কুইয়াৰ (Queer) শব্দটি যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলক বুজাবলৈ ব্যৱহৃত হয়। সাধাৰণতে সামাজিকভাৱে স্বাভাৱিক বুলি গণ্য কৰা লিংগ আৰু যৌনতাৰ সংজ্ঞাৰ বাহিৰৰ ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়। ইংৰাজী ভাষাৰ কুইয়াৰ শব্দই আক্ষৰিকভাৱে আচহুৱা বা অদ্ভুদ বুজায় যদিও বৰ্তমান এই নামে এলজিবিটি+ সম্প্ৰদায়ক সূচিত কৰে। ১৯ শতিকাৰ শেষৰ ফালে সমকামী সম্পৰ্ক আৰু আকাংক্ষাক বুজাবলৈ পোনপ্ৰথমে কুইয়াৰ শব্দ ব্যৱহাৰলৈ আহিছিল। ১৯৮০ৰ দশকত কুইয়াৰ নেছন নামৰ যৌন আৰু লিংগীয় সংখ্যালঘু ব্যক্তিসকলৰ অধিকাৰৰ পক্ষে কাম কৰা সংস্থাই কুইয়াৰ শব্দৰে এলজিবিটি সম্প্ৰদায়ৰ সকলো শাখাক বুজাবলৈ আৰম্ভ কৰিছিল। ২০০০ৰ দশকত কুইয়াৰ শব্দ যৌন বৰ্ণালীক বুজাবলৈ ব্যৱহাৰ হ'বলৈ আৰম্ভ হ'ল। বৰ্তমান বিষমকামী আৰু চিছ-জেণ্ডাৰ অৰ্থাৎ প্ৰাকৃতিকভাৱে লক্ষ্য কৰা লিংগক নিজৰ লিংগ বুলি গণ্য কৰা ব্যক্তিসকলৰ বাদে আন সকলো লিংগীয় আৰু যৌন অভিমুখীতাৰ ব্যক্তিয়ে নিজকে কুইয়াৰ বুলি পৰিচয় দিবলৈ আৰম্ভ কৰিলে।১ শৈক্ষিক ক্ষেত্ৰত অন্তৰ্ভুক্ত কুইয়াৰ থিয়ৰি বা সূত্ৰই লিংগীয় দ্বৈততাক সমৰ্থন নকৰে। আধুনিক কুইয়াৰ অভিব্যক্তিৰ মাধ্যম হিচাপে প্ৰকাশ হোৱা কলা, সংস্কৃতিক গোট আৰু ৰাজনৈতিক দলে এলজিবিটি আন্দোলনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ পৰিল।
সংস্কৃতি আৰু ৰাজনীতি
বিশ্বৰ বিভিন্ন এলজিবিটি-সংক্ৰান্তীয় সামাজিক আন্দোলনে নিজকে কুইয়াৰ হিচাপে সম্বোধন কৰে। উদাহৰণস্বৰূপে চাইপ্ৰাছ দেশৰ কুইয়াৰ চাইপ্ৰাছ এছ'চিয়েশ্যন আৰু যুক্তৰাজ্যৰ কুইয়াৰ ইউথ নেটৱৰ্ক উল্লেখযোগ্য। ভাৰতত অনুষ্ঠিত প্ৰাইড পেৰেড বা গৌৰৱযাত্ৰাত কুইয়াৰ শব্দটো বহুলভাৱে ব্যৱহৃত হয়, যেনে― কুইয়াৰ আজাদি মুম্বাই, দিল্লী কুইয়াৰ প্ৰাইড পেৰেড ইত্যাদি। অষ্ট্ৰেলিয়াত ৰাষ্ট্ৰীয় পৰামৰ্শ আৰু সহায়িকা সেৱা কিউ লাইফ২ আৰু কিউ আলোচনীৰ জৰিয়তে কুইয়াৰ সম্প্ৰদায়ক সামৰা হৈছে।
এলজিবিটি সম্প্ৰদায়ৰ ব্যক্তিয়ে সততে সমাজৰ পৰা লিংগ বৈষম্য আৰু যৌন অভিমুখীতাৰ বাবে নিৰ্যাতনৰ বলি হৈ সচৰাচৰ তুলনামূলকভাৱে সুৰক্ষিত ঠাইলৈ প্ৰব্ৰজন কৰে। ইয়াক কুইয়াৰ মাইগ্ৰেশ্যন বা কুইয়াৰ প্ৰব্ৰজন বোলে। কিছুমান লিংগীয় আৰু যৌন সংখ্যালঘুসকলৰ বাবে কাম কৰা সংস্থা যেনে ইৰাণীয়ান ৰে'লৰ'ড ফৰ কুইয়াৰ ৰিফিউজীছ আৰু ৰেইনব' ৰে'লৰ'ডে তেওঁলোকৰ সংস্থাপনৰ হকে কাম কৰে।৩
কলা
কুইয়াৰ শব্দটো প্ৰায়ে কলা-আন্দোলনৰ লগত বিশেষকৈ চলচ্চিত্ৰৰ লগত জড়িত কৰা হয়। ১৯৯০ৰ দশকত নৱ-কুইয়াৰ চিনেমা আন্দোলনৰ অংশ হিচাপে কুইয়াৰ বিষয়ক মূল বিষয় হিচাপে লৈ বোলছবি নিৰ্মাণ কৰা হৈছিল। এই চলচ্চিত্ৰসমূহ পৃথিৱীৰ ভিন ভিন কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত কৰা হৈছে। কেইখনমান উল্লেখযোগ্য কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ হৈছে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ আৰু মাৰ্ডি কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ, ভাৰতৰ মুম্বাই কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ, জাপানৰ এছিয়ান কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱ আৰু ছুইজাৰলেণ্ডৰ কুইয়াৰচিছ। চীনা চলচ্চিত্ৰ নিৰ্দেশক চুই জিয়েনে ২০০৮ চনত নিৰ্মাণ কৰা কুইয়াৰ চাইনা নামৰ এক তথ্যচিত্ৰ চৰকাৰে বাৰণ কৰাৰ পিছতো ২০০৯ চনৰ বেইজিং কুইয়াৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰিছিল।৪ বহুমুখী কুইয়াৰ কলা-মহোৎসৱ যেনে― উত্তৰ আয়াৰলেণ্ডত অনুষ্ঠিত আউটবাৰ্ষ্ট কুইয়াৰ আৰ্ট ফেষ্টিভেল বেলফাষ্ট, কানাডাৰ কুইয়াৰ আৰ্ট ফেষ্টিভেল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল কুইয়াৰ আৰ্ট ফেষ্টিভেল উল্লেখযোগ্য। তদুপৰি বিভিন্ন দেশৰ দূৰদৰ্শনৰ বিভিন্ন কাৰ্যক্ৰমত কুইয়াৰ শব্দ ব্যৱহাৰ কৰি এলজিবিটি সম্প্ৰদায়ৰ বিষয়সমূহ উপস্থাপন কৰা হৈছে।
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2014). queer. Oxford English Dictionary. Oxford University Press
- ↑ Archived copy
- ↑ Rainbow Railroad - What we do
- ↑ Tran, Tini. (June 18, 2009). Gays In China: Beijing Queer Film Festival Goes Off Without A Hitch. The World Post
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুইয়াৰ” প্ৰবন্ধৰ সংশোধন ৪৪৮১৭৩ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।