বিক্ৰম শেঠ (Vikram Seth; জন্ম ২০ জুন ১৯৫২) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ কেইবাখনো উপন্যাস আৰু কাব্যগ্ৰন্থ ৰচনা কৰিছা। তেওঁ পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা, প্ৰবাসী ভাৰতীয় সন্মান, ডব্লিউ এইচ স্মিথ সাহিত্যিক বঁটা, ক্ৰছৱৰ্ড বুক এৱাৰ্ড আদিকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে। শেঠৰ কবিতাৰ সংকলন যেনে 'মেপিংচ্' আৰু 'বিষ্টলি টেইলছ' হৈছে ভাৰতীয় ইংৰাজী ভাষাৰ কবিতালৈ উল্লেখযোগ্য অৱদান।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫২ চনৰ ২০ জুন তাৰিখে ভাৰতৰ কলিকতাত বিক্ৰম শেঠৰ জন্ম হৈছিল। তেওঁৰ পিতৃ প্ৰেম নাথ শেঠ আছিল বাটা কোম্পানীৰ এগৰাকী কাৰ্যবাহী বিষয়া আৰু তেওঁৰ মাতৃ লীলা শেঠ আছিল দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ, যি আছিল ভাৰতৰ যিকোনো ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদ লাভ কৰা প্ৰথম মহিলা।২
তেওঁ পাটনাৰ ছেইণ্ট জেভিয়াৰ্ছ হাইস্কুলত প্ৰাথমিক শিক্ষা লাভ কৰে, আৰু তাৰ পিছত তেওঁ দেৰাডুনৰ দ্য ডুন স্কুল অধ্যয়ন কৰে, য'ত তেওঁ বিদ্যালয়খনৰ কাকত 'দ্য ডুন স্কুল ৱিকলী' সম্পাদনা কৰিছিল।৩ ডুন স্কুলত তেওঁ তেওঁৰ শিক্ষক আৰু পৰ্বতাৰোহী গুৰুডিয়াল সিঙৰ দ্বাৰা প্ৰভাৱিত হৈছিল, যিয়ে তেওঁক ভূগোল শিকাইছিল আৰু মাতৃ লীলা শেঠৰ অনুসৰি, "বিক্ৰমক বহু ধৰণে নিৰ্দেশনা দিছিল... তেওঁক পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ প্ৰশংসা কৰিবলৈ উদগনি দিছিল আৰু তেওঁৰ মাজত দুঃসাহস আৰু অভিযানৰ প্ৰতি ভালপোৱা গঢ়ি তুলিছিল। "৩ সিঙে পাছত শেঠক "অক্লান্ত কৰ্মী" বুলি বৰ্ণনা কৰে, আৰু "তেওঁ অধ্যয়নত তেওঁৰ নিৰ্দিষ্ট স্তৰ অসুবিধা নোহোৱাকৈ বজাই ৰাখে... তেওঁ স্কুল জীৱনৰ আন ক্ষেত্ৰবোৰত, যেনে নাটকত, তৰ্কত, প্ৰাথমিক চিকিৎসাত, সঙ্গীতত, আৰু দ্য ডুন স্কুল ৱিকলীৰ সম্পাদনাত বিপুল শক্তি প্ৰদান কৰিছিল। "৩ ডুন স্কুলৰ পৰা শিক্ষা সাং কৰি তেওঁ ইংলেণ্ডৰ টনব্ৰিজ স্কুলত তেওঁৰ এ-লেভেলৰ শিক্ষা সম্পূৰ্ণ কৰে।৪৫ পিছত তেওঁ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ কৰ্পাচ খ্ৰাইষ্ট কলেজত দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি অধ্যয়ন কৰে। তাৰ পিছত তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰপৰা অৰ্থনীতি বিষয়ত ডক্টৰেট কৰিবৰ বাবে যোগদান কৰে যদিও তেওঁ ইয়াক সম্পূৰ্ণ নকৰিলে।৬৭৮
কৰ্ম আৰু শৈলী
বিক্ৰম শেঠৰ বৰ্তমানলৈ আঠখন কাব্যগ্ৰন্থ আৰু তিনিখন উপন্যাস প্ৰকাশ পাইছে। ১৯৮০ চনত তেওঁ তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ 'মেপিংচ্' লিখিছিল। 'দ্য গ'ল্ডেন গেট' (১৯৮৬) হৈছে তেওঁৰ প্ৰথম উপন্যাস। ১৯৯৩ চনত ১,৩৪৯ পৃষ্ঠাৰ উপন্যাস 'এ চুইটেবল বই'ৰ প্ৰকাশে পাছত শেঠ ৰাজহুৱা চৰ্চালৈ আহে। এই উপন্যাসখন ২০২০ চনত এটা বিবিচি টেলিভিছনে এখন ধাৰাবাহিক ৰূপে অভিযোজন কৰিছে।৯ তেওঁৰ দ্বিতীয় উপন্যাস 'এন ইকুৱেল মিউজিক' বিষয়বস্তু আছিল এগৰাকী ভায়লিনবাদকৰ প্ৰেম-জীৱন। ২০০৫ চনত প্ৰকাশিত বিক্ৰম শেঠৰ 'টু লাইভছ' হৈছে তেওঁৰ আজো-খুড়া আৰু আজো-খুড়ীয়েকৰ বিবাহ জীৱনৰ এক গাথা।
শেঠৰ আন কাব্যগ্ৰন্থসমূহ হৈছে 'দ্য হাম্বল এডমিনিচট্ৰেটৰছ গাৰ্ডেন' (১৯৮৫), 'অল ইউ হু স্লিপ টুনাইট' (১৯৯০), আৰু 'থ্ৰী চাইনিচ পয়েটছ' (১৯৯২)। তেওঁৰ শিশু সাহিত্যৰ গ্ৰন্থ 'বিষ্টলি টেইলছ' (১৯৯১) হৈছে দহটা সাধুকথাৰ কবিতাৰূপে কৰা বৰ্ণন। তেওঁ 'ফ্ৰম হেভেন লেক: ট্ৰেভেলছ থ্ৰু চিনকিয়াং এণ্ড টিবেট' (১৯৮৩) নামৰ এখন ভ্ৰমণ কাহিনী লিখিছে, যি তিব্বত স্বায়ত্তশাসিত অঞ্চল, চীন আৰু নেপালৰ মাজেৰে এক ভ্ৰমণৰ এক লেখ। তেওঁক ইংলিছ নেচনেল অপেৰাৰ দ্বাৰা গ্ৰীক কিংবদন্তিৰ ভিত্তিত 'আৰিয়ন এণ্ড দ্য ডলফিন' নামৰ এক লিবাৰেট্ট (libretto) লিখিবলৈ কমিছন দিয়া হৈছিল। ১৯৯৪ চনৰ জুনত প্ৰথমবাৰ বাবে এই অপেৰা পৰিৱেশন কৰা হৈছিল।
'এ চুইটেবল গাৰ্ল' নামেৰে 'এ চুইটেবল বই'ৰ ছিকুৱেল ২০০৯ চনত ঘোষণা কৰা হৈছিল।
গ্ৰন্থপঞ্জী
উপন্যাস
- দ্য গ'ল্ডেন গেট (The Golden Gate, ১৯৮৬)১০
- এ চুইটেবল বই (A Suitable Boy, ১৯৯৩)
- এন ইকুৱেল মিউজিক (An Equal Music, ১৯৯৯)১১
কাব্যগ্ৰন্থ
- মেপিংচ্ (Mappings, ১৯৮০)
- দ্য টেল অফ মেলন চিটি (The Tale Of Melon City, ১৯৮১)
- দ্য হাম্বল এডমিনিচট্ৰেটৰছ গাৰ্ডেন (The Humble Administrator's Garden, ১৯৮৫)
- অল ইউ হু স্লিপ টুনাইট (All You Who Sleep Tonight, ১৯৯০)
- বিষ্টলি টেইলছ (Beastly Tales, ১৯৯১)
- থ্ৰী চাইনিচ পয়েটছ (Three Chinese Poets, ১৯৯২)
- দ্য ফ্ৰগ এণ্ড দ্য নাইটিংগেল (The Frog and the Nightingale, ১৯৯৪)
- চামাৰ ৰেকুৱাম: এ বুক অফ পয়েমছ (Summer Requiem: A Book of Poems, ২০১৫)
- দ্য ক্ৰকডাইল এণ্ড দ্য মাংকি (The Crocodile And The Monkey, ১৯৫২)
শিশু সাহিত্য
- আৰিয়ন এণ্ড দ্য ডলফিন (Arion and the Dolphin, ১৯৯৪)
অকল্প-সাহিত্য
- ফ্ৰম হেভেন লেক: ট্ৰেভেলছ থ্ৰু চিনকিয়াং এণ্ড টিবেট (From Heaven Lake: Travels Through Sinkiang and Tibet, ১৯৮৩)
- টু লাইভছ (''Two Lives, ২০০৫)
- দ্য ৰিভাৰ্ড আৰ্থ (The Rivered Earth, ২০১১)১২
কবিতাৰ সংকলনত কবিতা
- The Golden Treasure of Writers Workshop Poetry. Ed. Rubana Huq. Calcutta: Writers Workshop, ২০০৮১৩
- The Oxford India Anthology of Twelve Modern Indian Poets. Ed. Arvind Krishna Mehrotra. New Delhi: Oxford University Press, ১৯৯২১৪১৫
বঁটা
- ১৯৮৩ – Thomas Cook Travel Book Award for From Heaven Lake: Travels Through Sinkiang and Tibet
- ১৯৮৫ – Commonwealth Poetry Prize (Asia) for The Humble Administrator's Garden
- ১৯৮৮ – 'দ্য গ'ল্ডেন গেট'ৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা
- ১৯৯৩ – Irish Times International Fiction Prize (shortlist) for A Suitable Boy
- ১৯৯৪ – Commonwealth Writers Prize (Overall Winner, Best Book) for A Suitable Boy
- ১৯৯৪ – WH Smith Literary Award for A Suitable Boy
- ১৯৯৯ – Crossword Book Award for An Equal Music
- ২০০১ – Order of the British Empire, Commander
- ২০০১ – EMMA (BT Ethnic and Multicultural Media Award) for Best Book/Novel for An Equal Music
- ২০০৫ – প্ৰবাসী ভাৰতীয় সন্মান
- ২০০৭ – সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰৰ পদ্মশ্ৰী১৬
- ২০১৩ – NDTV's 25 Greatest Global Living Legends In India
উৎস
- Chaudhuri, Amit (ed.). "Vikram Seth (born 1952)." The Vintage Book of Modern Indian Literature. New York: Vintage, 2004:508–537.
বাহ্যিক সংযোগ
- The Telegraph ("Love split delayed Suitable Boy sequel")
- British Council Bio
- "Poetic License" by Cynthia Haven, "Stanford Magazine," May/June 1999
- BOMB Magazine interview with Vikram Seth by Ameena Meer
- Vikram Seth at the Encyclopedia of Fantasy
তথ্যসূত্ৰ
- ↑ Joshi, Rita. (1991). In Other Places: An Inner Voice. India International Centre Quarterly. পৃ. 55–65
- ↑ Angela Atkins. (26 June 2002). Vikram Seth's Suitable Boy: A Reader's Guide. A&C Black. পৃ. 7. ISBN 978-0-8264-5707-3
- ↑ Leila Seth. (7 February 2007). On Balance. Penguin Books Limited. পৃ. 137–. ISBN 978-81-8475-055-3
- ↑ (26 March 1999). A suitable joy | Books. The Guardian
- ↑ Atkins, A. (2002). Vikram Seth's Suitable Boy: A Reader's Guide. Bloomsbury Academic. পৃ. 8. ISBN 9780826457073
- ↑ Vikram Seth. ekikrat.in
- ↑ (20 May 2013). The Golden Gate returns to Stanford May 30. news.stanford.edu
- ↑ Vikram Seth's Founder's Day Address, The Doon School, Penguin Books of Modern Speeches (2009) p.34 "...edited the Weekly and did other things"
- ↑ A Suitable Boy: BBC miniseries
- ↑ Vikram Seth. DoonOnline: Features & Spotlights
- ↑ Albertazzi, Silvia. (20 January 2005). An equal music, an alien world: postcolonial literature and the representation of European culture. European Review. Cambridge University Press. পৃ. 103–113
- ↑ (27 November 2011). Times of India by Shobha John, TNN: 27 Nov 2011, 05.13 am IST: 'I got drunk to write, says Vikram Seth'. The Times of India
- ↑ Rubana Huq, ed. The Golden Treasury of Writers Workshop Poetry. Review: ASIATIC, VOLUME 3, NUMBER 1, JUNE 2009. journals.iium.edu.my
- ↑ The Oxford India Anthology of Twelve Modern Indian Poets. cse.iitk.ac.in
- ↑ Book review: 'Twelve Modern Indian Poets' by Arvind Krishna Mehrotra. indiatoday.in
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিক্ৰম শেঠ” প্ৰবন্ধৰ সংশোধন ৪২১৫৬২ (২৪ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।