ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।
নিষেচন প্ৰক্ৰিয়াৰ দ্বাৰা ডিম্বাণু আৰু শুক্ৰাণু লগ হ'লে ভ্ৰূণ নামৰ দ্বিগুণ কোষৰ সৃষ্টি হয়। এই কোষৰ বৰ্ধন হৈ নতুন জীৱ হৈ পৰে।
ইতিহাস
অস্তন্যপায়ী প্ৰাণী ডিম্বৰ পৰা উদ্ভৱ হোৱাটো জনাজাত আছিল, কিন্তু ৱিলিয়াম হাৰ্ভিৰ (১৫৭৮-১৬৫৭) মতবাদ ex ovo omne vivum ("সকলো জীৱিত প্ৰাণী ডিম্বৰ পৰা আহে") প্ৰচলিত ধাৰণা স্বয়ংক্ৰিয় উৎপত্তি আৰু প্ৰাক্-উদ্ভৱবাদৰ বিপৰীত আছিল। কাৰ্ল আৰ্নেষ্ট ভন বাৰএ ১৮২৭ চনত স্তন্যপায়ী প্ৰাণীৰ ডিম্ব আৱিষ্কাৰ কৰে।১২ ১৮৭৬ চনত অস্কাৰ হাৰ্টৱিগে তৰামাছৰ শুক্ৰাণুৱে ডিম্বাণুৰ লগত যোজন কৰা প্ৰত্যক্ষ কৰে।৩৪
প্ৰাণী
প্ৰাণীৰ ক্ষেত্ৰত ডিম্বকোষক ইংৰাজীত ova (একক ovum, লেটিন শব্দ ovum ৰ পৰা) বোলে। মেৰুদণ্ডী প্ৰাণীৰ স্ত্ৰীয়ে ডিম্বাশয় নামৰ জননাংগত ডিম্ব উৎপাদন কৰে। স্তন্যপায়ী প্ৰাণীৰ জন্মৰেপৰাই বহুসংখ্যক ডিম্ব থাকে যিবোৰ অণ্ডজননৰ জৰিয়তে পূৰঠ হয়। হোৱাইট আৰু সহকৰ্মীসকলে সকলো ডিম্ব জন্মৰ আগৰেপৰাই থাকে বোলা বিশ্বাসটো খণ্ডন কৰে। মাছাচুছেট্ছৰ এই দলটোৱে প্ৰমাণ কৰে যে প্ৰজননক্ষম মহিলাৰ ডিম্বাশয়ত অণ্ডক উৎপন্ন হয়।৫৬ স্তন্যপায়ী স্ত্ৰীয়ে সীমিত সংখ্যক ডিম্ব লৈ জন্মগ্ৰহণ কৰে আৰু ৰজোনিবৃত্তিত এয়া শেষ হয় বুলি ১৯৫০ চনমানৰ পৰা চলি অহা বিশ্বাস এই প্ৰতিবেদনে নাকচ কৰে।৭
মানুহকে ধৰি স্তন্যপায়ী প্ৰাণী



সকলো স্তন্যপায়ী প্ৰাণীতে ডিম্বাণুৰ নিষেচন স্ত্ৰী দেহৰ ভিতৰত হয়।
মানুহৰ ডিম্বাণু ডিম্বাশয়ত থকা প্ৰাথমিক জনন কোষৰ পৰা হয়। প্ৰত্যেকটোৱেই বাৰে বাৰে বিভাজিত হৈ ব্লাষ্ট'চিষ্ট গঠন কৰে।৮
ডিম্বাণু মানুহৰ দেহৰ ডাঙৰ কোষবোৰৰ এটা। অণুবীক্ষণ যন্ত্ৰ নোহোৱাকৈয়ে ইয়াক দেখা পোৱা যায়।৯ মানৱ ডিম্বৰ ব্যাস প্ৰায় ০.১ মিমি (০.০০৩৯ ইঞ্চি)।১০
ওপ্লাজম
ওপ্লাজম (Ooplasm বা oöplasm) ডিম্বৰ পীতক কোষ য'ত কোষকেন্দ্ৰ আৰু অতিকেন্দ্ৰ থাকে।১১
ওপ্লাজমত সাধাৰণ কোষৰ দৰে কোষপ্ৰৰস থকাৰ লগতে ফেটী এচিড আৰু এল্বুমিনৰ দৰে পদাৰ্থৰে গঠিত স্প'ঞ্জিয়'প্লাজম বা গাঁথনিক পীত আৰু হায়াল'প্লাজম বা পুষ্টি পীত থাকে।১১
স্তন্যপায়ী প্ৰাণীৰ ডিম্বত ভ্ৰূণৰ প্ৰাৰম্ভিক বিকাশৰ বাবে সামান্য পৰিমাণৰ পুষ্টি পীত থাকে। ইয়াৰ বিপৰীতে চৰাইৰ ডিম্বত উমনিৰ গোতেই সময়ছোৱাত পোৱালিটোক পুষ্টি যোগাবৰ বাবে যথেষ্ট পীত থাকে।১১
ডিম্বজ প্ৰাণীত ডিম্বাণু
ডিম্বজ প্ৰাণীবোৰত (সকলো চৰাই, বেছিভাগ মাছ, উভচৰ প্ৰাণী আৰু সৰীসৃপ) ডিম্বাণুৰ সুৰক্ষা আৱৰণ গঢ় লয় আৰু ই ডিম্বনলীয়েদি শৰীৰৰ বাহিৰলৈ ওলাই আহে। পুৰুষ শুক্ৰাণুৱে এই ডিম্ব কোষক স্ত্ৰী শৰীৰৰ ভিতৰত (চৰাইৰ ক্ষেত্ৰত) বা বাহিৰত (বহু মাছত) নিষেচন কৰে। নিষেচনৰ পাছত ডিম্বত থকা পুষ্টি দ্ৰব্যৰ সহায়ত ভ্ৰূণৰ বিকাশ হয়। তাৰ পাছত ই মাকৰ শৰীৰৰ বাহিৰত কণীৰ পৰা ওলাই আহে।
ডিম্ব কোষৰ কেৱল কোষপ্ৰৰস আৰু মাইট'কণ্ড্ৰিয়াৰ সহায়তহে ই মাইট'ছিছৰ জৰিয়তে বিভাজন কৰিব পাৰে আৰু শেষত নিষেচনৰ পাছত ব্লাষ্ট'চীষ্টলৈ ৰূপান্তৰ হয়।
আৰু চাওক
বাহ্যিক সংযোগ
- The Ovarian Kaleidoscope Database description of 1800 genes involved in ovarian functions
তথ্যসূত্ৰ
- ↑ (2012). An amazing 10 years: the discovery of egg and sperm in the 17th century. Reprod Domest Anim. পৃ. 2–6
- ↑ "Conclusio" from Carl Ernst von Baer's De Ovi Mammalium et..
- ↑ Needham, Joseph. (1959). A History of Embryology. Cambridge University Press
- ↑ Lopata, Alex. (April 2009). History of the Egg in Embryology. Journal of Mammalian Ova Research. পৃ. 2–9
- ↑ White, Yvonne A R. (26 February 2012). Oocyte formation by mitotically active germ cells purified from ovaries of reproductive-age women. Nature Medicine. পৃ. 413–421
- ↑ Woods, Dori C. (18 April 2013). Isolation, characterization and propagation of mitotically active germ cells from adult mouse and human ovaries. Nature Protocols. পৃ. 966–988
- ↑ Massachusetts General Hospital. Egg-producing stem cells isolated from adult human ovaries.. ScienceDaily
- ↑ Regan, Carmen L. (2001). Encyclopedia of Women and Gender: Sex Similarities and Differences and the Impact of Society on Gender, Volume 1. Academic Press. পৃ. 859. ISBN 9780122272455
- ↑ Alexander, Rachel; Davies, Mary-Ann; Major, Vicky. (2006). X-kit Anatomy. Pearson South Africa. পৃ. 3. ISBN 978-1-86891-380-0
- ↑ Alberts, Bruce; Johnson, Alexander; Lewis, Julian. (2002). Molecular Biology of the Cell. Garland Science. ISBN 0-8153-3218-1
- ↑ The Ovum. Gray's Anatomy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিম্ব কোষ” প্ৰবন্ধৰ সংশোধন ৬২৪১২৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।