৈছিল যে- "অনাথ আশ্ৰমত এনে ধৰণৰ আশ্চৰ্যকৰ কাম কৰা লোকসকলে মোৰ মন সলনি কৰি দিছিল।" ৩৪৩৫৩৬৩৭

৪ মাৰ্চ, ২০১৮ তাৰিখে, ছানী লিয়নী আৰু তেওঁৰ স্বামীয়ে তেওঁলোকৰ যমজ পুত্ৰ সন্তান জন্মৰ কথা জানিবলৈ দিয়ে, তেওঁলোকৰ এই দুই সন্তানৰ জন্ম চাৰোগেচীৰ পদ্ধতিৰে কৰিছিল। দুয়োৰে নাম ৰাখিছিল আশেৰ সিং ৱেবৰ আৰু নোৱা সিং ৱেবৰ। ৩৮৩৯

লেখিকা ৰূপত

"চুইট ড্ৰীমছ" হৈছে ছানী লিয়নীৰ দ্বাৰা লিখিত ১২টা চুটি গল্পৰ এখন গল্প সংকলন।৪০৪১ ছানীয়ে এই গল্পবোৰ ডিজিটেল ভাৱে ই-বুক ৰূপত প্ৰকাশ কৰিছিল আৰু ২০১৬ চনৰ ২২ এপ্ৰিলত এক মোবাইল এপৰ জৰিয়তে জাৰ্গানেট বুকছে এই গল্প সংকলনখন মুকলি কৰিছিল।৪২ প্ৰতি নিশা ১০ বজাত উক্ত এপটোত এটা কাহিনী উপলব্ধ কৰা হৈছিল।৪৩ ২০১৬ চনত ২০০ পৃষ্ঠাৰ মুদ্ৰিত সংস্কৰণো মুকলি কৰা হৈছিল।৪৪

চলচ্চিত্ৰৰ তালিকা

চনচলচ্চিত্ৰচৰিত্ৰভাষাclass="unsortable" | মন্তব্য
২০০৪''দা গাৰ্ল নেক্সট ড'ৰইংৰাজীকেমিও চৰিত্ৰত
২০০৮পইৰেট'চ ব্লাডছানীইংৰাজী
২০১০দা ভাৰ্জিনিটি হিটছানীইংৰাজী
২০১২জিচম-২ইজনাহিন্দীনায়িকা
rowspan="2" | ২০১৩শ্বুটআউট এট ওডালালায়লাহিন্দী"লায়লা" আইটেম সঙ্গীতত অভিনয়
''জেকপট (২০১৩)মায়াহিন্দীনায়িকা
rowspan="5" | ২০১৪ৰাগিনি এমএমএচ-২ছানীহিন্দীনায়িকা
ভাডাকাৰিতামিলআইটেম সংগীতত অভিনয়
হেট ষ্ট'ৰি-২স্ব-ভূমিকাতহিন্দীপিঙ্ক লিপচ আইটেম সঙ্গীতত অভিনয়
বালভিন্দৰ সিং ফেমাচ হ' গয়াস্ব-ভূমিকাতহিন্দীচ্যেক দেট বুটি আইটেম সঙ্গীতত অভিনয়
কাৰেণ্ট থীগাছানীতেলুগুকেমিও চৰিত্ৰত অভিনয়
rowspan="6" | ২০১৫ডিকেস্ব-ভূমিকাতকন্নড়আইটেম সঙ্গীতত অভিনয়
মাস্তিজাদেলায়য়া লালেহিন্দী
এক পেহেলি লীলালীলাহিন্দীনায়িকা
কুচ কুচ লোচা হ্যেঅনিৰ্ধাৰিতহিন্দী
টিনা এণ্ড ল'ল'টিনাহিন্দীবিলম্বিত

দূৰদৰ্শন

বৰ্ষধাৰাবাহিকচৰিত্ৰচেনেলটীকা
২০০৫এমটিভি বঁ‌টাপ্ৰতিবেদকএমটিভি ইণ্ডিয়াপ্ৰথম মূলধাৰাৰ উপস্থিতি
২০০৭ডেবি ডোৱেছ ডালাছস্ব-ভূমিকাশ্বোটাইমতথ্যচিত্ৰ
২০০৮মাই বেয়াৰ লেডী ২: অ'পেন ফৰ বিজনেছপ্ৰতিযোগীফক্স ৰিয়েলিটি চেনেল
কো-ইড কনফিডেন্সিয়েলষ্ট্ৰাইপাৰচিনেমেক্স আফটাৰ ডাৰ্কতিন পৰ্ব
২০১১বিগ বচ ৫প্ৰতিযোগীকালাৰ্ছ৯১ দিন পৰ্যন্ত
২০১৪হণ্টেড ৱিকেণ্ডছ ৱিথ ছানি লিয়নীউপস্থাপকএমটিভি ইণ্ডিয়া
২০১৪স্প্লিটছভিলা: ছিজন ৭ঘোষিত

অন্যান্য গণমাধ্যমত

বৰ্ষনিৰ্মাণচৰিত্ৰধৰণটীকা
২০০১লিভিন' ইট আপনৃত্যশিল্পীভিডিঅ' ক্লিপজা ৰুল-ৰ গানত
২০০৭পকেট পুলপেণ্টহাউছ পেটপ্লেষ্টেচন পোৰ্টেবল গেম

বিতৰ্ক

২০১৫ চনৰ মে মাহত ভাৰতৰ মুম্বাইত এগৰাকী মহিলাই লিয়নৰ ৱেবছাইট ছানীলিয়নী ডট্ কমৰ বিৰুদ্ধে ভাৰতীয় সংস্কৃতি ধ্বংস কৰি থকা বুলি এই গোচৰ ৰুজু কৰিছিল। ৰামনগৰ থানা আৰক্ষীৰ চাইবাৰ কৰ্তৃপক্ষই এই গোচৰটো ধাৰা ২৯২, ২৯২-ক, ২৯৪ ৰ অধিনত বিচাৰ কৰে। জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক জে কে সাৱন্তে কয় যে, "আমি ৱেবছাইটটো অৱৰোধ কৰিব নোৱাৰো, কিন্তু অপাৰেটৰজনক আপত্তিজনক সমল আঁতৰাবলৈ কম।" ৪৫

২০১৭ চনৰ নতুন বছৰৰ সময়ত, বাংগালোৰত বাংগালুৰু এন.ৱাই.ই ২০১৮-ত ছানী নাইট অনুষ্ঠানটোৰ বিৰুদ্ধে এক কানাড়া পন্থী গোটে প্ৰতিবাদ কৰিছিল। ছানী লিয়নীয়ে এই অনুষ্ঠানটোত অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছিল কিন্তু গোটটোৱে যুক্তি প্ৰদৰ্শন কৰিছিল যে ছানীৰ অশ্লীল চলচ্চিত্ৰৰে জড়িত অতীতত হেতু তেওঁক এনেকৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ দিয়াটো যুক্তি সংগত নহয়। প্ৰতিবাদকাৰীসকলে এক গণ আত্মহত্যাৰ ভাবুকি দিছিল আৰু কৰ্ণাটকৰ গৃহ মন্ত্ৰী ৰামলিঙ্গ ৰেড্ডীয়ে অনুষ্ঠানটোত উপস্থিত হ'বলৈ ছানীৰ অনুমতি অস্বীকাৰ কৰিছিল। ৪৬

২০১৮ চনত, এজন সমাজকৰ্মীয়ে চেন্নাইৰ নাজাৰেথপেট আৰক্ষী থানাত লিয়নীৰ পৰ্ণগ্ৰাফি প্ৰচাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। তেওঁৰ যুক্তি আছিল যে, এই কাৰ্য ভাৰতীয় ৰাষ্ট্ৰৰ আইনবিৰোধী। তেওঁ লগতে কৈছিল যে ই ভাৰতীয় সংস্কৃতিক মুখ্যতঃ আঘাত হানিব আৰু সমাজৰ নৈতিক গাঁথনি নষ্ট কৰিব।৪৭

প্ৰযোজক আৰু বিতৰক ভাৰত পেটেলে তেওঁৰ ছবি পেটেল কি পাঞ্জাৱী চাদীৰ বাবে এটা বিশেষ নৃত্যত অভিনয়ৰ বাবে স্বাক্ষৰিত মাচুল লিয়নীয়ে তেওঁৰ চৰিত্ৰটো বাতিল হোৱাৰ পিছত ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল। ৪৮

তথ্যসূত্ৰ

  1. ↑ Sunny Leone – Desi Porn. SunnyLeone.com
  2. ↑ Sunny Leone profile. AVN
  3. ↑ A Sunny day in Sarnia. The Globe and Mail
  4. ↑ How Karen Malhotra turned into a world-famous porn star Sunny Leone. santabanta.com
  5. ↑ (April 27, 2012). Sunny Leone's real name revealed!. Hindustan Times. Agencies
  6. ↑ Vickey Lalwani, Mumbai Mirror. (August 8, 2013). People in India are conservative: Sunny Leone. The Times of India
  7. ↑ Weisblott, Marc. (July 4, 2008). Sunny Leone's America. Eye Weekly
  8. ↑ Bengali, Shashank. (2016-08-24). Can porn star-turned-Bollywood actress Sunny Leone teach India to be cool about sex?. Los Angeles Times. Tribune Co
  9. ↑ (2007-06-20). Sunny Leone Becomes Vivid Girl. AVN (magazine)
  10. ↑ (October 8, 2006). Ambush Interview #97. Ambush Interview
  11. ↑ Alff, Shawn. (August 23, 2010). Pornstar Sunny Leone on thriving in the wild, wild west of the adult industry. blogs.creativeloafing.com
  12. ↑ Kandathil, Sonia M. (2007-10-11). Sunny Leone on life as a desi adult star. Toronto Star
  13. ↑ (March 9, 2018). Sunny Leone profile. Brazzers
  14. ↑ (February 1, 2007). Meet the Girl: Sunny Leone. Men's Fitness
  15. ↑ Big D. (2006-07-06). Inside Sunny Leone. XRentDVD
  16. ↑ freeones. (2007-08-06). Exclusive Interview with Sunny Leone. freeones
  17. ↑ Sunny Leone makes history by becoming first Indian model to become a Penthouse Pet
  18. ↑ Adams, Eddie. (2007-08-28). Sunny Leone Featured in Cheri. AVN
  19. ↑ Sunny Leone Jpg Pic Image & Video Gallery. Mystique Magazine
  20. ↑ Vargas, Saul. (2003-06-01). Lowrider Model — Sunny Leone — June 2003 enter fold. Lowrider Magazine
  21. ↑ Robinson, Reinaldo. (2003-11-01). Lowrider Model — Sunny Leone — November 2003 Center Fold. Lowrider Magazine
  22. ↑ modfxmodels.com. (2003-06-29). SUNNY LEONE MODFX COVER MODEL — JULY 2003. modfxmodels.com
  23. ↑ suze.net. Sunny Leone Free Nude Pics:: Official Nude Gallery of Sunny Leone. suze.net
  24. ↑ Marcus, Ken. Sunny Leone Free Fetish Pics. kenmarcus.com
  25. ↑ macandbumble.com. SMacandBumble.com — Sunny Leone, News, Photos... macandbumble.com
  26. ↑ Baker, Chip. (2005-02-24). Sunny Leone Joins Adam & Eve Sales Team. AVN
  27. ↑ Millar, Dan. (2005-11-01). Vivid to Ship Sunny. AVN
  28. ↑ Sullivan, David. (2007-05-13). Sunny Leone Renews Vivid Contract, Will Perform with Men. AVN
  29. ↑ Cachapero, Joanne. (2007-09-11). Sunny Leone Launches SunLust Pictures With N.Y. Bash. XBIZ
  30. ↑ Sullivan, David. (2009-06-02). Sunny Leone Shows Her 'Dark Side' in Sin City. AVN
  31. ↑ (2013-08-13). Leone Announces Retirement From Adult Films!. MTV.com
  32. ↑ (21 November 2016). BBC 100 Women 2016: Who is on the list?. BBC News
  33. ↑ (2016-10-20). The futuristic Sunny Leone on the cover of Exhibit Magazine’s October Issue. CineTalkers
  34. ↑ Sunny Leone And Husband Daniel Weber Adopt Baby Girl. NDTV
  35. ↑ (2017-07-21). Sunny Leone and Daniel Weber adopt baby girl, see first photos of Nisha Kaur Weber. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Indian Express Group
  36. ↑ Sunny Leone and husband Daniel Weber adopts baby girl Nisha. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. Bennett, Coleman & Co. Ltd.
  37. ↑ (2017-07-21). Sunny Leone, Daniel Weber adopt baby girl from Latur, name her Nisha Kaur Weber. Firstpost
  38. ↑ Sunny Leone announces birth of twins, tweets about it. The Economic Times. Bennett, Coleman & Co. Ltd.
  39. ↑ Sunny Leone and Daniel Weber become parents for the second time. Bombay Times. Bennett, Coleman & Co. Ltd.
  40. ↑ (22 April 2016). Sunny Leone Writes Her First Short Story Collection - Sweet Dreams. The Quint
  41. ↑ (2016-04-23). Love, the Sunny Leone way. The Indian Express
  42. ↑ (29 April 2019). Sunny Leone's first book is everything you'd expect it to be. India Today
  43. ↑ (28 January 2017). Sunny Leone to share her stories on your phone every night!. The Times of India
  44. ↑ Leone, Sunny. (6 June 2016). Sweet Dreams
  45. ↑ Pradeep Gupta. (2015-05-16). Mumbai woman files FIR against Leone for 'destroying Indian culture'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  46. ↑ (16 December 2017). Karnataka government denies permission to Sunny Leone's New Year's Eve event. বলিউড হাংগামা
  47. ↑ (10 February 2018). FIR filed against Sunny Leone for promoting pornography. বলিউড হাংগামা
  48. ↑ (16 December 2017). Sunny Leone accused of not returning signing amount by 'Patel Ki Punjabi Shaadi' producer. Times of India

সম্পৰ্কিত শ্ৰেণী

কানাডাৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় মূলৰ আমেৰিকানএলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীআমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনেত্ৰীউভলিংগী পৰ্ণগ্ৰাফিক চলচ্চিত্ৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছানী লিয়নি” প্ৰবন্ধৰ সংশোধন ৫৮১৪৫২ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।