অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেনকা গুৰুস্বামী

মেনকা গুৰুস্বামী (Menaka Guruswamy, জন্ম: ২৭ নৱেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় অধিবক্তা আৰু এলজিবিটি অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা ২০১৯ লৈ নিউয়ৰ্কৰ কলম্বিয়া ল' স্কুলৰ বি.আৰ. আম্বেদকাৰ গৱেষণা বিদুষী আৰু প্ৰবক্তা আছিল।

হালনাগাদ: ৩ ছেপ্তেম্বৰ ২০২৫ ১,০৪০ শব্দ · ৬ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মেনকা গুৰুস্বামী (Menaka Guruswamy, জন্ম: ২৭ নৱেম্বৰ ১৯৭৪) এগৰাকী ভাৰতীয় অধিবক্তা আৰু এলজিবিটি অধিকাৰ কৰ্মী। তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত জ্যেষ্ঠ অধিবক্তা। তেওঁ ২০১৭ চনৰ পৰা ২০১৯ লৈ নিউয়ৰ্কৰ কলম্বিয়া ল' স্কুলৰ বি.আৰ. আম্বেদকাৰ গৱেষণা বিদুষী আৰু প্ৰবক্তা আছিল।১ তেওঁ বৰ্তমান য়েল ল' স্কুল, নিউয়ৰ্ক বিশ্ববিদ্যালয় স্কুল অফ ল' আৰু টৰণ্টো আইন বিশ্ববিদ্যালয়ৰ ভ্ৰমণকাৰী অনুষদ।২ তেওঁ উচ্চতম ন্যায়ালয়ত বহুতো গুৰুত্বপূৰ্ণ গোচৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে জনাজাত। ইয়াৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ গোচৰ, আমোলাতান্ত্ৰিক সংস্কাৰ গোচৰ, আগষ্টা ৱেষ্টলেণ্ড উৎকোচৰ গোচৰ, সালৱা জুডুম গোচৰ আৰু শিক্ষাৰ অধিকাৰ গোচৰ।৩ বৰ্তমান তেওঁ মণিপুৰত ১,৫২৮জন লোকৰ কথিত অন্যায়িক হত্যাকাণ্ডৰ সৈতে সম্পৰ্কিত গোচৰটোত উচ্চতম ন্যায়ালয়ত আমিকাছ কুৰী হিচাপে সহায় কৰি আছে।৪

গুৰুস্বামীয়ে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি, নিউয়ৰ্ক আৰু ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি (ইউনিচেফ), নিউয়ৰ্ক আৰু ইউনিচেফ দক্ষিণ চুদানক আন্তৰ্জাতিক মানৱ অধিকাৰ আইনৰ বিভিন্ন দিশৰ ওপৰত পৰামৰ্শ দিছিল আৰু নেপালত সংবিধান নিৰ্মাণ প্ৰক্ৰিয়াত সহায়তা কৰিছিল।৫

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৪ চনৰ ২৭ নৱেম্বৰ তাৰিখে হাইদৰাবাদত মেনকা গুৰুস্বামীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰাক্তন ভাৰতীয় জনতা পাৰ্টিৰ কৌশলবিদ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী যশৱন্ত সিনহাৰ বিশেষ উপদেষ্টা মোহন গুৰুস্বামী মাতৃ মীৰা গুৰুস্বামী।৬৭

তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড ল' স্কুল আৰু ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা আইনত ডিগ্ৰী লাভ কৰিছে। তেওঁ হায়দৰাবাদ পাব্লিক স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।৮ তাৰ পিছত তেওঁ নতুন দিল্লীৰ চৰ্দাৰ পেটেল বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত ১৯৯৭ চনত তেওঁ বেংগালুৰুত অৱস্থিত ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ পৰা আইন আৰু কলাৰ সংযুক্ত স্নাতক ডিগ্ৰী লাভ কৰে। ২০০০ চনত তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ত বিচিএলৰ অধ্যয়নৰ বাবে ৰোডছ বৃত্তি লাভ কৰে৯ আৰু ২০০১ চনত হাভাৰ্ড ল' স্কুলত আইনৰ স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে গেমন ফেল'শ্বিপ লাভ কৰে। তেওঁ ২০১৫ চনত অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা 'ভাৰত, পাকিস্তান আৰু নেপালত সাংবিধানিকতা' সম্পৰ্কে গৱেষণা কৰি ডিফিল লাভ কৰিছিল।

২০১৯ চনত চিএনএনত ফেৰেদ জাকাৰিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুৰুস্বামীয়ে প্ৰকাশ কৰিছিল যে তেওঁ অধিবক্তা অৰুন্ধতী কাট্‌জুৰ সৈতে সমলিংগীয় সম্পৰ্কত আছে। তেওঁ অৰুন্ধতীৰ সৈতে ২০১৮ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ ক অসংবিধানিক ঘোষণা কৰা গোচৰৰ সপক্ষে যুক্তি দৰ্শাইছিল। তেওঁলোক দুয়োগৰাকী প্ৰকৃততে দম্পতী আছিল আৰু এই জয় কেৱল তেওঁলোকৰ পেছাদাৰী মানদণ্ডয়ে নহয় বৰঞ্চ ব্যক্তিগত জয়ও আছিল।১০

কৰ্মজীৱন

মেনকা গুৰুস্বামীয়ে ১৯৯৭ চনত বাৰত যোগদান কৰিছিল আৰু ভাৰতৰ তদাৰক এটৰ্নি জেনেৰেল অশোক দেশাইৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল। অক্সফ'ৰ্ডত বিচিএল আৰু হাভাৰ্ডত আইনৰ স্নাতকোত্তৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ নিউয়ৰ্কৰ ডেভিছ প'লক এণ্ড ৱাৰ্ডৱেলত সহযোগী হিচাপে আইনৰ অনুশীলন কৰিছিল।

ভাৰতৰ উচ্চতম ন্যায়ালয়ত তেওঁৰ অনুশীলনত হোৱাইট কলাৰ প্ৰতিৰক্ষা, সাংবিধানিক আইন, কৰ্পোৰেট আইন আৰু মধ্যস্থতাৰ ক্ষেত্ৰসমূহৰ সৈতে জড়িত আছিল। তেওঁ বিভিন্ন বিষয়ত ভাৰতক আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক প্ৰতিনিধিত্ব কৰিছে।

সমকামীতাৰ সাংবিধানিক বৈধতা

২০১৬ চনৰ এপ্ৰিলত মাহত মেনকা গুৰুস্বামীয়ে অৰুদ্ধতী কাট্‌জু আৰু সৌৰভ কৃপালকে ধৰি অধিবক্তাৰ এটা দলৰ সৈতে ভাৰতীয় দণ্ড বিধি, ১৮৬০ৰ ধাৰা ৩৭৭ ৰ সাংবিধানিক বৈধতাৰ প্ৰত্যাহ্বান জনাই নৱতেজ সিং জোহৰৰ নেতৃত্বত পাঁচজন এলজিবিটি আবেদনকাৰীৰ হৈ এখন আবেদন দাখিল কৰে। এলজিবিটি ভাৰতীয় নাগৰিকসকলে প্ৰকৃততে তেওঁলোকৰ মৌলিক অধিকাৰ উলংঘনৰ অভিযোগ কৰি ৰিট আবেদন দাখিল কৰা এয়া প্ৰথম নিদৰ্শন আছিল।১১ গুৰুস্বামীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ আবেদনকাৰীসকলৰ হৈ গোচৰত ৰায়ত উপস্থিত হৈছিল আৰু ন্যায়ালয়ৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে প্ৰাপ্তবয়স্কসকলক সন্মতি প্ৰদান কৰাৰ বাবে ধাৰা ৩৭৭ প্ৰযোজ্য নহয় ঐতিহাসিক ৰায়দান প্ৰদান কৰিছিল।

তেওঁ ২০১৩ চনত শ্যাম বেনেগালৰ বাবে সমকামিতাৰ সংবিধানিক বৈধতাৰ বিষয়ে সুৰেশ কুমাৰ কৌশাল বনাম নাজ ফাউণ্ডেচনৰ গোচৰটো উচ্চতম ন্যায়ালয়ত যুক্তি দৰ্শাইছিল।

আমোতান্ত্ৰিক সংস্কাৰ গোচৰ

টি.এছ.আৰ. সুব্ৰহ্মণ্যম আৰু অন্যান্য বনাম ভাৰত গোচৰত গুৰুস্বামীয়ে বিভিন্ন আমোলাতান্ত্ৰিক সংস্কাৰৰ ৰূপায়ণ কৰিবলৈ প্ৰাক্তন কেবিনেট সচিব টি.এছ.আৰ. সুব্ৰহ্মণ্যম আৰু আন ৮০ গৰাকী অৱসৰপ্ৰাপ্ত উচ্চ পদৰ আমোলাক প্ৰতিনিধিত্ব কৰিছিল।১২ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে আমোলাসকলে চৰকাৰী বিষয়াসকলৰ পৰা মৌখিক আদেশ অনুসৰণ কৰিবলৈ বাহাল নহয় আৰু লিখিত আদেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব আৰু পোষ্টিং আৰু স্থানান্তৰৰ বিষয়বোৰ চাবলৈ কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ত জ্যেষ্ঠ আমোলাৰে গঠিত এখন অসামৰিক সেৱা পৰিষদ গঠন কৰিব লাগিব বুলি ৰায়দান কৰে।১৩

শিক্ষাৰ অধিকাৰ গোচৰ

গুৰুস্বামীয়ে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰ ধাৰা ১২(১)(c) ৰ সাংবিধানিকতা সম্পৰ্কীয় ৰাজস্থানৰ অসাহায্যপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয় ছ'চাইটি বনাম ভাৰত গোচৰত ক্ষেত্ৰত অজিম প্ৰেমজী ফাউণ্ডেচনক প্ৰতিনিধিত্ব কৰিছিল।১৪ ধাৰা ১২(১)(c)য়ে অসাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহক দুৰ্বল আৰু সুবিধাহীন শ্ৰেণীৰ শিশুৰ সৈতে তেওঁলোকৰ শ্ৰেণীৰ ২৫% স্বীকাৰ কৰিবলৈ আৰু তেওঁলোকক বিনামূলীয়া শিক্ষা প্ৰদান কৰিবলৈ আদেশ দিছিল। উচ্চতম ন্যায়ালয়ে এই ধাৰাৰ সাংবিধানিকতাৰ পক্ষত ৰায় দিছিল।১৫

সালৱা জুডুম গোচৰ

মেনকাই অধিবক্তাসকলৰ দলৰ এক অংশ হিচাপে নন্দনী সুন্দৰ বনাম ছত্তীশগড় ৰাজ্য গোচৰত সালৱা জুডুমৰ বিৰুদ্ধে সফলতাৰে গোচৰ চলাইছিল।১৬ সালৱা জুডুম মাওবাদী বিদ্ৰোহ বিৰোধৰ বিৰুদ্ধে যুঁজত জনজাতীয় যুৱকসকলক বিশেষ আৰক্ষী বিষয়া হিচাপে নিয়োগ কৰাৰ প্ৰথা আৰু ন্যায়ালয়ে তেওঁলোকক তাৎক্ষণিকভাবে নীৰস্ত্ৰ কৰাৰ নিৰ্দেশ দিছিল।১৭

আগষ্টা ৱেষ্টলেণ্ড ভিভিআইপি চপাৰ কেলেংকাৰী

আগষ্টা ৱেষ্টলেণ্ড দুৰ্নীতিৰ গোচৰত মধ্যস্থতাকাৰী আৰু ভাৰতীয় বিষয়াসকলে হেলিকপ্টাৰ ক্ৰয় কৰাৰ চুক্তিত গুৰুস্বামীয়ে চিবিআইৰ এক বিশেষ আদালতত প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বল এচ পি ত্যাগীক প্ৰতিনিধিত্ব কৰিছিল।১৮ গ্ৰেপ্তাৰৰ পিছত তেওঁ সফলতাৰে তেওঁৰ জামিনৰ বাবে যুক্তি দিছিল।১৯ ২০১৮ চনত ত্যাগীৰ বিৰুদ্ধে এটা অভিযোগপত্ৰ দাখিল কৰা হৈছিল আৰু গোচৰটো বৰ্তমান স্থগিত হৈ আছে।

আমিকাছ কুৰী

২০১২ চনত ভাৰতৰ মণিপুৰত সশস্ত্ৰ বাহিনীৰ দ্বাৰা ১৫২৮জন অন্যায়িক হত্যাৰ ক্ষেত্ৰত ন্যায়াধীশ আফতাব আলম আৰু ন্যায়াধীশ ৰঞ্জনা দেশাইৰ বিচাৰপীঠে গুৰুস্বামীক আমিকাছ কুৰী হিচাপে নিযুক্ত কৰে। অন্যান্য অৱদানৰ ভিতৰত গুৰুস্বামীয়ে ব্যক্তিসকলৰ হত্যাৰ তদন্তৰ বাবে এটা বিশেষ অনুসন্ধান দল গঠন কৰাৰ বাবে বিচাৰপীঠলৈ প্ৰস্তাৱ আগবঢ়াইছিল।২০ ২০১৬ চনত আমিকাছ আৰু আবেদনকাৰীসকলৰ দাখিল গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে আৰক্ষী বা সশস্ত্ৰ বাহিনীৰ দ্বাৰা অত্যধিক বল ব্যৱহাৰৰ বিষয়ে পুঙ্খানুপুঙ্খভাৱে অনুসন্ধান কৰিব লাগিব। আদালতে কৈছিল যে চিআৰপিচিৰ অধীনত গঠন কৰা অপৰাধী আদালতৰ দ্বাৰা বিচাৰৰ পৰা সম্পূৰ্ণ ন্যায়িক সুৰক্ষাৰ কোনো ধাৰণা নাই, যদিও সেনা কৰ্মীসকলে অপৰাধটো কৰা বুলি অভিযোগ কৰা হয়।২১ ২০১৭ চনত আদালতে চিবিআইক বিষয়টোৰ তদন্ত সম্পূৰ্ণ কৰিবলৈ আৰু বিষয়টোত এফআইআৰ দাখিল কৰিবলৈ আৰু প্ৰয়োজন হ'লে অভিযোগপত্ৰ দাখিল কৰিবলৈ এটা বিশেষ তদন্ত দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।২২ বৰ্তমান গোচৰটো উচ্চতম ন্যায়ালয়ত চলি আছে।

জ্যেষ্ঠ অধিবক্তা

২০১৯ চনৰ ২৯ মাৰ্চ তাৰিখে গুৰুস্বামীক ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল।২৩ ভাৰতৰ উচ্চতম ন্যায়ালয় বা ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা ব্যতিক্ৰমী অধিবক্তাসকলক যোগ্যতাৰ ওপৰত এই পদবী প্ৰদান কৰা হয়। এই পদবী ভাৰতৰ মুখ্য ন্যায়াধীশ অধ্যক্ষ হিচাপে থকা এক স্থায়ী সমিতিৰ দ্বাৰা প্ৰদান কৰা হয়। এই সমিতিত উচ্চতম ন্যায়ালয়ৰ দুগৰাকী জ্যেষ্ঠতম ন্যায়াধীশ, ভাৰতৰ এটৰ্ণি জেনেৰেল আৰু অধ্যক্ষ আৰু অন্যান্য সদস্যৰ দ্বাৰা মনোনীত বাৰৰ এজন সদস্যৰে গঠিত।২৪ তাৰ পিছত প্ৰতিটো আবেদন উচ্চতম ন্যায়ালয়ৰ সকলো ন্যায়াধীশলৈ প্ৰেৰণ কৰা হয় আৰু তেওঁলোকে আৱণ্টিত নম্বৰবোৰ আবেদন আৰু পৰ্যালোচনা কৰা অধিবক্তাসকলৰ তালিকা বিবেচনা কৰে।

শৈক্ষিক জীৱন

গুৰুস্বামী ২০১৭-২০১৯ বৰ্ষৰ বাবে নিউয়ৰ্কৰ কলম্বিয়া ল' স্কুলৰ বি.আৰ. আম্বেদকাৰ গৱেষণা বিদুষী আৰু প্ৰবক্তা আছিল।২৫ তেওঁ য়েল ল' স্কুল, টৰেণ্টো আইন বিশ্ববিদ্যালয়২ আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয় স্কুল অফ ল'ৰ অনুষদ হিচাপেও নিযুক্ত। তেওঁ দক্ষিণ এছিয়াৰ সাংবিধানিকতাবাদ, তুলনামূলক সাংবিধানিক আইন, সংঘাতৰ পিছত গণতন্ত্ৰ আৰু অন্যান্যৰ ওপৰত সাংবিধানিক ডিজাইনৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰে।

তেওঁ আইন বিষয়ক কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে আৰু নিউয়ৰ্ক টাইমছ, দি ইণ্টাৰনেচ, দা ইণ্টাৰপ্ৰেছ, হিন্দু আৰু প্ৰিণ্ট আৰু স্ক্ৰল.ইনৰ দৰে অনলাইন নিউজ পৰ্টেলত লিখা মেলা কৰে।

বঁটা আৰু সন্মান

মেনকা গুৰুস্বামী অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ ৰোডছ হাউচৰ মিলনাৰ হলত তেওঁৰ প্ৰতিকৃতি থকা প্ৰথম ভাৰতীয় আৰু বিশ্বৰ দ্বিতীয় মহিলা। ২৬ ২০১৯ চনৰ জানুৱাৰী মাহত তেওঁৰ নাম বৈদেশিক নীতিৰ ১০০ গোলকীয় চিন্তাবিদৰ তালিকাত প্ৰদৰ্শিত হৈছিল।২৭ ২০১৯ চনৰ মাৰ্চ মাহত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৰুস্বামীক হাৰ্ভাৰ্ড আইন বিদ্যালয়ৰ দ্বাৰা এক প্ৰতিকৃতি প্ৰদৰ্শনীত মহিলা অনুপ্ৰেৰণামূলক পৰিৱৰ্তক হিচাপে সন্মানিত কৰা হয়।২৮ ২০১৯ চনৰ এপ্ৰিল মাহত তেওঁৰ নাম অৰুন্ধতী কাট্‌জুৰ সৈতে টাইম আলোচনীৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰদৰ্শিত হৈছিল।২৯ তেওঁক ফৰ্বছ ইণ্ডিয়াৰ মহিলা-পাৱাৰ ট্ৰেলব্ৰেজাৰ, ২০১৯ৰ তালিকাতো প্ৰদৰ্শিত কৰা হৈছে।৩০

তথ্যসূত্ৰ

  1. ↑ Menaka Guruswamy, Research Scholar and Lecturer in Law
  2. ↑ Dr. Menaka Guruswamy, Faculty Profile
  3. ↑ Supreme Court upholds 25% reservation in private schools
  4. ↑ Human rights and the military
  5. ↑ Dr. Menaka Guruswamy, Research Scholar and Lecturer in Law
  6. ↑ Menaka Guruswamy: Taking the law into her hands
  7. ↑ Business Today, People. archives.digitaltoday.in
  8. ↑ A top legal honour: Oxford, Harvard and now Yale
  9. ↑ Profile with Menaka Guruswamy
  10. ↑ Section 377 Lawyers Menaka Guruswamy and Arundhati Katju Come Out as a Couple
  11. ↑ Our lives should be lived in the sun’: the couple fighting to legalise gay sex in India - The Guardian
  12. ↑ The Supreme Court has sent a message: Menaka Guruswamy
  13. ↑ T.S.R. Subramanium & Others v. Union of India, Supreme Court of India
  14. ↑ My Freedom to Argue
  15. ↑ SC upholds 25% reservation for poor in schools through RTE
  16. ↑ Nandini Sundar v. State of Chattisgarh, (2011) 7 SCC 547
  17. ↑ Supreme Court For Relief Of Victims Of Salwa Judum, Security Forces Or Naxalites
  18. ↑ AgustaWestland: 'European middleman discloses percentage of bribe paid to Tyagi brothers', says CBI to court
  19. ↑ CBI failed to state amount of money paid to former IAF Chief SP Tyagi in AgustaWestland case: court; grants him bail
  20. ↑ SCOI Report: Amicus Guruswamy, in fake encounter case, proposes SIT to probe mysterious Manipur killings
  21. ↑ Manipur Extra Judicial Killings: Allegation of excessive force by Police or Armed Forces must be thoroughly enquired into: SC
  22. ↑ Manipur Extra Judicial Killings: SC Orders CBI To Constitute SIT
  23. ↑ Six women lawyers designated Senior Advocates by Supreme Court, 14 women Senior Advocates till date
  24. ↑ SC Finally Notifies Guidelines To Regulate Designation Of Senior Advocates
  25. ↑ Dr. Menaka Guruswamy, Research Scholar and Lecturer in Law
  26. ↑ For The First Time, An Indian Woman Scholar's Portrait Hangs At Rhodes House In Oxford
  27. ↑ A Decade of Global Thinkers
  28. ↑ Sudha,Menaka feature in Harvard Int'national Women's Day Portrait
  29. ↑ Arundhati Katju and Menaka Guruswamy, Time 100
  30. ↑ Menaka Guruswamy: Taking the law into her hands

সম্পৰ্কিত শ্ৰেণী

এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিভাৰতীয় অধিবক্তাভাৰতীয় লেচবিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেনকা গুৰুস্বামী” প্ৰবন্ধৰ সংশোধন ৫৩৭০৪২ (৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।